কাৰমেন লুভানা
| কাৰমেন লুভানা | |
|---|---|
২০০৮ চনৰ এভিএন এডাল্ট এণ্টাৰটেইনমেণ্ট এক্সপ’ত লুভানা | |
| জন্ম | ২৩ আগষ্ট, ১৯৮১ (৪৪ বছৰ)[1] ব্ৰুকলিন, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ[1] |
| পেচা | মডেল, প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী, হোষ্ট |
| সক্ৰিয় হৈ থকা সময় | ২০০১–২০০৮ (পৰ্ণগ্ৰাফী) ২০২২–বৰ্তমান (চলচ্চিত্ৰ আৰু থিয়েটাৰ) |
| উচ্চতা | ৫ ফুট ১ ইঞ্চি[2] |
| অংশীদাৰ | জছুৱা ৰেইচ |
| সন্তান | ২ |
কাৰমেন লুভানা (ইংৰাজী: Carmen Luvana; জন্ম: ২৩ আগষ্ট ১৯৮১), যাৰ প্ৰকৃত নাম মিচেল চেণ্ডোভেল,[3] এগৰাকী পুৱেৰ্টো ৰিকান চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আৰু এগৰাকী অৱসৰপ্ৰাপ্ত পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নিউয়ৰ্কৰ ব্ৰুকলিনত জন্মগ্ৰহণ কৰা লুভানাৰ পৰিয়ালটো তেওঁৰ পাঁচ বছৰ বয়সতে পুৱেৰ্টো ৰিকোলৈ স্থানান্তৰিত হৈছিল, য’ত তেওঁক তেওঁৰ আইতাকে ডাঙৰ-দীঘল কৰিছিল। ১৮ বছৰ বয়সত তেওঁ ফ্ল’ৰিডাৰ মায়ামিলৈ গুচি যায় আৰু মায়ামিৰ ষ্ট্ৰিপ ক্লাববোৰত নৃত্যশিল্পী হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।
কৰ্মজীৱন
[সম্পাদনা কৰক]লুভানাই ২০০১ চনত ১৯ বছৰ বয়সত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰে। তেওঁৰ প্ৰথম হাৰ্ডকোৰ উপস্থিতি আছিল More Dirty Debutantes #211-ত। আৰম্ভণিতে তেওঁ ডিজিটেল চিন/নিউ চেঞ্চেচন ষ্টুডিঅ’ৰ সৈতে চুক্তিবদ্ধ আছিল। তেওঁৰ অভিনীত ছবিসমূহৰ ভিতৰত আছিল ২০০৫ চনৰ ছবি Pirates, যিখন সেই সময়লৈকে নিৰ্মাণ হোৱা আটাইতকৈ ব্যয়-বহুল পৰ্ণগ্ৰাফিক ছবি আছিল। তদুপৰি তেওঁ ২০০৬ চনৰ পৰ্ণগ্ৰাফিক পেৰডী ছবি Lady Scarface: The World Is Hers-ত অভিনয় কৰিছিল। এই ছবিখন ১৯৮৩ চনৰ ছবি Scarface-ৰ ওপৰত আধাৰিত আছিল আৰু লুভানাই মূল ছবিখনত আল পাচিনোৱে কৰা চৰিত্ৰটোৰ এটা লিংগ-পৰিৱৰ্তিত সংস্কৰণত অভিনয় কৰিছিল।
লুভানাই আৰম্ভণিতে কেমেৰাৰ সন্মুখত এনাল চেক্স কৰা নাছিল আৰু কৈছিল যে যিবোৰ কামত তেওঁ আৰামদায়ক অনুভৱ নকৰে তেনে কাম তেওঁ নকৰে। পৰৱৰ্তী সময়ত নিজৰ ব্যক্তিগত জীৱনত ইয়াৰ অভিজ্ঞতা লাভ কৰাৰ পাছত তেওঁ চলচ্চিত্ৰতো তেনে দৃশ্যত অভিনয় কৰিবলৈ সন্মত হয়।
২০০৭ চনৰ ডিচেম্বৰত লুভানাই ঘোষণা কৰে যে ২০০৮ চনটোৱে হ’ব প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ শেষ বছৰ। তেওঁ কৈছিল যে উদ্যোগটোত ছয় বছৰ কটোৱাৰ পিছত তেওঁ এনে এগৰাকী অভিনেত্ৰী হিচাপে পৰিচিত হ’ব নিবিচাৰে যিগৰাকীক চাই দৰ্শক আমনি পাইছে।
২০২২ চনত লুভানাই এডুয়াৰ্ডো অৰ্টিজৰ পৰিচালনাত নিৰ্মিত Los Foodtruckeros নামৰ ছবিখনৰ জৰিয়তে মূলধাৰাৰ চলচ্চিত্ৰত অভিনয় কৰে। ২০২৩ চনৰ মাৰ্চ মাহত লুভানাই হেক্টৰ মেণ্ডেছৰ হাস্যৰসাত্মক নাটক "¿Pa' Qué me Casé?"-ৰ জৰিয়তে মঞ্চ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। এই নাটকখন ২০২৩ চনৰ ১০ মাৰ্চত পুৱেৰ্টো ৰিকোৰ ওল্ড চান জুয়ানৰ তাপিয়া থিয়েটাৰত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল। লুভানাই ইংগিত দিছিল যে তেওঁ নিজকে পৰ্ণগ্ৰাফীৰ কেৰিয়াৰৰপৰা আঁতৰাই ৰাখিব বিচাৰে আৰু অতীতক নেওচি আগুৱাই যোৱাৰ ক্ষমতা প্ৰদৰ্শন কৰি নাৰীসকলক সবলীকৰণ কৰিব বিচাৰে।
২০২৫ চনৰ অক্টোবৰ মাহত লুভানাই তেওঁৰ পাঁচবছৰীয়া প্ৰেমিক তথা ¿Pa' Qué me Casé? নাটকৰ সহ-অভিনেতা জছুৱা পাউটাৰ সৈতে তেওঁৰ বাগদানৰ কথা ঘোষণা কৰে।[4]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ২০০৩ এক্সআৰচিঅ' বঁটা – বছৰটোৰ নৱাগতা[5]
- ২০০৩ এডাম ফিল্ম ৱৰ্ল্ড গাইড বঁটা – শ্ৰেষ্ঠ নৱাগতা[6]
- ২০০৩ নাইটমুভছ বঁটা – শ্ৰেষ্ঠ নৱাগতা (অনুৰাগীৰ পছন্দ)[7]
- ২০০৪ এক্সআৰচিঅ' বঁটা – শ্ৰেষ্ঠ নাৰী-নাৰী দৃশ্য (জেনা জেমছনৰ সৈতে)[8]
- ২০০৪ কেছেক্স ৰেডিঅ' শ্ৰোতাৰ পছন্দৰ বঁটা – হটেষ্ট পৰ্ণ জকি নেকেড[9]
- ২০০৫ নাইটমুভছ বঁটা – শ্ৰেষ্ঠ অভিনেত্ৰী (অনুৰাগীৰ পছন্দ)[7]
- ২০০৬ এফ.এ.এম.ই. বঁটা – প্ৰিয় মৌখিক নৱাগতা (Favorite Oral Starlet)[10]
- ২০০৮ নাইটমুভছ হল অৱ ফেম[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 সাঁচ:Iafd name
- ↑ "Biography". ClubCarmen.com. Archived from the original on 22 April 2006. https://web.archive.org/web/20060422174442/http://www.clubcarmen.com। আহৰণ কৰা হৈছে: 26 April 2009.
- ↑ Vilanova, Alexandra Acosta (9 March 2023). "Los creadores de contenido lideran la obra ¿Pa' qué cara@%& me casé?, este fin de week, en el Teatro Tapia". El Vocero. https://www.elvocero.com.
- ↑ Carrasquillo, Rosa Escribano (27 October 2025). "Joshua Pauta y Carmen Luvana anuncian su compromiso". Primera Hora. https://www.primerahora.com.
- ↑ "Archived copy". Archived from the original on 7 October 2007. https://web.archive.org/web/20071007011134/http://www.bwdl.net। আহৰণ কৰা হৈছে: 18 December 2007. BEST OF 2002 New Starlet. Retrieved 27 April 2007.
- ↑ "Evil Angel, The Fashionistas Dominate Adam Film World 2002 Movie Awards". AVN. 2003-05-01. Archived from the original on 2016-07-21. https://web.archive.org/web/20160721051558/http://business.avn.com/। আহৰণ কৰা হৈছে: 2014-02-12.
- 1 2 "NightMoves Online - Past Winner History". NightMoves Online. http://www.nightmovesonline.com। আহৰণ কৰা হৈছে: 1 September 2015.
- ↑ Archived 28 February 2026 at the Wayback Machine 2003 XRCO Results Girl/Girl. Retrieved 27 April 2007.
- ↑ "KSEX Listener's Choice Awards Bring Out Porn Crowd". Adult Video News. December 6, 2004. https://avn.com। আহৰণ কৰা হৈছে: 10 January 2022.
- ↑ Peter Warren (24 June 2006). "About the 2006 FAME Awards". AVN. Archived from the original on 22 April 2012. https://web.archive.org/web/20120422060316/http://www.avn.com। আহৰণ কৰা হৈছে: 24 June 2007.
- ↑ "Past Winner History". Nightmovesusa.com. Archived from the original on 22 July 2013. https://web.archive.org/web/20130722133601/http://www.nightmovesusa.com। আহৰণ কৰা হৈছে: 14 January 2014.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত কাৰমেন লুভানা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- কাৰমেন লুভানা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- 2006 FAME Awards hosting bio
- Meet the Girl: Carmen Luvana, Muscle & Fitness interview (April 8, 2020)