সমললৈ যাওক

কাৰ্লা এলিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্লা শ্ব্লেটাৰ এলিছ

২০০৫ চনত নেচনেল ছায়েন্স ব'ৰ্ডৰ পাব্লিক চাৰ্ভিচ বঁটা লাভ কৰি থকা কাৰ্লা এলিছ (বাওঁফালে) আৰু মেৰী জিন হেৰল্ড (সোঁফালে) শ্বাৰলী মেলকম (মাজত)ৰ সৈতে
জন্ম টোলেডো, অহিঅ’
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ কম্পিউটাৰ বিজ্ঞান
কৰ্মস্থান ডিউক বিশ্ববিদ্যালয়
ৰোচেষ্টাৰ বিশ্ববিদ্যালয়
অৰগন বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান ওৱাশ্বিংটন বিশ্ববিদ্যালয়
টলেডো বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা জাঁ- লুপ বিয়েৰ
উল্লেখনীয় বঁটা এচিএম ফেলো (২০১০)

কাৰ্লা শ্ব্লেটাৰ এলিছ এগৰাকী আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু ড্যুক বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ এমেৰিটাছ অধ্যাপিকা। মোবাইল ডিভাইচত শক্তি ব্যৱস্থাপনাত কৰা কামৰ লগতে কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰখনত মহিলাৰ সংখ্যা বৃদ্ধিৰ বাবে তেওঁৰ নিষ্ঠাৰ বাবেও তেওঁ পৰিচিত। ১৯৮৭ চনত প্ৰতিষ্ঠা হোৱা মহিলা কম্পিউটাৰ বিজ্ঞানীৰ আন্তঃৰাষ্ট্ৰীয় ইমেইল তালিকা চিষ্টাৰ্চৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। এলিছ আৰু আন ১২ গৰাকী মহিলা কম্পিউটাৰ বিজ্ঞানীয়ে আৰম্ভ কৰা চিম্পোজিয়াম অন অপাৰেটিং চিষ্টেমছ প্ৰিন্সিপলছ (এছ অ’ এছ পি)ত লগ পোৱা চিষ্টাৰ্চৰ সদস্য সংখ্যা বৰ্তমান ৩০০০ৰো অধিক হৈছে।

এলিছে বি.এছ. ডিগ্ৰী লাভ কৰে ১৯৭২ চনত অহাইঅ’ৰ টলেডো বিশ্ববিদ্যালয়ৰ পৰা আৰু এম.এছ আৰু পি এইচ ডি. ডিগ্ৰী ১৯৭৭ আৰু ১৯৭৯ চনত ছিয়াটলৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে। তেওঁ ১৯৬৫ চনত ইউজিনৰ অৰেগন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান অনুষদৰ সদস্যা আছিল। ১৯৭৮ চনৰপৰা ১৯৮০ চনলৈকে আৰু ১৯৮০ চনৰপৰা ১৯৮৬ চনলৈকে ৰচেষ্টাৰ এন ৱাইৰ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ত আছিল। ১৯৮৬ চনত ড্যুক বিশ্ববিদ্যালয়লৈ সহযোগী অধ্যাপিকা যোগ দি, তাৰ পিছত অধ্যাপিকা আৰু বৰ্তমান এমেৰিটাছ অধ্যাপিকা হিচাপে গুচি যায়।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০১০ চনত এছ’চিয়েশ্যন ফৰ কম্পিউটিং মেচিনেৰীয়ে তেওঁক এচিএম ফেলো হিচাপে নিযুক্তি দিয়ে "মোবাইল ডিভাইচত শক্তি ব্যৱস্থাপনাৰ কৌশলৰ বাবে অৱদানৰ বাবে আৰু কম্পিউটিং সম্প্ৰদায়ৰ সেৱাৰ বাবে।"[1]

যেতিয়া তেওঁ চি আৰ এৰ কমিটি অন দ্য ষ্টেটাছ অৱ উইমেন ইন কম্পিউটিং ৰিচাৰ্চ (চি আৰ এ-ডব্লিউ)ৰ সহ-সভাপতি আছিল, তেতিয়া তেওঁ চি আৰ এ-ডব্লিউৱে ২০০৪ চনত বিজ্ঞান, গণিত আৰু অভিযান্ত্ৰিক মেণ্টৰিঙৰ উৎকৃষ্টতাৰ বাবে দিয়া ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে (পি এ ই এছ এম ই এম)[2] আৰু ২০০৫ চনত ৰাষ্ট্ৰীয় বিজ্ঞান ব'ৰ্ডৰ লোকসেৱা বঁটা লাভ কৰে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ACM Names 41 Fellows from World's Leading Institutions: Many Innovations Made in Areas Critical to Global Competitiveness Archived 2012-04-28 at the Wayback Machine, ACM, December 7, 2010, retrieved 2011-11-20.
  2. "President Honors CRA-W with Award for Mentoring" (en-US ভাষাত). GovAffairs. 2004-05-06. http://cra.org/govaffairs/blog/2004/05/president-honors-cra-w-with-award-for-mentoring/.
  3. "National Science Board". National Science Board. https://www.nsf.gov/nsb/awards/public_recipients.jsp#2005.