কাশ্যপ
| কাশ্যপ | |
|---|---|
অন্ধ্ৰপ্ৰদেশৰ এঠাইত কাশ্যপৰ মূৰ্তি | |
| দাম্পত্যসঙ্গী | অদিতি, দিতি, কদ্ৰু, দনু, অৰিস্তা, সুৰসা, সুৰভি, বিনতা, তাম্ৰ, ক্ৰোধবশা, ইৰা, যামিনী,কাস্থা, তিমি, পটংগী, সৰমা, ৱিশ্বা আৰু মুনি |
| সন্তান | আদিত্য, ৰুদ্ৰ, বসু, দৈত্য, মৰুৎ, দানৱ, নাগ, মনসা, ইৰাৱতী, গন্ধৰ্ব, অৰুণ, গৰুড়, অপ্সৰা, ইত্যাদি। |
কাশ্যপ হিন্দু ধৰ্মৰ এজন পূজনীয় বৈদিক ঋষি।[1] ঋগবেদৰ সাতগৰাকী প্ৰাচীন ঋষি সপ্তৰ্ষিৰ ভিতৰত তেওঁ অন্যতম। ৰামায়ণত তেওঁক অৰিষ্টনেমি বুলি উল্লেখ কৰা হৈছে।[2] বৃহদাৰণ্যক উপনিষদৰ পাতনি পদত তালিকাভুক্ত আন সপ্তৰ্ষিসকলৰ সৈতে কাশ্যপ আটাইতকৈ প্ৰাচীন আৰু পূজনীয় ঋষি।[3]
কাশ্যপ এটা প্ৰাচীন নাম, প্ৰাচীন হিন্দু আৰু বৌদ্ধ গ্ৰন্থসমূহৰ বহুতো ভিন্ন ব্যক্তিত্বক বুজায়।[4][5]
নাম
[সম্পাদনা কৰক]কাশ্যপৰ অৰ্থ সংস্কৃতত “কচ্ছপ’’।[6] মাইকেল উইট্জেলৰ মতে, ইয়াৰ সম্পৰ্ক আৱেষ্টানৰ কাছিয়াপা, ছগডিয়ানৰ কিছফ, কুৰ্দিৰ কুছি, নিউ পাৰ্চীৰ খাৰৱাৰ, কাশ(আ)প যাৰ অৰ্থ হৈছে “কচ্ছপ’’, যাৰ নামেৰে কাছাফ ৰুডৰ (তুৰ্কমেনিস্তান আৰু খোৰাছানৰ এখন নদী) নামকৰণ কৰা হৈছে।[7] আন আন সামঞ্জস্যসমূহৰ ভিতৰত টোচাৰিয়ান বি ভাষাৰ কাচ্চাপ ("লাওখোলা")[8] টোচাৰিয়ান এ ভাষাৰ কাচ্চাপ ("কাছ", "কচ্ছপ")।[9][10] ফ্ৰিটছ ষ্টলে এই কথাত একমত যে, কাশ্যপৰ অৰ্থ ‘কচ্ছপ’, কিন্তু তেওঁ বিশ্বাস কৰে যে, ই এটা অনা-ইন্দো-ইউৰোপীয় শব্দ।[11]
ইতিহাস
[সম্পাদনা কৰক]ঋগবেদত মূলতঃ নৱম মণ্ডলত কেইটামান গীত কাশ্যপৰ ৰচনা বুলি কোৱা হয়। তেওঁ আৰু তেওঁৰ ছাত্ৰ পৰিয়ালটো মূলতঃ সোম পৱমন ("আত্ম-শুদ্ধিকাৰী সোম") গীতৰ সুৰকাৰ, যিয়ে সোম যজ্ঞৰ একক মুহূৰ্তক প্ৰতিনিধিত্ব কৰে।[12][13]
বৃহদাৰণ্যক উপনিষদৰ ২.২.৪ পদত অত্ৰি, বশিষ্ঠ, বিশ্বামিত্ৰ, জমদগ্নি, ভৰদ্বাজ আৰু গৌতমৰ সৈতে তেওঁৰ উল্লেখ আছে।[14][15] হিন্দু ধৰ্মৰ অন্যতম পুৰণি উপনিষদ শাস্ত্ৰ বৃহদাৰণ্যক উপনিষদৰ কলফন পদ ৬.৫.৩ত কাশ্যপক আদিম ঋষি হিচাপেও উল্লেখ কৰা হৈছে।[3]
আন বেদ আৰু অসংখ্য বৈদিক গ্ৰন্থত কাশ্যপৰ উল্লেখ আছে। উদাহৰণস্বৰূপে, অথৰ্ববেদৰ (~১০০০ খ্ৰীষ্টপূৰ্ব) ব্ৰহ্মাণ্ডবিজ্ঞান সম্পৰ্কীয় একাদশ পুথিৰ কেইবাটাও গীতৰ ভিতৰত ৰূপকৰে ভৰা এটাত কাশ্যপৰ উল্লেখ আছে:
অবিক্ষিপ্ত মই, অবিক্ষিপ্ত মোৰ আত্মা,
অবিক্ষিপ্ত মোৰ চকু, অবিক্ষিপ্ত মোৰ কাণ,
অবিক্ষিপ্ত মোৰ উশাহ-নিশাহ, অবিক্ষিপ্ত মোৰ উশাহ-নিশাহ,
অবিক্ষিপ্ত মোৰ বিস্তাৰিত উশাহ, অবিক্ষিপ্ত মোৰ সকলো।
তাৰ পিছত আৰম্ভণিতে কামনাৰ উত্থান,
আত্মাৰ আদিম বীজ আৰু বীজাণু কামনা,
উচ্চ কামৰ সৈতে বাস কৰা কাম,
যজ্ঞকাৰীক ধনৰ বৃদ্ধি দিয়া, (...)
প্ৰচুৰ, সহস্ৰ অক্ষি আৰু অক্ষয়ী,
সাতটা ঘোঁৰাই টনা সময়ে আমাক আগুৱাই লৈ যায়,
পবিত্ৰ জ্ঞানেৰে অনুপ্ৰাণিত ঋষিসকলে তেওঁক আৰোহণ কৰে,
তেওঁৰ ৰথৰ চকাবোৰ সকলো জীৱৰ জগত।
কালে তাত স্বৰ্গ সৃষ্টি কৰিলে,
— অথৰ্ববেদ, একাদশ পুথি, গীত L৫১-৫৩পাণিনিৰ ১.২.৬৪ পদত পতঞ্জলিৰ প্ৰাচীন ভাষ্যত তেওঁৰ নাম উল্লেখ আছে।[16] মহাকাব্য আৰু পুৰাণ সাহিত্যত তেওঁৰ নাম অতি সাধাৰণ।[17][18]
আৰু কালে এই পৃথিৱীৰ ৰাজ্যবোৰ সৃষ্টি কৰিলে,
কালৰ দ্বাৰা, গতিৰ বাবে আলোড়িত,
যি আছে আৰু কি হ'ব দুয়োটা, প্ৰসাৰিত, (...)
কালেই জীৱ সৃষ্টি কৰিছিল আৰু প্ৰথমে প্ৰজাপতি, কালৰ পৰা স্ব-নিৰ্মিত কাশ্যপ,
কালৰ পৰা পবিত্ৰ অগ্নিৰ জন্ম হৈছিল।
পাণিনিৰ ১.২.৬৪ পদত পতঞ্জলিৰ প্ৰাচীন ভাষ্যত তেওঁৰ নাম উল্লেখ আছে।[19] মহাকাব্য আৰু পুৰাণ সাহিত্যত তেওঁৰ নাম অতি সাধাৰণ।[20]
বৌদ্ধ গ্ৰন্থত
[সম্পাদনা কৰক]দীঘ্ঘ নিকায়ৰ দৰে বৌদ্ধ পালি কেননিক গ্ৰন্থত তেবিজ্জা সুত্তই তেওঁৰ সময়ৰ বুদ্ধ আৰু বৈদিক পণ্ডিতসকলৰ মাজত হোৱা আলোচনাৰ বৰ্ণনা কৰিছে। বুদ্ধই দহজন ঋষিৰ নাম উল্লেখ কৰিছে, তেওঁলোকক "আদিম ঋষি" আৰু তেওঁৰ যুগত সংগ্ৰহ আৰু জপ কৰা প্ৰাচীন শ্লোক নিৰ্মাতা বুলি কয় আৰু সেই দহজন ঋষিৰ ভিতৰত কাছ্ছাপা (সংস্কৃতত কাশ্যপৰ পালি বানান) আছে।[21][টোকা 1]
কাশ্মীৰ
[সম্পাদনা কৰক]ক্ৰিষ্টোফাৰ স্নেডেনৰ মতে, কাশ্মীৰ নামটো "কাশ্যপ মীৰা" বা "lake of the sage Kashyapa"ৰ সংক্ষিপ্ত ৰূপ। ই পৰিপূৰকভাবে কাশ্মীৰী বা সংস্কৃত শব্দৰপৰা আহিব পাৰে, যাৰ অৰ্থ "পানী শুকুৱাই লোৱা।" ইয়াৰ উৎপত্তি কাশ্যপৰ পৱিত্ৰ পৰ্বত বুলি গণ্য কৰা "কাশ্যপ মেৰু" শব্দৰপৰাও হোৱাৰ সম্ভাৱনা আছে।[22]
আলেকজেণ্ডাৰৰ অভিযানৰ সৈতে জড়িত গ্ৰীচৰ প্ৰাচীন গ্ৰন্থসমূহত এই ভূমিক "কাছপেৰিয়া" বুলি কোৱা হৈছে,[22] সম্ভৱতঃ "কাছ্যাপামিৰা"ৰ সংকুচিত শব্দ।[23] গ্ৰীক ভূগোলবিদ হেকাটাওইছৰ গ্ৰন্থত "কাস্পাটাইৰ'ছ" শব্দটো আছে, আৰু হেৰ’ড’টাছৰ লেখাত "কাস্পাটাইৰ'ছ" হিচাপে উল্লেখ আছে, যিয়ে কৈছে যে স্কাইলেক্স দ্য কাৰ্যাণ্ডিয়ানে কাস্পাটাইৰ'ছত সিন্ধু নদীৰ পথ পাহাৰৰপৰা পানী সাগৰত পৰাৰপৰা অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিছিল। আন গ্ৰন্থত কাস্পাটাইৰ'ছ কাস্পা-পাইৰাছ বা কাশ্যপ-পূৰা (কাশ্যপ চহৰ)ৰ সৈতে একে হ'ব পাৰে।[23]
কিংবদন্তি
[সম্পাদনা কৰক]পুৰাণ আৰু হিন্দু মহাকাব্যৰ দৰে অসংখ্য হিন্দু গ্ৰন্থত কাশ্যপ নামৰ উল্লেখ আছে। বিভিন্ন গ্ৰন্থত কাশ্যপৰ সৈতে জড়িত কাহিনীসমূহ বহুলভাৱে অসামঞ্জস্যপূৰ্ণ আৰু প্ৰায়বোৰক ৰূপক বুলি গণ্য কৰা হয়।[20][5] যেনে- ৰামায়ণত দক্ষৰ আঠগৰাকী কন্যাৰ সৈতে তেওঁৰ বিবাহ হোৱাৰ বিপৰীতে মহাভাৰত আৰু বিষ্ণু পুৰাণত তেওঁক তেৰগৰাকী কন্যাৰ সৈতে বিবাহিত বুলি বৰ্ণনা কৰা হৈছে। হিন্দু গ্ৰন্থ বিষ্ণু পুৰাণত কাশ্যপে বিয়া কৰাই দিয়া তেৰগৰাকী কন্যাৰ কিছুমান নাম মহাভাৰতত পোৱা তালিকাৰপৰা পৃথক।[20] কিছুমান গ্ৰন্থত কাশ্যপক সৌৰবংশৰ পূৰ্বপুৰুষ মৰিচিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে, ব্ৰহ্মৱৰ্তৰ দ্বিতীয় ৰজা উত্তমপাদৰ সমসাময়িক আৰু ব্ৰহ্মৰ পুত্ৰ দক্ষ প্ৰজাপতিৰ কন্যাক বিয়া কৰাইছিল, আন কিছুমানত ব্ৰহ্মৱৰ্তৰ অন্তিম ৰজা দক্ষ প্ৰজাপতিৰ কন্যাক বিয়া কৰাইছিল, উত্তমপাদৰ পৰা ১৫সংখ্যক পুৰুষ বংশধৰ। ধৰি লোৱা হ'ব পাৰে যে কাশ্যপ নামৰ কেইবাজনো ব্যক্তিৰ অস্তিত্ব আছে যিসকল সকলোৱে সাধাৰণতে বিভ্ৰান্ত।[5]
কিছুমান পুৰাণত কাশ্যপে কাশ্মীৰ উপত্যকাৰ পানী নিষ্কাশন কৰি বসবাসযোগ্য কৰি তোলা বুলি কোৱা হয়। কিছুমানে এই কিংবদন্তিটোক বৌদ্ধ মঞ্জুশ্ৰীয়ে নেপাল আৰু তিব্বতৰ পানী নিষ্কাশন কৰা কিংবদন্তিটোৰ সমান্তৰাল বুলি ব্যাখ্যা কৰে, য'ত "নিষ্কাশন"ৰ অৰ্থ হৈছে ধাৰণা আৰু মতবাদ শিকোৱাৰ বাবে এক ৰূপক, অজ্ঞানৰ স্থবিৰ পানী আঁতৰোৱা আৰু উপত্যকালৈ শিক্ষণ আৰু সভ্যতাক সম্প্ৰসাৰণ কৰা।[24] সিন্ধ চহৰ মুলতান (বৰ্তমান পাকিস্তানত), যাক মূলস্থান বুলিও কোৱা হয়, কাশ্যপৰ পিছত কিছুমান গল্পত বিকল্পভাৱে কাশ্যপপূৰা বুলি ব্যাখ্যা কৰা হৈছে।[25] তথাপি আন এটা ব্যাখ্যা হৈছে কাশ্যপক সিন্ধ অঞ্চলৰ সিন্ধু নদীৰ সৈতে জড়িত কৰা। কিন্তু এই ব্যাখ্যা আৰু কাশ্মীৰৰ সৈতে মুলতানক কাশ্যপাপূৰা হিচাপে থকা সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হৈছে।[26]
প্ৰাচীন কিংবদন্তি অনুসৰি কাশ্যপে সেই মাটি এটা বিশাল হ্ৰদৰপৰা পুনৰ উদ্ধাৰ কৰিছিল, তেওঁৰ বিদ্যালয়ৰ ভেটি তাতেই আছিল আৰু মাটিৰ নাম তেওঁৰ নামেৰে ৰখা হৈছিল।[27]
পত্নী আৰু সন্তান
[সম্পাদনা কৰক]ভাৰতীয় সাহিত্য পুৰাণ আৰু মহাকাব্যত কাশ্যপ আৰু তেওঁৰ বংশাৱলীৰ অনেক ঠাইত উল্লেখ আছে।[28] বিষ্ণু পুৰাণত কাশ্যপে দক্ষৰ তেৰগৰাকী কন্যাক বিয়া কৰাইছে: অদিতি, দিতি, কদ্ৰু, দনু, অৰিষ্ঠ, সুৰসা, সুৰভি, বিনতা, তামৰা, ক্ৰোধবশা, ইৰা, বিশ্ব আৰু মুনি; [20][29][30] আনহাতে মহাভাৰতত এই ১৩ গৰাকী পত্নীৰ নাম অদিতি, দিতি, কলা, দনায়ু, দনু, সিংহিকা, ক্ৰোধ, পৃথা, বিশ্ব, বিনতা, কপিলা, মুনি আৰু কদ্ৰু।[31] বিভিন্ন ধৰণৰ ব্যাখ্যা আছে। পণ্ডিত ভেত্তম মণিয়ে মহাকাব্য আৰু পুৰাণ বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হয় যে কাশ্যপে হয়তো ২১ গৰাকী মহিলাক বিয়া কৰাইছিল (ইয়াৰে ১৩ গৰাকী দক্ষৰ কন্যা আছিল) — অদিতি, দিতি, দনু, অৰিষ্ঠ, সূৰশ, খশা, সুৰভি, বিনতা, তামৰা, ক্ৰোধবশা, ইৰা, কদ্ৰু, মুনি, পুলোমা, কলকা, নাট, দনায়ু, সিংহিকা, প্ৰধা, বিশ্ব আৰু কপিলা।[31]
বিষ্ণু পুৰাণ আৰু বায়ু পুৰাণত কাশ্যপক দক্ষৰ বিভিন্ন কন্যাৰ সৈতে দেৱ, দানৱ, যক্ষ, দৈত্য আৰু সকলো জীৱৰ পিতৃ হোৱাৰ কৃতিত্ব দিয়া হৈছে। তেওঁ অদিতিৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যাৰপৰা তেওঁ আদিত্যৰ পিতৃ হয় আৰু দুটা অসামঞ্জস্যপূৰ্ণ সংস্কৰণত বিষ্ণুৰ অৱতাৰ বামনো অদিতি আৰু কাশ্যপৰ সন্তান।[32] এই ধৰ্মীয় গ্ৰন্থসমূহত কাশ্যপ ধৰ্ম আৰু অধৰ্মৰ ভায়েক, দুয়োকে দক্ষৰ আন কন্যাৰ সৈতেও বিবাহিত বুলি বৰ্ণনা কৰা হৈছে।[33]
বাসুদেৱ ৰূপে অৱতাৰ
[সম্পাদনা কৰক]ব্ৰহ্মাই কৃষ্ণৰ ওপৰত বৰষা অভিশাপৰ বাবে কাশ্যপে কৃষ্ণৰ পিতৃ বাসুদেৱ ৰূপে অৱতাৰ লয়। এবাৰ ঋষিয়ে জগতত থকা সত্তাৰ কল্যাণৰ বাবে দেৱতাক আহুতিৰ উদ্দেশ্যে নিজৰ আশ্ৰমত যজ্ঞ (বৈদিক অনুষ্ঠান) কৰিছিল। এই কাৰ্য সম্পাদন কৰিবলৈ কাশ্যপে গাখীৰ, ঘিউ আদি প্ৰসাদৰ প্ৰয়োজন হৈছিল, যাৰ বাবে তেওঁ বৰুণৰ সহায় বিচাৰিছিল। যেতিয়া বৰুণ তেওঁৰ আগত প্ৰকট হ’ল, তেতিয়া কাশ্যপে তেওঁক যজ্ঞ সফলতাৰে সম্পাদন কৰিবলৈ অন্তহীন প্ৰসাদৰ বৰ অনুৰোধ কৰিলে। বৰুণে তেওঁক এটা পৱিত্ৰ গৰু আগবঢ়ালে যিয়ে তেওঁক অন্তহীন প্ৰসাদ প্ৰদান কৰিব পাৰিব। তাৰ পিছত তেওঁ ঋষিক ক’লে যে যজ্ঞ শেষ হ’লেই পৱিত্ৰ গৰুটো ঘূৰাই লোৱা হ’ব। কেইবাদিনো যজ্ঞ চলি থাকিল, পৱিত্ৰ গৰুৰ সহায়ত ঋষিয়ে যজ্ঞকাল সুকলমে শেষ কৰিলে।
গৰুৰ অলৌকিক শক্তি উপলব্ধি কৰি তেওঁ লোভৰ বশৱৰ্তী হৈ গৰুটোৰ চিৰদিনৰ বাবে মালিক হোৱাৰ আকাংক্ষা কৰি, যজ্ঞ শেষ হোৱাৰ পিছতো তেওঁ গৰুটো বৰুণলৈ ঘূৰাই নিদিলে। বৰুণে কাশ্যপৰ সন্মুখত উপস্থিত হৈ তেওঁক ক’লে যে, গৰুটো তেওঁক বৰ হিচাপে দিয়া হৈছে কেৱল যজ্ঞৰ বাবে, আৰু এতিয়া যজ্ঞ শেষ হোৱাৰ বাবে ইয়াক স্বৰ্গৰ সম্পদ বুলি ঘূৰাই দিব লাগিব। কাশ্যপে গৰুটো নিজৰ পৰা বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰি বৰুণক ক’লে যে ব্ৰাহ্মণক যি অৰ্পণ কৰা হয় সেয়া কেতিয়াও ঘূৰাই বিচাৰিব নালাগে, যিয়ে তেনে কৰে তেওঁ পাপী হৈ পৰিব।
তেতিয়া বৰুণে ব্ৰহ্মাৰ সহায় বিচাৰি ঋষিৰ আগত উপস্থিত হৈ তেওঁৰ সকলো গুণ ধ্বংস কৰিব পৰা লোভৰপৰা মুক্তি পাবলৈ ক’লে। তথাপি কাশ্যপে নিজৰ সংকল্পত দৃঢ় হৈ থাকিল, যিয়ে ব্ৰহ্মাক ক্ষুব্ধ কৰি তুলিলে আৰু তেওঁক অভিশাপ দিলে যে, তেওঁ পুনৰ গো-পালক হিচাপে পৃথিৱীত জন্ম ল’ব। কাশ্যপে নিজৰ ভুলৰ বাবে অনুতাপ কৰি ব্ৰহ্মাক ক্ষমা কৰিবলৈ অনুৰোধ কৰিলে। ব্ৰহ্মায়ো বুজিলে যে, তেওঁ খৰ-খেদাকৈ অভিশাপ দিলে, আৰু তেওঁক ক’লে যে তেওঁ এতিয়াও যাদৱ বংশত গো-পালক হিচাপে জন্ম ল’ব, কিন্তু বিষ্ণুৱে তেওঁৰ পুত্ৰ হিচাপে জন্ম ল’ব। এইদৰেই কাশ্যপৰ জন্ম হৈছিল বাসুদেৱ হিচাপে আৰু কৃষ্ণৰ পিতৃ হৈছিল।[34]
ভিন্নতাসমূহ
[সম্পাদনা কৰক]হিন্দু পৰম্পৰাত কাশ্যপক শ্ৰদ্ধা জনোৱা হয় আৰু মধ্যযুগীয় যুগত ৰচিত অসংখ্য কিংবদন্তি আৰু গ্ৰন্থ বিভিন্ন হিন্দু পৰম্পৰাত তেওঁৰ নামক শ্ৰদ্ধাৰে আৰোপ কৰা হয়। তেওঁৰ নামেৰে নামাকৰণ কৰা বা তেওঁৰ নামেৰে আৰোপ কৰা কিছুমান গ্ৰন্থৰ ভিতৰত আছে:
- কাশ্যপসংহিতা, যাক বৃদ্ধজীৱকীয় তন্ত্ৰ বা জীৱকীয় তন্ত্ৰ বুলিও কোৱা হয়, আয়ুৰ্বেদিক শিশু, স্ত্ৰীৰোগ আৰু প্ৰসূতি বিজ্ঞানৰ এখন ধ্ৰুপদী তথ্যসূত্ৰ গ্ৰন্থ।[35] ইয়াক বৎস্যই সংশোধন কৰিছিল।[36] চিকিৎসা ঋষি কাশ্যপ আৰু তেওঁৰ বৃদ্ধজীৱক নামৰ ছাত্ৰজনৰ মাজত অনুশীলনী হিচাপে লিখা এই গ্ৰন্থখন বেছিভাগেই কেঁচুৱা আৰু শিশুৰ ৰোগৰ যত্ন লোৱাৰ সৈতে জড়িত।[37]
- কাশ্যপ জ্ঞানকান্দ বা কাশ্যপৰ প্ৰজ্ঞা পুথি নৱম শতিকাৰ বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাৰ গ্ৰন্থ।[38]
- কাশ্যপ ধৰ্মসূত্ৰ, সম্ভৱতঃ প্ৰাচীন গ্ৰন্থ, কিন্তু এতিয়া হেৰাই যোৱা বুলি বিশ্বাস কৰা হৈছে। মধ্যযুগীয় ভাৰতীয় পণ্ডিতসকলৰ উদ্ধৃতি আৰু উদ্ধৃতিৰ পৰা এই গ্ৰন্থখনৰ অস্তিত্ব অনুমান কৰা হৈছে।[39]
- কাশ্যপসংগীতা, সম্ভৱতঃ আন এটা প্ৰাচীন গ্ৰন্থ, কিন্তু এতিয়া হেৰাই যোৱা বুলি বিশ্বাস কৰা হৈছে। সংগীতৰ ওপৰত লিখা গ্ৰন্থখন শৈৱ ধৰ্ম আৰু অদ্বৈত পণ্ডিত অভিনৱগুপ্তই উদ্ধৃত কৰিছে, য'ত তেওঁ প্ৰতিটো ৰস আৰু ভাৱৰ বিনিযোগৰ ওপৰত ঋষি কাশ্যপৰ ব্যাখ্যাৰ উদ্ধৃতি দিছে। হৃদন্যাংগমা নামৰ আন এজন হিন্দু সংগীত পণ্ডিতে আলংকাৰ (সংগীতৰ টোকাৰ সজ্জা) তত্ত্বত কাশ্যপৰ অৱদানৰ কথা উল্লেখ কৰিছে।[40][41]
- কাশ্যপশিল্প যাক আমছুমাদ আগমা, কাশ্যপীয়া বা কাশ্যপৰ শিল্পশাস্ত্ৰ বুলিও কোৱা হয়, স্থাপত্য, মূৰ্তি আৰু সজ্জা কলাৰ সংস্কৃত গ্ৰন্থ, সম্ভৱতঃ একাদশ শতিকাত সম্পূৰ্ণ হোৱা।[42]
টোকা
[সম্পাদনা কৰক]- ↑ The Buddha names the following as "early sages" of Vedic verses, "Atthaka (either Astaka or Atri), Vamaka, Vamadeva, Vessamitta (Visvamitra), Yamataggi, Angirasa, Bharadvaja, Vasettha (Vashistha), Kassapa (Kashyapa) and Bhagu (Bhrigu)".[21]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Barbara A. Holdrege (2012). Veda and Torah: Transcending the Textuality of Scripture. State University of New York Press. পৃষ্ঠা. 229–230, 692. ISBN 978-1-4384-0695-4. https://books.google.com/books?id=YlvikndgEmIC., Quote: "Kasyapa (Rudra),(Vedic Seer)..."
- ↑ Ramayana, Bal Kanda, Chapter 38, Verse 4.
- ↑ 3.0 3.1 Patrick Olivelle (1998). Upaniṣads. Oxford University Press. পৃষ্ঠা. 93–94. ISBN 978-0-19-283576-5. https://books.google.com/books?id=f9-2jV7sRuEC.
- ↑ Premavatī Tivārī; Jīvaka Komarabhaccha; Vātsya (1996). Kāśyapa-saṃhitā: Vr̥ddhajīvakīyaṃ Tantraṃ Vā by Kāśyapa (Son of Marīci). Caukhambā Viśvabhāratī. পৃষ্ঠা. xi–xii. ISBN 9788186937679. https://books.google.com/books?id=AaAJAAAAIAAJ.
- ↑ 5.0 5.1 5.2 Francis Hamilton (1819). Genealogical tables of the deities, princes, heroes, and remarkable personages of the Hindus. Asiatic Society. পৃষ্ঠা. 81. https://books.google.com/books?id=iCQUAAAAQAAJ&pg=PA81.
- ↑ Pinault, Georges-Jean; Winter, Werner (2009) (en ভাষাত). Dictionary and Thesaurus of Tocharian A. Otto Harrassowitz Verlag. পৃষ্ঠা. 110. ISBN 9783447058148. https://books.google.com/books?id=zKEfhNCEipsC&pg=PA110। আহৰণ কৰা হৈছে: 15 February 2019.
- ↑ Substrate Languages in Old Indo-Aryan: Rgvedic, Middle and Late Vedic, Michael Witzel, page 55
- ↑ Adams, Douglas Q. (1999). A Dictionary of Tocharian B. Rodopi. পৃষ্ঠা. 137. ISBN 9789042004351.
- ↑ "Tocharian A dictionary - k". www.palaeolexicon.com. http://www.palaeolexicon.com/Languages/Index#। আহৰণ কৰা হৈছে: June 8, 2017.
- ↑ Carling, Gerd (2009). Dictionary and Thesaurus of Tocharian A. 1: A-L. Otto Harrassowitz Verlag. পৃষ্ঠা. 110. ISBN 9783447058148. https://books.google.com/books?id=zKEfhNCEipsC&dq=%22turtle%22+tocharian+A&pg=PA110.
- ↑ Frits Staal (2008). Discovering the Vedas: Origins, Mantras, Rituals, Insights. Penguin Books. পৃষ্ঠা. 305. ISBN 978-0-14-309986-4. https://books.google.com/books?id=HcE23SjLX8sC&pg=PA305.
- ↑ Mahadevan, Thennilapuram P. (2011). "The Ṛṣi index of the Vedic Anukramaṇī system and the Pravara lists: Toward a Pre-history of the Brahmans". Electronic Journal of Vedic Studies খণ্ড 18: 131. doi:10.11588/ejvs.2011.2.320. ISSN 1084-7561.
- ↑ Jamison, Stephanie W.; Brereton, Joel P. (2014). The Rigveda: The Earliest Religious Poetry of India. Oxford University Press. পৃষ্ঠা. 1233. ISBN 9780199370184.
- ↑ Robert Hume, The Thirteen Principal Upanishads, Chapter: Brihadaranyaka Upanishad, Oxford University Press, page 96 (verse 2.2.4)
- ↑ Stephanie W. Jamison (2007). R̥gveda entre deux mondes. Collège de France. পৃষ্ঠা. 25. ISBN 978-2-86803-074-0. https://books.google.com/books?id=kQ5uAAAAMAAJ.
- ↑ Peter M. Scharf (1996). The Denotation of Generic Terms in Ancient Indian Philosophy: Grammar, Nyāya, and Mīmāṃsā. American Philosophical Society. পৃষ্ঠা. 103–104 with footnote 7. ISBN 978-0-87169-863-6. https://books.google.com/books?id=Qh4LAAAAIAAJ&pg=PA103.
- ↑ Ralph Thomas Hotchkin Griffith (1896). The Hymns of the Atharvaveda. E. J. Lazarus & Company. পৃষ্ঠা. 308–311. https://books.google.com/books?id=G9YoAAAAYAAJ&pg=PA308.
- ↑ Stephan Schuhmacher (1994). The Encyclopedia of Eastern Philosophy and Religion: Buddhism, Hinduism, Taoism, Zen. Shambhala Publications. পৃষ্ঠা. 177. ISBN 978-0-87773-980-7. https://books.google.com/books?id=vpP8770qVakC.
- ↑ Peter M. Scharf (1996). The Denotation of Generic Terms in Ancient Indian Philosophy: Grammar, Nyāya, and Mīmāṃsā. American Philosophical Society. পৃষ্ঠা. 103–104 with footnote 7. ISBN 978-0-87169-863-6. https://books.google.com/books?id=Qh4LAAAAIAAJ&pg=PA103.
- ↑ 20.0 20.1 20.2 20.3 Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 200–201. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC.
- ↑ 21.0 21.1 Maurice Walshe (2005). The Long Discourses of the Buddha: A Translation of the Digha Nikaya. Simon and Schuster. পৃষ্ঠা. 188–189. ISBN 978-0-86171-979-2. https://books.google.com/books?id=Uj86AwAAQBAJ.
- ↑ 22.0 22.1 Christopher Snedden (2015). Understanding Kashmir and Kashmiris. Oxford University Press. পৃষ্ঠা. 22–23. ISBN 978-1-84904-621-3. https://books.google.com/books?id=5amKCwAAQBAJ&pg=PA22.
- ↑ 23.0 23.1 John Watson McCrindle (1885). Ancient India as Described by Ptolemy. Thacker, Spink, & Company. পৃষ্ঠা. 108–109. https://archive.org/details/ancientindiaasd00mccrgoog.
- ↑ Samuel Beal (1869). Travels of Fah-Hian and Sung-Yun, Buddhist Pilgrims: From China to India (400 A.D. and 518 A.D.). Trübner. পৃষ্ঠা. 60 footnote 1. https://archive.org/details/in.ernet.dli.2015.22958.
- ↑ Alf Hiltebeitel (2009). Rethinking India's Oral and Classical Epics. University of Chicago Press. পৃষ্ঠা. 270. ISBN 978-0-226-34055-5. https://books.google.com/books?id=MMFdosx0PokC.
- ↑ M. Th. Houtsma (1993). E. J. Brill's First Encyclopaedia of Islam. BRILL Academic. পৃষ্ঠা. 792. ISBN 90-04-09790-2. https://books.google.com/books?id=7CP7fYghBFQC.
- ↑ Kashmir: REGION, INDIAN SUBCONTINENT, Encyclopædia Britannica (2008)
- ↑ John E. Mitchiner (2000). Traditions Of The Seven Rsis. Motilal Banarsidass. পৃষ্ঠা. 13–15, 85–93, 106–110, 259–261. ISBN 978-81-208-1324-3. https://books.google.com/books?id=phGzVwTTp_gC.
- ↑ Vishnu Purana: Book I, Chapter XV The Vishnu Purana, translated by Horace Hayman Wilson, 1840. p. 112. The daughters of Daksha who were married to Kaśyapa were Aditi, Diti, Danu, Arisjht́á, Surasá, Surabhi, Vinatá, Támrá, Krodhavaśá, Id́á, Khasá, Kadru, and Muni 19; whose progeny I will describe to you...Vishńu, Śakra, Áryaman, Dhútí, Twáshtri, Púshan, Vivaswat, Savitri, Mitra, Varuńa, Anśa, and Bhaga
- ↑ Saklani, Dinesh Prasad (1998). Ancient Communities of Himalayas. Indus Publishing Co, New Delhi. পৃষ্ঠা. 74. ISBN 978-81-7387090-3. https://books.google.com/books?id=tK5y4iPArKQC&pg=PA74.
- ↑ 31.0 31.1 Mani, Vettam (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃষ্ঠা. 3, 396. ISBN 978-0-8426-0822-0. https://archive.org/details/puranicencyclopa00maniuoft/page/0/mode/1up.
- ↑ Account of the several Manus and Manwantaras Vishnu Purana, translated by Horace Hayman Wilson, 1840, Quote:"Vishńu was born of Vikunthi, as Vaikuntha, along with the deities called Vaikunthas. In the present Manwantara, Vishńu was again born as Vámana, the son of Kaśyapa by Adití. With three paces he subdued the worlds, and gave them, freed from all embarrassment, to Purandara.", Footnote 4: "The Váyu describes the Rishis (...) with some inconsistency, for Kaśyapa, at least, did not appear himself until the seventh, Manwantara. (...) The Bráhma P. and Hari Vanśa have a rather different list (...)"
- ↑ Vishnu Purana, HH Wilson (Translator), Chapter 7
- ↑ Debroy, Bibek (2016-09-09) (en ভাষাত). Harivamsha. Penguin UK. ISBN 978-93-86057-91-4. https://books.google.com/books?id=BRnpDAAAQBAJ.
- ↑ Malavika Kapur (2013). Interdisciplinary Perspectives on Consciousness and the Self. Springer Science. পৃষ্ঠা. 73. ISBN 978-81-322-1587-5. https://books.google.com/books?id=Pg-7BAAAQBAJ&pg=PA73.
- ↑ Jan Meulenbeld (2010). The Sitapitta Group of Disorders (Urticaria and Similar Syndromes) and Its Development in Ayurvedic Literature from Early Times to the Present Day. Barkhuis. পৃষ্ঠা. 353. ISBN 978-90-77922-76-7. https://books.google.com/books?id=rhc028gqXKIC.
- ↑ Anthony Cerulli (2012). Somatic Lessons: Narrating Patienthood and Illness in Indian Medical Literature. State University of New York Press. পৃষ্ঠা. 76–77. ISBN 978-1-4384-4387-4. https://books.google.com/books?id=gqwJwT-yXNoC&pg=PA76.
- ↑ Doris Srinivasan (1997). Many Heads, Arms, and Eyes: Origin, Meaning, and Form of Multiplicity in Indian Art. BRILL Academic. পৃষ্ঠা. 240–247. ISBN 90-04-10758-4. https://books.google.com/books?id=vZheP9dIX9wC&pg=PA240.
- ↑ Maurice Winternitz (1963). History of Indian Literature. Motilal Banarsidass. পৃষ্ঠা. 580–581. ISBN 978-81-208-0056-4. https://books.google.com/books?id=ql0BmInD1c4C&pg=PA581.
- ↑ Richard Widdess (1995). The rāgas of early Indian music: modes, melodies, and musical notations from the Gupta period to c. 1250. Oxford University Press. পৃষ্ঠা. 62–63, 125–128 with footnotes, 185. ISBN 978-0193154643. https://books.google.com/books?id=SnwHAQAAMAAJ.
- ↑ M. Srinivasachariar (1974). History of Classical Sanskrit Literature. Motilal Banarsidass. পৃষ্ঠা. 828–829. ISBN 978-81-208-0284-1. https://books.google.com/books?id=4dVRvVyHaiQC&pg=PA828.
- ↑ Anna Aleksandra Ślączka (2007). Temple Consecration Rituals in Ancient India: Text and Archaeology. BRILL Academic. পৃষ্ঠা. 11–19. ISBN 978-90-04-15843-6. https://books.google.com/books?id=9LznwzyNE18C&pg=PA11.
