সমললৈ যাওক

কাৰ্বি যুৱ মহোৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্বি যুৱ মহোৎসৱ
কাৰ্বি ৰিছ’-নিমছ’ ৰং আজে

কাৰ্বি যুৱ মহোৎসৱৰ প্ৰৱেশ পথ
আৰম্ভ ১৫ ফেব্ৰুৱাৰী  ২০২৭ (২০২৭ -02-15)
শেষ ১৯ ফেব্ৰুৱাৰী  ২০২৭ (২০২৭ -02-19)
অন্তৰ বাৰ্ষিক
ঠাই ডিফু, কাৰ্বি আংলং, অসম
অংশগ্ৰহণকাৰী ~৫০০০
উপস্থিতি ~১,৫০,০০০ প্ৰতিদিনে [1]
প্ৰকাৰ লোক সংগীত-নৃত্য
পৃষ্ঠপোষক KAAC
ৱেবছাইট Karbi Youth Festival

কাৰ্বি যুৱ মহোৎসৱ উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ পূব আৰু পশ্চিম কাৰ্বি আংলং জিলা আৰু অন্যান্য জিলাত বসবাস কৰা কাৰ্বি জনগোষ্ঠী ৰাইজে উদ্‌যাপন কৰা এক বাৰ্ষিক উৎসৱ। ইয়াত মাজে মাজে উত্তৰ-পূব ভাৰতৰ অন্যান্য জনজাতি আৰু ৰাজ্যৰ লোকৰো অংশগ্ৰহণ হয়। ইয়াক ভাৰতৰ আটাইতকৈ পুৰণি জনগোষ্ঠীয় উৎসৱ বুলি গণ্য কৰা হয়।[2] এই উৎসৱৰ আয়োজন কৰে কাৰ্বি সাংস্কৃতিক সমাজে (KCS)। স্থানীয়ভাৱে ইয়াক “কাৰবি ৰিছ’-নিমছ’ ৰং আজে’’ নামেৰে জনা যায়।[3][4]

১৯৭৪ চনত ডিফুৰ “ডিফু ক্লাৱ’’ত এই মহোৎসৱৰ প্ৰথম পৰিৱেশন অনুষ্ঠিত হয়। ইয়াৰ লক্ষ্য আছিল, কাৰ্বি জনজাতিৰ মৃত্যুমুখী সংস্কৃতি আৰু পৰম্পৰাগত সাজ-পোছাক আৰু লোকগীত আৰু নৃত্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা। ৰয় ইংহীৰ নেতৃত্বত প্ৰয়াত জনছিং টেৰাং, লুন্সে তিমুং, লৰেন্স টেৰন, আদিৰ সৈতে এটা দল গঠন কৰা হয়। ১৯৭৭ চনত এই উৎসৱ পৰিচালনাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি সাংস্কৃতিক সমিতি (KCS) নামে এখন সমিতি গঠন কৰা হয়, আৰু কাৰ্বিসকলৰ সাংস্কৃতিক আৰু পৰম্পৰাক সংৰক্ষণ, চোৱাচিতা কৰিবলৈ এটা সত্ত্বা হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।[5][6]

ঐতিহাসিকভাৱে এই উৎসৱটো কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা আৰু ইয়াৰ আশে-পাশে পালন কৰা হৈছিল। এটা ঠাইৰ পৰা আন ঠাইলৈ, প্ৰতি বছৰে, জনজাতীয় সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ বাবে সজাগতা বৃদ্ধিৰ বাবে স্থানান্তৰিত হোৱা। কোনো নিৰ্দিষ্ট মাহ আৰু তাৰিখ নাছিল, সময়ৰো কোনো সঠিক হিচাপ নাছিল। ১৯৮৫ চনত দুবাৰকৈ, জানুৱাৰী আৰু ডিচেম্বৰ মাহত (এঘাৰ মাহৰ ব্যৱধান)ত হৈছিল আৰু ১৯৭৭ চনত (তেৰ মাহৰ ব্যৱধানত) এখনো অনুষ্ঠিত হোৱা নাছিল। ১৯৯৪ চনৰ পৰা এই অনুষ্ঠানটো স্থায়ীভাৱে ডিফুৰ তাৰালংছ'লৈ স্থানান্তৰিত হয়।[7]

তাৰালংছ’

[সম্পাদনা কৰক]

১৯৯৪ চনৰ পৰা কাৰ্বি পিপল হল (KPH) বুলিও কোৱা তাৰালংছ'ই ঘাইকৈ কাৰ্বি যুৱ মহোৎসৱৰ বাৰ্ষিক অনুষ্ঠান (২০ সংস্কৰণৰ পৰা) আয়োজন কৰি আহিছে।[7] এই স্থানত এতিয়া এটা সাংস্কৃতিক সংগ্ৰহালয়, ৪খন মুকলি মঞ্চ, আভ্যন্তৰীণ মঞ্চ, শিল্পী গাঁও, ৩টা হেলিপেড, পৰিদৰ্শন বাংলো (আই বি), অতিথিশালা, ইকো-পাৰ্ক, এখন উদ্যান, আৰু ২খন খেলপথাৰ, ৩টা পুখুৰীৰ কাষত, পাৰ্কিং স্থান, কেচিএছৰ কাৰ্যালয়, আৰু কোৱাৰ্টাৰ আছে।

ভাৰতৰ অসম ৰাজ্যৰ কাৰ্বি আংলং জিলাৰ ডিফু চহৰত অৱস্থিত তাৰালংছ’ৰ বৰ্তমান কাৰ্বি পিপলছ হল (কে পি এইচ)ত প্ৰতিবছৰৰ ১৫–১৯ ফেব্ৰুৱাৰীত মূল অনুষ্ঠানটো অনুষ্ঠিত/উদযাপন কৰা হয়।

সমান্তৰালভাৱে উৎসৱৰ সময়ছোৱাত চাৰিখন মুকলি মঞ্চত বিভিন্ন পৰম্পৰাগত গীত, নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিভিন্ন মণ্ডল কাৰ্বি যুৱ মহোৎসৱ (ZKYF) নামৰ সৰু সৰু ঠাইসমূহ নিজ নিজ অঞ্চলত, শৰতৰ শেষৰ ফালে, ধান চপোৱাৰ পূৰ্বৰ বতৰত, ডিফুৰ তাৰালংছ’ত মূল সাংস্কৃতিক অনুষ্ঠান আৰু বছৰেকীয়া উৎসৱৰ বাবে একত্ৰিত হোৱাৰ আগতে নিজ নিজ স্থানত উদযাপন কৰা হয়। প্ৰতিটো মণ্ডলৰ বিজয়ীয়ে বছৰেকীয়া মূল ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ পায়।[8] এই মণ্ডল উৎসৱৰ কল্পনা সেই সময়ৰ আশে-পাশে কৰা হৈছিল, যেতিয়া মূল উৎসৱটো বৰ্তমানৰ তাৰালংছ’ত স্থায়ীভাৱে বসতি স্থাপন কৰা হৈছিল। শেহতীয়াকৈ দুৰ্গা পূজাৰ সমান্তৰালকৈ এই উৎসৱসমূহ স্থানীয় বন্ধৰ দিন কম কৰিবলৈ অনুষ্ঠিত কৰা হয়। ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ইয়াৰ ৩২টা সংস্কৰণ সম্পূৰ্ণ হৈছে।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "thehindu" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. ↑ "47th edition of Karbi Youth Festival underway in Karbi Anglong district - Sentinelassam" (en ভাষাত). www.sentinelassam.com. 17 February 2021. https://www.sentinelassam.com/north-east-india-news/assam-news/47th-edition-of-karbi-youth-festival-underway-in-karbi-anglong-district-525028। আহৰণ কৰা হৈছে: 26 November 2021.
  3. ↑ "Karbi Youth Festival, 2015". The Mileage. 3 March 2015. http://themileage.org/2015/03/karbi-youth-festival-2015.html। আহৰণ কৰা হৈছে: 20 January 2016.
  4. ↑ "KYF history". Karbianglong.gov.in. Archived from the original on 30 October 2019. https://web.archive.org/web/20191030194741/http://karbianglong.gov.in/information-services/karbi-youth-festival.
  5. ↑ "Karbi Youth Festival turns 50, celebrations begin". 13 January 2024. https://meghalayamonitor.com/karbi-youth-festival-turns-50-celebrations-begin/.
  6. ↑ "Assam's Karbi tribe's 50 years of perseverance to protect culture". 11 January 2024. https://www.newindianexpress.com/nation/2024/Jan/11/assamskarbi-tribes-50-years-of-perseverance-to-protect-culture-2650068.html.
  7. 1 2 Rongphar, Mohon (1 January 2018). "Case Study of Karbi Youth Festival and the Society". International Journal of Creative Research Thoughts খণ্ড 6 (1). https://ijcrt.org/papers/IJCRT1705197.pdf.
  8. ↑ "27th Havar Karbi Riso Nimso Rong Aje concludes". 9 October 2019. Archived from the original on 4 May 2021. https://web.archive.org/web/20210504010506/https://www.thehillstimes.in/regional/27th-havar-karbi-riso-nimso-rong-aje-concludes/। আহৰণ কৰা হৈছে: 2 May 2021.
  9. ↑ https://web.archive.org/web/20210504010506/https://www.thehillstimes.in/regional/27th-havar-karbi-riso-nimso-rong-aje-concludes/