কাল (ইংৰাজী ব্যাকৰণ)
Verb বা ক্ৰিয়াৰ সময়কেই Tense বা কাল বোলা হয়।
- Tense তিনপ্ৰকাৰৰ —
- Present Tense (বৰ্তমান কাল)
- Past Tense (অতীত কাল)
- Future Tense (ভৱিষ্যত কাল)
- Present Tense
বৰ্তমানে কোনো কাম হোৱা বা হৈ থকা বুজালে Present Tense হয়। যেনে– I eat rice. (মই ভাত খাওঁ)
- Past Tense
কোনো কাম অতীতত হোৱা বুজালে Past Tense হয়। যেনে– I ate rice. (মই ভাত খাইছিলোঁ)
- Future Tense
ভৱিষ্যতত কোনো কাম হ’ব বুজালে Future Tense হয়। যেনে– I shall eat rice. (মই ভাত খাম)
Present Tenseৰ ভাগ
[সম্পাদনা কৰক]- Present Indefinite Tense
বৰ্তমান কালৰ সাধাৰণ ঘটনা, অভ্যাসগত কাম নাইবা চিৰন্তন সত্য বুজালে Present Indefinite (Simple Present) Tense হয়।
- মই স্কুললৈ যাওঁ – I go to school.
- দীপকে ভাত খায় – Dipak eats rice.
- তানিয়াই এখন কিতাপ পঢ়ে – Tania reads a book.
- ৰীণাই প্ৰতিদিনে স্কুললৈ যায় – Rina goes to school everyday.
- ৰাহুলে সদায় সত্য কথা কয় – Rahul always speaks the truth.
- ৰীণাই প্ৰতিদিনে-ৰাতি ৯ বজাত শুবলৈ যায় – Rina goes to bed at 9 pm everyday.
- সূৰ্য্য পূৱফালে উদয় হয় – The Sun rises in the east.
- পৃথিৱী গোলাকাৰ – The Earth is round.
Sentence গঠন নীতি: Subject + মূল Verb + Object + Extension দ্ৰষ্টব্য: Subject যদি third person singular number হয়, তেতিয়া Verb-ৰ শেষত s বা es যোগ হয়।
- Present Continuous Tense
বৰ্তমান কোনো কাম হৈ আছে বা চলি আছে বুজালে Present Continuous Tense হয়।
- মই ভাত খাই আছোঁ – I am eating rice.
- সংগীতাই স্কুললৈ গৈ আছে – Sangita is going to school.
- ল’ৰাবোৰে পথাৰত খেলি আছে – The boys are playing in the field.
- আয়েশাই এখন কিতাপ পঢ়ি আছে – Ayesha is reading a book.
- কমলে পথাৰত কাম কৰি আছে – Kamal is working in the field.
- তানিয়াই এটা গান গাই আছে – Tania is singing a song.
- মনীষাই ভাত ৰান্ধি আছে – Manisha is cooking rice.
- শিশুটি শুই আছে – The baby is sleeping.
- মহিমাই দৌৰি আছে – Mohima is running.
- কৰিম আৰু ৰহিমে মাছ ধৰি আছে – Karim and Rahim are catching fish.
- সিহঁতে গল্প কৰি আছে – They are gossiping.
Sentence গঠন নীতি: Subject + am / is / are + মূল Verb + ing + Object + Extension
- Present Perfect Tense
কোনো কাম এইমাত্ৰ শেষ হৈছে বুজালে Present Perfect Tense হয়।
- মই ভাত খাইছোঁ – I have eaten rice.
- তেওঁ দিল্লীৰপৰা আহিছে – He has come from Delhi just now.
- ৰীণাই এটা গান গাইছে – Rina has sung a song.
- সিহঁতে পথাৰত ফুটবল খেলিছে – They have played football in the field.
- তানিয়াই এটা ছবি আঁকিছে – Tania has drawn a picture.
Sentence গঠন নীতি: Subject + have / has + Verb-ৰ Past Participle ৰূপ + Object + Extension
- Present Perfect Continuous Tense
কোনো কাম আগতে এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ এতিয়ালৈকে চলি আছে বুজালে Present Perfect Continuous Tense হয়।
- তানিয়াই পুৱাৰপৰা পঢ়ি আছে – Tania has been reading since morning.
- ৰীণাই দুঘণ্টা ধৰি পঢ়ি আছে – Rina has been reading for two hours.
- সিহঁতে আধা ঘণ্টা ধৰি খেলি আছে – They have been playing for half an hour.
- মই দুপৰীয়াৰপৰা মাছ ধৰি আছোঁ – I have been catching fish since noon.
- ছোৱালীবিলাকে এঘণ্টা ধৰি সাঁতুৰি আছে – The girls have been swimming for an hour.
- ছোৱালীজনীয়ে বিছ মিনিট ধৰি গান গাই আছে – The girl has been singing for twenty minutes.
- মই তিন বছৰ ধৰি এই কলেজত পঢ়ি আছোঁ – I have been studying in this college for three years.
- মায়ে এঘণ্টা ধৰি ৰান্ধি আছে – Mother has been cooking for an hour.
- মাণিকে তিন বছৰ ধৰি গুৱাহাটীত বাস কৰি আছে – Manik has been living in Guwahati for three years.
- তেওঁ চাৰি ঘণ্টা ধৰি কাম কৰি আছে – He has been working for four hours.
Sentence গঠন নীতি: Subject + have been / has been + Verb + ing + since/for + Object + Extension
Past Tenseৰ ভাগ
[সম্পাদনা কৰক]- Past Indefinite Tense
অতীতত কোনো কাম শেষ হৈছে বুজালে Past Indefinite Tense হয়।
- তানিয়াই কালি স্কুললৈ গৈছিল – Tania went to school yesterday.
- তন্ময়ে কালি পথাৰত খেলিছিল – Tanmay played in the field yesterday.
- মায়ে কালি ৰাতি ৰান্ধিছিল – Mother cooked yesterday night.
- দেউতাই কালি দুটা কুকুৰা কিনিছিল – Father bought two hens yesterday.
- ৰীণাই কালি এখন চিঠি লিখিছিল – Rina wrote a letter yesterday.
- চুমিয়ে কালি এটা ছবি আঁকিছিল – Sumi drew a picture yesterday.
- মানুহজন কালি মৰিছিল – The man died yesterday.
- ৰতন কালি বাজাৰলৈ গৈছিল – Ratan went to market yesterday.
Sentence গঠন নীতি: Subject + Verb-ৰ Past ৰূপ + Object + Extension
- Past Continuous Tense
অতীতত কোনো কাম চলি আছিল বুজালে Past Continuous Tense হয়।
- মই কালি পুৱা পঢ়ি আছিলোঁ – I was reading yesterday morning.
- তানিয়াই কালি আবেলি গান গাই আছিল – Tania was singing yesterday afternoon.
- কমলে কালি সন্ধিয়া শুই আছিল – Kamal was sleeping yesterday evening.
- দেউতাই কালি ৰাতি টিভি চাই আছিল – Father was watching television yesterday night.
- ৰাহুলে আজি পুৱা ছবি আঁকি আছিল – Rahul was drawing a picture this morning.
Sentence গঠন নীতি: Subject + was/were + Verb + ing + Object + Extension
- Past Perfect Tense
অতীতত দুটা কামৰ ভিতৰত যিটো আগতে হৈছিল তাক Past Perfect Tense ধৰা হয়।
- চিকিৎসক অহাৰ আগতে ৰোগীজন মৰি গ’ল – The patient had died before the doctor came.
- আমি ষ্টেচন পোৱাৰ আগতে ৰেলখন এৰিলে – The train had left before we reached the station.
- আমি বিদ্যালয় পোৱাৰ আগতে ঘণ্টা বজিল – The bell had rung before we reached the school.
- চিকিৎসক অহাৰ পাছত ৰোগীজন মৰি গ’ল – The patient died after the doctor had come.
- আমি বিদ্যালয় পোৱাৰ পিছত ঘণ্টা বজিল – The bell rang after we had reached the school.
- দেউতা অহাৰ আগতে মায়ে ভাত ৰান্ধিলে – Mother had cooked rice before father came.
Sentence গঠন নীতি: Subject + had + Past Participle + Object + Extension
- Past Perfect Continuous Tense
অতীতত কোনো কাম এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল বুজালে Past Perfect Continuous Tense হয়।
- কালি মই দুঘণ্টা ধৰি পঢ়ি আছিলোঁ – I had been reading for two hours yesterday.
- আজি পুৱা দুঘণ্টা ধৰি বৰষুণ হৈ আছিল – It had been raining for two hours this morning.
- তৰুণে কালি তিনি ঘণ্টা ধৰি কাম কৰি আছিল – Tarun had been working for three hours yesterday.
- মাছমৰীয়াই কালি মাছ ধৰি আছিল – The fishermen had been catching fish yesterday.
- তানিয়াই কালি টিভি চাই আছিল – Tania had been watching television yesterday.
- যেতিয়া ৰক্তিম আহিছিল তেতিয়া মই পঢ়ি আছিলোঁ – I had been reading when Raktim came.
- দেউতা আহোঁতেই মায়ে ৰান্ধি আছিল – Mother had been cooking when father came.
Sentence গঠন নীতি: Subject + had been + Verb + ing + Object + Extension
Future Tenseৰ ভাগ
[সম্পাদনা কৰক]- Future Indefinite Tense
ভৱিষ্যতত কোনো কাম হ’ব বুজালে Future Indefinite Tense হয়।
- মই ভাত খাম – I shall eat rice.
- তেওঁ বিদ্যালয়লৈ যাব – He will go to school.
- আমি মাছ ধৰিম – We shall catch fish.
- সিহঁতে বাজাৰলৈ যাব – They will go to the market.
- তানিয়াই কিতাপ পঢ়িব – Tania will read a book.
- কৰিণাই গান গাব – Karina will sing a song.
- লুবনাই ছবি আঁকিব – Lubna will draw a picture.
- আমি দিল্লীলৈ যাম – We shall go to Delhi.
- কমলে ছাতি কিনিব – Kamal will buy an umbrella.
Sentence গঠন নীতি: Subject + shall/will + মূল Verb + Object + Extension
- Future Continuous Tense
ভৱিষ্যতত কোনো কাম চলি থাকিব বুজালে Future Continuous Tense হয়।
- আজি সন্ধিয়া সিহঁতে গান শুনি থাকিব – They will be listening to music this evening.
- আজি আবেলি মই টিভি দেখি থাকিম – I will be watching television this afternoon.
- কাইলৈ পুৱা মায়ে ৰান্ধি থাকিব – Mother will be cooking tomorrow morning.
- কাইলৈ সিহঁতে নদীত সাঁতুৰি থাকিব – They will be swimming in the river tomorrow.
- কাইলৈ মই ছবি আঁকি থাকিম – I shall be drawing tomorrow.
Sentence গঠন নীতি: Subject + shall be/will be + Verb + ing + Object + Extension
- Future Perfect Tense
ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো কাম সম্পন্ন হ’ব বুজালে Future Perfect Tense হয়।
- তেওঁ সূৰ্যোদয়ৰ আগতেই কাম শেষ কৰিব – He will have completed the work before the sun rises.
- আমি পুৱা ১০ বজাৰ ভিতৰত আহিম – We shall have arrived by 10 am.
- দেউতা আহাৰ আগতেই মায়ে ৰান্ধি থাকিব – Mother will have cooked before father comes.
Sentence গঠন নীতি: Subject + shall have/will have + Past Participle + Object + Extension
- Future Perfect Continuous Tense
ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়লৈকে কোনো কাম চলি থাকিব বুজালে Future Perfect Continuous Tense হয়।
- তেওঁ দুই বছৰ ধৰি পঢ়ি থাকিব – He will have been reading for two years.
- অনিতাই আজিৰ সন্ধিয়া দুঘণ্টা পঢ়ি থাকিব – Anita will have been reading for two hours this evening.
- দেউতা আহাৰ আগতেই মায়ে ৰান্ধিয়েই থাকিব – Mother will have been cooking before father comes.
- ৰবি ঘূৰি আহা নোলোৱা পৰ্যন্ত মই পঢ়িয়েই থাকিম – I shall have been reading until Rabi comes back.
Sentence গঠন নীতি: Subject + shall have been/will have been + Verb + ing + Object + Extension