কাৰমেন মাকী
কাৰমেন মাকী | |
|---|---|
| জন্ম নাম | মাকী এনেটী লভেলেচ |
| জন্ম | ১৮ মে', ১৯৫১ (৭৪ বছৰ) কামাকুৰা, জাপান |
| সংগীতৰ ধৰণ |
|
| পেচা |
|
| সক্ৰিয়তাৰ বছৰ | ১৯৬৮–বৰ্তমান |
| ৱেবছাইট | www |
কাৰমেন মাকী (ইংৰাজী: Carmen Maki; ১৮ মে’, ১৯৫১) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ কৰ্মজীৱনৰ পাঁচ বছৰতকৈও অধিক কাল লোক-সংগীতৰ চৰ্চা কৰি আহিছে।[1] ১৯৬৯ চনত জনপ্ৰিয়তা লাভ কৰা একক এলবাম "টকি নি ৱা হাহা নো নাই কো নো য়নি"ৰ জৰিয়তে লোক গায়ক হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত, তেওঁ দ্ৰুতগতিত ৰক সংগীত গাবলৈ লৈছিল আৰু ১৯৭২ চনৰ পৰা ১৯৭৭ চনলৈকে অ'জ (Oz) বেণ্ডৰহৈ গীত পৰিবেশন কৰিছিল। মাকী আছিল জাপানৰ প্ৰথমগৰাকী মহিলা ৰক কণ্ঠশিল্পী, আৰু অ'জ আৰু ব্লুজ ক্ৰিয়েশ্যনৰ (Blues Creation) সৈতে কৰা তেওঁৰ কামক সাধাৰণতে জাপানী ৰক সংগীতত অগ্ৰণী ভূমিকাৰ কৃতিত্ব দিয়া হয়।[2][3][4][5]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]জাপানৰ কামাকুৰাত তেওঁৰ জন্ম হৈছিল। তেওঁৰ মাতৃ জাপানী আৰু পিতৃ আমেৰিকান আছিল।[6] পূৰ্বতে তেওঁৰ নাম আছিল মাকী এনেটী লভেলেচ (Maki Annette Lovelace)৷ মাকিৰ জন্মৰ কিছু সময়ৰ পিছতে তেওঁৰ দেউতাকে জাপান এৰি থৈ যায়। [6] তেওঁৰ পিতৃ পক্ষৰ ককাক আইৰিছ আৰু আইতাক পোলেণ্ড-ইহুদী।[1] মাকী টকিঅ'ৰ মাতৃৰ ফালৰ ককাক-আইতাকৰ ঘৰত ডাঙৰ-দীঘল হৈছিল।[6] ১৯৬৮ চনত ছেইণ্ট হিল্ডাছ স্কুলৰ দ্বিতীয় বৰ্ষত তেওঁ পঢ়া বাদ দিয়ে। [1][6] তেওঁ শ্বিনজুকু আৰু শ্বিবুয়াৰ জাজ কেফে আৰু ডিস্কোথেকত সময় কটায়, অৱশেষত তেওঁ শ্বুজি টেৰায়ামাৰ টেঞ্জো ছাজিকি থিয়েটাৰ কোম্পানীয়ে পৰিবেশন কৰা ব্লুবিয়াৰ্ড চাবলৈ যায়।[7] মাকীয়ে লগে লগে দলটোত যোগদান কৰাৰ সিদ্ধান্ত লয়, আৰু আগষ্ট মাহত প্ৰথমবাৰৰ বাবে গীত পৰিবেশন কৰে।[1][7] এই সময়তে নৱগঠিত চিবিএছ/ছ’নী ৰেকৰ্ড লেবেলৰ দৃষ্টি আকৰ্ষণ কৰি গায়কীৰ চুক্তিত স্বাক্ষৰিত হয়। মঞ্চ পৰিবেশনৰ বাবে আখৰা কৰি থাকোঁতে আকস্মিকভাবে তেওঁ মঞ্চ নাম কাৰমেন মাকী গ্ৰহণ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Profile" (Japanese ভাষাত). Carmen Maki Official Web. 2018-08-16. Archived from the original on 2018-08-16. https://web.archive.org/web/20180816100031/http://carmenmaki.com/। আহৰণ কৰা হৈছে: 2024-02-13.
- ↑ "カルメン・マキ、初のオールタイム・ベスト" (Japanese ভাষাত). Barks. 2014-06-01. https://www.barks.jp/news/?id=1000104067। আহৰণ কৰা হৈছে: 2024-02-18.
- ↑ "カルメン・マキ&OZ、41年ぶり再結成 クラブチッタ30周年に久保田利伸らレジェンド集結" (Japanese ভাষাত). Oricon. 2018-08-16. https://www.oricon.co.jp/news/2117632/full/। আহৰণ কৰা হৈছে: 2024-02-13.
- ↑ "長沢ヒロへ、リスペクトの嵐" (Japanese ভাষাত). Barks. 2019-01-16. https://www.barks.jp/news/?id=1000163579। আহৰণ কৰা হৈছে: 2024-02-15. "安全バンドは、1970年代に日本語のオリジナルを引っさげ、カルメン・マキ&OZ/クリエイション/四人囃子と並び、ロック黎明期を切り開きシーンに計り知れない影響をもたらしたバンドのひとつだ。"
- ↑ "カルメン・マキがブルース・クリエイションとともに日本のロックの礎を作り上げたと言っていい意欲作" (Japanese ভাষাত). OK Music. 2021-04-07. Archived from the original on 2021-04-13. https://web.archive.org/web/20210413203307/https://okmusic.jp/news/419195। আহৰণ কৰা হৈছে: 2024-02-15.
- ↑ 6.0 6.1 6.2 6.3 "カルメン・マキ(歌手) ザ・インタビュー ~トップランナーの肖像~" (Japanese ভাষাত). BS Asahi. 2017-03-04. https://www.bs-asahi.co.jp/interview/lineup/309/। আহৰণ কৰা হৈছে: 2024-02-14.
- ↑ 7.0 7.1 "寺山修司が世に出した"ふたりのマキ"②カルメン・マキ「時には母のない子のように」" (Japanese ভাষাত). Tap the Pop. 2023-05-05. https://www.tapthepop.net/extra/36738। আহৰণ কৰা হৈছে: 2024-02-14.