সমললৈ যাওক

কাশাৰপাৰাৰ কালী মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কালী মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা বঙাইগাঁও
এলেকা বইটামাৰী
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ-দেৱী কালী
প্ৰধান উৎসৱ কালী পূজা,শিৱ পূজা
স্থাপত্য শৈলী অসমীয়া

কাশাৰপাৰাৰ কালী মন্দিৰ হ'ল বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ কাশাৰপাৰা গাঁৱত অৱস্থিত এটা ইতিহাস প্ৰসিদ্ধ মন্দিৰ। অঞ্চলটোৰ জনসাধাৰণে এই মন্দিৰটোক দেৱীৰ জাগ্ৰত মন্দিৰ বুলি বিশ্বাস কৰে। এই মন্দিৰটোত বলি বিধানৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। প্ৰবাদমতে কাশাৰপাৰা গাঁওখনত অতীতত এবাৰ দেখা দিয়া মহামাৰীৰ ফলত বহুতো মানুহৰ মৃত্যু হৈছিল। এই মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ৰাইজে গাঁওখনৰ দুই মুৰত দুডাল শক্তি খুটা স্থাপন কৰিছিল। এই শক্তি খুটা দুডালক দেৱী কালী মা আৰু শিৱৰ প্ৰতীক হিচাপে পূজাৰ্চনা কৰিছিল তাৰ পিছত মহামাৰী লাহে লাহে নিৰ্মূল হৈছিল। তাৰ পিছত তেতিয়াৰ পৰাই গাঁওখনৰ পূব প্ৰান্তত কালী মন্দিৰ আৰু পশ্চিম প্ৰান্তত শিৱ মন্দিৰ স্থাপন কৰিছিল। এই ঐতিহাসিক মন্দিৰটোত বৰ্তমানলৈ নিতৌ পূজা কৰা হয়। তাৰ উপৰি ৰাইজে সমূহীয়া কৈ তিনিবাৰ বুজা অৰ্চনা কৰে। বহাগ মাহৰ সমূহীয়া পূজাটোত বলি বিধান আগবঢ়োৱা হয়।