কিইভ পেচাৰ্ছক লাভ্ৰা
| কিইভ পেচাৰ্ছক লাভ্ৰা | |||||||
|---|---|---|---|---|---|---|---|
| Києво-Печерська лавра | |||||||
কিইভ পেচাৰ্ছক লাভ্ৰাৰ দৃশ্য | |||||||
| সাধাৰণ তথ্য | |||||||
| স্থাপত্য শৈলী | ইউক্ৰেইনীয় বেৰক | ||||||
| অৱস্থিতি | পেচেৰস্ক ৰেয়ন, কিভ | ||||||
| স্থানাংক | 50°26′3″N 30°33′33″E / 50.43417°N 30.55917°Eস্থানাংক: 50°26′3″N 30°33′33″E / 50.43417°N 30.55917°E | ||||||
| নক্সা আৰু নিৰ্মাণ | |||||||
| স্থাপত্যবিদ | কিয়ভৰ থিওডোচিয়াছ, কিয়ভৰ এন্থনী | ||||||
| Website | |||||||
| [http:// আধিকাৰিক ৱেবছাইট] | |||||||
| |||||||
Invalid designation | |||||||
| আধিকাৰিক নাম | Ансамбль Києво-Печерської Лаври (Ensemble of Kyiv-Pechersk Lavra) | ||||||
| ধৰণ | Urban Planning, Architecture | ||||||
| প্ৰসংগ সংখ্যা | 260088 | ||||||
কিইভ পেচাৰ্ছক লাভ্ৰা বা কিয়েভো-পেচাৰ্ছকা লাভ্ৰা (ইংৰাজী: Kyiv Pechersk Lavra) [1][2], যাক কিয়েভৰ গুহা-মঠ বুলিও জনা যায়, হৈছে পূবৰ খ্ৰীষ্টান ধৰ্মৰ এক ঐতিহাসিক লাভ্ৰা বা বৃহৎ মঠ। এই মঠটো কিয়েভ চহৰৰ পেচাৰ্ছকী জিলাত অৱস্থিত আৰু মঠটোৰ নামৰপৰাই জিলাখনৰ নামকৰণ কৰা হৈছে।
১০৫১ চনত গুহা-মঠ হিচাপে প্ৰতিষ্ঠা হোৱাৰপৰাই লাভ্ৰাখন পূব ইউৰোপত পূবৰ খ্ৰীষ্টান ধৰ্মৰ এক প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে।[3] ইয়াৰ মুদ্ৰণালয় ইউক্ৰেইনত মুদ্ৰণ-ব্যৱস্থাৰ বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল।
ব্যুৎপত্তি আৰু অন্যান্য নাম
[সম্পাদনা কৰক]ইউক্ৰেইনীয় পেচেৰা শব্দৰ অৰ্থ হৈছে “গুহা”। এই শব্দটো একে অৰ্থৰ প্ৰ’টো-স্লাভিক পেকটেৰা শব্দৰপৰা উদ্ভৱ হৈছে। আনহাতে, ইউক্ৰেইনীয় লাভ্ৰা শব্দটো পূব অৰ্থডক্স গীৰ্জাৰ উচ্চপদস্থ বা গুৰুত্বপূৰ্ণ পুৰুষ সন্ন্যাসী মঠ বুজাবলৈ ব্যৱহাৰ কৰা হয়। সেয়েহে মঠটোৰ নামক অসমীয়াত “কিয়েভ গুহা মঠ”, “কিয়েভৰ গুহাসমূহৰ মঠ” বা “কিয়েভ গুহাৰ মঠ” বুলি অনুবাদ কৰিব পাৰি।
ইতিহাস
[সম্পাদনা কৰক]প্ৰতিষ্ঠা আৰু প্ৰাৰম্ভিক ইতিহাস
[সম্পাদনা কৰক]প্ৰাথমিক বৃত্তান্ত গ্ৰন্থত মঠটো কেতিয়া প্ৰতিষ্ঠা হৈছিল সেই বিষয়ে পৰস্পৰবিৰোধী তথ্য পোৱা যায়। কোনো কোনো তথ্য অনুসৰি মঠটো ১০৫১ চনত, আনহাতে আন তথ্য অনুসৰি ১০৭৪ চনত প্ৰতিষ্ঠা হৈছিল।[4] এন্থনী নামৰ এজন সন্ন্যাসী মূলতঃ চেৰ্নিহিভ ৰাজত্বৰ লিউবেচ অঞ্চলৰ লোক আছিল। তেওঁ এথোছ পৰ্বতত সন্ন্যাসী জীৱন কটাইছিল। পিছত তেওঁ কিয়েভান ৰুছলৈ উভতি আহি সন্ন্যাসী পৰম্পৰা প্ৰচাৰৰ উদ্দেশ্যে কিয়েভত বসতি স্থাপন কৰে। এন্থনীয়ে বেৰেষ্টভ পৰ্বতত, ডিনিপ্ৰো নদীৰ ওপৰত দৃষ্টি পৰা এটা গুহা বাছি লৈ তাত বাস কৰিবলৈ আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে তেওঁৰ চাৰিওফালে শিষ্যসকলৰ এটা সৰু সন্ন্যাসী সম্প্ৰদায় গঢ় লৈ উঠে। কিয়েভৰ ৰাজকুমাৰ ইজিয়াছ্লাভ প্ৰথম (১০২৪–১০৭৮)-এ পিছলৈ সমগ্ৰ পৰ্বতটো এথোছ পৰ্বতৰ সন্ন্যাসীসকলক দান কৰে। ইয়াৰ ফলত তাত এটা মঠ প্ৰতিষ্ঠা কৰা হয়। এই মঠৰ নিৰ্মাণৰ বাবে কনষ্টাণ্টিনোপলৰ স্থপতিসকলক আমন্ত্ৰণ কৰা হৈছিল।
১০৯৬ চনত কুমানসকলে মঠটো লুণ্ঠন কৰে। ইয়াৰ পিছত মঠটো মংগোল আক্ৰমণকাৰীসকলৰ আক্ৰমণৰো বলি হয়। ১৪১৬ চনত গোল্ডেন হৰ্ডৰ শাসক এদিগেইৰ নেতৃত্বাধীন বাহিনীয়ে মঠটো জ্বলাই দিয়ে। অৱশেষত ১৪৭০ চনত মঠটো পুনৰ নিৰ্মাণ কৰা হয়। [5]
কিয়েভ পেচাৰ্ছক লাভ্ৰাত কিয়েভ গ্ৰেণ্ড ডাচী অৱ লিথুৱানিয়াৰ অংশ হৈ থকা সময়ছোৱাৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সমাধিস্থ কৰা হৈছিল। তেওঁলোকৰ ভিতৰত আছিল কিয়েভৰ ৰাজকুমাৰ ভ্লাদিমিৰ অলগেৰ্ডোভিচ আৰু তেওঁৰ পুত্ৰ আলেক্সান্দ্ৰাছ অ’লেলকা; লিথুৱানিয়া আৰু ৰুথেনিয়াৰ গ্ৰেণ্ড ডিউক শ্বিত্ৰিগাইলা; ফেওডৰ অষ্ট্ৰগস্কি; উলিয়ানা অলশানস্কা, যি লিথুৱানিয়াৰ গ্ৰেণ্ড ডিউক ভিটাউটাছ দ্য গ্ৰেটৰ দ্বিতীয় পত্নী আছিল; আৰু লিথুৱানিয়াৰ গ্ৰেণ্ড হেটমেন কনষ্টাণ্টি অষ্ট্ৰগস্কি। কনষ্টাণ্টি অষ্ট্ৰগস্কি ১৫১৪ চনৰ অৰ্ষা যুদ্ধত মস্কোৰ গ্ৰেণ্ড প্ৰিন্সিপালিটিৰ সেনাবাহিনীৰ বিৰুদ্ধে লিথুৱানিয়াৰ গ্ৰেণ্ড ডাচীৰ সেনাবাহিনীক বিজয়ৰ নেতৃত্ব দিয়াৰ বাবে বিশেষভাৱে পৰিচিত আছিল।[6] ইয়াৰ উপৰি কিয়েভৰ মেয়ৰসকল, শ্লাখতা (অভিজাত শ্ৰেণীৰ সদস্য), কোছাক ষ্টাৰশ্বিনা (কোছাক সামৰিক-প্ৰশাসনিক নেতৃত্ব) আৰু বিভিন্ন গীৰ্জাৰ উচ্চপদস্থ ধৰ্মীয় ব্যক্তিসকলকো এই মঠত সমাধিস্থল কৰা হৈছিল। [5]
বাৰোক যুগ আৰু ৰাছিয়াৰ শাসন
[সম্পাদনা কৰক]১৭শ শতিকাত আৰ্কিমাণ্ড্ৰাইট এলিছিয়াছ প্লেটেনেটস্কি, জাখাৰিয়াছ কপিষ্টেনস্কি আৰু পিটাৰ মহিলাৰ নেতৃত্বত এই মঠটো ইউক্ৰেইনৰ জাতীয় পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছিল। লাভ্ৰাৰ সন্ন্যাসীসকলে ৰচনা কৰা কিয়েভ গুহা পেটেৰিকন নামৰ গ্ৰন্থখন অতি সোনকালেই সমগ্ৰ পূব ইউৰোপত জনপ্ৰিয় পঠনীয় গ্ৰন্থ হিচাপে পৰিগণিত হৈছিল। ইয়াৰ ফলত কিয়েভক পূব অৰ্থডক্স খ্ৰীষ্টধৰ্মৰ ৰাজধানী হিচাপে প্ৰতীকী ৰূপত প্ৰতিষ্ঠা কৰাত সহায় হৈছিল। ১৬২০ৰ দশকত প্লেটেনেটস্কিয়ে প্ৰতিষ্ঠা কৰা লাভ্ৰাৰ মুদ্ৰণালয়ে কিয়েভৰ সাংস্কৃতিক পুনৰুজ্জীৱনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আনহাতে, মহিলাই প্ৰতিষ্ঠা কৰা মঠৰ বিদ্যালয়ে সেই সময়ৰ ইউৰোপীয় শিক্ষাৰ ধাৰাসমূহ প্ৰৱৰ্তন কৰি শিক্ষাব্যৱস্থাত এক আমূল সংস্কাৰৰ সূচনা কৰিছিল। বাৰোক যুগত কিয়েভ পেচাৰ্ছক লাভ্ৰা কলা আৰু আধ্যাত্মিকতাৰ এক সমৃদ্ধিশালী কেন্দ্ৰ হিচাপে বিকশিত হৈছিল। কিয়েভলৈ তীৰ্থযাত্ৰা কৰাটো কিছুমান লোকৰ বাবে জেৰুজালেমলৈ তীৰ্থযাত্ৰা কৰাতকৈও অধিক পছন্দনীয় বুলি বিবেচিত হৈছিল। [5]
এজন তৰ্কবাদী আৰু ধৰ্মপ্ৰচাৰক যোৱান্নিচিয়াছ গালিয়াটভস্কিয়ে প্ৰকাশ কৰা এটা কিংবদন্তি অনুসৰি, ১৬৩০ চনত পোলেণ্ডৰ এটা সেনাই মঠটো ঘেৰাও কৰিছিল। কিন্তু পৱিত্ৰ ঈশ্বৰৰ মাতৃয়ে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে এক ‘অগ্নিবৃষ্টি’ প্ৰেৰণ কৰি মঠটোৰ সন্ন্যাসীসকলক ৰক্ষা কৰিছিল বুলি কোৱা হয়। [7]
ইভান মাজেপা আৰু ৰাফায়েল জাবোৰোভস্কিৰ দৰে প্ৰভাৱশালী ব্যক্তিসকলৰ পৃষ্ঠপোষকতা লাভ কৰাৰ পাছতো, ১৬৮৫ চনত কিয়েভৰ ধৰ্মমহানগৰক মস্কোৰ ধৰ্মপিতৃসভাৰ অধীনলৈ সংযুক্ত কৰাৰ ঘটনাই মঠটোক ৰাছিয়াৰ সাম্ৰাজ্যিক কৰ্তৃত্বৰ অধীনলৈ নিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰে। ১৭২২ চনত ৰাছিয়াৰ সম্ৰাট পিটাৰ প্ৰথমৰ আদেশ অনুসৰি কিয়েভৰ ধৰ্মমহানগৰৰ মৰ্যাদা হ্ৰাস কৰি আৰ্চবিশপীয় অধিক্ষেত্ৰত পৰিণত কৰা হয়। ইয়াৰ ফলত ইয়াক ৰাছিয়াৰ ধৰ্মসভাভিত্তিক গীৰ্জা ব্যৱস্থাৰ অন্যান্য অধিক্ষেত্ৰসমূহৰ সমমৰ্যাদাত ৰখা হয়। পৰৱৰ্তী সময়ছোৱাত ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাৰ ওপৰত ৰাছিয়াৰ ধৰ্মীয় পৰম্পৰা, মূল্যবোধৰ তত্ত্ব আৰু ভাষা জাপি দিয়া হয়। [8]
ৰাছিয়াৰ শাসনৰ অধীনত পেচাৰ্ছক লাভ্ৰা সাধাৰণ জনসাধাৰণৰ লগতে ৰাজপৰিয়ালকে ধৰি বিভিন্ন ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ বাবেও এক জনপ্ৰিয় গণতীৰ্থস্থানত পৰিণত হৈছিল। ১৯শ শতিকাৰ শেষৰফালে মঠটোলৈ তীৰ্থযাত্ৰা কৰা লোকসকলৰ বাবে জাৰশাসিত ৰাছিয়াত অসংখ্য পথনিৰ্দেশিকা প্ৰকাশ কৰা হৈছিল। ইয়াৰ ফলত লাভ্ৰা ৰাছিয়া সাম্ৰাজ্যৰ প্ৰতীকী সাংস্কৃতিক পৰিসৰৰ অন্তৰ্ভুক্ত হৈ পৰাত সহায় হৈছিল। ৰাছিয়াৰ শাসনৰ সময়ছোৱাত লাভ্ৰাৰ চৌহদৰ ভিতৰত সমাধিস্থ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত নাতালিয়া দোলগোৰুকোভা, পিয়ত্ৰ ৰুমিয়ানৎসেভ আৰু পিয়ত্ৰ স্তলিপিন উল্লেখযোগ্য। [8][5]
আধুনিক ইতিহাস
[সম্পাদনা কৰক]২০ শতিকাৰ আৰম্ভণিৰ ইউক্ৰেইন বিপ্লৱৰ সময়ত ৰাজনৈতিক অস্থিৰতাৰ বাবে লাভ্ৰাক ইউক্ৰেইনীকৰণৰ প্ৰচেষ্টা বিফল হয় [8] ১৯১৮ চনৰ ২৫ জানুৱাৰীত কিয়েভৰ মেট্ৰ’পলিটান ভ্লাদিমিৰক মঠটোত বলছেভিক সৈন্যই অত্যাচাৰ কৰি হত্যা কৰে। অৱশেষত মঠটো ভংগ কৰা হয় আৰু ১৯২৬ চনত ইয়াৰ ভূ-খণ্ডত এটা সংগ্ৰহালয় মুকলি কৰা হয় [5] জাৰ্মান দখলৰ সময়ছোৱাত মঠটোত পুনৰ ধৰ্মীয় সেৱা আৰম্ভ কৰা হয়। [8] ১৯৪১ চনৰ ৩ নৱেম্বৰত মূল ডৰ্মিচন কেথেড্ৰেলটো ছোভিয়েট NKVD[9] ৰদ্বাৰা বিস্ফোৰণেৰে ধ্বংস কৰা হয়। এই ঘটনাৰ বাবে ছোভিয়েট সংবাদ মাধ্যমে মিছাকৈ জাৰ্মানসকলক দোষাৰোপ কৰিছিল। কেথেড্ৰেলটোৰ ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম ১৯৬০ৰ দশকলৈকে চলি থাকে। দীৰ্ঘদিনীয়া পুনৰ্নিৰ্মাণৰ পিছত ২০০০ চনৰ ২৪ আগষ্টত পুনৰ্নিৰ্মিত ডৰ্মিচন কেথেড্ৰেলটো আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰা হয়। [5]
দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰপৰা আৰম্ভ কৰি এই মঠটোৱে ৰাছিয়াৰ অৰ্থডক্স গীৰ্জাৰ অংশ হিচাপে পুনৰ কাৰ্যকলাপ আৰম্ভ কৰে। ১৯৬১ চনত কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত লাভাৰ চৌহদত ১০০ জনতকৈ অধিক সন্ন্যাসীয়ে বাস কৰিছিল। [10]
১৯৮৮ চনত কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ কাৰ্যকলাপ পুনৰ আৰম্ভ কৰা হয়। এই পুনৰাৰম্ভৰ সৈতে কিয়েভান ৰুছৰ খ্ৰীষ্টধৰ্ম গ্ৰহণৰ ১০০০বছৰীয়া জয়ন্তী উপলক্ষ্যে অনুষ্ঠিত উদ্যাপনসমূহ জড়িত আছিল। ১৯৯০ৰ দশকৰ আৰম্ভণিতে মঠটো কিয়েভৰ মেট্ৰ'পলিটান ফিলাৰেটৰ নেতৃত্বত আছিল। তেওঁৰ বাসগৃহ লাভ্ৰা প্ৰাংগনতে অৱস্থিত আছিল। কিন্তু ১৯৯২ চনত কিয়েভৰ ৰাজনৈতিক নেতৃত্বৰ সমৰ্থনত লাভ্ৰাৰ মালিকীস্বত্ব ৰাছিয়ান পেট্ৰিয়াৰ্কেটৰ অধীনস্থ ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জাৰ হাতলৈ হস্তান্তৰ কৰা হয়।[8] মস্কো পেট্ৰিয়াৰ্কেটৰ পৰিচালনাৰ অধীনত লাভ্ৰা কেইবাটাও বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰে। ইয়াৰ নেতৃত্বৰ সদস্যসকলৰ দামী গাড়ী আৰু অন্যান্য বিলাসী সামগ্ৰীৰ প্ৰতি আসক্তি, কিছুমান সন্ন্যাসীৰ ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটি ছাৰ্ভিচ (FSB)ৰ সৈতে থকা সম্পৰ্ক, ৰাছিয়াৰ সম্ৰাট নিকোলাছ দ্বিতীয়ৰ প্ৰতি ভক্তি, আৰু ইউক্ৰেইন বিৰোধী প্ৰচাৰ চলোৱাৰ অভিযোগে বিশেষ বিতৰ্কৰ সৃষ্টি কৰে। [5]
ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ১৯৯০ চনৰপৰা ছেইণ্ট ছফিয়া কেথেড্ৰেলৰ সৈতে কিয়েভ পেচাৰ্ছক লাভ্ৰাকো তালিকাভুক্ত কৰা হৈছে।[11][nb 1]
লাভ্ৰাৰ মঠ-সমষ্টিটোক এক পৃথক ৰাষ্ট্ৰীয় ঐতিহাসিক-সাংস্কৃতিক সংৰক্ষিত ক্ষেত্ৰ হিচাপে গণ্য কৰা হয়। ১৯৯৬ চনৰ ১৩ মাৰ্চত ইয়াক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰা হয়।[13] যদিও লাভ্ৰা ছেইণ্ট ছফিয়া কেথেড্ৰেলৰপৰা নগৰৰ বেলেগ অংশত অৱস্থিত আৰু দুয়োটা পৃথক ৰাষ্ট্ৰীয় সংৰক্ষিত ক্ষেত্ৰৰ অন্তৰ্গত, দুয়োটা একেলগে কিয়েভৰ গুৰুত্বপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। লাভ্ৰা এটা গুৰুত্বপূৰ্ণ সাংস্কৃতিক পৰ্যটনস্থলী হোৱাৰ লগতে বৰ্তমানো সক্ৰিয় মঠ হিচাপে পৰিচালিত হৈ আছে। ইয়াত ১০০ৰো অধিক সন্ন্যাসী বাস কৰে বুলি উল্লেখ কৰা হৈছে। ২০০৭ চনৰ ২১ আগষ্টত কিয়েভ পেচাৰ্ছক লাভ্ৰাক ইউক্ৰেইনৰ সাতটা আশ্চৰ্যৰ (Seven Wonders of Ukraine) ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।
২০২২ চনৰ শেষলৈকে, কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ স্থানটোৰ ওপৰত অধিকাৰ ব্যৱস্থাপনা দুটাপক্ষৰ মাজত বিভক্ত আছিল। এফালে আছিল ৰাষ্ট্ৰীয় সংগ্ৰহালয় তথা ৰাষ্ট্ৰীয় কিয়েভ-পেচাৰ্ছক ঐতিহাসিক-সাংস্কৃতিক সংৰক্ষিত এলেকা [14] আৰু আনফালে আছিল ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা (মস্কো পেট্ৰিয়াৰ্কেট) (ইউ অ’ চি-এম পি )। ইউ অ’ চি-এম পিৰ বাবে লাভ্ৰা আছিল ইয়াৰ মুখ্য মঠ আৰু ইয়াৰ মুৰব্বী কিয়েভ আৰু সমগ্ৰ ইউক্ৰেইনৰ মেট্ৰ'পলিটান অনুফ্ৰিৰ বাসস্থান। ২০২৩ চনৰ জানুৱাৰীত ইউক্ৰেইন চৰকাৰে Dormition Cathedral আৰু Refectory Church-ৰ UOC-MP-ৰ লীজ সমাপ্ত কৰি এই দুয়োটা স্থাপনা পুনৰ প্ৰত্যক্ষ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণলৈ আনে। [15][16] ২০২৩ চনৰ জানুৱাৰী মাহত ইউক্ৰেইন চৰকাৰে ইউ অ’ চি-এম পিৰ ডৰ্মিচন কেথেড্ৰেল আৰু ৰেফেক্টৰী চাৰ্চ (ট্ৰেপেজনা চাৰ্চ বুলিও জনাজাত)ৰ পট্টা বন্ধ কৰি সেই সম্পত্তিসমূহ প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ ঘূৰাই আনে [17][18] ইয়াৰ লগতে ঘোষণা কৰা হৈছিল যে অৰ্থডক্স চাৰ্চ অৱ ইউক্ৰেইন (OCU)-ক ২০২৩ চনৰ ৭ জানুৱাৰীত ডৰ্মিচন কেথেড্ৰেলত বৰদিনৰ উপাসনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছিল। ৭ জানুৱাৰী আছিল পুৰণি কেলেণ্ডাৰ অনুসৰি অৰ্থডক্স বৰদিন। [18] সেইদিনা পুৱা ৯ বজাত কিয়েভৰ মেট্ৰ'পলিটান এপিফানিয়াছে এই উপাসনা অনুষ্ঠানৰ নেতৃত্ব দিছিল। [19]
১০ মাৰ্চ ২০২৩ত ৰাষ্ট্ৰীয় কিয়েভ-পেচাৰ্ছক ঐতিহাসিক-সাংস্কৃতিক সংৰক্ষণাগাৰে ঘোষণা কৰে যে UOC-MP-এ গীৰ্জাসমূহ বিনামূলীয়াকৈ ব্যৱহাৰ কৰাৰ বাবে ২০১৩ চনত কৰা চুক্তিখন বাতিল কৰা হ’ব। সংৰক্ষণাগাৰৰ মতে, গীৰ্জাটোৱে ঐতিহাসিক স্থানটোত অনুমোদনবিহীন পৰিৱৰ্তন কৰাৰ লগতে ভাড়াৰ চুক্তিৰ আন কিছুমান কাৰিকৰী চৰ্ত উলংঘা কৰিছিল। ইয়াৰ পিছত UOC-MP-ক ২৯ মাৰ্চ ২০২৩ৰ ভিতৰত লাভ্ৰাৰ এলেকা ত্যাগ কৰিবলৈ কোৱা হৈছিল। UOC-MP-এ অৱশ্যে এই সিদ্ধান্তৰ কোনো আইনী ভিত্তি নাই বুলি দাবী কৰিছিল। [20][21]২৯ মাৰ্চৰ ভিতৰত ইউ অ' চি-এম পিক এই ভূ-খণ্ড এৰি যাবলৈ নিৰ্দেশ দিয়া হয়।[21]ইউ অ’ চি-এম পিয়ে উত্তৰত কয় যে উচ্ছেদৰ কোনো আইনী ভিত্তি নাই আৰু ইয়াক “সংস্কৃতি মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ হুইম” বুলি অভিহিত কৰে। [21] ১৭ মাৰ্চ ২০২৩ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰেছ সচিব দিমিত্ৰী পেস্কভে কয় যে ইউক্ৰেইনৰ কৰ্তৃপক্ষই UOC-MP-ৰ প্ৰতিনিধিসকলৰ সৈতে কিয়েভ পেচাৰ্ছক লাভ্ৰা ব্যৱহাৰৰ লীজ নবীকৰণ নকৰাৰ সিদ্ধান্তই “ৰাছিয়াই ইউক্ৰেইনত ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা আক্ৰমণ সঠিক আছিল বুলি প্ৰমাণ কৰে”। [21] ২৯ মাৰ্চ ২০২৩ৰ পিছতো UOC-MP-এ কিয়েভ পেচাৰ্ছক লাভ্ৰাৰপৰা সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাছিল।[22][23] ২৩ জুলাই ২০২৫ত কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ ফাৰ কেভছত কিয়েভৰ মেট্ৰ'পলিটান এপিফানিয়াছে ইউক্ৰেইনী ভাষাত এটা ধৰ্মীয় সেৱা সম্পন্ন কৰে। বহু বছৰৰ পাছত এইটো ফাৰ কেভছত ইউক্ৰেইনী ভাষাত অনুষ্ঠিত হোৱা প্ৰথমটো সেৱা আছিল। সেৱাটো গুহাসমূহত অৱস্থিত গুহাৰ সন্ন্যাসী থিয়'ড'ছিয়াছৰ গীৰ্জাঘৰত অনুষ্ঠিত হৈছিল। [8]
- কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ প্ৰতিষ্ঠাপক সন্ত এন্থনী আৰু থিয়'ড'ছিয়াছৰ আইকন
- কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ নিকট গুহাসমূহ (Near Caves)। ১৬৫১ চনত ডাচ শিল্পী আব্ৰাহাম ভান ৱেষ্টাৰভেল্ডে অংকন কৰা স্কেচ।
- কিয়েভৰ পেচাৰ্ছক লাভ্ৰাৰ এখন লিথ’গ্ৰাফ,[24] ৱাশ্বিংটন, ডি.চি.-স্থিত নেচনেল গেলেৰী অৱ আৰ্ট লাইব্ৰেৰীৰ সংগ্ৰহত।
- ১৯৫৮ চনত ডৰ্মিচন কেথেড্ৰেলৰ ধ্বংসাৱশেষ
- কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ দক্ষিণ দিশৰ এটি মনোৰম দৃশ্য
- পুনৰুদ্ধাৰ কৰা কেথেড্ৰেল অৱ দ্য ডৰ্মিচন, ২০০৫ চনত
- ২০০৫ চনত চাৰিটা স্তৰৰ সৈতে গ্ৰেট লাভ্ৰা বেলটাৱাৰৰ ওচৰৰপৰা দৃশ্য
২০২৬ চনত ড্ৰোন আক্ৰমণ
[সম্পাদনা কৰক]

২০২৬ চনৰ ২৪ জানুৱাৰীত ৰাছিয়াৰ ড্ৰোন আক্ৰমণত কমপ্লেক্সটোৰ খিৰিকী ভাঙি দুটা অট্টালিকাৰ ক্ষতিসাধন হয় আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে যুদ্ধজনিত ক্ষতিসাধন হয় [25]
১৪ জুন ২০২৬ তাৰিখে ৰাছিয়াৰ এক ড্ৰোন আক্ৰমণত কিয়েভ পেচাৰ্ছক লাভ্ৰা কমপ্লেক্সটো যথেষ্ট ক্ষতিগ্ৰস্ত হয়। এই আক্ৰমণটো কিয়েভৰ আন কেইবাটাও সাংস্কৃতিক ঐতিহ্যস্থলীতো ক্ষতি কৰা বৃহৎ আক্ৰমণৰ অংশ আছিল। উল্লেশযোগ্য যে আক্ৰমণটো ১৪–১৫ জুনৰ নিশা সংঘটিত হৈছিল আৰু লাভ্ৰাৰ ডৰ্মিচন কেথেড্ৰেলৰ ছাদত জুই লাগে। [26][27] এই ক্ষতি সম্ভৱতঃ গেৰান-২ ড্ৰোনৰ আক্ৰমণৰ ফলত হৈছিল। এই ড্ৰোনক “ইৰানীয় শ্বাহেদ-ধৰণৰ কামিকাজে ড্ৰোনৰ [28] ৰাছিয়ান সংস্কৰণ” বুলি বৰ্ণনা কৰা হয়। আক্ৰমণত ডৰ্মিচন কেথেড্ৰেলৰ ছাদৰ এটা উল্লেখযোগ্য অংশ ধ্বংস হয়, মূল গম্বুজ আৰু কুপোলাৰ ক্ষতি হয়, আৰু কেথেড্ৰেলৰ ভিতৰৰ গাঁথনিত গুৰুতৰ অগ্নিকাণ্ড সংঘটিত হয়। [9] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কোনো সশস্ত্ৰ সংঘাতত এই স্থাপনাটোক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ এয়াই প্ৰথম ঘটনা আছিল। ইউক্ৰেইনৰ নিৰাপত্তা সেৱাই (SBU) গেৰান-২ ড্ৰোনৰ ধ্বংসাৱশেষৰ ফটো প্ৰকাশ কৰে। [28] ১৫ জুনলৈকে ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াসকলে ইউনেস্ক’ বিশ্ব ঐতিহ্যস্থলীখনত শ্বাহেদ-ধৰণৰ দুটা ড্ৰোনৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল। ইয়াৰপৰা ধাৰণা কৰা হৈছিল যে কিয়েভৰ স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৪:৫৫ বজাত অন্ততঃ দুটা ড্ৰোনে কিয়েভ পেচাৰ্ছক লাভ্ৰা কমপ্লেক্সক লক্ষ্য কৰি আক্ৰমণ কৰিছিল। [27] ৰাছিয়াই এই আক্ৰমণৰ দায়িত্ব অস্বীকাৰ কৰি আমেৰিকাত নিৰ্মিত পেট্ৰিয়ট বায়ু-প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰক ক্ষয়-ক্ষতিৰ বাবে দায়ী বুলি অভিযোগ কৰে।[27][29] কিন্তু ক্ৰেমলিনৰ মুখপাত্ৰই এই দাবীৰ সমৰ্থনত কোনো প্ৰমাণ আগবঢ়োৱা নাছিল। লগতে, ঘটনাস্থলত ৰাছিয়াত নিৰ্মিত শ্বাহেদ-ধৰণৰ গেৰান-২ ড্ৰোনৰ ধ্বংসাৱশেষ কিয় পোৱা গৈছিল, সেই বিষয়েও কোনো ব্যাখ্যা দিয়া হোৱা নাছিল।[27]
ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ইউলিয়া স্বিৰিদেংকোৱে জ্বলি থকা মঠটোৰ এখন ফটো প্ৰকাশ কৰি লিখিছিল: “আমাৰ জনসাধাৰণ আৰু আমাৰ ঐতিহ্যৰ ওপৰত এক নৃশংস আক্ৰমণ। এয়াই ৰাছিয়াৰ অৰ্থডক্স মূল্যবোধৰ প্ৰকৃত ৰূপ। এই পৱিত্ৰ স্থানটো ধ্বংসৰপৰা ৰক্ষা পাবলৈ আমি প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছোঁ। মানৱতাৰ বিৰুদ্ধে, ইতিহাসৰ বিৰুদ্ধে আৰু খ্ৰীষ্টান ধৰ্মৰ বিৰুদ্ধে ৰাছিয়াৰ আন এক অপৰাধ।” [27] ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে এই ঘটনাক “খ্ৰীষ্টান সংস্কৃতিৰ বিৰুদ্ধে [27][29] ৰাছিয়াৰ এতিয়ালৈকে সংঘটিত হোৱা অন্যতম গুৰুতৰ অপৰাধ” বুলি অভিহিত কৰে। তেওঁ লগতে কয়, “ৰাছিয়াৰ এই শেহতীয়া বৰ্বৰ কাৰ্যৰ সন্মুখত বিশ্বই নীৰৱ হৈ থকাটো কোনোপধ্যেই উচিত নহয়।” "[29] "লাভ্ৰাৰ ওপৰত হোৱা আক্ৰমণক ইউৰোপীয় নেতাসকলে [29] ব্যাপকভাৱে নিন্দা কৰে। ইউৰোপীয় কমিছনৰ সভাপতি উৰ্সুলা ফন ডেৰ লায়েন-এ ইয়াক “অৰ্থহীন হিংসা” বুলি অভিহিত কৰি কয়, “ৰাছিয়াই আকৌ এবাৰ দেখুৱাইছে যে তেওঁলোক কেৱল হিংসা আৰু ধ্বংসৰ প্ৰতিহে আগ্ৰহী।”ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোঁ-এ কয়, “আমাৰ সৰ্বজনীন ঐতিহ্যৰ ওপৰত এই আক্ৰমণক কোনো কথাই ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।” [29] ফ্ৰান্সৰ ইউৰোপীয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ্যাঁ-নোৱেল বাৰো-এ লগতে কয়, “এয়া যেন ফ্ৰান্সত ন’ত্ৰ-ডাম বা ছেইণ্ট-ডেনিছ কেথেড্ৰেলত বোমা নিক্ষেপ কৰা হৈছে।” [29][27] ইউৰোপীয় সংঘৰ বৈদেশিক নীতিৰ মুৰব্বী কাজা কাল্লাছে মঠটোৰ ওপৰত হোৱা আক্ৰমণক ইউক্ৰেইনৰ সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে একে ধৰণৰ যুদ্ধাপৰাধ বুলি অভিহিত কৰি এটা বিবৃতি প্ৰকাশ কৰে। তেওঁ লগতে ৰাছিয়াৰ বিৰুদ্ধে নতুন পৰ্যায়ৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে। [29]ৰোমানিয়ান পেট্ৰিয়াৰ্কেটে আক্ৰমণটোক লৈ “গভীৰ উদ্বেগ আৰু দুখ” প্ৰকাশ কৰি কয় যে এই ঘটনা “সমগ্ৰ খ্ৰীষ্টান ধৰ্ম আৰু মানৱতাৰ সৰ্বজনীন ঐতিহ্যৰ বাবে এক ক্ষতি”। [30]
কনষ্টাণ্টিনোপলৰ একিউমেনিকেল পেট্ৰিয়াৰ্কেটে এই আক্ৰমণক তীব্ৰভাৱে নিন্দা কৰি এক চৰকাৰী বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত আক্ৰমণটোক খ্ৰীষ্টান ধৰ্মৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্যৰ এক পৱিত্ৰ স্মাৰকৰ ওপৰত সংঘটিত “অগ্ৰহণযোগ্য আৰু অপৱিত্ৰ” আক্ৰমণ বুলি অভিহিত কৰা হয়। লগতে কোৱা হয় যে “কোনো যুক্তিবাদী ব্যক্তি বা কোনো যুক্তিয়েই এই বৰ্বৰ আৰু ধ্বংসাত্মক আক্ৰমণক ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।” [31][32] ১৫ জুন ২০২৬ তাৰিখে কনষ্টাণ্টিনোপলৰ একিউমেনিকেল পেট্ৰিয়াৰ্ক বাৰ্থলোমিউ প্ৰথমে কিয়েভ আৰু সৰ্ব ইউক্ৰেইনৰ মেট্ৰ’পলিটান এপিফানিয়াছ আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনযোগে কথা পাতে। এই বাৰ্তালাপসমূহত একিউমেনিকেল পেট্ৰিয়াৰ্কে “বৰ্বৰতা আৰু অসম্মানৰ কাৰ্য” বুলি অভিহিত কৰা ঘটনাটোৰ প্ৰতি তীব্ৰ ঘৃণা প্ৰকাশ কৰে। তেওঁ যুদ্ধবিধ্বস্তু ইউক্ৰেইনৰ জনসাধাৰণৰ প্ৰতি কনষ্টাণ্টিনোপলৰ মাদাৰ চাৰ্চৰ সম্পূৰ্ণ সমৰ্থন আৰু সংহতি জ্ঞাপন কৰাৰ লগতে নিহত আৰু আহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। [33][34]
প্ৰায়ৰসকল
[সম্পাদনা কৰক]কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ প্ৰায়ৰসকলৰ তালিকা তলত দিয়া হৈছে।
| বছৰ | নাম | টোকা |
|---|---|---|
| হেগুমেনচ | ||
| 1051–1062 | কিয়েভৰ এন্থনী | পেচাৰস্ক লাভাৰ প্ৰতিষ্ঠাপক আৰু ইউক্ৰেইনৰ মঠৰ পথ প্ৰদৰ্শক [35] |
| 1062–1063 | ভাৰলাম | First hegumen of the monastery, later headed St. Michael's Golden-Domed Monastery[36] |
| 1063–1074 | Theodosius I | Joined the Studite Brethren, initiated the construction of Dormition Cathedral[37] |
| 1074–1077 | Stefan I Bolharyn | One of the first singers in Rus', also served as bishop of Volodymyr, canonized[38] |
| 1077–1088 | Nikon the Great | Before schema known as Hilarion |
| 1088–1103 | John I | In 1096 Cumans led by khan Boniak attacked Kyiv and the Cave Monastery[39] |
| 1108–1112 | Theoktistos | Became a bishop of Chernihiv |
| 1112–1125 | Prokhor | Completion of the Tale of Bygone Years by Nestor the Chronicler[40] |
| ১১২৫–১১৩১ | টিমথি / আকিন্দিন | |
| ১১৩২–১১৪১ | পিমেন গায়ক | |
| ১১৪২–১১৫৬ | দ্বিতীয় থিওডোচিয়াছ | |
| ১১৫৬–১১৬৪ | আকিন্দিন মই | ১১৫৯ চনত এই মঠটোৱে ষ্টেউৰপেজিক মৰ্যাদা লাভ কৰে আৰু তেতিয়াৰ পৰাই ইয়াক লাভ্ৰা নামেৰে জনাজাত। |
| Archimandrites | ||
| 1165–1182 | Polycarp I of Pechersk | The first archimandrite; monastery sacked by Andrey Bogolyubsky (1169)[10] |
| 1182–1197 | Basil | |
| 1197-1203 | Theodosius III | Monastery sacked by Rurik Rostislavich (1203)[10] |
| 1203-1232 | Akindin II | Creation of Kyiv Cave Patericon[41] |
| 1232-1238 | Polycarp II | One of the authors of Kyiv Cave Patericon[42] |
| 1238-1249 | Agapit I | Monastery sacked by Batu Khan (1240)[10] |
| 1249-1274 | Serapion | Later moved to Vladimir |
| ১২৪৯-১২৭৪ | ভ্লাদিমিৰৰ চেৰাপিয়ন | পিছলৈ ভ্লাদিমিৰলৈ লৈ গুচি যায়। |
| ১২৭৪-১২৮৯ | আগপিত দ্বিতীয় | |
| ১২৮৯-১২৯২ | ডোচিথিয়াছ | |
| ১২৯২-১২৯৯ | দ্বিতীয় জন | |
| ১৩০০-? | আজাৰিয়া | |
| ~১৩২১ | বাৰচনোফিয়াছ | |
| ~১৩৩৫ | মেক্সিম | |
| ১৩৭০/১৩৭৭-১৩৯৫ | ডেভিদ | |
| ১৩৯৫-১৩৯৭ | আব্ৰাহামিয়াছ | |
| ১৩৯৭-১৩৯৮ | চতুৰ্থ থিয়ডোচিয়াছ | |
| ১৩৯৮-১৪১৬ | নিচেটাছ | গোল্ডেন হৰ্ডৰ খান (শিৰোনাম) এডিগেইয়ে মঠ বৰ্খাস্ত কৰে |
| ১৪১৭-১৪৩৪ | ইগনেচিয়াছ | |
| ১৪৩৪-১৪৪৬ | নাইচেফৰাছ I | |
| ১৪৪৬-১৪৬২ | নিকোলাছ | |
| ১৪৬২-১৪৬৬ | মেকাৰিয়াছ | |
| 1466-1477 | John III | Monastery rebuilt by Simeon Olelkovich[10] |
| 1477-1482 | Joasaph | Monastery burned down by Tatars[10] |
| 1482-1493 | Theodosius V Woyniłłowicz | |
| ১৪৯৪-১৫০১/১৫০৩ | ফিলাৰেট | |
| ১৫০১/১৫০৩-? | থিয়ডোচিয়াছ ষষ্ঠ | |
| ?-? | চিলভেষ্টাৰ | |
| ১৫০৬–১৫০৮ | ভাছিয়ান মই শোষক | |
| ১৫০৮-১৫০৯ | জোনাছ প্ৰথম | |
| ১৫০৯-১৫১৪ | প্ৰটেচিয়াছ প্ৰথম | |
| ১৫১৪-১৫২৪ | ইগনেচিয়াছ দ্বিতীয় | |
| ১৫২৪–১৫২৫ | এন্থনী প্ৰথম | |
| ১৫২৫-১৫২৮ | ইগনেচিয়াছ দ্বিতীয় | |
| ১৫২৮–১৫৩৫ | এন্থনী প্ৰথম | |
| ১৫৩৫-১৫৩৬ | গেনাডিয়াছ | |
| ১৫৩৬ | জোয়াচিম | |
| ১৫৩৬-১৫৩৮ | দ্বিতীয় প্ৰটেচিয়াছ | |
| ১৫৩৯-১৫৪০ | ছফ্ৰনিয়াছ | |
| ১৫৪০ চন | জোচেফ মই ৰেভুট | |
| ১৫৪০-১৫৪১ | ছফ্ৰনিয়াছ | |
| ১৫৪১-১৫৪৬ | দ্বিতীয় ভাছিয়ান | |
| ১৫৪৬-১৫৫০ | দ্বিতীয় জোয়াচিম | |
| ১৫৫১-১৫৫৪ | হিলাৰিয়ান প্ৰথম | |
| ১৫৫৪-১৫৫৫ | দ্বিতীয় যোচেফ | |
| ১৫৫৬–১৫৭২ | হিলাৰিয়ান পেচ'চিনস্কি | |
| ১৫৭২-১৫৭৪ | জোনাছ ডেচপ'ট'ভিচ | |
| ১৫৭৪-১৫৭৬ | জেৰুজালেমৰ চিলভেষ্টাৰ | |
| 1576–1590 | Meletius Chrebtowicz-Bohurynski | Received the title of stauropegion (1586)[10] |
| 1593–1599 | Nycephorus Tur | Start of conflict between Orthodox and Uniate parties after the Union of Brest[10] |
| 1599–1605 | Hipatius Pociej | Member of the Ruthenian Uniate Church |
| 1605–1624 | Yelisei Pletenecki | Established the first printing press in Kyiv (1615)[10] |
| 1624–1627 | Zakhariy Kopystenski | Well-known polemicist and theologian[43] |
| 1627–1646 | Peter Mogila | Opened the monastery school (1631), in 1632 merged into the Kyiv Collegium[10] |
| 1647-1655 | Joseph Tryzna | |
| 1656–1683 | Innocent (Giesel) | Director of the monastery printing house, publisher of Kievan Synopsis (1674)[44] |
| 1684–1690 | Varlaam Yasinski | Subordinated the monastery to the Patriarch of Moscow (1688), while retaining its autonomy[10] |
| 1691–1697 | Meletius Wujachewicz-Wysoczynski | |
| 1697–1708 | Joasaph Krokowski | Theologian and ally of Ivan Mazepa[45] |
| 1709 | Hilarion | |
| 1710–1714 | Athanasius Myslawski | |
| 1715–1729 | Joanicius Seniutovych | A fire in 1718 destroyed the library and archive, as well as most buildings of the monastery[10] |
| 1730–1736 | Roman Kopa | |
| 1737–1740 | Hilarion Nehrebecki | |
| 1740–1748 | Timothy Szczerbacki | Favourite of Elizabeth I of Russia, supporter of Hryhorii Skovoroda[46] |
| 1748–1751 | Joseph Oranski | |
| 1752–1761 | Luka Bilousovych | |
| 1762–1786 | Zosima Valkevych | In 1786 the monastery's property was seized by the Russian government and the tradition of elected leadership was abolished[10] |
| Representatives of Metropolitan bishops of Kyiv | ||
| 1787-1792 | Callist Stefanov | First prior appointed directly by the Metropolitan of Kyiv, who officially attained the title of archimandrite[10] |
| ১৭৪৮–১৭৫১ | জোচেফ অৰানস্কি | |
| ১৭৫২–১৭৬১ | লুকা বিলুছ'ভিচ | |
| ১৭৬২–১৭৮৬ | জোচিমা ভালকেভিচ | ১৭৮৬ চনত মঠটোৰ সম্পত্তি ৰাছিয়া চৰকাৰে দখল কৰি নিৰ্বাচিত নেতৃত্বৰ পৰম্পৰা বিলুপ্ত[10] |
| কিয়ভৰ মেট্ৰ'পলিটান বিচপৰ প্ৰতিনিধি | ||
| ১৭৮৭-১৭৯২ | কলিষ্ট ষ্টেফানভ | প্ৰথম প্ৰাইয়াৰ পোনপটীয়াকৈ কিয়ভৰ মেট্ৰ'পলিটানে নিযুক্তি দিছিল, যিয়ে আনুষ্ঠানিকভাৱে আৰ্কিমেণ্ড্ৰাইট[10] উপাধি লাভ কৰিছিল |
| ১৭৯২–১৭৯৫ | থিওফিলাক্ট স্লনেটস্কি | |
| ১৭৯৫-১৭৯৯ | হাইৰ'নিম Yanovsky | |
| ১৮০০-১৮১৫ | জোৱেল ভস্কোবয়নিকোভ | |
| ১৮১৫–১৮২৬ | এণ্টনিয়াছ স্মিৰ্নিটস্কি | |
| ১৮২৬–১৮৩৪ | অক্সেন্সিয়াছ হালিনস্কি | |
| ১৮৪৪–১৮৫২ | লৰেন্সিয়াছ মাকাৰোভ | |
| ১৮৫২–১৮৬২ | জন পেটিন | |
| ১৮৭৮–১৮৮৪ | হিলাৰিয়ান ইউচেনভ | |
| ১৮৮৪–১৮৯২ | জুভেনালিয়াছ পোলভচেভ | |
| ১৮৯৩–১৮৯৬ | চাৰ্জিয়াছ লানিন | |
| ১৮৯৬-১৯০৯ চন | এণ্টনিয়াছ পেট্ৰুশ্বেভস্কি | |
| ১৯০৯–১৯১৮ চন | এম্ব্ৰ'ছিয়াছ বুলগাকোভ | |
| Priors after the Revolution of 1917 | ||
| 1918-1920 | Antony Khrapovitsky | Opposed autocephaly of the Ukrainian church; removed from his post, later emigrated[47] |
| 1921-1924 | Michael Mytrofanov | Member of Ukrainian Synodal Church; confiscation of many relics by Soviet authorities (1921-22)[10] |
| 1924-1926 | Climent Zheretiyenko | |
| 1925-1929 | Innocent Pustynsky | Member of Ukrainian Synodal Church; closure of the monastery by authorities (1926)[10] |
| 1926–1929 | Hermogen Golubev | |
| Monastery dissolved (1929-1942) | ||
| Representatives of Metropolitan bishops of Kyiv | ||
| 1942-1947 | Valerius Ustymenko | |
| 1947-1953 | Cronides Sakun | |
| 1953-1961 | Nestor Tuhay | |
| Monastery dissolved (1961-1988) | ||
| Representatives of Metropolitan bishops of Kyiv | ||
| 1988-1989 | Jonathan Yeletskikh | |
| 1989-1992 | Eleutherius Dydenko | |
| 1992 | Pitirim Starynsky | Member of Ukrainian Orthodox Church - Moscow Patriarchate (UOC) |
| 1992 | Hyppolit Khilko | Member of UOC |
| 1994-2023 | Paul Lebid | Member of UOC; Dormition Cathdral rebuilt (1998-2000)[10] |
| since 2023 | Abrahamius Lotysh | Member of Orthodox Church of Ukraine |
ভৱন আৰু স্থাপত্যসমূহ
[সম্পাদনা কৰক]
কিয়েভ পেচাৰ্ছক লাভ্ৰাত বহুতো স্থাপত্য-স্মাৰক আছে। ইয়াৰ ভিতৰত ঘণ্টা-স্তম্ভ, গীৰ্জাঘৰ, গীৰ্জাৰ গুহা-ব্যৱস্থা আৰু শক্তিশালী শিলৰ দুৰ্গ-প্ৰাচীৰ আদি উল্লেখযোগ্য। লাভ্ৰাৰ প্ৰধান আকৰ্ষণসমূহৰ ভিতৰত গ্ৰেট লাভ্ৰা বেল টাৱাৰ আৰু ডৰ্মিচন কেথেড্ৰেল অন্যতম। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান বাহিনীৰ সৈতে হোৱা যুদ্ধত ডৰ্মিচন কেথেড্ৰেলটো ধ্বংস হৈছিল। ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ইউক্ৰেইনে ১৯৯০ৰ দশকত ইয়াক সম্পূৰ্ণৰূপে পুনৰ নিৰ্মাণ কৰে।
লাভ্ৰাৰ আন গীৰ্জা আৰু কেথেড্ৰেলসমূহৰ ভিতৰত আছে ৰেফেক্টৰী গীৰ্জা, চাৰ্চ অৱ অল ছেইণ্টছ, চাৰ্চ অৱ দ্য ছেভিয়ৰ এট বেৰেষ্টোভে, চাৰ্চ অৱ দ্য এক্সালটেচন অৱ দ্য ক্ৰছ, চাৰ্চ অৱ দ্য ট্ৰিনিটি, চাৰ্চ অৱ দ্য নেটিভিটি অৱ দ্য ভাৰ্জিন, চাৰ্চ অৱ দ্য কনচেপচন অৱ ছেইণ্ট এন আৰু চাৰ্চ অৱ দ্য লাইফ গিভিং স্প্ৰিং। লাভ্ৰা চৌহদত আন বহুতো নিৰ্মাণো আছে। ইয়াৰ ভিতৰত ছেইণ্ট নিকোলাছ মঠ, কিয়েভ থিয়লজিকেল একাডেমী আৰু ছেমিনাৰী, আৰু ডেবোস্কেট দেৱাল উল্লেখযোগ্য।
গ্ৰেট লাভ্ৰা বেলটাৱাৰ
[সম্পাদনা কৰক]গ্ৰেট লাভ্ৰা বেল টাৱাৰ কিয়েভৰ আকাশৰেখাৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য আৰু লাভ্ৰাৰ প্ৰধান আকৰ্ষণসমূহৰ ভিতৰত অন্যতম। ইয়াৰ উচ্চতা ৯৬.৫ মিটাৰ। ১৭৩১–১৭৪৫ চনৰ ভিতৰত নিৰ্মাণৰ সময়ত ই আছিল পৃথিৱীৰ আটাইতকৈ ওখ স্বতন্ত্ৰভাৱে থিয় হৈ থকা ঘণ্টা-স্তম্ভ। ইয়াৰ নক্সা প্ৰস্তুত কৰিছিল স্থপতি জোহান গটফ্ৰিড শেডেলে। এই বেল টাৱাৰ এক ধ্ৰুপদী স্থাপত্যশৈলীৰ নিৰ্মাণ আৰু কেইবাটাও স্তৰেৰে গঠিত। ইয়াৰ ওপৰত এটা সোণৰ প্ৰলেপ দিয়া গম্বুজ আছে।
ডৰ্মিচন কেথেড্ৰেল
[সম্পাদনা কৰক]
১১শ শতিকাত নিৰ্মাণ কৰা মঠটোৰ প্ৰধান গীৰ্জাঘৰটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ধ্বংস হয়। নাজী জাৰ্মানীৰ সৈন্যই কিয়েভ নগৰ দখল কৰাৰ কেইমাহমান পিছতে এই ধ্বংস সংঘটিত হৈছিল। সেই সময়ছোৱাতে ছোভিয়েট ইউনিয়নে বিতৰ্কিত ১৯৪১ চনৰ খ্ৰেশ্চাটিক বিস্ফোৰণ সংঘটিত কৰিছিল। ছোভিয়েট সৈন্যই পিছুৱাই যোৱাৰ সময়ত ‘জ্বলি যোৱা মাটি’ (scorched earth) কৌশল গ্ৰহণ কৰি ডিনিপাৰ নদীৰ ওপৰৰ কিয়েভৰ সকলো দলং, লগতে খ্ৰেশ্চাটিকৰ প্ৰধান পথ আৰু কিয়েভ পেচাৰ্ছক লাভ্ৰা বিস্ফোৰণেৰে উৰুৱাই দিছিল।[48] এই গীৰ্জাঘৰটো ধ্বংস কৰাটো ছোভিয়েট শাসনৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি অৱহেলাৰ এক ধাৰাবাহিকতাৰ অংশ আছিল। ইয়াৰ পূৰ্বেও ১৯৩০ৰ দশকত ওচৰতে থকা প্ৰাচীন ছেইণ্ট মাইকেলছ গোল্ডেন-ডোমড মঠ বিস্ফোৰণেৰে ধ্বংস কৰা হৈছিল।[49] ১৯২৮ চনত ছোভিয়েট কৰ্তৃপক্ষই মঠটোক ধৰ্মবিৰোধী সংগ্ৰহালয়-পাৰ্কলৈ ৰূপান্তৰ কৰিছিল। ছোভিয়েটসকল পুনৰ ক্ষমতালৈ অহাৰ পাছত গীৰ্জাঘৰটো পুনৰ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। অৱশেষত ইউক্ৰেইনে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৯৫ চনত ডৰ্মিচন গীৰ্জাঘৰৰ পুনৰ নিৰ্মাণ আৰম্ভ কৰা হয় আৰু দুবছৰৰ ভিতৰতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয়। নতুন ডৰ্মিচন গীৰ্জাঘৰটো ২০০০ চনত পৱিত্ৰকৰণ কৰা হয়।[48]
পৱিত্ৰ ত্ৰিত্বৰ প্ৰৱেশদ্বাৰ গীৰ্জা
[সম্পাদনা কৰক]ত্ৰিত্বৰ প্ৰৱেশদ্বাৰ গীৰ্জা (Gate Church of the Trinity) পৱিত্ৰ প্ৰৱেশদ্বাৰৰ ওপৰত অৱস্থিত। এই পৱিত্ৰ প্ৰৱেশদ্বাৰৰ মাজেৰেই মঠটোলৈ প্ৰৱেশ কৰিব পাৰি। এটা কিংবদন্তি অনুসৰি, এই গীৰ্জাটো চেৰ্নিহিভৰ ৰাজকুমাৰ স্বিয়াটছ্লাভ দ্বিতীয়ই প্ৰতিষ্ঠা কৰিছিল। বৰ্তমানৰ গীৰ্জাটো সেই স্থানত পূৰ্বতে অৱস্থিত এখন প্ৰাচীন শিলৰ গীৰ্জাৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। ১৭১৮ চনৰ অগ্নিকাণ্ডৰ পিছত গীৰ্জাটো পুনৰ নিৰ্মাণ কৰা হয়। সেই সময়ত কাৰিকৰ ভি. ষ্টেফানভিচে গীৰ্জাৰ সন্মানীয় বাহিৰৰ মুখমণ্ডল আৰু ভিতৰৰ দেৱালসমূহত অলংকাৰপূৰ্ণ ষ্টাকো সজ্জা সংযোজন কৰে। ১৮শ শতিকাত গীৰ্জাটোত এটা নতুন সোণালী, নাচপতি আকৃতিৰ গম্বুজ নিৰ্মাণ কৰা হয়। সন্মুখভাগ আৰু বাহিৰৰ দেৱালসমূহ ষ্টাকোত নিৰ্মিত উদ্ভিদৰ অলংকাৰেৰে সজোৱা হয়। লগতে উত্তৰ প্ৰান্তত শিলেৰে নিৰ্মিত এটা প্ৰৱেশ-পূৰ্ব কক্ষ সংলগ্ন কৰা হয়। ২০শ শতিকাৰ আৰম্ভণিতে ভি. ছোনিনৰ নিৰ্দেশনাত আইকন-চিত্ৰশিল্পীসকলে গীৰ্জাৰ সন্মুখভাগ আৰু প্ৰৱেশদ্বাৰৰ দুয়োকাষৰ দেৱালত চিত্ৰ অংকন কৰে। ত্ৰিত্বৰ প্ৰৱেশদ্বাৰ গীৰ্জাৰ ভিতৰৰ অংশত ১৮শ শতিকাৰ আৰম্ভণিৰ চিত্ৰশিল্পী আলিম্পি গালিকৰদ্বাৰা অংকিত দেৱাল-চিত্ৰসমূহো সংৰক্ষিত হৈ আছে।
সন্ত এন্থনী আৰু থিঅ’ড’ছিয়াছৰ গীৰ্জাসহ ভোজনালয় কক্ষসমূহ
[সম্পাদনা কৰক]সন্ত এন্থনী আৰু থিঅ’ড’ছিয়াছৰ গীৰ্জাসহ ভোজনালয় কক্ষসমূহ এই স্থানত নিৰ্মিত গীৰ্জাসমূহৰ ধাৰাবাহিকতাত তৃতীয়টো মন্দিৰ। প্ৰথমটো গীৰ্জা ১২শ শতিকাত নিৰ্মাণ কৰা হৈছিল। কিন্তু সেই গীৰ্জাটোৰ কোনো নক্সা বা দৃশ্যমান চিত্ৰ বৰ্তমান অৱশিষ্ট নাই। দ্বিতীয়টো গীৰ্জা কোছাক হেটমানেটৰ সময়ত নিৰ্মাণ কৰা হৈছিল। ১৯শ শতিকাত ৰাছিয়াৰ কৰ্তৃপক্ষই এই গীৰ্জাটো ভাঙি পেলায়। ইয়াৰ ঠাইত বৰ্তমানৰ গীৰ্জাটো নিৰ্মাণ কৰা হয়। এই গীৰ্জাটো সাধাৰণতে কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ ভোজনালয় গীৰ্জা নামেৰে পৰিচিত।
সৰ্বসন্তৰ গীৰ্জা
[সম্পাদনা কৰক]সৰ্বসন্তৰ গীৰ্জা ১৬৯৬–১৬৯৮ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল আৰু ই ইউক্ৰেনীয় বাৰোক স্থাপত্যশৈলীৰ এক উৎকৃষ্ট নিদৰ্শন। গীৰ্জাটোৰ বাহ্যিক অংশৰ বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ সমৃদ্ধ আৰু অলংকাৰপূৰ্ণ স্থাপত্য সজ্জা। ১৯০৫ চনত লাভ্ৰাৰ শিল্প বিদ্যালয়ৰ ছাত্ৰসকলে গীৰ্জাটোৰ ভিতৰৰ দেৱালসমূহত চিত্ৰ অংকন কৰিছিল। গীৰ্জাটোৰ কাঠেৰে খোদিত আইকনোস্তাছিছ (iconostasis)টো বহু স্তৰীয়। এই আইকনোস্তাছিছটো ১৮শ শতিকাৰ আৰম্ভণিতে সৰ্বসন্তৰ গীৰ্জাৰ বাবে নিৰ্মাণ কৰা হৈছিল।
বেৰেষ্টোভেৰ ত্ৰাণকৰ্তাৰ গীৰ্জা
[সম্পাদনা কৰক]
বেৰেষ্টোভেৰ ত্ৰাণকৰ্তাৰ গীৰ্জা কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ উত্তৰ দিশত অৱস্থিত। ১১শ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত, ৰাজকুমাৰ ভ্লাদিমিৰ মোনোমাখৰ শাসনকালত বেৰেষ্টোভে নামৰ গাঁওখনত এই গীৰ্জাটো নিৰ্মাণ কৰা হৈছিল। পিছলৈ এই গীৰ্জাটো মোনোমাখ বংশৰ সমাধিক্ষেত্ৰ বা সমাধি-মন্দিৰ হিচাপে ব্যৱহৃত হয়। ইয়াত মস্কোৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত ইউৰি ডলগোৰুকিকো সমাধিস্থ কৰা হৈছিল। বৰ্তমান গীৰ্জাটোৰ সৈতে থকা ঘণ্টাঘৰটো স্থপতি আন্দ্ৰেই মেলেনস্কিয়ে ধ্ৰুপদী স্থাপত্যশৈলীত নক্সা কৰিছিল। যদিও বেৰেষ্টোভেৰ ত্ৰাণকৰ্তাৰ গীৰ্জাটো কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ মূল দুৰ্গ-প্ৰাচীৰৰ বাহিৰত অৱস্থিত, তথাপি ই কিয়েভ পেচাৰ্ছক লাভ্ৰা কমপ্লেক্সৰ এটা অংশ।
গুহাসমূহ
[সম্পাদনা কৰক]কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ গুহাসমূহ হৈছে সংকীৰ্ণ ভূ-গৰ্ভস্থ কৰিডৰৰ এক বিস্তৃত ব্যৱস্থা। এই কৰিডৰসমূহ সাধাৰণতে প্ৰায় ১–১.৫ মিটাৰ বহল আৰু ২–২.৫ মিটাৰ ওখ। ইয়াৰ লগতে বহুতো বাসস্থান আৰু ভূ-গৰ্ভস্থ প্ৰাৰ্থনাগৃহো আছে। ১০৫১ চনত সন্ন্যাসী এন্থনীয়ে কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ ওচৰৰ এটা পাহাৰৰ পুৰণি গুহাত বসতি স্থাপন কৰে। পিছলৈ এই গুহাটোত কৰিডৰ আৰু এটা গীৰ্জাকে ধৰি বিভিন্ন সংযোজন কৰা হয়। বৰ্তমান এই স্থানটো দূৰৱৰ্তী গুহা (Far Caves) নামেৰে পৰিচিত। ১০৫৭ চনত এন্থনীয়ে উচ্চ লাভ্ৰাৰ ওচৰৰ আন এটা গুহালৈ স্থানান্তৰিত হয়। বৰ্তমান এই গুহাসমূহক নিকটৱৰ্তী গুহা (Near Caves) বুলি কোৱা হয়।
১৬শ আৰু ১৭শ শতিকাৰ বিদেশী পৰ্যটকসকলে লিখি থৈ গৈছে যে লাভ্ৰাৰ ভূ-গৰ্ভস্থ গুহাসমূহ শ শ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত আছিল আৰু মস্কো তথা নোভগৰড পৰ্যন্ত সংযোগ থকা বুলি তেওঁলোকে বৰ্ণনা কৰিছিল।[50] এই বৰ্ণনাসমূহে ইউৰোপৰ বিভিন্ন স্থানত কিয়েভ পেচাৰ্ছক লাভ্ৰাৰ বিষয়ে অধিক পৰিচিতি লাভ কৰাত সহায় কৰিছিল।
পুথিভঁৰাল
[সম্পাদনা কৰক]পিটাৰ দ্য গ্ৰেটৰ শাসনকালত লাভ্ৰাৰ উল্লেখযোগ্য গ্ৰন্থাগাৰখন অগ্নিকাণ্ডত ধ্বংস হৈছিল। ১৭১৮ চনৰ ২১–২২ এপ্ৰিলৰ নিশা অৰ্থডক্স সন্ন্যাসী তথা যিসকল জাৰৰ প্ৰতিনিধি আছিল তেওঁলোকে লাভ্ৰাৰ সেই স্থানত জুই লগাই দিছিল, য’ত ইউক্ৰেইনৰ ঐতিহাসিক অতীতৰ সৈতে জড়িত অনন্য নথি-পত্ৰ আৰু গ্ৰন্থসমৃদ্ধ গ্ৰন্থাগাৰ তথা সংৰক্ষণাগাৰ আছিল।
১৯৮৮ চনত মঠৰ কাৰ্যকলাপ পুনৰ আৰম্ভ হোৱাৰ পিছত গ্ৰন্থাগাৰৰ কামো পুনৰ আৰম্ভ কৰা হয়। লাভ্ৰাৰ সন্ন্যাসী আৰু ধৰ্মপৰায়ণ লোকসকলে ৰক্ষা কৰিবলৈ সক্ষম হোৱা বিভিন্ন প্ৰকাশন সামগ্ৰীৰে গ্ৰন্থাগাৰৰ সংগ্ৰহ পুনৰ বৃদ্ধি পাবলৈ ধৰে। নতুন গ্ৰন্থ ক্ৰয় কৰা হয় আৰু ১৯৯৫ চনত পুনৰ প্ৰতিষ্ঠা কৰা লাভ্ৰাৰ ছপাশালৰপৰা প্ৰকাশ পাবলৈ আৰম্ভ কৰা কিছুমান গ্ৰন্থও গ্ৰন্থাগাৰলৈ হস্তান্তৰ কৰা হয়।
মঠৰ পুনৰুজ্জীৱনৰ পিছত ২০ বছৰতকৈ অধিক সময়ৰ কাৰ্যকলাপৰ ফলত গ্ৰন্থাগাৰত ১০,০০০ৰো অধিক গ্ৰন্থ সংগৃহীত হয়। ২০০৮ চনত গ্ৰন্থাগাৰটো এনে এটা নতুন স্থানলৈ স্থানান্তৰ কৰা হয়, য’ত গ্ৰন্থসমূহ অধিক উপযুক্তভাৱে সংৰক্ষণ আৰু সুশৃংখলিতভাৱে সজাব পৰা যায়। লাভ্ৰাৰ গ্ৰন্থাগাৰৰ সংগ্ৰহৰ হিচাপ-নিকাচ আৰু তালিকাভুক্তকৰণৰ কাম ডিজিটেল পদ্ধতিলৈ ৰূপান্তৰ কৰা হয়।
সমাধিক্ষেত্ৰ
[সম্পাদনা কৰক]লাভ্ৰাত এশৰো অধিক সমাধি আছে। ইয়াৰে উল্লেখযোগ্যসমূহ হ’ল:-
- ইলিয়া মুৰোমেটছ — গুহাত, প্ৰায় ১১–১২শ শতিকাত।
- নেষ্টৰ দ্য ক্ৰনিকলাৰ — নিকট গুহাত, প্ৰায় ১১১৪ চনত।
- সন্ত কুকশা (Saint Kuksha) — নিকট গুহাত, প্ৰায় ১১১৪ চনত।
- আলিপি অৱ দ্য কেভছ — নিকট গুহাত, প্ৰায় ১১১৪ চনত।
- আগাপেটাছ অৱ পেচাৰ্ছক — নিকট গুহাত, প্ৰায় ১১শ শতিকাত।
- ওলেগ, ভ্লাদিমিৰ দ্বিতীয় মোনোমাখৰ পুত্ৰ; **বেৰেষ্টোভৰ ত্ৰাণকৰ্তা গীৰ্জা (Church of the Saviour at Berestove)**ত, প্ৰায় ১২শ শতিকাত।
- কিয়েভৰ ইউফেমিয়া — ভ্লাদিমিৰ দ্বিতীয় মোনোমাখৰ কন্যা; বেৰেষ্টোভৰ ত্ৰাণকৰ্তা গীৰ্জাত, ১১৩৯ চনত।
- ইউৰি ডলগোৰুকি — বেৰেষ্টোভৰ ত্ৰাণকৰ্তা গীৰ্জাত, ১১৫৭ চনত।
- ভ্লাদিমিৰ অ'লগেৰ্ডোভিচ — কিয়েভৰ ৰাজকুমাৰ আৰু লিথুৱানিয়াৰ গ্ৰেণ্ড ড্যুক আলগিৰ্ডাছৰ পুত্ৰ।[6]
- আলেকজান্দ্ৰাছ অলেলকা — কিয়েভৰ ৰাজকুমাৰ আৰু ভ্লাদিমিৰ অ'লগেৰ্ডোভিচৰ পুত্ৰ।[6][51]
- স্কিৰ্গাইল — লিথুৱানিয়াৰ গ্ৰেণ্ড ড্যুকৰ ৰিজেণ্ট; ১৩৯৭ চনত।
- ফেওডৰ অষ্ট্ৰোগস্কি।
- উলিয়ানা অ'লশানস্কা — লিথুৱানিয়াৰ গ্ৰেণ্ড ড্যুক ভিটাউটাছ দ্য গ্ৰেটৰ দ্বিতীয় পত্নী; ১৪৪৮ চনত। * Švitrigaila – the Lithuanian and Ruthenian Grand Duke (1452)[6]
- শ্বিত্ৰিগাইলা - লিথুৱানিয়া আৰু ৰুথেনিয়াৰ গ্ৰেণ্ড ড্যুক; ১৪৫২ চনত।[6]
- কনষ্টাণ্টি অষ্ট্ৰোগস্কি - ডৰ্মিচন কেথেড্ৰেলৰ ওচৰত, ১৫৩০ চনত।[6]
- ভাছিলি কোচুবেই - ৰেফেক্টৰি গীৰ্জাৰ ওচৰত, ১৭০৮ চনত।
- ইভান ইস্ক্ৰা - ৰেফেক্টৰি গীৰ্জাৰ ওচৰত, ১৭০৮ চনত।
- পিয়ত্ৰ ষ্টলিপিন - ৰেফেক্টৰি গীৰ্জাৰ ওচৰত, ১৯১১ চনত।
- সন্ত স্পিৰিডন - গুহাত, প্ৰায় ১৯–২০শ শতিকাত।
- পোপ ক্লেমেণ্ট প্ৰথম - তেওঁৰ মূৰটো দূৰ গুহাত সংৰক্ষিত আছে। তেওঁৰ বাকী পৱিত্ৰ অৱশেষসমূহ সন্ত চিৰিল আৰু মেথডিয়াছে ৰোমৰ ছান ক্লেমেণ্টে গীৰ্জালৈ লৈ গৈছিল।
ছোভিয়েট যুগত, ধৰ্মৰ প্ৰতি শাসন-ব্যৱস্থাৰ অৱহেলাৰ ফলত গুহাসমূহত থকা সন্তসকলৰ মৃতদেহসমূহ ঢাকি ৰখা হোৱা নাছিল। কিন্তু ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত সেই মৃতদেহসমূহ কাপোৰেৰে ঢাকি ৰখা হয় আৰু আজিও সেই একে অৱস্থাতে আছে।
- কিয়েভ পেচাৰ্ছক লাভ্ৰাত থকা সন্ত ইলিয়া মুৰোমেটছৰ অবিনশ্বৰ পৱিত্ৰ দেহাৱশেষ
- কনষ্টেণ্টি অষ্ট্ৰগস্কিৰ স্মৃতিসৌধ
সংগ্ৰহালয়
[সম্পাদনা কৰক]
কিয়েভ পেচাৰ্ছক লাভ্ৰা কিয়েভৰ অন্যতম বৃহৎ সংগ্ৰহালয়। ইয়াৰ প্ৰদৰ্শনীস্থলী মূলতঃ লাভ্ৰাৰ ওপৰৰ (নিকট গুহা) আৰু তলৰ (দূৰ গুহা) অঞ্চলৰ সমগ্ৰ স্থাপত্য-সমষ্টিক লৈ গঠিত, য'ত অতীতৰ বহুতো স্থাপত্যিক নিদৰ্শন সংৰক্ষিত হৈ আছে। গীৰ্জাসমূহ আৰু গুহাসমূহত থকা সংগ্ৰহৰ ভিতৰত মূল্যৱান ধাতুৰে নিৰ্মিত সামগ্ৰী, মুদ্ৰিত গ্ৰন্থ, উচ্চপদস্থ ধৰ্মগুৰুসকলৰ প্ৰতিকৃতি আৰু গীৰ্জাৰ পদবীধাৰীসকলৰ বিৰল আলোকচিত্ৰ অন্তৰ্ভুক্ত আছে।[52] মূল প্ৰদৰ্শনীত ১৬শ শতিকাৰপৰা ২০শ শতিকাৰ আৰম্ভণিলৈকে সময়ছোৱাৰ বিভিন্ন সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত পাত্ৰ, ক্ৰুচিফিক্স আৰু ১৬শ–১৯শ শতিকাৰ বস্ত্ৰশিল্পৰ লগতে ইউক্ৰেইনৰ শিল্পীসকলৰ সূচীকৰ্ম আৰু এম্ব্ৰয়ডাৰীও আছে। সংগ্ৰহৰ বাকী অংশ লাভ্ৰাৰ মুদ্ৰণালয় আৰু লাভ্ৰাৰ আইকন-চিত্ৰাঙ্কন কৰ্মশালাৰপৰা সংগৃহীত সামগ্ৰীৰে গঠিত।[52]
সংগ্ৰহালয়টোৱে ভূ-গৰ্ভস্থ সমাধি-গুহাসমূহৰ (কেটাকোম্ব) পৰিদৰ্শনৰ ব্যৱস্থাও কৰে। এই গুহাসমূহত পূব অৰ্থডক্স ধৰ্মৰ সাধুসকলৰ দেহাৱশেষ অথবা তেওঁলোকৰ পৱিত্ৰ অৱশেষ সংৰক্ষিত আছে। গুহাসমূহ ভূ-তাত্ত্বিক দিশৰপৰাও গুৰুত্বপূৰ্ণ, কিয়নো এইবোৰ লোয়েছ মাটিৰ স্তৰত খনন কৰি নিৰ্মাণ কৰা হৈছে। বিশ্বৰ ভিতৰত লোয়েছ মাটিৰ স্তৰত গঠিত গুহাসমূহৰ অন্যতম বিস্তৃত সমষ্টি হিচাপে এই গুহাসমূহক গণ্য কৰা হয়।
লাভ্ৰাৰ সংগ্ৰহালয়সমূহৰ ভিতৰত আছে:—
- ইউক্ৰেইনৰ ঐতিহাসিক সম্পদৰ সংগ্ৰহালয়
- মাৰ্টিনিভকা সম্পদ
- গ্ৰন্থ আৰু মুদ্ৰণ ইতিহাসৰ সংগ্ৰহালয়
- ইউক্ৰেইনৰ লোকশিল্পৰ সংগ্ৰহালয়
- নাট্য আৰু চলচ্চিত্ৰ কলাৰ সংগ্ৰহালয়
- ৰাষ্ট্ৰীয় ঐতিহাসিক পুথিভঁৰাল
চিত্ৰসমূহ
[সম্পাদনা কৰক]- কিয়েভ-পেচাৰস্ক লাভাৰ দৃশ্য
টোকা
[সম্পাদনা কৰক]- ↑ Late 2010 a monitoring mission of UNESCO was visiting the Kyiv Pechersk Lavra to check on situation of the site. At the time the Minister of Culture Mykhailo Kulynyak stated the historic site along with the Saint Sophia Cathedral was not threatened by the "black list" of the organisation.[12] The World Heritage Committee of UNESCO decided in June 2013 that Kyiv Pechersk Lavra, and St. Sofia Cathedral and related monastery buildings would remain on the World Heritage List.[11]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Kyiv: Saint-Sophia Cathedral and Related Monastic Buildings, Kyiv-Pechersk Lavra" (en ভাষাত). UNESCO World Heritage Centre. https://whc.unesco.org/en/list/527/। আহৰণ কৰা হৈছে: 2019-07-26.
- ↑ "Правильне написання столиці України англійською мовою закріплено в документі ЮНЕСКО – МЗС України [The correct spelling of the capital of Ukraine in English is enshrined in a UNESCO document - MFA of Ukraine]" (uk ভাষাত). gordonua.com. 2019-07-09. https://gordonua.com/ukr/news/worldnews/-pravilne-napisannja-stolitsi-ukrajini-anglijskoju-movoju-zakripleno-v-dokumenti-junesko-mzs-ukrajini-1102775.html। আহৰণ কৰা হৈছে: 2019-07-26.
- ↑ Magocsi P.R. A History of Ukraine. University of Toronto Press: Toronto, 1996. p 98.
- ↑ Cross & Sherbowitz-Wetzor 1953, পৃষ্ঠা. 7.
- 1 2 3 4 5 6 7 "Метаморфози Києво-Печерської лаври". Український Тиждень. 2024-08-05. https://tyzhden.ua/metamorfozy-kyievo-pecherskoi-lavry/। আহৰণ কৰা হৈছে: 2025-08-14.
- 1 2 3 4 5 6 "Kijevo Pečorų lauros vienuolyno kompleksas" (lt ভাষাত). Valstybinė kultūros paveldo komisija. https://vkpk.lt/u-zemelapis/kijevo-pecoru-lauros-vienuolyno-kompleksas/। আহৰণ কৰা হৈছে: 25 January 2025.
- ↑ Нетудихаткін, Ігор (2024-01-01). (uk ভাষাত)Український Тиждень. https://tyzhden.ua/cofijska-koliadka-u-poshukakh-melodii-rizdva-xvii-stolittia/। আহৰণ কৰা হৈছে: 2025-10-22.
- 1 2 3 4 5 6 "Українська молитва в лаврських печерах". Український Тиждень. 2025-07-25. https://tyzhden.ua/ukrainska-molytva-v-lavrskykh-pecherakh/। আহৰণ কৰা হৈছে: 2025-08-14.
- 1 2 Basmat, Dmytro; Fenbert, Abbey (2026-06-15). "Kyiv's historic Pechersk Lavra burns as large-scale Russian strikes kill 5, injure 29 in capital". The Kyiv Independent. https://kyivindependent.com/russian-attack-june-14-2026/। আহৰণ কৰা হৈছে: 2026-06-15.
- 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 "Kyivan Cave Monastery". https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CK%5CY%5CKyivanCaveMonastery.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- 1 2 https://en.interfax.com.ua/news/general/157947.html/[সংযোগবিহীন উৎস] Kyiv Pechersk Lavra, St. Sophia Cathedral remain on UNESCO's World Heritage List], Interfax-Ukraine (20 June 2013)
- ↑ ""Софії Київській та Києво-Печерській лаврі "чорний список" ЮНЕСКО не загрожує" – Міністр культури Михайло Кулиняк ["Sophia of Kyiv and Kyiv-Pechersk Lavra are not threatened by the UNESCO "black list" - Minister of Culture Mykhailo Kulinyak]". Archived from the original on 11 July 2015. https://web.archive.org/web/20150711080914/http://mincult.kmu.gov.ua/mincult/uk/publish/article/238820। আহৰণ কৰা হৈছে: 23 June 2017.
- ↑ "Про надання статусу національного Києво-Печерському держав... - від 13.03.1996 № 181/96 [On granting the status of national Kyiv-Pechersk State... - dated 03.13.1996 No. 181/96]". zakon1.rada.gov.ua. http://zakon1.rada.gov.ua/cgi-bin/laws/main.cgi?nreg=181/96&p=1260343170231885। আহৰণ কৰা হৈছে: 23 June 2017.
- ↑ "Сайт Національного Києво-Печерського історико-культурного заповідника [Site of the National Kyiv-Pechersk Historical and Cultural Reserve]". www.kplavra.kyiv.ua. http://www.kplavra.kyiv.ua/#। আহৰণ কৰা হৈছে: 23 June 2017.
- ↑ "General information — Kyiv Holy Dormition Caves Lavra". 14 November 2016. https://lavra.ua/en/general-information/। আহৰণ কৰা হৈছে: 9 December 2019.
- ↑ "Head of UOC led solemnities on Synaxis of Near Caves' Venerable Fathers". Kyiv Holy Dormition Caves Lavra. 11 October 2019. https://lavra.ua/en/head-of-uoc-led-solemnities-on-synaxis-of-near-caves-venerable-fathers/.
- ↑ "Historical churches of the Kyiv-Pechersk Lavra returned to Ukrainian state from Russia-affiliated church". Euromaidan Press. 2023-01-05. https://euromaidanpress.com/2023/01/05/historical-churches-of-the-kyiv-pechersk-lavra-returned-to-the-ukrainian-state-from-russia-affiliated-church/.
- 1 2 "Ukraine reclaims Kyiv cathedral amid church dispute" (en ভাষাত). ABC News. January 7, 2023. https://abcnews.go.com/International/wireStory/ukraine-reclaims-kyiv-cathedral-amid-church-dispute-96263044। আহৰণ কৰা হৈছে: 2023-01-07.
- ↑ "Epiphanius for the first time conducts Christmas service in Holy Dormition Cathedral" (en ভাষাত). www.ukrinform.net. 7 January 2023. https://www.ukrinform.net/rubric-society/3648115-epiphanius-for-the-first-time-conducts-christmas-service-in-holy-dormition-cathedral.html। আহৰণ কৰা হৈছে: 2023-01-07.
- ↑ "Orthodox leader in Kyiv ordered under house arrest by Ukrainian court". PBS NewsHour. 1 April 2023. https://www.pbs.org/newshour/world/orthodox-leader-in-kyiv-ordered-under-house-arrest-by-ukrainian-court। আহৰণ কৰা হৈছে: 6 April 2023.
- 1 2 3 4 "Kremlin says Ukrainian authorities' decision on Ukrainian Orthodox Church of Moscow Patriarchate justifies "special operation"". Ukrainska Pravda. 17 March 2023. https://www.pravda.com.ua/eng/news/2023/03/17/7393889/। আহৰণ কৰা হৈছে: 17 March 2023.
- ↑ "Metropolitan Epiphany urges calm after arrest of abbot". Church Times. 6 April 2023. https://www.churchtimes.co.uk/articles/2023/6-april/news/world/metropolitan-epiphany-urges-calm-after-arrest-of-abbot। আহৰণ কৰা হৈছে: 6 April 2023.
- ↑ "Lavra. What's next?". Lb.ua. 31 March 2023. https://lb.ua/blog/sonya_koshkina/550462_lavra_shcho_dali_.html। আহৰণ কৰা হৈছে: 31 March 2023.
- ↑ "Department of Image Collections". Archived from the original on 2025-04-21. https://web.archive.org/web/20250421071901/https://www.nga.gov/research/library/imagecollections/features/watsons_russia.html। আহৰণ কৰা হৈছে: 2026-08-17.
- ↑ Kollen Post (2026-01-26). "Ukraine war latest: Russian air attack damages Kyiv's holiest site". The Kyiv Independent. https://kyivindependent.com/ukraine-war-latest-update-2026-01-26/। আহৰণ কৰা হৈছে: 2026-01-26.
- ↑ "Cathedral burns at Unesco-listed Kyiv Pechersk Lavra after Russian attack". The Guardian. 15 June 2026. https://www.theguardian.com/world/video/2026/jun/15/dormiton-cathedral-burns-unesco-kyiv-pechersk-lavra-russian-attack.
- 1 2 3 4 5 6 7 Beaumont, Peter (15 June 2026). "Kyiv monastery set on fire in night of Russian attacks across Ukraine". The Guardian. https://www.theguardian.com/world/2026/jun/15/kyiv-pechersk-lavra-monastery-on-fire-russian-attacks-ukraine.
- 1 2 Stern, David L.; Galouchka, Anastacia (15 June 2026). "Russian attack kills at least five and damages historic monastery in Kyiv". The Washington Post. https://www.washingtonpost.com/world/2026/06/15/russian-attack-kyiv-damages-historic-monastery-kills-least-5/.
- 1 2 3 4 5 6 7 "Europa spreekt schande van Russische aanval op historisch klooster in Kyiv [Europe condemns Russia’s attack on a historic monastery in Kyiv]" (nl ভাষাত). NOS. 15 June 2026. https://nos.nl/artikel/2618687-europa-spreekt-schande-van-russische-aanval-op-historisch-klooster-in-kyiv। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Patriarhia Română deplânge atacul asupra Lavrei Pecerska din Kiev" (ro ভাষাত). Agerpres. 15 June 2026. https://agerpres.ro/2026/06/15/patriarhia-romana-deplange-atacul-asupra-lavrei-pecerska-din-kiev--1566331.
- ↑ "Το Οικουμενικό Πατριαρχείο καταδικάζει την επίθεση στη Λαύρα του Κιέβου - Οικουμενικό Πατριαρχείο" (el ভাষাত). 2026-06-15. https://ec-patr.org/15/06/17/13/to-oikoymeniko-patriarcheio-katadika/। আহৰণ কৰা হৈছে: 2026-06-16.
- ↑ "Patriarch Bartholomew condemns attack on Kyiv religious landmark | eKathimerini.com" (English ভাষাত). www.ekathimerini.com. 2026-06-15. https://www.ekathimerini.com/politics/foreign-policy/1306751/patriarch-bartholomew-condemns-attack-on-kyiv-religious-landmark/। আহৰণ কৰা হৈছে: 2026-06-16.
- ↑ "Τηλεφωνική επικοινωνία του Οικουμενικού Πατριάρχου με τον Πρόεδρο της Ουκρανίας - Οικουμενικό Πατριαρχείο" (el ভাষাত). 2026-06-15. https://ec-patr.org/15/06/20/14/tilefoniki-epikoinonia-toy-oikoymen/। আহৰণ কৰা হৈছে: 2026-06-16.
- ↑ https://www.president.gov.ua/en/news/prezident-ukrayini-ta-vselenskij-patriarh-obgovorili-rosijsk-104917
- ↑ "Saint Anthony of the Caves". 1993. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CS%5CA%5CSaintAnthonyoftheCaves.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Varlaam". https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CV%5CA%5CVarlaam.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Saint Theodosius of the Caves". 1993. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CS%5CA%5CSaintTheodosiusoftheCaves.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Stefan of Kyiv". 1993. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CS%5CT%5CStefanofKyiv.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Boniak". 1984. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CB%5CO%5CBoniak.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Povist’ vremennykh lit". 1993. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CP%5CO%5CPovisthDAvremennykhlitIT.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Kyivan Cave Patericon". https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CK%5CY%5CKyivanCavePatericon.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Polikarp, monk". https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CP%5CO%5CPolikarpmonk.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Kopystensky, Zakhariia". 1989. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CK%5CO%5CKopystenskyZakhariia.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Gizel, Innokentii". 1988. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CG%5CI%5CGizelInnokentii.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Krokovsky, Yoasaf". 1988. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CK%5CR%5CKrokovskyYoasaf.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Shcherbatsky, Tymofii". https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CS%5CH%5CShcherbatskyTymofii.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Khrapovitsky, Antonii". 1989. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CK%5CH%5CKhrapovitskyAntonii.htm। আহৰণ কৰা হৈছে: 2025-08-15.
- 1 2 "1941: уничтожение Успенского собора в Лавре" (ru-UA ভাষাত). BBC News Україна. 2016-11-03. https://www.bbc.com/ukrainian/ukraine_in_russian/2016/11/161103_ru_s_tsalyk_uspensky_cathedral। আহৰণ কৰা হৈছে: 2023-06-02.
- ↑ Гогун, Александр (2021-09-20). "Вандалы-орденоносцы. Как Красная армия взрывала Киев" (ru ভাষাত). Радио Свобода. https://www.svoboda.org/a/kak-krasnaya-armiya-vzryvala-kiev/31467844.html.
- ↑ Malikenaite (2003). Guidebook: Touring Kyiv. প্ৰকাশক Kyiv: Baltia Druk. ISBN 966-96041-3-3.
- ↑ Jučas, Mečislovas. "Aleksandras" (lt ভাষাত). Visuotinė lietuvių enciklopedija. https://www.vle.lt/straipsnis/aleksandras-1/। আহৰণ কৰা হৈছে: 25 January 2025.
- 1 2 Kyiv Sightseeing Guide. প্ৰকাশক Kyiv/Lviv: Centre d'Europe. 2001. ISBN 966-7022-29-3. https://archive.org/details/kyivturystychnyi0000unse.
Sources
[সম্পাদনা কৰক]প্ৰাথমিক উৎস
[সম্পাদনা কৰক]- Cross, Samuel Hazzard; Sherbowitz-Wetzor, Olgerd P. (1953). The Russian Primary Chronicle, Laurentian Text. Translated and edited by Samuel Hazzard Cross and Olgerd P. Sherbowitz-Wetzor. প্ৰকাশক Cambridge, Massachusetts: The Mediaeval Academy of America. পৃষ্ঠা. 325. https://www.mgh-bibliothek.de/dokumente/a/a011458.pdf. (The first 50 pages are a scholarly introduction).
- John Herbinius (1675). Religious Kyivan caves or the underground Kyiv (Religiosae Kijovienses Cryptae, Sive Kijovia Subterranea).
গৌণ উৎস
[সম্পাদনা কৰক]- Kyiv Pechersk Lavra article in Brockhaus and Efron Encyclopedic Dictionary (1907).
- Kyivan Cave Monastery Archived 23 October 2011 at the Wayback Machine in the Encyclopedia of Ukraine Archived 15 August 2009 at the Wayback Machine.
- Schotkina, Kateryna. "Kyiv Pechersk Lavra: Take away and Divide" in Zerkalo Nedeli, 11–17 November 2006.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Kyiv Pechersk Lavra সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Holy Dormition Kyiv-Pechersk Lavra – Official site (in English, Russian, and Ukrainian)
- National Kyiv-Pechersk Historico-Cultural Preserve
- Drawings and Sketches by Students of the Kyiv-Pechersk Lavra Monastery Workshop Archived 2014-11-05 at the Wayback Machine
- M. Z. Petrenko. Cave labyrinths on the territory of the National Kyiv-Pechersk Historical and Cultural Reserve. Photo essay. Kyiv, Mystetstvo, 1974 Archived 2025-09-15 at the Wayback Machine.
- National Kyiv-Pechersk Historical and Cultural Reserve. A set of postcards. Kyiv, Mystetstvo, 1977 Archived 2025-06-01 at the Wayback Machine.
- Video "Kyiv Pechersk Lavra (4k UltraHD)"