কাশ্মীৰৰ ৰেশ্মা
ৰেশ্মা (১৯৫০ - নৱেম্বৰ ২০২২), আছিল জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী লিঙ্গান্তৰিত গায়িকা আৰু অধিকাৰ কৰ্মী। তেওঁ জনসাধাৰণৰ মাজত কাশ্মীৰৰ ৰেশ্মা নামেৰে পৰিচিত।[1][2] তেওঁ খ্যাতি লাভ কৰিছিল আৰু তেওঁৰ গীতৰ ভিডিঅ’বোৰ সামাজিক মাধ্যমত হাজাৰ হাজাৰবাৰ দেখা হৈছিল।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৰেশ্মাৰ জন্ম শ্ৰীনগৰত হৈছিল। তেওঁৰ দুই গৰাকীকৈ ভনীয়েক আৰু ছয়জন গৰাকী ভাতৃ আছিল।[1] তেওঁ ১১ বছৰ বয়সত গায়ন আৰু নৃত্যৰ প্ৰতি তেওঁৰ আগ্ৰহৰ অনুভৱ কৰিছিল।[4] সৰুৰ পৰাই, তেওঁ লিংগ পৰিচয়ৰ বাবে অপমানৰ সন্মুখীন হৈছিল। ফলস্বৰূপে, তেওঁ পঞ্চম শ্ৰেণীৰ পিছতেই বিদ্যালয় এৰি দিয়ে আৰু তেওঁৰ ককাইদেৱৰ তত্ত্বাৱধানত এটা দৰ্জী দোকানত কাম কৰিবলৈ আৰম্ভ কৰে।[1][4]
জীৱন আৰু সংগীত ক্ৰিয়াকলাপ
[সম্পাদনা কৰক]২২ বছৰ বয়সত, এজন গ্ৰাহকৰ অনুৰোধ মৰ্মে গীত গাইছিল।[1][4] এই পৰিস্থিতিৰ মাজতে, তেওঁ "ৰেশ্মা" নাম গ্ৰহণ কৰে।[1] যদিও তেওঁৰ মাতৃয়ে গান গোৱা কাৰ্যকলাপক সমৰ্থন নকৰিলে, অৱশেষত ২০০১ চনত, তেওঁ নিজৰ ভাতৃৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানক লালন-পালন কৰিবলৈ গান গোৱাৰ সিদ্ধান্ত লয়।[1]
সমাজসেৱা
[সম্পাদনা কৰক]ৰেশ্মা কাশ্মীৰত লিঙ্গান্তৰিত ব্যক্তিসকলৰ অধিকাৰৰ বাবে সংগ্ৰামৰ অন্যতম মুখ আছিল।[5] ২০১১ চনত, তেওঁ আৰু আন লিঙ্গান্তৰিত অধিকাৰ কৰ্মীৰে এক "Intervention Plan"ৰ জৰিয়তে সমাজ কল্যাণ বিভাগক তত্পৰ কৰাৰ চেষ্টা কৰিছিল।[6]
মিডিয়াত
[সম্পাদনা কৰক]২০২২ চনৰ এক তথ্যচিত্ৰ Trans Kashmir-ত ৰেশ্মাক অন্তৰ্ভুক্ত কৰা হৈছিল।[7]
মৃত্যু
[সম্পাদনা কৰক]ৰেশ্মাই নৱেম্বৰ ২০২২ চনত কেঞ্চাৰত আক্ৰান্ত হৈ ৭০ বছৰ বয়সত পৰলোক প্ৰাপ্ত হয়। তেওঁৰ সংগীত আৰু সমাজসেৱাই কাশ্মীৰৰ লিঙ্গান্তৰিত সমাজৰ বাবে এক অমূল্য অবদান হিচাপে ৰৈ গ’ল।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 Mateen, Zoya; Mohammad, Moazum (17 November 2022). "Reshma: The Kashmir trans icon who fought pain to bring joy to people" (en-GB ভাষাত). BBC News. https://www.bbc.com/news/world-asia-india-63539236.
- ↑ Manhotra, Dinesh (6 November 2022). "Who was singer Abdul Rashid; "Reshma of Kashmir" singer passes away [details"] (en ভাষাত). www.ibtimes.co.in. https://www.ibtimes.co.in/who-was-singer-abdul-rashid-reshma-kashmiri-singer-passes-away-details-853849। আহৰণ কৰা হৈছে: 15 June 2023.
- ↑ "A glimpse into the lives of transgender people in Kashmir". gal-dem.com. Archived from the original on 15 June 2023. https://web.archive.org/web/20230615200718/https://gal-dem.com/lives-of-transgender-people-in-kashmir/। আহৰণ কৰা হৈছে: 15 June 2023.
- ↑ 4.0 4.1 4.2 "Reshma: The story of resilience" (en-US ভাষাত). The Kashmir Monitor. 6 November 2022. https://www.thekashmirmonitor.net/reshma-the-story-of-resilience/। আহৰণ কৰা হৈছে: 16 June 2023.
- ↑ Handa, Aakriti (29 November 2022). "Remembering Reshma: The Voice of Transgender People in Kashmir" (en ভাষাত). TheQuint. https://www.thequint.com/gender/kashmir-reshma-abdul-rashid-transgender-singer-dead-viral-song। আহৰণ কৰা হৈছে: 15 June 2023.
- ↑ Zargar, Haris (28 February 2020). "Kashmir's invisible LGBTQIA+ community". New Frame. https://www.newframe.com/kashmirs-invisible-lgbtqia-community/। আহৰণ কৰা হৈছে: 15 June 2023.
- ↑ "'Reshma, Babloo, Shabnum': Film on Kashmir's trans-genders premiers at International Queer Festival - The Kashmir Monitor" (en-US ভাষাত). 9 June 2022. https://www.thekashmirmonitor.net/reshma-babloo-shabnum-film-on-kashmirs-trans-genders-premiers-at-international-queer-festival/। আহৰণ কৰা হৈছে: 16 June 2023.
- ↑ "WATCH: Kashmir remembers a trans icon" (en-GB ভাষাত). Himal Southasian. 23 February 2023. https://www.himalmag.com/kashmir-remembers-reshma-transgender-singer-icon/। আহৰণ কৰা হৈছে: 15 June 2023.