সমললৈ যাওক

কালাৱতী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কালাৱতী দেৱী

২০২০ চনৰ মাৰ্চ মাহত দেৱী birth_name =
জন্ম c. সাঁচ:জন্ম বছৰ আৰু বয়স
সীতাপুৰ, উত্তৰ প্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
পেচা ৰাজমিস্ত্ৰী
জনা যায় ৪ হাজাৰ শৌচাগাৰ নিৰ্মাণ
দাম্পত্যসঙ্গী জয়ৰাজ সিং
সন্তান দুগৰাকী জীয়াৰী

কালাৱতী দেৱী (ইংৰাজী: : Kalavati Devi ; জন্ম প্ৰায় ১৯৬৫) কানপুৰত শৌচাগাৰ নিৰ্মাতা হৈ পৰা এগৰাকী ভাৰতীয় ৰাজমিস্ত্ৰী।তেওঁ নিজৰ সমুদায়ত ৫০ আসনৰ শৌচালয় স্থাপন কৰি পৰিৱৰ্তন আনিছিল আৰু তাৰ পাছত আন সমুদায়সমূহলৈ আগবাঢ়িছিল। বিশেষকৈ মহিলা আৰু শিশুৰ বাবে অঞ্চলটো উন্নত কৰি ৪ হাজাৰটা শৌচাগাৰ নিৰ্মাণত সহায় কৰিছে। ২০১৯ চনত তেওঁক নাৰী শক্তিপুৰস্কাৰ (ভাৰতত মহিলাৰ বাবে সৰ্বোচ্চ বঁটা) প্ৰদান কৰা হয়।

১৯৬০ চনত জন্মগ্ৰহণ কৰা দেৱীৰ আবাস সীতাপুৰত।[1] ১৪ বছৰ বয়সত ১৮ বছৰীয়া জয়ৰাজ সিংৰ সৈতে বিয়াত বহিবলৈ তেওঁ ১৪ বছৰ বয়সত কানপুৰৰ জে কে মন্দিৰ ওচৰৰ ৰাজা পূৰৱালৈ আহিছিল।[1]

তেওঁলোকৰ পৰিয়াল কানপুৰৰ ৰাজা পুৰৱাত,বাস কৰিছিল আৰু তেওঁ সেই অঞ্চলৰ মানুহক ৰাস্তাত মলত্যাগ কৰা দেখি বিৰক্ত হৈছিল। তেওঁ কৈছিল যে ই এটা "জীয়াই থকা নৰক" আছিল আৰু তেওঁ নিজৰ অঞ্চলৰ স্বচ্ছতা উন্নত কৰাৰ মনস্থ কৰিছিল।[2] তেওঁৰ স্বামীয়ে সহায় কৰিছিল আৰু তেওঁ নিজৰ অঞ্চলত শৌচালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত, তেওঁ শ্ৰমিক ভাৰতীৰ সৈতে দেখা কৰিবলৈ গৈছিল। তেওঁলোকে ১০-২০ আসনৰ সুবিধা থকা শৌচালয় নিৰ্মাণৰ চিন্তা কৰিছিল। স্থানীয় কৰ্প'ৰেশ্বনসমূহক আহ্বান কৰা হৈছিল আৰু তেওঁলোকে ২ লাখ টকা যোগাৰ কৰাৰ প্ৰস্তাৱ দিছিল যদি তেওঁ ১ লাখ টকা সংগ্ৰহ কৰিব পাৰে। দেৱীয়ে চেষ্টা কৰিছিল, আৰু তেওঁ যথেষ্ট ধন সংগ্ৰহ কৰিছিল আৰু অধিক অগ্ৰহেৰে কাম আৰম্ভ কৰি অৱশেষত ৫০খন আসনৰ সুবিধা উপলব্ধ থকা শৌচালয় নিৰ্মাণ হৈছিল।[1]

দেৱীয়ে নিজৰ কৰ্তব্য বিচাৰি পাইছিল, কিন্তু তেওঁ ধন সংগ্ৰহ আৰু সংগঠন কৰাতকৈও অধিক কিবা এটা কৰিব বিচাৰিছিল গতিকে তেওঁ ৰাজমিস্ত্ৰী হোৱাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁৰ শ্ৰমিক ভাৰতীয়ে তেওঁৰ প্ৰশিক্ষণৰ বাবে ধন যোগাৰ কৰিছিল।[1]

তেওঁৰ স্বামী আৰু জোঁৱাই দুয়োৰে মৃত্যু হয় আৰু দেৱীক একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি হিচাপে দেৱীৰ কান্ধত তেওঁৰ কন্যা আৰু দুজন নাতি-নাতিনীৰ যত্ন ল'বলৈ এৰিথৈ যায় ।[2] ২০১৫ চনত তেওঁ ৰাখী মণ্ডিৰ ঝাড়ু চহৰত কাম কৰি আছিল য’ত ৭০০ পৰিয়ালে এটাও শৌচাগাৰ নোহোৱাকৈয়ে বাস কৰিছিল। দেৱীয়ে সহায় কৰাৰ প্ৰস্তাৱ দিলে আৰু ৱাটাৰএইডক কিছুমান শৌচাগাৰৰ বাবে ধন সংগ্ৰহ কৰিবলৈ বুজাই দিলে। স্থানীয় সমাজে নিজৰ বৰ্ত্তমান অৱস্থাতে সুখী বুলি কৈ মাটি বা বিত্তীয় সাহায্য দিবলৈ অনিচ্ছুক আছিল আৰু তেওঁলোকে আশংকা কৰিছিল যে ধন সংগ্ৰহৰ প্ৰস্তাৱৰ আৰত কোনো গোপন অভিসন্দি থাকিব পাৰে বুলি।[3] মুকলি নলা, শিশু আৰু প্ৰাপ্তবয়স্কসকলে ৰাস্তাত শৌচ কৰিবলগীয়া হোৱা আৰু আক্ৰমণ আৰু ধৰ্ষণৰ আখ্যান বোৰৰ সত্ত্বেও মানুহ বোৰ সন্মত নহৈছিল।[1][1]অৱশেষত তাই শৌচাগাৰ নিৰ্মাণ কৰিবলৈ ওলাই আহিছিল দুখন বাছ বদলি কৰি কিছুদিন ৫ কিলোমিটাৰ বৰষুণত তিতি খোজ কাঢ়িবলগীয়া হোৱাৰ স্বত্বেও ।[1]

২০২০ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্টৰ দায়িত্ব লয়। সেইদিনা তেওঁৰ নামত টুইট কৰা প্ৰধানমন্ত্ৰীয়ে "মহৎ সাতজন" বুলি ডাকনাম দিয়াসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।[2] টুইট কৰিবলৈ সাতজনক নিৰ্বাচিত কৰা হৈছিল যদিও বঁটা বিজয়ী আছিল [[পদলা ভূদেৱী, বিনা দেৱী, আৰিফা জান, চামি মুৰ্মু, নীলজা ৱাংমো, ৰশ্মি উৰ্ধ্বৰেশে, মান কৌৰ, কৌশিকী চক্ৰৱৰ্তী, অৱনী চতুৰ্বেদী, ভৱনা কান্থ, মোহনা সিং জিতাৰৱাল, ভগীৰথী আম্মা, কাৰ্ত্যায়নী আম্মা আৰু দেৱী়]]।[4] ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বাৰটা নাৰী শক্তিপুৰস্কাৰ বঁটাৰ ভিতৰত এটা বঁটা প্ৰদান কৰাৰ সময়ত তেওঁৰ এই কামত স্বীকৃতি লাভ কৰে। নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা এই বঁটা প্ৰদান কৰা হৈছিল।<ref name=mag7>

তথ্যসূত্ৰ

[সম্পাদনা কৰক]