কালিন্দী চৰণ পাণিগ্ৰাহী
| কালিন্দী চৰণ পাণিগ্ৰাহী | |
|---|---|
![]() | |
| জন্ম | ০২ জুলাই, ১৯০১ বিৱানাথপুৰ, পুৰী, ওড়িশা, ভাৰত |
| মৃত্যু | ১৫ মে', ১৯৯১ (৮৯ বছৰ) কটক, ওড়িশা, ভাৰত |
| পেচা | কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ |
| ভাষা | ওড়িয়া |
| মাতৃশিক্ষায়তন | ৰেভেন্সৱ’ কলেজ |
| সময় | বিংশ শতাব্দীৰ আৰম্ভণি |
| ধৰণ | প্ৰবন্ধ, কবিতা, উপন্যাস, নাটক |
| সাহিত্যিক বিপ্লৱ | সবুজ যুগ |
| উল্লেখযোগ্য বঁটা | পদ্মভূষণ, সাহিত্য অকাডেমী বঁটা |
| সন্তান | নন্দিনী সতপথী |
| আত্মীয়-স্বজন | ভাগৱতী চৰণ পাণিগ্ৰাহী (ভাই) |
কালিন্দী চৰণ পাণিগ্ৰাহী (ইংৰাজী: Kalindi Charan Panigrahi; ২ জুলাই ১৯০১ – ১৫ মে' ১৯৯১) এজন বিশিষ্ট ওড়িয়া কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। ‘সবুজ যুগ’ সাহিত্য-আন্দোলনৰ অন্যতম মুখ্য ধাৰাৰ সাহিত্যিক হিচাপে তেওঁ ওড়িয়া সাহিত্যত আধুনিক মনোভাব সাৰ্থকভাৱে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ প্ৰসিদ্ধ উপন্যাস ‘‘মাটিৰ মণিষ’’ ওড়িয়া সাহিত্যৰ আধুনিক যুগৰ অন্যতম উৎকৃষ্ট কৃতি বুলি পৰিগণিত হয়। সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পদ্মভূষণ আৰু সাহিত্য অকাডেমী বঁটা লাভ কৰিছে।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯০১ চনৰ ২ জুলাইত পুৰী জিলাৰ বিশ্বনাথপুৰত কালিন্দী চৰণ পাণিগ্ৰাহীৰ জন্ম হৈছিল৷ পিতৃ স্বপ্নেশ্বৰ পাণিগ্ৰাহী আৰু মাতৃ সৰস্বতী পাণিগ্ৰাহী। তেওঁৰ পিতৃ আছিল এজন অধিবক্তা আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ পঢ়া-শুনা কৰিছিল পুৰি জিলা স্কুলত৷ হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ কটকৰ ৰেভেনশ্ব কলেজত অধ্যয়ন কৰিছিল। এই সময়ছোৱাতে তেওঁ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল।[1][2]
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]ৰেভেনশ্ব কলেজত পঢ়ি থকাৰ সময়ত তেওঁ "ননচেন্স ক্লাব" নামৰ এটা ক্লাবৰ প্ৰতিষ্ঠাপক আছিল। ক্লাবৰ সাহিত্যিক বন্ধুসকলৰ সৈতে তেওঁ “অবকাশ” নামৰ এখন হাতে লিখা আলোচনী প্ৰকাশ কৰে যিখন আলোচনীৰ নাম পিছলৈ “শক্তি সাধনা”লৈ সলনি কৰা হয়। তেওঁৰ কণিষ্ঠ ভাতৃ তথা ওড়িশাৰ মাৰ্ক্সবাদী ধাৰাটোৰ প্ৰতিষ্ঠাপক ভগৱতী চৰণ পাণিগ্ৰাহীয়ে ১৯২০ চনত "সবুজ সমিতি" নামৰ এটা গোট গঠন কৰে। তেওঁৰ দুগৰাকী সাহিত্যিক বন্ধু অন্নদাশঙ্কৰ ৰায় আৰু বৈকুণ্ঠ পট্টনায়কো সদস্য আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰোমান্টিক চিন্তাৰ দ্বাৰা তেওঁলোক প্ৰভাৱিত হৈছিল।[3] প্ৰমথ চৌধুৰীয়ে প্ৰকাশ কৰা বাংলা আলোচনী সবুজপত্ৰৰ পৰা অনুপ্ৰাণিত হৈ 'সবুজ' শব্দটো লাভ কৰিছিল। এই আন্দোলনৰ জীৱনকালত তেওঁ 'সবুজ কবিতা'ৰ বাবে সাতটা কবিতা ৰচনা কৰে। তেওঁৰ সেই সময়ৰ আন গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহ হ’ল ‘ছুৰিটিএ লোডা’, ‘মো কবিতা’, ‘ক্ষণিক সত্য’।[4] ১৯৩০ চনৰ সময়ছোৱাত ওড়িয়া সাহিত্যত প্ৰগতিশীল মাৰ্ক্সবাদী আন্দোলন পূৰ্ণগতিত চলিছিল। পিছলৈ সাবুজ আন্দোলনে ওড়িয়াৰ প্ৰাগতি যুগ নামেৰে জনাজাত প্ৰগতিশীল আন্দোলনক ঠাই লয়। পিছলৈ কালিন্দী চৰণ পাণিগ্ৰাহীয়ে গান্ধী চিন্তাৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁৰ বিখ্যাত উপন্যাস “মাটিৰ মণিষ” ৰচনা কৰিছিল।
কিছুদিনৰ বাবে তেওঁ ইংৰাজী জাৰ্নেল, ভাঞ্জা প্ৰদীপ আৰু ময়ূৰভঞ্জ ক্ৰনিকলৰ সম্পাদক আছিল।
পৰিয়াল
[সম্পাদনা কৰক]১৯৩১ চনত তেওঁৰ জ্যেষ্ঠ কন্যা নন্দিনী শতপথীৰ জন্ম হয়, পিছলৈ যি ওড়িশাৰ মুখ্যমন্ত্ৰী হয়।[5]
তেওঁৰ কনিষ্ঠ ভাতৃ ভগৱতী চৰণ পাণিগ্ৰাহী তেওঁৰ প্ৰপুত্ৰ সুপৰ্ণ শতপথী এজন বিখ্যাত স্তম্ভলেখক, এজন ৰাজনৈতিক নেতা আৰু এজন বঁটাপ্ৰাপ্ত সমাজ কৰ্মী যি এছ এন এছ এম টিৰ বৰ্তমানৰ অধ্যক্ষৰ লগতে ভাৰত চৰকাৰৰ পি এম এছ এ-ওড়িশাৰ চিডেভেণ্ট অধ্যক্ষ।
পুৰস্কাৰ আৰু সন্মান
[সম্পাদনা কৰক]১৯৭১ চনত তেওঁক সাহিত্য একাডেমীৰ ফেল’শ্বিপেৰে সন্মানিত কৰা হয়।[6] সেই বছৰতে ভাৰত চৰকাৰে তেওঁক পদ্ম ভূষণেৰে সম্বৰ্ধনা জনায়।[7] ১৯৭৬ চনত সম্বলপুৰ বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি.লিট বঁটা প্ৰদান কৰে।
সাহিত্যকৃতি
[সম্পাদনা কৰক]কবিতা
[সম্পাদনা কৰক]- যাদুঘৰ
- পুৰী মন্দিৰ
- মহাদীপ
- আগামী
- ক্ষণিক সত্য
- মো কবিতা
- ছুৰিটিএ লোডা
- গান্ধাৰীৰ আশীৰ্বাদ
- কিএ শল়া সইতান্
- মো বাণী
উপন্যাস
[সম্পাদনা কৰক]- মাটিৰ মণিষ (১৯৩১)
- মুক্তাগড়ৰ ক্ষুধা (১৯৩২)
- অমৰাচিতা (১৯৩৩)
- লুহাৰ মণিষ (১৯৪৭)
- আজিৰ মণিষ (১৯৫৭)
চুটিগল্প
[সম্পাদনা কৰক]- মাংসৰ বিল়াপ
- পঙ্গু
- উপহাৰ
- সাপুআ
- সাগৰিকা
- ৰুদ্ৰাক্ষ
- দ্বাদশী
- ৰাশিফল়
- শেষ ৰশ্মী
- সাগৰিকা
- মো কথা সৰিনাহিঁ..
- মোট ৪৯টি গল্প
নাটক
[সম্পাদনা কৰক]- পদ্মিনী
- প্ৰিয়দৰ্শী
- সৌম্যা
জীৱনী
[সম্পাদনা কৰক]- ভক্তকবি মধুসূদন
- কৰ্মবীৰ গৌৰীশঙ্কৰ
প্ৰবন্ধ
[সম্পাদনা কৰক]- সাহিত্য সমাচাৰ
- সাহিত্যিক
- নেতৃত্ব ও নেতৃত্ব
আত্মজীবনী
[সম্পাদনা কৰক]- যাহা অঙ্গে নিভেইছি
চলচ্চিত্ৰ
[সম্পাদনা কৰক]মৃণাল সেনৰ পৰিচালনাত নিৰ্মিত ওড়িয়া ছবি মাটিৰ মণিষ (১৯৬৬) তেওঁৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত।
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Nayak, Subash (August–September 2013). "Kalandi Charan Panigrahi: A Story Teller of Eminence(1901-1991)". Orissa Review খণ্ড LXX (1–2): 94–96. Archived from the original on 30 April 2021. https://web.archive.org/web/20210430172445/http://magazines.odisha.gov.in/Orissareview/2013/aug-sept/aug-septreview.htm। আহৰণ কৰা হৈছে: 24 July 2020.
- ↑ Pāṇīgrāhī, K. (1976). Glimpses on Art and Literature, Orissa. Cuttack Students Store. পৃষ্ঠা. 101. https://books.google.com/books?id=5s1eAGVWTWcC। আহৰণ কৰা হৈছে: 2020-07-24. "He studied at the Puri Zila School and graduated from Ravenshaw College, Cuttack"
- ↑ "Kalindi Charana Panigrahi". orissadiary.com. 2012. Archived from the original on 14 May 2012. https://web.archive.org/web/20120514145146/http://orissadiary.com/personality/writer/KALINDICHARANA%20.asp। আহৰণ কৰা হৈছে: 2 July 2012. "Born on July 2nd 1901. Kalindi Charan Panigrahi belongs to Sabuja Gosthi"
- ↑ Paul, Padmaj (2016-10-25). Aesthetic experience in Oriya poetry 1880 to 1947 a philosophical study of the major trends (Thesis). Utkal University.
- ↑ "Smt. Nandini Satpathy Memorial Trust Odisha India". snsmt.org. 2011. http://snsmt.org/Smt.htm। আহৰণ কৰা হৈছে: 2 July 2012. "She was the eldest daughter of Padmabhushan Sh. Kalindi Charan Panigrahi"
- ↑ "Sahitya Academy website – fellowship list". http://www.sahitya-akademi.org/sahitya-akademi/fello.htm। আহৰণ কৰা হৈছে: 16 May 2007.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
