কালামাটি
কালামাটি | |
|---|---|
| Country | |
| State | অসম |
| কালি | |
• মুঠ |
৩৫০ বৰ্গকিমি (১৪০ বৰ্গমাইল) |
কালামাটি উত্তৰ অসমৰ চিৰাং জিলাৰ ভাৰত আৰু ভূটান সীমান্তত অৱস্থিত এখন জনপ্ৰিয় পৰ্যটকস্থলী।[1][2][3]
ইতিহাস
[সম্পাদনা কৰক]কালা; [4]অৰ্থ ক’লা ৰং আৰু মাটি মানে মাটি বা ভূমি অৰ্থাৎ কলা বৰণৰ মাটি। কালামাটি ঠাইডোখৰ এটা নিজৰাৰ পাৰত অৱস্থিত। ব্যুৎপত্তিগত দিশৰপৰা মাওৰীয়া হাজও অৰ্কিডৰ বাবে জনাজাত। মাওৰীয়াৰ অৰ্থ ‘অনাথ’ আৰু হাজওৰ অৰ্থ ‘পাহাৰ’। মাওৰীয়া হাজওৰ ওচৰত আন কোনো পাহাৰ নাই।[5]হাজও আগৰৰ আক্ষৰিক অৰ্থ হ'ল ডিজাইনৰ সৈতে পাহাৰ। এইখন দিনত সাতটা ৰং প্ৰদৰ্শন কৰে যেনে- ৰঙা, বগা, ক'লা, হালধীয়া, সেউজীয়া, ডাঠ নীলা, আৰু আকাশ নীলা। মুইদেৰ খৰ অৰ্থাৎ হাতী ফান্দৰ ঠাই। যত বনৰীয়া হাতীবোৰে সীমা অতিক্ৰম কৰি ঘৰচীয়া হাতীৰ সৈতে লগ মিলিত হোৱাত বাধা প্ৰদান কৰে।
ভূগোল
[সম্পাদনা কৰক]উত্তৰ-পূব ভাৰতৰ হিমালয়ৰ পাদদেশৰ মাজত, ভূটানৰ দক্ষিণে আৰু চিৰাং জিলাৰ উত্তৰত এই কালামাটি ঠাইডোখৰ অৱস্থিত। কালামাটি অসমৰ বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত চিৰাং জিলাৰ অন্যতম বিখ্যাত পৰ্যটনস্থলী। এই পৰ্যটনস্থলীখনৰ কিছু অংশ কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ সৈতে সংযুক্ত হৈ আছে।
উদ্ভিদ আৰু প্ৰাণীসমূহ
[সম্পাদনা কৰক]উদ্ভিদ আৰু প্ৰাণীৰ এক শৃংখলে এই অঞ্চলত আধিপত্য বিস্তাৰ কৰে। প্ৰতিটো অঞ্চলৰ নিৰ্দিষ্ট কিছু বৈশিষ্ট্য থাকে। ঔষধি উদ্ভিদ, বন্য ফল (যিবোৰ খাব পৰা) আৰু বনৌষধিৰ বাবে এক কেন্দ্ৰ। ইয়াত সোণালী বন্দৰৰে বিভিন্ন ধৰণৰ অৰ্কিডৰ সোৱাদ লৈ জীয়াই থাকে। ইয়াত বন্য কুকুৰ, মলুৱা বান্দৰ, ফুটুকী হৰিণ, জহামাল, নাহৰফুটুকী, কেঁটেলা পহু, বনৰীয়া গাহৰি, বৰকাছ, উৰন্ত কাছ, আৰু বন-ৰৌ আদি বিচাৰি পোৱা যায়।
বন সুৰক্ষা বাহিনী
[সম্পাদনা কৰক]চিৰাং জিলাৰ কৈলা মৈলা গাওঁ বজাৰৰপৰা প্ৰায় ২ কিলোমিটাৰ দূৰত নিউ হৰাইজন নামৰ সম্প্ৰদায় ভিত্তিক সংৰক্ষণ এন জি অ’ৰদ্বাৰা বন সুৰক্ষা টাস্ক ফ’ৰ্চ শিবিৰৰদ্বাৰা পৰিচালিত হয়। বিটিচি চৰকাৰে চাৰিখন জিলা অৰ্থাৎ চিৰাং, কোকৰাঝাৰ, বাক্সা আৰু ওদালগুৰিত বন সুৰক্ষা টাস্ক ফৰ্চৰ উদ্যোগ বনজ সম্পদৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা হয়।
পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা
[সম্পাদনা কৰক]কালামাটি এটা সম্ভাৱ্য পৰ্যটকৰ স্থান আৰু ইক’-পৰ্যটন বিভিন্ন জনগোষ্ঠীসমূহৰ বাবে বিকল্প জীৱিকা হিচাপে গঢ়ি তোলাৰ পৰিসৰ আছে।[6]এই অঞ্চলত কেইবাটাও ট্ৰেকিং পথ আছে। নান্দনিকভাৱে নিস্তব্ধ পৰিৱেশৰ মাজেৰে পাৰ হৈ প্ৰৱেশ কৰিব পাৰি। কালামটিৰপৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত গলথেক পইণ্ট, কমলা সংগ্ৰহ পইণ্ট আছে, যিটো এটা সম্ভাৱ্য পৰ্যটন স্থান। প্ৰায় ১৫-২০টা ভূটানী পৰিয়ালে শীতকালত অৰণ্যৰপৰা কমলা সংগ্ৰহ বা বিক্ৰীৰ বাবে শিবিৰ পাতে।
চিত্ৰ বীথিকা
[সম্পাদনা কৰক]| প্ৰাকৃতিক পৰিৱেশ | |||||||||
| |||||||||
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kalamati". Archived from the original on 22 April 2023. https://web.archive.org/web/20230422142927/https://chirang.assam.gov.in/tourist-place-detail/271। আহৰণ কৰা হৈছে: 21 April 2023.
- ↑ Ghose, Indrani (October 1, 2019). "Kalamati Popular Tourist Destination in Chirang Assam". https://isharethese.com/kalamati-popular-tourist-destination-chirang-assam/। আহৰণ কৰা হৈছে: April 24, 2023.
- ↑ "Kalamati a Glance". 25 April 2023. http://e-pao.net/epSubPageExtractor.asp?src=travel.Manipur_Travel_Log.Kalamati_a_Glance/.[সংযোগবিহীন উৎস]
- ↑ "Assam". মেৰিয়াম-ৱেবষ্টাৰ ডিকছনেৰী. https://www.merriam-webster.com/dictionary/Assam। আহৰণ কৰা হৈছে: 3 August 2020.
- ↑ "KALAMATI POPULAR TOURIST DESTINATION IN CHIRANG ASSAM". https://isharethese.com/kalamati-popular-tourist-destination-chirang-assam/। আহৰণ কৰা হৈছে: 21 April 2023.
- ↑ "Kalamati a Glance". 25 April 2023. http://e-pao.net/epSubPageExtractor.asp?src=travel.nipur_Travel_Log.Kalamati_a_Glance/.[সংযোগবিহীন উৎস]


