কালচিছ (শ্ৰুতিকথা)
অৱয়ব
কালচিছ (/ˈkælsɪs/ KAL-siss;[1] প্ৰাচীন গ্ৰীক: Χαλκίς; ইংৰাজী: Chalcis) বা খালকিছ (Khalkis) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2] তেওঁৰ নামৰ অৰ্থ হৈছে "এটা ব্ৰঞ্জৰ পাত্ৰ"; তেওঁৰ নামটো চলকন ভাষাত χαλκόν মানে "ব্ৰঞ্জ" শব্দৰ পৰা আহৰণ কৰা হৈছে।
পৰিয়াল
[সম্পাদনা কৰক]কালচিছ পেলাছগাছ (পেলাগন[3]), ইছমেনাছ, কৰ্চাইৰা, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইনোপে, অৰ্নিয়া[2] আৰু হাৰ্পিনাৰ ভগ্নী আছিল।[4] আন কিছুমান শ্ৰুতিকথা মতে তেওঁ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[5]
শ্ৰুতিকথা
[সম্পাদনা কৰক]ইউবিয়াৰ কালচিছ চহৰৰ নাম কালচিছৰ পৰা লোৱা বুলি কোৱা হয়।[6] কিছুমান শ্ৰুতিকথাত এছ'পাছৰ কন্যা ইউব'য়া[7] বা কম্বৰ সৈতে তেওঁ একে বুলি ভবা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC
- ↑ 2.0 2.1 Diodorus Siculus, 4.72.1.
- ↑ Apollodorus, 3.12.6.
- ↑ Diodorus Siculus, 4.73.1.
- ↑ Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447
- ↑ Eustathius, ad Homer p. 279
- ↑ Stephanus of Byzantium, s.v. Khalkis