সমললৈ যাওক

কাশীনাথ য়াদৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাশীনাথ য়াদৱ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এজন ভাৰতীয় লোকগায়ক তথা ৰাজনীতিবিদ, যি আহিৰ জনগোষ্ঠীৰ জনগোষ্ঠীয় ভোজপুৰী লোকশৈলী বিৰাহা গোৱাৰ বাবে বিখ্যাত। তেওঁ সমাজবাদী পাৰ্টিৰ শাসনকালত উত্তৰ প্ৰদেশ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।[1] তেওঁ তিনিবাৰ উত্তৰ প্ৰদেশ বিধান পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক কানশীৰামৰ সহযোগত তেওঁক প্ৰথমবাৰৰ বাবে এম এল চি বনোৱা হয়। পিছত কাশীনাথে বিএছপি এৰি সমাজবাদী পাৰ্টিত যোগদান কৰে৷ তেওঁ দুবাৰকৈ সমাজবাদী পাৰ্টিৰ পৰা ইউ পিৰ বিধান পৰিষদৰ সদস্য আছিল।[2] ২০২১ চনৰ মাৰ্চ মাহত তেওঁ সমাজবাদী পাৰ্টিৰ সাংস্কৃতিক কোষৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল।[3]

২০১৬ চনৰ ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী অখিলেশ য়াদৱে পদৰ পৰা পদত্যাগ কৰাৰ সময়ত তেওঁক ইউ পিৰ ৰাজ্য কৃষি উৎপদন মণ্ডী পৰিষদ (উত্তৰ প্ৰদেশ ৰাজ্যিক কৃষি উৎপাদন বজাৰ ব’ৰ্ড)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।[4]

তেওঁক মুলায়ম সিং য়াদৱৰ ঘনিষ্ঠ বুলি কোৱা হয়৷[4] সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁ ২০১৬ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান যশ ভাৰতী বঁটা লাভ কৰে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mishra, Sarveshwari (October 13, 2017). "सपा के पूर्व राज्य मंत्री ने बिरहा गाकर बताया बेटियों का महत्व" (Hindi ভাষাত). Patrika.com. https://www.patrika.com/ghazipur-news/ex-sp-minister-kashinath-yadav-telling-importance-of-daughter-by-birha-1902438/. 
  2. "विजय को एमएलसी की उम्मीदवारी" (Hindi ভাষাত). Dainik Jagran. April 6, 2012. https://www.jagran.com/uttar-pradesh/ghazipur-9105619.html. "विजय को एमएलसी की उम्मीदवारी" (in Hindi). Dainik Jagran. 6 April 2012.
  3. "আৰ্কাইভ কপি" (Hindi ভাষাত). March 22, 2021. Archived from the original on February 8, 2023. https://web.archive.org/web/20230208093843/https://smart.livehindustan.com/lucknow/news/samajwadi-party-declares-kashinath-yadav-name-for-sp-national-president-of-cultural-cell-81616402784519.html. 
  4. 4.0 4.1 (Hindi ভাষাত). September 22, 2018. https://hindi.news18.com/news/uttar-pradesh/lucknow-chief-minister-akhilesh-yadav-resigned-from-mandi-parishad-president-post-908167.html. "CM अखिलेश ने दिया मंडी परिषद के चेयरमैन पद से इस्तीफा, काशीनाथ यादव को मिली जिम्मेदारी" (in Hindi). News18. 22 September 2018.
  5. "54 eminent persons named for UP's 'Yash Bharti' awards". Business Standard. October 23, 2016. https://www.business-standard.com/article/news-ians/54-eminent-persons-named-for-up-s-yash-bharti-awards-116102300494_1.html.