সমললৈ যাওক

কাৰেন্সি বিল্ডিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰেন্সি বিল্ডিং
বি বি ডি বাগৰ পোৰা দেখা যোৱা কাৰেন্সি বিল্ডিং
বি বি ডি বাগৰ পোৰা দেখা যোৱা কাৰেন্সি বিল্ডিং
প্ৰতিষ্ঠা ১৮৩৩ (নিৰ্মাণ)
১৮৬৮ (মুদ্ৰা কাৰ্যালয়)
২০২০ (সংস্কাৰৰ পিছৰ উৎসৰ্গা)
অৱস্থিতি ওল্ড কোৰ্ট হাউচ ৰোড আৰু সুৰেন্দ্ৰ মোহন সৰণী, লাল দীঘি
বিবিডি বাগ (ডেলহাউচি স্কোৱেৰ)
কলকাতা, পশ্চিম বংগ
প্ৰকাৰ সংগ্ৰহালয়
কিউৰেটৰ ডি এ ডি মিউজিয়ামছ
নেচনেল গেলাৰী অৱ মডাৰ্ণ আৰ্ট
ৰাজহুৱা পৰিবহন Mahakaran
চিত্ৰ:Calcutta Tramways Company (logo).gif B. B. D. Bagh

কাৰেন্সি বিল্ডিং (ইংৰাজী: Currency Building) ভাৰতৰ পশ্চিম বংগকলকাতাৰ বি বি ডি বাগ (ডেলহাউছি স্কোৱাৰ) কেন্দ্ৰীয় ব্যৱসায়িক জিলাত অৱস্থিত, ১৯ শতিকাৰ আৰম্ভণিৰ এটা অট্টালিকা। [1] প্ৰথমে ১৮৩৩ চনত আগ্ৰা বেংকৰ কলিকতা শাখাৰ বাবে এই ভৱনটো নিৰ্মাণ কৰা হৈছিল। ১৮৬৮ চনত ইয়াক ব্ৰিটিছ ৰাজৰ অধীনত মুদ্ৰা নিয়ন্ত্ৰকৰ কাৰ্যালয়, চৰকাৰী মুদ্ৰা নিৰ্গম আৰু বিনিময় কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে ৰূপান্তৰিত কৰা হয়। ১৯৩৫ চনৰ পৰা ১৯৩৭ চনলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই ভৱনটো প্ৰথম কেন্দ্ৰীয় কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল। এই ভৱনটো ব্যৱহাৰ হৈয়েই আছিল আৰু এটা সময়ত কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগে ইয়াক ভঁৰাল হিচাপে ব্যৱহাৰ কৰিছিল। ১৯৯৪ চনত কৰ্তৃপক্ষই ইয়াক ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়। [2] [3]

১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈকে লোক নিৰ্মাণ বিভাগে ভাঙি পেলোৱাৰ কাম হাতত লৈছিল; কিন্তু ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH) আৰু কলকাতা পৌৰ নিগমে এই ভৱনটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ পৰা ৰক্ষা কৰে। ২০০৩ চনত ইয়াৰ চোৱাচিতাৰ দায়িত্ব ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ হাতলৈ যায় আৰু ২০০৫ চনৰ পৰা ২০১৯ চনলৈ তেওঁলোকে এই ভৱনটো সংস্কাৰ কৰে।২০২০ চনৰ ১১ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক আনুষ্ঠানিকভাৱে জাতিলৈ উচৰ্গা কৰে আৰু সংগ্ৰহালয় হিচাপে মুকলি কৰে। [4] [5]

কাৰেন্সি বিল্ডিংটো এটা তিনিমহলীয়া ইটালিয়ান শৈলীৰ স্থাপত্য; মাৰ্বল আৰু চুনাৰ বালিশিলৰে আবৃত গঠিত। ইয়াৰ মূল প্ৰৱেশদ্বাৰত লোহা আৰু ভেনিচীয়ান খিৰিকীৰে নিৰ্মিত তিনিটা অংশৰ গেট আছে। [6] অট্টালিকাটোৰ কেন্দ্ৰীয় হলঘৰ, যিটো এতিয়া মুকলি চোতাল, পূৰ্বতে স্কাইলাইট থকা তিনিটা ডাঙৰ গম্বুজ আছিল। মুদ্ৰা কাৰ্যালয় হিচাপে ব্যৱহাৰৰ সময়ত কেন্দ্ৰীয় হলটোত বেংক নোট, সোণ, ৰূপ আৰু সৰু সৰু বিনিময়ৰ কাউণ্টাৰ আছিল। অট্টালিকাটোৰ সংস্কাৰৰ সময়ত কেন্দ্ৰীয় হলটো পুনৰ সংগঠিত কৰি মুকলি আকাশৰ তলত কাৰ্যসূচীৰ বাবে স্থান হিচাপে গঢ়ি তোলা হয়। [7]

বাখ্যামূলক টোকা

[সম্পাদনা কৰক]

উদ্ধৃতি

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]