সমললৈ যাওক

কিছামা ঐতিহ্যমণ্ডিত গাওঁ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিছামা হেৰীটেজ ভিলেজ

কিছামা হেৰিটেজ ভিলেজ
অৱস্থিতি কিগৱেমা–ফেছামা, কোহিমা জিলা, নাগালেণ্ড

কিছামা ঐতিহ্যমণ্ডিত গাঁও ইংৰাজী: Kisama Heritage Village বা নাগা ঐতিহ্য গাঁও বুলিও জনা যায়। ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ কহিমা জিলাৰ কিগৱেমা আৰু ফেছামা গাঁৱৰ মাজত পাহাৰৰ ঢালত অৱস্থিত এখন ঐতিহ্যমণ্ডিত গাঁও। এই ঐতিহ্যমণ্ডিত গাঁওখনেই বাৰ্ষিক হৰ্ণবিল উৎসৱৰ স্থান।[1]

এই ঐতিহ্যমণ্ডিত গাঁওখনত নাগালেণ্ডৰ ১৭টা জনগোষ্ঠীৰ মৰংসকলৰ বাসস্থান আৰু ইয়াক প্ৰামাণিক পৰম্পৰাগত নগা গাঁৱৰ অনুভৱ দিবলৈ প্ৰাচীন নগা গাঁও হিচাপে ডিজাইন কৰা হৈছে।[2]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

কিছামা নামটো ইয়াৰ চুবুৰীয়া দুখন গাঁৱৰ নামৰ সংমিশ্ৰণ: কিগৱেমাৰপৰা কি, ফেছামাৰপৰা সা আৰু কিগৱেমা আৰু ফেছামাৰপৰা মা।

অৱস্থিতি

[সম্পাদনা কৰক]

নাগালেণ্ডৰ ৰাজধানী কহিমাৰপৰা ১২ কিলোমিটাৰ (৭.৫ মাইল) দক্ষিণে কিছামা ঐতিহ্য গাঁওখন অৱস্থিত। কিগৱেমা আৰু ফেছামাৰ মাজত ১ নং এছিয়ান ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ২ৰ ওপৰত এই ঠাইখন অৱস্থিত।

চিত্ৰসমূহ

[সম্পাদনা কৰক]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Kisama Heritage Village". www.kohima.nic.in. https://kohima.nic.in/tourist-place/kisama-heritage-village/। আহৰণ কৰা হৈছে: 17 May 2022. 
  2. "Kisama Heritage Village". www.mynagaland.online. Archived from the original on 19 February 2023. https://web.archive.org/web/20230219163228/https://mynagaland.online/listing/kisama-heritage-village/। আহৰণ কৰা হৈছে: 17 May 2022. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ৱিকিমিডিয়া কমন্সত Kisama Heritage Village সম্পৰ্কীয় মিডিয়া ফাইল।

স্থানাংক: 25°36′58″N 94°06′53″E / 25.616182°N 94.114627°E / 25.616182; 94.114627