কাল্বকুন্তল কবিতা
কাল্বকুন্তল কবিতা | |
|---|---|
| টেলেংগানা বিধান পৰিষদ | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২৯ অক্তোবৰ ২০২০ | |
| সমষ্টি | নিজামবাদ, টেলেংগানা |
| লোকসভাৰ সাংসদ | |
| কাৰ্যকাল ২০১৪ – ২০১৯ | |
| পূৰ্বসূৰী | মধু য়াছকি |
| উত্তৰসূৰী | ধৰ্মপুৰী আৰবিন্দ |
| সমষ্টি | নিজামবাদ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৩ মাৰ্চ, ১৯৭৮ (৪৭ বছৰ) কৰিমনগৰ, অন্ধ্ৰপ্ৰদেশ |
| ৰাজনৈতিক দল | ভাৰত ৰাষ্ট্ৰ সমিতি |
| দাম্পত্যসঙ্গী | দেৱানপল্লী অনিল কুমাৰ (বি. ২০০৩) |
| সন্তান | আদিত্য, আৰ্যা |
| মাতৃ | কে শোভা |
| পিতৃ | কে চন্দ্ৰশেখৰ ৰাও |
| বাসস্থান | হায়দৰাবাদ, টেলেংগানা |
কাল্বকুন্তলা কবিতা (ইংৰাজী: Kalvakuntla Kavitha, জন্ম: ১৩ মাৰ্চ ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২০ চনৰ পৰা নিজামাবাদৰ বিধান পৰিষদত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ভাৰত ৰাষ্ট্ৰ সমিতি দলৰ সদস্য।[1] ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ নিজামাবাদ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ জীয়ৰী।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]কৰিমনগৰত চন্দ্ৰশেখৰ ৰাও আৰু শোভাৰ ঘৰত কাল্বকুন্তল কবিতাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ তেলেংগানা আন্দোলনৰ নেতা আৰু তেলেংগানা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী। তেওঁৰ পিতৃ তেলেংগানাৰ ছিদ্দিপেট জিলাৰ চিন্তামদকা গাঁৱৰ।
তেওঁ ভিএনআৰ ভিগনানা জ্যোতি ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিৰ পৰা কম্পিউটাৰ অভিযান্ত্ৰিকীত বি টেক ডিগ্ৰী লাভ কৰাৰ লগতে ইউনিভাৰ্চিটি অৱ চাদাৰ্ন মিচিচিপিৰ পৰা বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। পিছলৈ ২০০৬ চনত ভাৰতলৈ উভতি অহাৰ আগতে তেওঁ আমেৰিকাত চফট্ ৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰে।
কবিতাৰ বিবাহ দেৱনাপল্লী অনিল কুমাৰ নামৰ এজন ব্যৱসায়ীৰ লগত সম্পন্ন হয়। তেওঁলোকৰ দুজন পুত্ৰ আছে।
কৰ্মজীৱন
[সম্পাদনা কৰক]বিয়াৰ পিছত ২০০৩ চনত কবিতাই স্বামীৰ সৈতে আমেৰিকালৈ গুচি যায়। ২০০৬ চনত দেউতাকক বিভিন্ন ধৰণে সহায় কৰিবলৈ তেওঁ ভাৰতলৈ উভতি আহিছিল। ২০১৪ চনত অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানা ৰাজ্যক পৃথক কৰা হৈছিল আৰু কবিতাৰ পিতৃ ৰাজ্যৰ আন্দোলনৰ নেতা আছিল। ২০১৪ চনৰ মে’ মাহৰ নিৰ্বাচনত তেওঁৰ পিতৃৰ দলে ৰাজ্যিক বিধানসভা আৰু ৰাষ্ট্ৰীয় সংসদ দুয়োটাৰে বাবে তেলেংগানাৰ আসন দখল কৰে আৰু তেওঁৰ পিতৃ তেলেংগানাৰ প্ৰথম মুখ্যমন্ত্ৰী হয়। লোকসভা নিৰ্বাচন ২০১৯ত নিজামবাদৰ পৰা তেওঁ বিজেপিৰ প্ৰাৰ্থী ধৰ্মপুৰী অৰবিন্দৰ হাতত পৰাস্ত হয়।
বিতৰ্ক
[সম্পাদনা কৰক]২০২৩ চনত কবিতাৰ বিৰুদ্ধে দিল্লী সুৰা কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। এই কেলেংকাৰীত তেওঁৰ ভূমিকা সম্পৰ্কে বলবৎকাৰী সঞ্চালকালয়ে (ইডি) তেওঁক সোধা-পোছা আৰু তদন্ত কৰিছে।[2][3][4] ২০২৪ চনৰ ১৫ মাৰ্চত সুৰা কেলেংকাৰীৰ সৈতে জড়িত হোৱাত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।[5]
২০২৪ চনৰ ২৬ মাৰ্চত কবিতাক তিহাৰ কাৰাগাৰত ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।[6][7]
২০২৪ চনৰ ১১ এপ্ৰিলত চিবিআইয়ে পুনৰ তিহাৰ জেলত তেওঁক গ্ৰেপ্তাৰ কৰে আৰু ২০২৪ চনৰ ২৭ আগষ্টত জামিনত মুকলি কৰি দিয়ে।[8][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sixteenth Lok Sabha Members Bioprofile - Kalvakuntla, Smt. Kavitha". Lok Sabha. http://164.100.47.194/Loksabha/Members/MemberBioprofile.aspx?mpsno=4802&lastls=16। আহৰণ কৰা হৈছে: 2014-07-27.
- ↑ Livemint (2023-03-11). "Delhi liquor scam: BRS leaders K Kavitha grilled for over 9 hrs" (en ভাষাত). mint. https://www.livemint.com/news/india/delhi-liquor-scam-brs-leaders-k-kavitha-grilled-for-over-9-hrs-11678554643614.html। আহৰণ কৰা হৈছে: 2023-04-30.
- ↑ "How K. Kavitha came under probe for the Delhi liquor scam". The Economic Times. 2023-03-09. ISSN 0013-0389. https://economictimes.indiatimes.com/news/politics-and-nation/how-k-kavitha-came-under-probe-for-the-delhi-liquor-scam/articleshow/98513235.cms?from=mdr.
- ↑ (en ভাষাত) What is Delhi liquor scam? KCR daughter Kavitha questioned by ED| BRS| Sisodia, https://www.youtube.com/watch?v=JguiyZP7Yec, আহৰণ কৰা হৈছে: 2023-04-30
- ↑ "BRS leader and KCR daughter Kavitha arrested in liquor scam case". Moneycontrol. 2024-03-16. https://www.moneycontrol.com/news/india/brs-leader-kavitha-arrested-by-ed-in-hyderabad-brought-to-delhi-12470191.html। আহৰণ কৰা হৈছে: 2024-03-17.
- ↑ "Delhi Excise Policy case: Delhi court sends BRS leader K Kavitha to judicial custody till April 9". Bar and Bench. 26 March 2024. https://www.barandbench.com/news/delhi-excise-policy-case-delhi-court-brs-leader-k-kavitha-judicial-custody-april-9। আহৰণ কৰা হৈছে: 26 March 2024.
- ↑ "Excise policy case: BRS leader K Kavitha taken to Tihar Jail". The Economic Times. 26 March 2024. https://economictimes.indiatimes.com/news/politics-and-nation/excise-policy-case-brs-leader-k-kavitha-taken-to-tihar-jail/articleshow/108793880.cms?from=mdr। আহৰণ কৰা হৈছে: 26 March 2024.
- ↑ "Delhi excise policy case: High Court reserves order on BRS MLA K. Kavitha’s bail plea". The Hindu. 29 May 2024. https://www.thehindu.com/news/cities/Delhi/delhi-excise-policy-case-high-court-reserves-order-on-kavithas-bail-plea/article68225226.ece.
- ↑ Bureau, The Hindu (2024-08-27). "Supreme Court grants bail to BRS leader K. Kavitha in excise policy cases" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/sc-grants-bail-to-k-kavitha-in-excise-policy-case/article68571859.ece.