কাৰ্ত্যায়নী আম্মা
| কাৰ্ত্যায়নী আম্মা | |
|---|---|
২০২০ চনত আম্মা | |
| জন্ম | ১৯৯২ (প্ৰায়) চেপ্পাদ, হৰিপদ, ট্ৰাভাংকোৰ, ভাৰত। |
| মৃত্যু | (১০১ বছৰ) আলাপ্পুজা, কেৰালা, ভাৰত |
| জনা যায় | ৯৬ বছৰ বয়সত সাক্ষৰতা পৰীক্ষাত উত্তীৰ্ণ |
| সন্তান | ৬ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | নাৰী শক্তি পুৰস্কাৰ |
কাৰ্ত্যায়নী আম্মা (ইংৰাজী: Karthyayani Amma; প্ৰায় ১৯৯২– ১০ অক্টোবৰ ২০২৩) এগৰাকী ভাৰতীয় মহিলা যি গৰাকীয়ে ৯৬ বছৰ বয়সত শীৰ্ষ নম্বৰ লাভ কৰি সাক্ষৰতা পৰীক্ষাত উত্তীৰ্ণ হয় [1] ভাৰত চৰকাৰে এগৰাকী মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তি পুৰস্কাৰ বঁটা লাভ কৰে। [2]
কাৰ্ত্যায়নী আম্মাৰ প্ৰায় ১৯২২ চনত ৷ ভাৰতৰ কেৰালা ৰাজ্যৰ চেপ্পাদ, হৰিপাদ অঞ্চলত জন্ম হয়। [3] সৰুতে তেওঁ কাম কৰিবলগীয়া হৈছিল বাবে স্কুলত পঢ়া বন্ধ কৰিব লগা হয়। বিয়া হৈ ছটা সন্তানৰ মাতৃ হোৱা আম্মাই, ৰাস্তাত ঝাড়ু দিয়া আৰু দাসী হিচাপে কাম কৰিছিল। [4] প্ৰতিদিনে ৰাতিপুৱা ০৪:০০ বজাত উঠাৰ অভ্যাস গঢ়া তেওঁ এগৰাকী নিৰামিষভোজী আছিল। [4]
২০১৮ চনৰ ভিতৰত কাৰ্ত্যায়নী আম্মাই বৃদ্ধ লোকৰ বাবে সামাজিক আৱাসৰ সুবিধা লক্ষম বীদু কলনীত বাস কৰিছিল। [5] ষাঠি বছৰ বয়সত পৰীক্ষাত উত্তীৰ্ণ হোৱা জীয়েকৰ পৰাই তেওঁ শিক্ষণ পাঠ্যক্ৰম এটা ল’বলৈ অনুপ্ৰাণিত হৈছিল। [4] ২০১৮ চনৰ আগষ্ট মাহত তেওঁ আন ৪০,৩৬২ গৰাকী লোকৰ সৈতে পৰীক্ষা দিছিল, কেৰেলা ৰাজ্যিক সাক্ষৰতা অভিযান কৰ্তৃপক্ষৰ অক্ষৰলক্ষম ("লাখ চিঠি") কাৰ্যসূচীৰ অংশ হিচাপে এই অভিজানটো চলিছিল। [4] [3] তেওঁ জিলাৰ ভিতৰতে পৰীক্ষা দিয়া আটাইতকৈ বয়সীয়াল ব্যক্তি আছিল। [3] ন আৰু বাৰ বছৰীয়া প্ৰপৌত্ৰই তেওঁক পঢ়া-শুনাৰ ক্ষেত্ৰত সহায় কৰিছিল। [6]
পঢ়া, লিখা আৰু গণিতত পৰীক্ষা দিয়া কাৰ্ত্যায়নী আম্মাই সম্ভাৱ্য ১০০ নম্বৰৰ ভিতৰত ৯৮ নম্বৰ লাভ কৰি শীৰ্ষ গ্ৰেড লাভ কৰে। [7] এই পৰিপ্ৰেক্ষিতত তেওঁ মন্তব্য কৰে যে "মই অকাৰণতে ইমানখিনি শিকিলোঁ। পৰীক্ষাবোৰ মোৰ বাবে বহুত সহজ আছিল"। [7] পৰীক্ষাত সফলতা লাভ কৰাৰ পিছত কাৰ্ত্যায়নী আম্মা এগৰাকী ৰাষ্ট্ৰীয় চেলিব্ৰিটি হৈ পৰিল: চলচ্চিত্ৰ তাৰকা মঞ্জু ৱাৰিয়েৰে তেওঁক দীপাৱলীৰ সময়ত লগ কৰিছিল ; চি ৰবীন্দ্ৰনাথে (কেৰালাৰ শিক্ষামন্ত্ৰী) তেওঁক এটা লেপটপ দিয়ে; কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে তেওঁক যোগ্যতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। [8] [9] [10] তেখেতে দ্য ইকনমিক টাইমছক জনাইছিল যে তেওঁৰ উচ্চাকাংক্ষা আছিল ১০০ বছৰ বয়সত পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা [7]
কাৰ্ত্যায়নী আম্মা ২০১৯ চনত কমনৱেলথ অৱ লাৰ্নিং সদিচ্ছাৰ ৰাষ্ট্ৰদূত হয় [11] ২০২০ চনৰ মাৰ্চ মাহত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰা নাৰী শক্তি পুৰস্কাৰ ২০১৯ বঁটাৰে তেওঁ সন্মানিত হয়। আম্মাই আগতে কেতিয়াও উৰাজাহাজত উঠা নাছিল যদিও দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ উৰা মৰাৰ কিছুদিন পূৰ্বে এগৰাকী প্ৰাক্তন বঁটাপ্ৰাপক এম এছ সুনিলে তেওঁক আশ্বস্ত কৰিছিল। [12] আন এজন বঁটা লাভকাৰী আছিল সহযোগী কেৰালান ভগীৰথী আম্মা, যি ১০৫ বছৰ বয়সত অক্ষৰলক্ষম পৰীক্ষাত উত্তীৰ্ণ হোৱা আটাইতকৈ বয়সীয়াল ব্যক্তি। [13]
তেওঁৰ কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ বিকাশ খান্নাই Barefoot Empress নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল, য'ত তেওঁৰ যাত্ৰা আৰু আত্মাৰ বুৰঞ্জী লিখা হৈছিল। [ সম্পূৰ্ণ উদ্ধৃতিৰ প্ৰয়োজন ]
২০২৩ চনৰ ১০ অক্টোবৰত কেৰালাৰ আলাপুজাত ১০১ বছৰ বয়সত আম্মাৰ মৃত্যু হয়। [14]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ "Poster girl of Kerala's adult literacy programme, Karthyayani Amma dies at 101" (en ভাষাত). The Indian Express. 2023-10-11. https://indianexpress.com/article/india/kerala/kerala-adult-literacy-programme-karthyayani-amma-dies-8977477/। আহৰণ কৰা হৈছে: 2023-10-11.
- ↑ "Grannies of learning go digital". The New Indian Express. 9 September 2020. https://www.newindianexpress.com/good-news/2020/sep/08/grannies-of-learning-go-digital-2193857.html। আহৰণ কৰা হৈছে: 2021-04-19.
- ↑ 3.0 3.1 3.2 "96-year-old to take literacy exam" (en-IN ভাষাত). The Hindu. 4 August 2018. https://www.thehindu.com/news/national/kerala/96-year-old-to-take-literacy-exam/article24603902.ece."96-year-old to take literacy exam". The Hindu. IST. 4 August 2018. Retrieved 7 August 2020.
- ↑ 4.0 4.1 4.2 4.3 "96-year-old Karthyayani Amma clears Kerala's literacy exam, win hearts - A winner". The Economic Times. 31 October 2018. https://economictimes.indiatimes.com/news/politics-and-nation/96-year-old-karthyayani-amma-clears-keralas-literacy-exam-win-hearts/easy-test/slideshow/66447006.cms."96-year-old Karthyayani Amma clears Kerala's literacy exam, win hearts - A winner". The Economic Times. IST. 31 October 2018. Retrieved 7 August 2020.
- ↑ Bagchi, Poorbita Bagchi (21 January 2019). "Kerala: At 96, Karthyayani Amma Becomes Commonwealth Learning Goodwill Ambassador" (en ভাষাত). The Logical Indian. Archived from the original on 27 September 2020. https://web.archive.org/web/20200927193955/https://thelogicalindian.com/story-feed/get-inspired/karthayayani-amma-commonwealth/.
- ↑ Das, Ria (21 January 2019). "Karthyayani Amma Is Now Commonwealth Learning Goodwill Ambassador". She the people. https://www.shethepeople.tv/news/karthyayani-amma-commonwealth-learning-goodwill-ambassador/.
- ↑ 7.0 7.1 7.2 "96-year-old Karthyayani Amma clears Kerala's literacy exam, win hearts - A winner". The Economic Times. 31 October 2018. https://economictimes.indiatimes.com/news/politics-and-nation/96-year-old-karthyayani-amma-clears-keralas-literacy-exam-win-hearts/easy-test/slideshow/66447006.cms.
- ↑ "Karthyayani Amma, the star at 96, celebrates Diwali with Manju Warrier" (en ভাষাত). Mathrubhumi. IST. 7 November 2018. Archived from the original on 22 July 2021. https://web.archive.org/web/20210722071136/https://english.mathrubhumi.com/news/good-news/karthyayani-amma-the-star-at-96-celebrates-diwali-with-manju-warrier-kerala-1.3288739.
- ↑ "Education minister gifts laptop to Karthyayani Amma" (en ভাষাত). Mathrubhumi. IST. 8 November 2018. Archived from the original on 22 July 2021. https://web.archive.org/web/20210722071138/https://english.mathrubhumi.com/news/good-news/education-minister-gifts-laptop-to-karthyayani-amma-1.3291558.
- ↑ Bagchi, Poorbita Bagchi (21 January 2019). "Kerala: At 96, Karthyayani Amma Becomes Commonwealth Learning Goodwill Ambassador" (en ভাষাত). The Logical Indian. Archived from the original on 27 September 2020. https://web.archive.org/web/20200927193955/https://thelogicalindian.com/story-feed/get-inspired/karthayayani-amma-commonwealth/.
- ↑ "আৰ্কাইভ কপি" (en ভাষাত). 20 January 2019. Archived from the original on 22 July 2021. https://web.archive.org/web/20210722071137/https://english.mathrubhumi.com/news/good-news/96-yr-old-karthyayani-amma-becomes-commonwealth-goodwill-ambassador-alappuzha-1.3498565.
- ↑ "At 98, Karthyayani Amma prepares for 1st flight; to receive Nari Shakti Puraskar on Women's Day" (en ভাষাত). Mathrubhumi. 6 March 2020. https://english.mathrubhumi.com/news/good-news/at-98-karthyayani-amma-prepares-for-1st-flight-to-receive-nari-shakti-puraskar-on-women-s-day-1.4588736। আহৰণ কৰা হৈছে: 2021-01-19.
- ↑ "আৰ্কাইভ কপি". 7 March 2020. Archived from the original on 1 February 2021. https://web.archive.org/web/20210201055714/https://www.thedispatch.in/98-yrs-old-from-kerala-to-be-presented-nari-shakti-puraskar-heres-why/.
- ↑ "Nari Shakti award winner Karthyayani Amma passes away" (en-IN ভাষাত). The Hindu. 11 October 2023. https://www.thehindu.com/news/national/kerala/nari-shakti-award-winner-karthyayani-amma-passes-away/article67406660.ece.