সমললৈ যাওক

কাৰ্যপালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাৰ্য্যপালিকা(ইংৰাজী: Executive (Government)) হৈছে চৰকাৰৰ এটা অংশ যিয়ে আইন কাৰ্যকৰী বা বলবৎ কৰে ।গণতান্ত্ৰিক শাসন ব্যৱস্থাত কাৰ্যপালিকাক চৰকাৰ এটা অপৰিহাৰ্য অংগ বুলি গন্য কৰা হয়।

ভূমিকা (Function)

[সম্পাদনা কৰক]

কাৰ্যপালিকাৰ ক্ষমতাৰ পৰিসৰ ৰাজনৈতিক প্ৰেক্ষাপটত ওপৰত নিৰ্ভৰ কৰি বেলেগ-বেলেগ হ’ব পাৰে, আৰু এখন দেশত সময়ৰ সৈতে ইয়াৰ ৰূপান্তৰ ঘটি পাৰে। গণতান্ত্ৰিক দেশসমূহত, কাৰ্যপালিকাই ৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত বহল প্ৰভাৱ বিস্তাৰ কৰে, যদিও সাধাৰণতে তাৰ ওপৰত কিছুমান সীমাবদ্ধতাও আৰোপ কৰা হয়। [1] ৰাজনৈতিক ব্যৱস্থাসমূহত ক্ষমতাৰ বিভাজনৰ (separation of powers) আধাৰত চৰকাৰ চলে, তাত চৰকাৰী কৰ্তৃত্ব (authority) কেইবাটাও শাখালৈ বিভাজন কৰা হয়, যাতে ক্ষমতা এটা ব্যক্তিৰ বা এটা গোটৰ হাতত কেন্দ্ৰীভূত নহয়। এই লক্ষ্যত উপনীত হোৱাৰ বাবে, প্ৰতিটো শাখাই অন্য শাখাবোৰৰ দ্বাৰা নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ (checks and balances) কৰি থাকে। সাধাৰণতে

  • বিধানপালিকা (legislature)ৰ ভূমিকা হ’ল আইন প্ৰণয়ন কৰা,
  • কাৰ্যপালিকা (executive)য়ে সেই আইন কাৰ্যকৰী বা বলবৎ কৰে, আৰু
  • বিচাৰপালিকা (judiciary)য়ে সেই আইনৰ ব্যাখ্যা দিয়ে।

যি চৰকাৰ ব্যৱস্থাই ক্ষমতাৰ সংযোজন (fusion of powers) নীতিৰ ওপৰত প্ৰতিষ্ঠিত, বিশেষকৈ সংসদীয় ব্যৱস্থা (parliamentary system)সমূহত —যেনে সংসদীয় যুক্তৰাষ্ট্ৰ (fedarel)ত সেইসকলত কাৰ্যপালিকাই চৰকাৰ গঠন কৰে, যিসকল সদস্য সাধাৰণতে বিধানসভা নিয়ন্ত্ৰণ কৰা ৰাজনৈতিক দলটোৰ অংশ হয়। কাৰ্যপালিকাই যিহেতু বিধানসভাৰ বা লোকসভাৰ সমৰ্থন আৰু অনুমোদন বিচাৰে, সেইবাবে এই দুয়োটা অংগ একেলগে "সংযুক্ত" হৈ থাকে, স্বাধীনভাবে নহয়। সংসদীয় সাৰ্বভৌমত্ব (parliamentary sovereignty)ৰ নীতি অনুসৰি কাৰ্যপালিকাৰ অধিকাৰ সম্পূৰ্ণৰূপে বিধানসভাৰ দ্বাৰা প্ৰদান কৰা ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। বিধানসভাই কাৰ্যপালিকাৰ কাম-কাজক ন্যায়িক পৰ্যালোচনা (judicial review) অধীনতো ৰাখিব পাৰে। তথাপিও, কাৰ্যপালিকাৰ সাধাৰণতে ক্ষমতাশালী, কাৰণ চৰকাৰী আমোলাতন্ত্ৰ সকল (bureaucracy)কাৰ্য্যপালিকাৰ নিয়ন্ত্ৰণত থাকে। এই ক্ষমতাসমূহ প্ৰধানকৈ অৰ্থনৈতিক নীতি আৰু বিদেশ নীতিৰ ক্ষেত্ৰত প্ৰভাৱশালী।

মন্ত্ৰীসভা

[সম্পাদনা কৰক]

সংসদীয় ব্যৱস্থা (Parliamentary system)সমূহত, কাৰ্যপালিকা নিৰ্বাচিত বিধানসভাৰ ওপৰত দায়বদ্ধ হৈ থাকে। যদি বিধানসভা (বা দুটা শাখা থকা দেশত যিকোনো এটা শাখা) চৰকাৰৰ ওপৰত আস্থা (confidence) নাথাকে, তেন্তে কাৰ্যপালিকাই সেই আস্থা বৰ্তাই ৰাখিব লাগিব। বিশেষ পৰিস্থিতিত (যি প্ৰতিটো ৰাজ্যৰ অনুসৰি ভিন্ন হয়), বিধানসভাই কাৰ্যপালিকাৰ ওপৰত অনাস্থা প্ৰস্তাৱ (motion of no confidence) আগবঢ়াব পাৰে। এনে হ’লে—

  • চৰকাৰ গঠন কৰা দল বা দলসমূহৰ পৰিৱৰ্তন ঘটিব পাৰে,অথবা
  • সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।

সংসদীয় ব্যৱস্থাত দুজন প্ৰধান থাকে:

  1. প্ৰধানমন্ত্ৰী (Head of Government) কাৰ্যপালিকাৰ নেতা।
  2. ৰাষ্ট্ৰপ্ৰধান বা ৰাষ্ট্ৰপতি (Head of State) ৰাষ্ট্ৰপ্ৰধান চৰকাৰী বা নিৰ্বাচনী পৰিৱৰ্তনৰ সময়তো স্থায়ী হৈ থাকে।

Westminster সংসদীয় ব্যৱস্থাত, ক্ষমতাৰ বিভাজন (separation of powers)ৰ নীতি অন্যান্য ব্যৱস্থাৰ তুলনাত তেনে দৃঢ়ভাৱে কাৰ্যকৰী নহয়, কাৰণ—মন্ত্ৰীসকল (executive) একে সময়তে বিধানসভাৰ সদস্যও হয়,সেয়ে তেওঁলোকে আইন প্ৰণয়ন আৰু আইন প্ৰয়োগ দুয়োটা ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰাষ্ট্ৰপতি শাসিত শাসন ব্যৱস্থাত (Presidential system) ৰাষ্ট্ৰপতি মন্ত্ৰীসকলক নিযুক্ত দিয়ে। .[2] এই ক্ষেত্ৰত, কাৰ্যপালিকা (executive)-ত সাধাৰণতে এজন নেতা বা একাধিক নেতা অন্তৰ্ভুক্ত হয়। কাৰ্যপালিকাৰ শীৰ্ষ নেতৃত্ববোৰ হৈছে -

  • ৰাষ্ট্ৰপ্ৰধান (Head of State)

সাধাৰণতে ৰজা/ৰাণী (monarch), ৰাষ্ট্ৰপতি (president) ৰাষ্ট্ৰপ্ৰধান হয়, তেওঁ ৰাষ্ট্ৰীয় একতাৰ প্ৰতিনিধি আৰু জীৱন্ত প্ৰতীক হিচাপে কাম কৰে।

  • চৰকাৰপ্ৰধান (Head of Government)

প্ৰধানমন্ত্ৰী (prime minister) কাৰ্যপালিকাৰ নেতা,তেওঁ দেশৰ সকলো কাৰ্যবাহী কাৰ্য পৰিচালনা কৰে।

কাৰ্যপালিকাৰ বিভিন্ন বিভাগৰ মন্ত্ৰীসকলঃ

  • প্ৰতিৰক্ষা মন্ত্ৰী (Defence Minister) –

সশস্ত্ৰ বাহিনীৰ দায়িত্ব লয়, সামৰিক নীতি নিৰ্ধাৰণ কৰে, আৰু বাহ্যিক সুৰক্ষাৰ ব্যৱস্থা কৰে।

  • গৃহ মন্ত্ৰী (Home Minister) –

আৰক্ষী বাহিনী পৰিচালনা কৰে, আইন প্ৰয়োগ নিশ্চিত কৰে, আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণত কাম কৰে।

  • বৈদেশিক মন্ত্ৰী (Foreign Minister) –

কূটনৈতিক সেৱা পৰিচালনা কৰে, বিদেশ নীতি নিৰ্ধাৰণ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঢ়ি তোলে।

কোষাগাৰৰ দায়িত্ব লয়, ৰাজহ নীতি (fiscal policy) নিৰ্ধাৰণ কৰে, আৰু ৰাষ্ট্ৰীয় বাজেট পৰিচালনা কৰে।

  • আইন মন্ত্ৰী (Justice Minister) –

অপৰাধমূলক গোচৰ আৰু শাস্তি ব্যৱস্থা পৰিচালনা কৰে, আদালতৰ আদেশ বলবৎ কৰায়। ইত্যাদি
এই সকলো মন্ত্ৰী কাৰ্যপালিকাৰ অংশ হিচাপে, ৰাষ্ট্ৰীয় নীতি আৰু প্ৰশাসনিক দিশবোৰ প্ৰভাৱিত কৰে।

ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসভা

[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতি শাসিত শাসন ব্যৱস্থাত, ৰাষ্ট্ৰপতি ৰাষ্ট্ৰ আৰু চৰকাৰ দুয়োটাৰে মুৰব্বী নেতা। .[3]কিছুমান দেশত, যেনে দক্ষিণ কোৰিয়া, এজন প্ৰধানমন্ত্ৰী থাকে যিয়ে ৰাষ্ট্ৰপতিক সহায় কৰে, কিন্তু চৰকাৰৰ মুৰব্বী নহয়। সংসদীয় ব্যৱস্থা (Parliamentary system)ত, কেবিনেটৰ এজন মন্ত্ৰী (cabinet minister) যি বিধানসভাৰ প্ৰতি দায়িত্বশীল হয়, তেওঁ চৰকাৰৰ প্ৰধান (head of government) হিচাপে কাৰ্যনিৰ্বাহ কৰে। আনহাতে, ৰাষ্ট্ৰপ্ৰধান (head of state) সাধাৰণতে এটি অনুষ্ঠানিক (ceremonial) ভূমিকা পালন কৰে তেওঁ ৰজা/ৰাণী (monarch) বা ৰাষ্ট্ৰপতি (president)। .[4]

  1. Martinez, Jenny S. (2006). "Inherent Executive Power: A Comparative Perspective". The Yale Law Journal খণ্ড 115 (9): 2480–2511. doi:10.2307/20455703. ISSN 0044-0094. https://www.jstor.org/stable/20455703। আহৰণ কৰা হৈছে: 2022-12-30. 
  2. Buchs, Aurélia; Soguel, Nils (2022-04-01). "Fiscal performance and the re-election of finance ministers–evidence from the Swiss cantons" (en ভাষাত). Public Choice খণ্ড 191 (1): 31–49. doi:10.1007/s11127-021-00949-z. ISSN 1573-7101. 
  3. "The Executive Branch". The White House. https://bidenwhitehouse.archives.gov/about-the-white-house/our-government/the-executive-branch/। আহৰণ কৰা হৈছে: 4 July 2015. 
  4. "Executive Branch of Government in Canada". Parliament of Canada. http://www.parl.gc.ca/About/House/compendium/web-content/c_d_executivebranchgovernmentcanada-e.htm। আহৰণ কৰা হৈছে: 4 July 2015.