সমললৈ যাওক

কাৰ এণ্ড বাইক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Carandbike.com
Carandbike
কাৰ এণ্ড বাইক
ব্যৱসায়ৰ ধৰণ ব্যক্তিগত
ছাইটৰ প্ৰকাৰ অটোমোটিভ
উপলব্ধ ভাষা ইংৰাজী
প্ৰতিষ্ঠা ২০১৬
মুখ্য কাৰ্যালয়
ভাৰত
সম্পাদক গিৰিশ কাৰ্কেৰা
মুখ্য কাৰ্যবাহী বিষয়াৰ (CEO) নলিন কাপুৰ[1][2]
উদ্যোগ অটোমোবাইল
সেৱাসমূহ ব্যৱহৃত কাৰৰ খবৰ
মূল কোম্পানি মাহিন্দ্ৰা গ্ৰুপ
এনডিটিভি
বিভাগসমূহ মহিন্দ্ৰা ফাৰ্ষ্ট চয়ছ হুইলছ লিমিটেড
ফিফথ গিয়াৰ ভেঞ্চাৰছ লিমিটেড
ৱেবছাইট www.carandbike.com
বৰ্তমান অৱস্থা সক্ৰিয়

কাৰ এণ্ড বাইক (Carandbike.com) হৈছে ২০১৫ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় অটোমোটিভ নিউজ প'ৰ্টেল আৰু ব্যৱহৃত গাড়ীৰ অনলাইন বজাৰ। ই অটোমোবাইল উদ্যোগৰ বিষয়ে বাতৰি সামৰি লয় আৰু বৰ্তমান ই এনডিটিভিৰপৰা অধিগ্ৰহণ কৰা মহিন্দ্ৰা গ্ৰুপৰ মালিকানাধীন ৱেবছাইট। এই প্লেটফৰ্মটোক এনডিটিভি অটো বুলিও কোৱা হয় আৰু ই নতুন আৰু ব্যৱহৃত গাড়ী দুয়োটাৰে বজাৰ হিচাপে কাম কৰে, লগতে অটোমোটিভ খণ্ডৰ বিষয়েও পৰ্যালোচনা প্ৰকাশ কৰে।[3][4] বৰ্তমান কাৰ এণ্ড বাইকৰ মুখ্য সম্পাদক গিৰিশ কাৰ্কেৰা।[5]

কাৰ এণ্ড বাইক ২০১৫ চনত আৰম্ভ কৰা হৈছিল আৰু ই ফিফথ গিয়াৰ ভেঞ্চাৰছৰ দ্বাৰা পৰিচালিত হৈছিল।[4] ই এনডিটিভি]ৰ অংশ আছিল, যিটো পিছত মহিন্দ্ৰা ফাৰ্ষ্ট চয়ছ হুইলছ লিমিটেডৰ জৰিয়তে মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰা গ্ৰুপে অধিগ্ৰহণ কৰে।[6]

২০১৬ চনত এনডিটিভি লিমিটেডে কোম্পানীটোৰ ৩৯.৫৭ শতাংশ শ্বেয়াৰ ধৰি আছিল, যেতিয়া এনডিটিভি কনভাৰ্জেঞ্চ লিমিটেডৰ ওচৰত ৩৯.৫৮ শতাংশ শ্বেয়াৰ আছিল।[7]

জানুৱাৰী ২০১৬ চনত, কাৰ এণ্ড বাইকে মাহিন্দ্ৰা গ্ৰুপৰ সৈতে মিলি মাহিন্দ্ৰা কেভিইউ ১০০ (KUV100) লঞ্চ কৰিছিল।[8] জানুৱাৰী ২০১৮ চনত, টাটা মটৰ্ছে টাটা টিয়াগো গাড়ীৰ অনলাইন বুকিঙৰ বাবে কাৰ এণ্ড বাইকৰ সৈতে অংশীদাৰী কৰিছিল।[3]

কাৰ এণ্ড বাইক বঁটা

[সম্পাদনা কৰক]

অটোমোবাইল উদ্যোগৰ শ্ৰেষ্ঠসকলক স্বীকৃতি দিবলৈ কোম্পানীটোৱে কাৰ এণ্ড বাইক বঁটা প্ৰদান কৰে।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mahindra First Choice Wheels". https://www.mahindrafirstchoice.com/investor-relations. 
  2. "carandbike Editor-In-Chief Siddharth Vinayak Patankar Appointed Vice-Chairman Of World Car Awards". Apnnews. https://www.apnnews.com/carandbike-editor-in-chief-siddharth-vinayak-patankar-appointed-vice-chairman-of-world-car-awards/. 
  3. 3.0 3.1 "Tata Motors, Carandbike.com tie up for online booking of Tiago". The Hindu Business Line. 20 January 2018. https://www.thehindubusinessline.com/companies/tata-motors-carandbikecom-tie-up-for-online-booking-of-tiago/article8413741.ece. 
  4. 4.0 4.1 "M&M subsidiary to acquire e-com market platform Fifth Gear Ventures". The Economic Times. 19 January 2020. https://auto.economictimes.indiatimes.com/news/aftermarket/mm-subsidiary-to-acquire-e-com-market-platform-fifth-gear-ventures/73368320. 
  5. "Girish Karkera". aninews.in. 2023. https://www.aninews.in/news/business/business/carandbikecom-appoints-girish-karkera-as-its-new-editor-in-chief20230303150659/. 
  6. Kapur, Narinder (17 January 2020). "Mahindra to buy CarandBike.com from NDTV to rev up digital presence". VCCircle. https://www.vccircle.com/mahindra-to-buy-carandbike-com-from-ndtv-to-rev-up-digital-presence/. 
  7. Pahwa, Nikhil (28 July 2017). "Autobyte to pick up controlling stake in NDTV's CarAndBike.com". Media Nama. https://www.medianama.com/2017/07/223-car-and-bike-autobyte/. 
  8. "Carandbike.com ties up with Mahindra to sell cars' online". Business Standard. 18 January 2016. https://www.business-standard.com/article/news-ani/carandbike-com-ties-up-with-mahindra-to-sell-cars-online-116011800481_1.html. 
  9. Chakrabarty, Shreoshree (22 March 2021). "2021 Carandbike Awards Announces The Best In The Business". Media Infoline. https://www.mediainfoline.com/awards/2021-carandbike-awards-announces-the-best-in-the-business.