সমললৈ যাওক

কালসন্ধ্যা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কালসন্ধ্যাৰ পৰা পুনঃনিৰ্দেশিত)
কালসন্ধ্যা

ছবিখনৰ পোষ্টাৰ
পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়া
ৰচনা ভবেন্দ্ৰ নাথ শইকীয়া
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী ৰাজু মিশ্ৰ
সম্পাদনা উজ্জ্বল নন্দী
সংগীত পৰিচালক গৌতম মুখাৰ্জী
মুক্তি
১৯৯৭
দৈৰ্ঘ্য
১২৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী ভাষা

কালসন্ধ্যা (হিন্দী: कालसंध्या) হৈছে ১৯৯৭ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষাৰ বোলছবি।[1] ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল।[2] বিদ্ৰোহে অসমৰ মানুহৰ জনজীৱনৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল, সেইয়া ছবিখনৰ জৰিয়তে দেখুৱাব বিচৰা হৈছিল।[3] যতীন বৰা, আশিস বিদ্যাৰ্থী, দেবশ্ৰী ৰয়, নিপন গোস্বামী আদিয়ে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।[4] উল্লেখনীয় যে, ছবিখন ১৯৯৭ চনৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল।[5]

সেই বছৰৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ প্ৰদৰ্শনী হৈছিল। আনহাতে কাইৰো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ ভাৰতীয় শাখাতো ছবিখন অন্তৰ্ভুক্ত হৈছিল।[6]

ৰঞ্জিত নামত এজন শিক্ষিত নিবনুৱাই সংগ্ৰাম বাহিনীত যোগদান কৰে। অস্ত্ৰধাৰী বিদ্ৰোহীয়ে সেইসময়তে কেতবোৰ হত্যাকাণ্ড সংঘটিত কৰিছিল। তেনে এক পৰিপ্ৰেক্ষিততে ৰঞ্জিতে অনুৰাধাৰ গিৰিয়েকক হত্যা কৰে। কিছুদিনৰ পাছত, স্থানীয় মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক বনজিৎ দত্তকো গুলীয়াই হত্যা কৰা হয়। ৰঞ্জিত ক্ৰমাৎ অধ্যাপকৰ পৰিয়ালৰ ঘনিষ্ঠ হৈ পৰে আৰু অনুশোচনা তথা অপৰাধবোধত দগ্ধ হ'বলৈ ধৰে।[7]

অভিনয়-শিল্পী

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Kalsandhya" (en ভাষাত). osianama.com. http://osianama.com/film-titles/kalsandhya-1997 আহৰণ কৰা হৈছে: 2017-06-29.
  2. "Assamese film to be screened in London". Hindustan Times. 5 August 2007. Archived from the original on 23 July 2015. https://web.archive.org/web/20150723165725/http://www.hindustantimes.com/entertainment/assamese-film-to-be-screened-in-london/article1-240662.aspx আহৰণ কৰা হৈছে: 18 July 2015.
  3. "Cinema of the North East: From Jahnu Barua to Rima Das, voices of note from the region" (en-US ভাষাত). Firstpost. http://www.firstpost.com/entertainment/cinema-of-the-north-east-from-jahnu-barua-to-rima-das-voices-of-note-from-the-region-4162299.html.
  4. "Kaal Sandhya". https://www.imdb.com/title/tt1977836/?ref_=ttfc_fc_tt আহৰণ কৰা হৈছে: 18 July 2015.
  5. "Kaal Sandhya: Twilight of heart". DFF, Indian Panorama. https://www.dff.gov.in/images/Documents/127_IPCatalogue1997.pdf আহৰণ কৰা হৈছে: 1 June 2020.
  6. "The man and his magic". The Hindu. 17 August 2012. http://www.thehindu.com/features/cinema/article3779648.ece আহৰণ কৰা হৈছে: 18 July 2015.
  7. "Kaal Sandhya". Cinemas of India. Archived from the original on 21 July 2015. https://web.archive.org/web/20150721080144/http://www.cinemasofindia.com/#product/unknown/16376/kaal-sandhya আহৰণ কৰা হৈছে: 18 July 2015.