সমললৈ যাওক

কিকিমোৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইভান বিলিবিন (১৮৭৬–১৯৪২)ৰ দ্বাৰা ১৯৩৪ চনত অংকিত কিকিমোৰাৰ চিত্ৰ। (ঘৰ-আত্মা আৰু কুকুৰীৰ ৰক্ষক হিচাপে কিকিমোৰা – সেয়েহে কুকুৰীৰ দৰে ৰূপত দেখুওৱা হৈছে)।

কিকিমোৰা হৈছে এগৰাকী পৌৰাণিক জীৱ, যি স্লাভিক পৌৰাণিক কাহিনীত পোৱা এগৰাকী মহিলা গৃহ-আত্মা।[1][2] ঘৰৰ ভিতৰত তেওঁৰ ভূমিকা সাধাৰণতে ড’মোভয়ৰ সৈতে তুলনা কৰা হয়।[1] গৃহস্বামীৰ আচৰণৰ ওপৰত নিৰ্ভৰ কৰি কিকিমোৰা “ভাল” বা “বেয়া” আত্মা হ’ব পাৰে।[3] আধুনিক সময়ত কিকিমোৰাক মহিলা জলাশয় আত্মা হিচাপেও কল্পনা কৰা হয়।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

বহুতো উৎসে “-মোৰা” উপসৰ্গক প্ৰোটো-স্লাভিক morà (“ৰাতিৰ আত্মা, বেয়া সপোন”) আৰু প্ৰোটো-জাৰ্মানিক marōn-ৰ সৈতে সংযোগ কৰে, যাৰ আধুনিক ইংৰাজী শব্দ হৈছে নাইটমেয়াৰ।[4][5]

পোলিছ লোককথাত মোৰা হৈছে জীৱিত মানুহৰ আত্মা, যি ৰাতি দেহ এৰি ওলাই যায় আৰু খেৰ, চুলি বা পতংগৰ দৰে দেখা যায়। সেই অনুসাৰে পোলিছ ভাষাৰ mora আৰু চেক ভাষাৰ můra শব্দই একেলগে আত্মা আৰু “স্ফিংক্স মথ” বুজায়।[6]

একেই ধৰণৰ দ্বৈত অৰ্থ থকা শব্দ অন্য স্লাভিক ভাষাসমূহতো পোৱা যায়। যেনে কাশুবিয়ান ভাষাৰ mòra[7] আৰু স্লোভাক ভাষাৰ mora[8]

স্লোভেনীয়, ক্ৰোয়েচিয়ান আৰু ছাৰ্বীয় ভাষাত mora শব্দই “নাইটমেয়াৰ” বুজায়। মোৰা বা মাৰা প্ৰাচীন স্লাভিক পৌৰাণিক আত্মা, যি সুন্দৰ নাৰীৰ ৰূপ লৈ পুৰুষৰ সপোনত আহি তেওঁলোকক কষ্ট দিয়ে। ছাৰ্বিয়াত এই আত্মাক mora বা noćnik/noćnica বুলিও কোৱা হয়।[9]

কিকিমোৰাৰ উৎপত্তি অষ্টম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ মাজভাগত, যেতিয়া লাহে লাহে স্লাভিক পৌৰাণিক ধৰ্মক খ্ৰীষ্টান ধৰ্মই দখল কৰিছিল। তথাপি খ্ৰীষ্টান ধৰ্ম প্ৰচলিত হোৱাৰ পাছতো কিকিমোৰাত বিশ্বাস অব্যাহত আছিল। আজিও এই বিশ্বাস পুৰণি স্লাভিক লোকধৰ্ম আৰু খ্ৰীষ্টীয় দানৱীয় ধাৰণাৰ সৈতে মিলিত ৰূপত দেখা যায়।[3]

বৈশিষ্ট্য আৰু আচৰণ

[সম্পাদনা কৰক]
টাটিয়ানা নিকোলায়েভনা গিপিয়াছ (১৮৭৭–১৯৫৭)ৰ চিত্ৰত লাজুক ঘৰুৱা কিকিমোৰাই ভয় দেখুওৱা এটি শিশু।

কিকিমোৰাৰ মাইকী কুকুৰৰ ওঁঠ, কুকুৰৰ নাক বা ছাগলীৰ দৰে শিংযুক্ত মুখ থাকিব পাৰে। কেতিয়াবা তেওঁ জন্তুৰ দেহৰ যিকোনো অংশ গ্ৰহণ কৰিব পাৰে। তেওঁ সদায় মহিলা আৰু বুঢ়ী নাৰী বা সুন্দৰী যুৱতীৰ ৰূপ ল’ব পাৰে। কেতিয়াবা মৃত পৰিয়াল সদস্যৰ ৰূপতো দেখা দিয়ে।[3]

জলাশয় কিকিমোৰাক সাধাৰণতে সৰু, কুঁজা, কুৎসিত আৰু বুঢ়ী নাৰী হিচাপে বৰ্ণনা কৰা হয়। তেওঁ শেলাই আৰু ঘাঁহ পিন্ধে বুলি বিশ্বাস কৰা হয়। মানুহক ভয় খুওৱা, পথভ্ৰষ্ট কৰা, আনকি ডুবাই মৰা বা শিশুক অপহৰণ কৰাৰ কথাও লোকবিশ্বাসত পোৱা যায়।[10]

লোকবিশ্বাস অনুসাৰে mora চাবিৰ ছিদ্ৰেৰে কোঠালৈ সোমাই নিদ্ৰাৰত মানুহৰ বুকুত বহি শ্বাসৰুদ্ধ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পৰা বাচিবলৈ শিশুসকলক খিৰিকীৰ ফালে চাবলৈ, গাৰুৰ দিশ ঘূৰাই তাত ক্ৰছ চিন আঁকিবলৈ উপদেশ দিয়া হৈছিল।[11]

দুটা ধৰণৰ কিকিমোৰা আছে— এটা বনাঞ্চলৰ পৰা অহা, যি ড’মোভয়ৰ পত্নী; আনটো জলাশয় পৰা অহা (кикимора болотная), যি লেশিৰ পত্নী। জলাশয় কিকিমোৰাক ভিজা খোজৰ ছাপৰ পৰা চিনাক্ত কৰিব পাৰি বুলি কোৱা হয়।

ঘৰ পৰিষ্কাৰ আৰু শৃঙ্খলিত থাকিলে কিকিমোৰাই ঘৰৰ কাম-কাজ চোৱাচিতা কৰে। নতুবা তেওঁ বাচন-বৰ্তন ভাঙে, ৰাতি শব্দ কৰে আৰু সূতা কাটে।[12]

প্ৰভাৱ আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]
জলাশয় কিকিমোৰা (кикимора болотная), যাৰ নাম অনুসৰি মকৰা কিকিমোৰা পালুষ্ট্ৰিছৰ নামকৰণ কৰা হৈছে।

কিকিমোৰাৰ ওপৰত আধাৰিত হৈ এনাটোলি লিয়াডভে কিকিমোৰা নামৰ এটা সুৰ কবিতা ৰচনা কৰিছিল।[13]

২০১৫ চনৰ ভিডিঅ’ গেম দ্য উইচাৰ ৩: ৱাইল্ড হাণ্ট আৰু ২০১৯ চনৰ টেলিভিছন ধাৰাবাহিক দ্য উইচাৰত কিকিমোৰাৰ আধুনিক ৰূপ দেখুওৱা হৈছে, যদিও সেয়া লোককথাৰ কিকিমোৰাৰ সৈতে সঠিকভাৱে নিমিলে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Dixon-Kennedy, Mike (8 December 1998) (en ভাষাত). Encyclopedia of Russian and Slavic Myth and Legend. Bloomsbury Publishing USA. পৃষ্ঠা. 150. ISBN 978-1-57607-487-9. 
  2. Leeming, David (2005). "Kikimora" (en ভাষাত). The Oxford Companion to World Mythology. Oxford University Press. ISBN 978-0-19-515669-0. 
  3. 3.0 3.1 3.2 3.3 Joshua J. Mark. "Kikimora" (en ভাষাত). World History Encyclopedia. https://www.worldhistory.org/Kikimora/। আহৰণ কৰা হৈছে: 2022-05-25. 
  4. "Mare". OED. http://www.oed.com/view/Entry/113993#eid38054585। আহৰণ কৰা হৈছে: 22 April 2012. 
  5. Derksen, Rick (2008). Etymological dictionary of the Slavic inherited lexicon. Brill. পৃষ্ঠা. 324. ISBN 978-90-474-2816-9. 
  6. Grimm 1883, TM 2, 464, note2
  7. Bernard Sychta, Słownik gwar kaszubskich, 1969
  8. "Mora". KSSJ. http://slovniky.juls.savba.sk/?w=mora&d=kssj4। আহৰণ কৰা হৈছে: 5 September 2016. 
  9. Pócs 1999, পৃষ্ঠা 33
  10. Cherneva, N (2013) (ru ভাষাত). О прецедентных единицах русской народной сказки. 
  11. Karadžić, Vuk, Srpski rječnik 
  12. "Polish Supernatural Spirits". 
  13. "Anatoly Liadov: Kikimora". Los Angeles Philharmonic Orchestra.