সমললৈ যাওক

কাৰ্পাগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাৰ্পাগা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল চলচ্চিত্ৰ পাল-ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ ভাৰতত মূলধাৰাৰ চলচ্চিত্ৰত মুখ্য ভূমিকাত অভিনয় কৰা প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি।[1][2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কাৰ্পাগাৰ জন্ম পশ্চিম তামিলনাডুইৰোড জিলাত অৱস্থিত এটা মধ্যবিত্ত পৰিয়ালত হৈছিল। জন্মৰ সময়ত তেওঁৰ নাম আছিল ভাস্কৰ আৰু তেওঁ জন্মসূত্ৰে পুৰুষ আছিল। তেওঁ এগৰাকী বাইদেউৰ সৈতে পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান আছিল।[3]

১২ বছৰ বয়সত তেওঁ নিজৰ লিংগ পৰিচয় সম্পৰ্কে সচেতন হয়। ১৭ বছৰ বয়সত তেওঁ ঘৰ এৰি মুম্বাইলৈ গুচি যায়। বিদ্যালয় শিক্ষাৰ অন্তত তেওঁ এগৰাকী বিউটিচিয়ান হিচাপে এটা বিউটি পাৰ্লাৰত কাম কৰিছিল। লগতে তেওঁ দূৰ শিক্ষাৰ জৰিয়তে তামিল সাহিত্যত স্নাতক (বি.এ.) পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল।[3]

প্ৰায় পাঁচ বছৰ পিছত তেওঁ কাৰ্পাগা নাম লৈ এগৰাকী মহিলা হিচাপে পৰিয়াললৈ উভতি আহে। আৰম্ভণিতে পৰিয়াল মানসিকভাৱে ভাঙি পৰিলেও সময়ৰ সৈতে তেওঁলোকে অৱশেষত তেওঁক গ্ৰহণ কৰে।[4]

কাৰ্পাগাই অভিনয়ৰ ওপৰত এটা সংক্ষিপ্ত প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল আৰু এগৰাকী নৃত্যশিল্পী হিচাপেও প্ৰশিক্ষণ লৈছিল। আৰম্ভণিতে তেওঁৰ নাম আছিল ঐশ্বৰ্য, কিন্তু পাল চলচ্চিত্ৰত অভিনয় কৰাৰ পিছত নিজৰ চৰিত্ৰৰ নাম অনুসাৰে তেওঁ নিজৰ নাম কাৰ্পাগা ৰাখে।[3]

পাল (ইংৰাজী: Paal) শব্দৰ তামিল ভাষাত অৰ্থ হৈছে ‘‘লিংগ’’।[3] চলচ্চিত্ৰখন ডি. শিবকুমাৰ পৰিচালনা কৰিছিল আৰু ইয়াৰ বাজেট আছিল তুলনামূলকভাৱে কম (প্ৰায় ৮০ লাখ টকা)। নায়িকাৰ সন্ধানত চলচ্চিত্ৰ দলে কেইবামাহ ধৰি অনুসন্ধান চলাইছিল আৰু মুম্বাই, পুনে আদি ঠাই ভ্ৰমণ কৰাৰ পিছত বেঙ্গালুৰুত বাস কৰা কাৰ্পাগাৰ সৈতে যোগাযোগ স্থাপন কৰে।[5]

চলচ্চিত্ৰখনত অভিনেত্ৰী ৰেবতীয়ে কাৰ্পাগাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰে। ছবিখনৰ বাবে কাৰ্পাগাই পুদুচেৰীত এক সপ্তাহব্যাপী অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰিছিল।[3]

ইতিহাসগতভাৱে ভাৰতীয় চলচ্চিত্ৰসমূহত ট্ৰান্সজেণ্ডাৰ ব্যক্তিসকলক প্ৰায়ে নেতিবাচক বা দুৰ্বল ৰূপত উপস্থাপন কৰা হৈছিল।[6] কিন্তু পাল চলচ্চিত্ৰত কাৰ্পাগাই এগৰাকী বুদ্ধিজীৱী মহিলাৰ চৰিত্ৰত অভিনয় কৰে, যিয়ে নিজৰ লিংগ পৰিচয় প্ৰেমিকৰ আগত প্ৰকাশ কৰাত মানসিক দ্বন্দ্বৰ সন্মুখীন হয়।[6] চলচ্চিত্ৰখনে সমাজ আৰু চৰকাৰী হস্তক্ষেপৰ আগতে পৰিয়ালসমূহে ট্ৰান্সজেণ্ডাৰ সদস্যসকলৰ অনুভূতি বুজি তেওঁলোকক গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ জোৰ দিয়ে।[6][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. indiaglitz.com, 9 July 2008, "MAN-TURNED-WOMAN to star in a film"
  2. tamilmegatube.com Archived 27 April 2009 at the Wayback Machine, 8 July 2008, "Transgender in lead role!"
  3. 3.0 3.1 3.2 3.3 3.4 The New Indian Express, 25 October 2010, "Paal"
  4. tamilmegatube.com Archived 27 April 2009 at the Wayback Machine, 8 July 2008, "Transgender in lead role!"
  5. 5.0 5.1 timesofindia.com, 8 July 2008, "Transgender to play lead in Tamil film"
  6. 6.0 6.1 6.2 kollywoodtoday.com, 18 May 2008, "A beautiful story titled Paal"

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]