সমললৈ যাওক

কাৰক (অসমীয়া ব্যাকৰণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাৰক (Case) হৈছে সেই পদৰ ৰূপ যাৰদ্বাৰা কোনো ক্ৰিয়াৰ লগত অন্য পদৰ সম্বন্ধ প্ৰকাশ পায়। অৰ্থাৎ, ক্ৰিয়াৰ লগত যাৰ অন্বয় বা সম্বন্ধ থাকে তাকেই কাৰক বোলে। অসমীয়া ব্যাকৰণত ছয়প্ৰকাৰৰ কাৰক দেখা যায়[1][2]

  1. কৰ্তা কাৰক (Nominative)
  2. কৰ্ম কাৰক (Accusative)
  3. কৰণ কাৰক (Instrumental)
  4. সম্প্ৰদান কাৰক (Dative)
  5. অপাদান কাৰক (Ablative)
  6. অধিকৰণ কাৰক (Locative)

কৰ্তা কাৰক

[সম্পাদনা কৰক]

যি স্বতন্ত্ৰ অৰ্থাৎ প্ৰধানভাৱে কোনো কাম কৰে সেয়ে কৰ্তা। ক্ৰিয়া সম্পাদনত ক্ৰিয়াৰ লগত কৰ্তাৰ প্ৰধান সম্বন্ধ। কৰ্তৃবাচ্য বাক্যত কৰ্তাত প্ৰথমা বিভক্তিৰ প্ৰয়োগ হয়। যেনে — ‘‘সি যায়’’। ইয়াত যোৱা ক্ৰিয়া ‘সি’দ্বাৰা সম্পাদিত, গতিকে ‘সি’ কৰ্তা।

কিছুমান অকৰ্মক ক্ৰিয়াৰ কৰ্তাত ‘এ’ বিভক্তি যোগ নহয়। যেনে — ‘‘ৰাম আহিল’’, ‘‘গছ পৰিল’’। আনহাতে ‘‘হাঁহ, কান্দ, নাচ’’ আদি অকৰ্মক ধাতুৰ কৰ্তাত ‘এ’ বিভক্তি যোগ হয় — ‘‘হাঁহে’’, ‘‘কান্দে’’, ‘‘নাচে’’।

কৰ্মবাচ্য বাক্যত কৰ্তাতো প্ৰথমা বিভক্তি হয়। কৰ্তাত তৃতীয়া বা ষষ্ঠী বিভক্তি প্ৰয়োগো দেখা যায় — ‘‘তেওঁৰ ব্যাকৰণ লিখা হ’ল’’ বা ‘‘তেওঁৰদ্বাৰা ব্যাকৰণ লিখা হ’ল’’। প্ৰথম বাক্যত কৰ্তাত ষষ্ঠী, দ্বিতীয়ত তৃতীয়া বিভক্তি।[3]

কৰ্ম কাৰক

[সম্পাদনা কৰক]

যাৰ ওপৰত ক্ৰিয়া হয় বা ক্ৰিয়াৰ যি ব্যাপ্য তাকেই কৰ্ম বোলে। কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। যেনে — ‘‘ৰামে অঞ্জলিক ভাল পায়’’। ইয়াত ‘‘ৰামে’’ কৰ্তা কাৰক, আৰু ‘‘অঞ্জলি’’ৰ ওপৰত ‘ভাল পোৱা’ ক্ৰিয়া ব্যাপ্ত।

কিছুমান ক্ৰিয়াৰ দুটা কৰ্ম থাকে, সেইবোৰক ‘‘দ্বিকৰ্মক ক্ৰিয়া’’ কোৱা হয়। যেনে — ‘‘সি মোক কিতাপখন দিলে’’। ইয়াত ‘‘মোক’’ গৌণ কৰ্ম (প্ৰাণীবাচক), ‘‘কিতাপখন’’ মুখ্য কৰ্ম (অপ্ৰাণীবাচক)। অসমাপিকা ক্ৰিয়াৰ কৰ্মতো দ্বিতীয়া বিভক্তি হয় — ‘‘সি ভাত খাই স্কুললৈ গ’ল’’। ইয়াত ‘ভাত’ অসমাপিকা ক্ৰিয়াৰ কৰ্ম।[4]

কৰণ কাৰক

[সম্পাদনা কৰক]

কৰ্তাই যাৰদ্বাৰা ক্ৰিয়া সম্পন্ন কৰে তাক ‘‘কৰণ কাৰক’’ কোৱা হয়। ইয়াত তৃতীয়া বিভক্তি যোগ হয়। যেনে — ‘‘অসীমে কটাৰীৰে তামোল কাটিছে’’। ইয়াত ‘‘কটাৰীৰে’’ কৰণ কাৰক।[5]

সম্প্ৰদান কাৰক

[সম্পাদনা কৰক]

যাৰ উদ্দেশ্যে বা যাক কিবা বস্তু দান কৰা হয়, তাক ‘‘সম্প্ৰদান কাৰক’’ বোলে। অসমীয়াত সাধাৰণতে সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি যোগ হয়, কিন্তু কেতিয়াবা দ্বিতীয়াও দেখা যায়। যেনে — ‘‘গোপাললৈ শৰাই এখন দিবা’’ (‘‘গোপাললৈ’’ সম্প্ৰদান কাৰক)। আবাৰ — ‘‘গুৰুক দক্ষিণা দিলোঁ’’ (‘‘গুৰুক’’ সম্প্ৰদান কাৰক, ইয়াত দ্বিতীয়া বিভক্তি)।[6]

অপাদান কাৰক

[সম্পাদনা কৰক]

যাৰপৰা পৃথক হোৱা, উৎপন্ন হোৱা, আৰম্ভ হোৱা, নীৰস্ত হোৱা, ভয় পোৱা, ৰক্ষা পোৱা, অন্তৰ্ধান হোৱা, বা স্খলন হোৱা বুজায়, তাক ‘‘অপাদান কাৰক’’ কোৱা হয়। ইয়াত সাধাৰণতে ষষ্ঠী বিভক্তিৰ লগতে ‘‘পৰা’’ অনুসৰ্গ যোগ হয়।[7]

  • পৃথক — ‘‘তিলৰপৰা তেল ওলায়’’
  • জন্ম — ‘‘গুটিৰপৰা গছ হয়’’
  • আৰম্ভ — ‘‘১ তাৰিখৰপৰা তুমি আহিবা’’
  • ভয় — ‘‘বনত বাঘৰপৰা সাৱধান’’
  • ৰক্ষা — ‘‘বেমাৰৰপৰা ৰক্ষা পাবা’’
  • অন্তৰ্ধান — ‘‘মানুহজন সভাৰপৰা গুছি গ’ল’’
  • স্খলন — ‘‘গছৰপৰা ফল সৰিল’’

অধিকৰণ কাৰক

[সম্পাদনা কৰক]

যি ক্ৰিয়াৰ আধাৰ অৰ্থাৎ কৰ্তা আৰু কৰ্মে যাৰ ওপৰত ক্ৰিয়া সম্পন্ন কৰে তাক ‘‘অধিকৰণ কাৰক’’ কোৱা হয়। ইয়াত সপ্তমী বিভক্তি যোগ হয় — ‘‘পানীত মাছ থাকে’’। ইয়াত ‘আছে’ ক্ৰিয়াৰ আধাৰ ‘‘পানী’’।

অধিকৰণ কাৰক দুবিধ[8] — (ক) কালাধিকৰণ — যি সময়ত ক্ৰিয়া সম্পন্ন হয়, যেনে ‘‘সন্ধ্যা সময়ত ঘূৰি ফুৰা অনুচিত’’। (খ) আধাৰাধিকৰণ — যি স্থানত ক্ৰিয়া সম্পন্ন হয়। ইহঁতক পুনৰ তিনিভাগত ভাগ কৰিব পাৰি —

  1. একদেশ — ‘‘পানীত মাছ থাকে’’
  2. ব্যাপ্ত — ‘‘সাগৰৰ পানীত লোণ আছে’’
  3. বিষয় — ‘‘গীতাৰ গানত বৰ ৰাপ’’

উল্লেখযোগ্য

[সম্পাদনা কৰক]

অসমীয়া ব্যাকৰণত কাৰকৰ প্ৰয়োগ বাক্যৰ অৰ্থ নিৰ্ণয়ত অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰকৰ সঠিক ব্যৱহাৰ নোহোৱালে বাক্যৰ অৰ্থ বিপৰ্যয় ঘটিব পাৰে।[9]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). Masrur360. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/. 
  2. "সৰ্বনাম পদ" (as ভাষাত). দৈনিক চাকৰি. https://dainiksakori.com/sorbonam-pod/. 
  3. "পদ: সৰ্বনাম" (as ভাষাত). Ao Kokho. https://ab.oakokho.com/অধ্যায়-০৬/পদ-সৰ্বনাম. [সংযোগবিহীন উৎস]
  4. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). Masrur360. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/. 
  5. "সৰ্বনাম পদ" (as ভাষাত). দৈনিক চাকৰি. https://dainiksakori.com/sorbonam-pod/. 
  6. "পদ: সৰ্বনাম" (as ভাষাত). Ao Kokho. https://ab.oakokho.com/অধ্যায়-০৬/পদ-সৰ্বনাম. [সংযোগবিহীন উৎস]
  7. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). Masrur360. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/. 
  8. "সৰ্বনাম পদ" (as ভাষাত). দৈনিক চাকৰি. https://dainiksakori.com/sorbonam-pod/. 
  9. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). Masrur360. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/.