সমললৈ যাওক

কাশ্মীৰা পৰদেশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাশ্মীৰা পৰদেশী
জন্ম কাশ্মীৰা
পুণে, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান * চেইণ্ট আন্নি স্কুল, পুণে
  • ফেশ্বন টেকন’লজীৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, মুম্বাই
পেচা অভিনেত্ৰী, মডেল[1]
সক্ৰিয় হৈ থকা সময় ২০১৮–বৰ্তমান
জনা যায় * ৰামপাট (২০১৯) - মুন্নী হিচাপে
  • মিছন মংগল (২০১৯) - অন্যা শিন্দে হিচাপে
  • ৰাইডাৰ (২০২১) - সৌম্যা "চিন্নু" হিচাপে
  • ৱৰালাৰু মুক্কিয়াম (২০২২) - যমুনা হিচাপে
  • দ্য ফ্ৰীলেঞ্চাৰ - আলিয়া খান হিচাপে
উচ্চতা ১.৬৫ মিটাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ মাৰাঠী বঁটা — শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী (ৰামপাট, ২০১৯) (মনোনীত)

কাশ্মীৰা পৰদেশী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ নৰ্তনশালা (২০১৮) ছবিৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত, শিৱপ্পু মঞ্জেল পাচৈ (২০১৯) যোগে তামিলত আৰু মিছন মংগল (২০১৯) ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। হিন্দী ধাৰাবাহিক দ্য ফ্ৰীলেঞ্চাৰ (২০২৩)ৰ জৰিয়তে তেওঁ ডিজিটেল ষ্ট্ৰীমিং প্লেটফৰ্মত খোজ পেলায়।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

পৰদেশী এটা মাৰাঠী পৰিয়ালৰ সন্তান।[2]

তেওঁ পুণেৰ চেইণ্ট আন্নি স্কুল আৰু বৃহন মহাৰাষ্ট্ৰ কলেজ অৱ কমাৰ্চত অধ্যয়ন কৰিছিল।[3] তেওঁ মুম্বাইৰ ফেশ্বন টেকন’লজীৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত ফেশ্বন ডিজাইনৰ শিক্ষা গ্ৰহণ কৰিছিল।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চলচ্চিত্ৰ জগতত খোজ পেলোৱাৰ আগতে পৰদেশীয়ে কেইবাটাও বিজ্ঞাপনত কাম কৰিছিল। ২০১৮ চনত নাগা শৌৰ্যৰ বিপৰীতে তেলুগু ছবি নৰ্তনশালাৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।[1] ছবিখনে বক্স অফিচত সফলতা লাভ কৰিব নোৱাৰিলে যদিও,[5] তেওঁৰ অভিনয়ে তেওঁক হিন্দী ছবি মিছন মংগলত (২০১৯) অভিনয়ৰ সুযোগ দিছিল। এই ছবিত তেওঁ বিদ্যা বালান আৰু সঞ্জয় কাপুৰৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল।[6][2] ছবিখনে বক্স অফিচত বৃহৎ ব্যাৱসায়িক সফলতা লাভ কৰে। একে বছৰতে ৰবি যাদৱৰ ছবি ৰামপাটৰ জৰিয়তে তেওঁ মাৰাঠী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[7][3] পৰিচালক চশিয়ে তেওঁৰ বিজ্ঞাপনসমূহ আৰু নৰ্তনশালাত কৰা অভিনয় দেখি তেওঁক জি. ভি. প্ৰকাশ কুমাৰৰ বিপৰীতে তামিল ছবি শিৱপ্পু মঞ্জেল পাচৈৰ বাবে চুক্তিবদ্ধ কৰে। চৰিত্ৰটোৰ বাবে সাজু হ’বলৈ পৰদেশীয়ে এগৰাকী তামিল শিক্ষকৰ সহায় লৈছিল।[8] ছবিখন বক্স অফিচত হিট হিচাপে পৰিগণিত হয়।

২০২১ চনত তেওঁৰ একমাত্ৰ মুক্তিপ্ৰাপ্ত ছবি আছিল নিখিল কুমাৰৰ বিপৰীতে অভিনীত ৰাইডাৰ, যাৰ জৰিয়তে তেওঁ কানাড়া চলচ্চিত্ৰত খোজ পেলায়। ছবিখনে সমালোচক আৰু দৰ্শকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল আৰু বক্স অফিচত এক সুন্দৰ সফলতা লাভ কৰিছিল।

২০২২ চনত পৰদেশীৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল হিপহপ তমিজহাৰ বিপৰীতে অন্বৰ্নিভু। ছবিখন পোনপটীয়াকৈ ডিজনি+ হটষ্টাৰত মুক্তি দিয়া হৈছিল আৰু ই সমালোচকৰপৰা মিশ্ৰিত তথা ইতিবাচক সঁহাৰি লাভ কৰিছিল। অ'টিটি প্লেটফৰ্মত অন্বৰ্নিভু এখন ব্যাৱসায়িকভাৱে সফল ছবি হিচাপে ঘোষিত হৈছিল। তেওঁৰ শেষ মুক্তিপ্ৰাপ্ত ছবি আছিল জীৱাৰ বিপৰীতে ৱৰালাৰু মুক্কিয়াম[9] ছবিখনে সমালোচক আৰু দৰ্শকৰপৰা নেতিবাচক সমালোচনা লাভ কৰিছিল যদিও "মালয়ালী ছোৱালী"ৰ চৰিত্ৰত পৰদেশীৰ অভিনয় শলাগিবলগীয়া আছিল। ছবিখন বক্স অফিচত বিফল হৈছিল।

২০২৩ চনত পৰদেশীৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল ববী সিনহাৰ বিপৰীতে বসন্ত মল্লৈ; [10] ছবিখনে সমালোচক আৰু দৰ্শকৰপৰা অতি দুৰ্বল সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচত ব্যপক লোকচানৰ সন্মুখীন হৈছিল। তেওঁৰ দ্বিতীয়খন মুক্তিপ্ৰাপ্ত ছবি আছিল কিৰণ আব্বাভৰমৰ বিপৰীতে এখন তেলুগু ছবি বিনৰো ভাগ্যমু বিষ্ণু কথা। ই সমালোচক আৰু দৰ্শকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰাৰ লগতে বক্স অফিচত সফলতা লাভ কৰিছিল।[11] পাছলৈ তেওঁ ডিজনি+ হটষ্টাৰত হিন্দী ধাৰাবাহিক দ্য ফ্ৰীলেঞ্চাৰৰ জৰিয়তে ডিজিটেল জগতত আত্মপ্ৰকাশ কৰে। ধাৰাবাহিকখনে সমালোচকৰপৰা অত্যন্ত ইতিবাচক সঁহাৰি লাভ কৰে আৰু তেওঁৰ অভিনয়ৰো প্ৰশংসা কৰা হয়।[12] তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবি আছিল অমিতাভ প্ৰধান আৰু শৰৎ কুমাৰৰ সৈতে পৰম্পৰুল। ছবিখনে সমালোচক আৰু দৰ্শকৰপৰা সাধাৰণ সঁহাৰি লাভ কৰিছিল আৰু বক্স অফিচত এক গড় উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছিল।

২০২৪ চনত পৰদেশীৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল হিপহপ আধীৰ বিপৰীতে তামিল ছবি পিটি চাৰঅন্বৰ্নিভুৰ (২০২২) পিছত এয়া আধীৰ সৈতে তেওঁৰ দ্বিতীয়খন ছবি আছিল।[13] ছবিখনে সমালোচক আৰু দৰ্শকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰি বক্স অফিচত সফলতা বুটলিবলৈ সক্ষম হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Tanmayi, Bhawana. "Narsthanshala to launch a new heroine". Telangana Today. https://telanganatoday.com/narsthanshala-launch-heroine.
  2. 1 2 "Kashmira Pardeshi will make her Bollywood debut with 'Mission Mangal'". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/kashmira-pardeshi-will-make-her-bollywood-debut-with-mission-mangal/articleshow/66559501.cms.
  3. 1 2 "Never expected to debut with a Ravi Jadhav film: Kashmira Pardeshi". The Times of India. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/never-expected-to-debut-with-a-ravi-jadhav-film-kashmira-pardeshi/articleshow/68940459.cms.
  4. Adivi, Sashidhar (31 July 2018). "Kashmira Pardeshi to make Tamil debut". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/310718/kashmira-pardeshi-to-make-tamil-debut.html.
  5. Kavirayani, Suresh (4 September 2018). "A hat-trick of flops for Naga Shaurya" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/040918/a-hat-trick-of-flops-for-naga-shaurya.html আহৰণ কৰা হৈছে: 13 March 2022.
  6. Adivi, Sashidhar (9 November 2018). "It's a dream Bollywood debut: Kashmira Pardeshi". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/bollywood/091118/its-a-dream-bollywood-debut-kashmira-pardeshi.html.
  7. "'Rampaat': Character poster of Kashmira Pardeshi as 'Munni' unveiled!". The Times of India. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/rampaat-character-poster-of-kashmira-pardeshi-as-munni-unveiled/articleshow/69141740.cms.
  8. "I have a Tamil tutor now, says Kashmira". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/i-have-a-tamil-tutor-now-says-kashmira/articleshow/73030586.cms.
  9. "Jiiva's next titled Varalaru Mukkiyam is a romantic comedy" (en ভাষাত). indulgexpress.com. https://www.indulgexpress.com/entertainment/cinema/2022/jan/05/jiivas-next-titled-varalaru-mukkiyam-is-a-romantic-comedy-38257.html আহৰণ কৰা হৈছে: 8 January 2022.
  10. "Kashmira Pardeshi to pair up with Bobby Simha". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/kashmira-pardeshi-to-pair-up-with-bobby-simha/articleshow/72021615.cms.
  11. "'Vinaro Bhagyamu Vishnu Katha' box office collection Day 10: Kiran Abbavaram's film earns Rs 11.07 crore". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/telugu/movies/box-office/vinaro-bhagyamu-vishnu-katha-box-office-collection-day-10-kiran-abbavarams-film-earns-rs-11-07-crore/articleshow/98311659.cms.
  12. "Exclusive! Kashmira Pardeshi On Her Portrayal Of Aliya In The Freelancer: Girl who have been flown to syria" (en ভাষাত). Times Now. https://www.timesnownews.com/entertainment-news/web-series/exclusive-kashmira-pardeshi-on-her-portrayal-of-aliya-in-the-freelancer-girls-who-have-been-flown-to-syria-article-103189326 আহৰণ কৰা হৈছে: 30 August 2023.
  13. "ஹிப்ஹாப் தமிழா ஆதியின் அடுத்த படத்தில் நடிகை காஷ்மீரா.. அதிகாரபூர்வ அறிவிப்பு!" (ta ভাষাত). tamil.webdunia.com. https://tamil.webdunia.com/article/tamil-cinema-news-movie-film/kashmira-joins-in-hip-hop-tamila-aadhi-next-movie-122122100062_1.html আহৰণ কৰা হৈছে: 2022-12-21.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]