কিটনে পাকিস্তান
| কিটনে পাকিস্তান | |
|---|---|
| Kitne Pakistan.jpg | |
| লেখক | কমলেশ্বৰ |
| শিৰোনাম | कितने पाकिस्तान |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| বিষয় | ভাৰত বিভাজন |
| প্ৰকাৰ | ঐতিহাসিক উপন্যাস |
| পৃষ্ঠা সংখ্যা | ৩৬১ পৃষ্ঠা [1] |
| আই.এচ.বি.এন. | 8170283205 |
| অ.চি.এল.চি নং | 44951976 |
| ডুৱি ডেচিমেল | 891.433 |
| এল চি শ্ৰেণীকৰণ | PK2098.K26 |
| পূৰ্বৱৰ্তী | নট ফ্লাৱাৰচ্ অফ হেনা |
কিটনে পাকিস্তান (ইংৰাজী: Kitne Pakistan); translation: How Many Pakistan?[2]) হ'ল কুৰি শতিকাৰ বিখ্যাত হিন্দী লেখক, ১৯৫০ চনৰ নয়ী কাহানী ("নতুন গল্প") আন্দোলনৰ পথ প্ৰদৰ্শক আৰু পাছলৈ হিন্দী চিনেমাৰ চিত্ৰনাট্যকাৰ কমলেশ্বৰৰ ২০০০ চনৰ এখন হিন্দী উপন্যাস।[3] উপন্যাসখনত ৰূপক আৰু বাস্তৱবাদৰ সংমিশ্ৰণ ঘটিছে আৰু মানৱ ইতিহাসৰ এক বিশাল বিস্তৃতিৰ বিষয়ে আলোচনা কৰা হৈছে; ইয়াত সাম্প্ৰদায়িকতাবাদ, জাতীয়তাবাদ, হিন্দুত্ববাদ আৰু সাম্প্ৰদায়িকতাবাদৰ উত্থান অনুসৰণ কৰা হৈছে, যিয়ে সমগ্ৰ ইতিহাসতে নিজৰ সিদ্ধান্তৰ বোজা বহন কৰি অহা সাধাৰণ মানুহৰ হৈ আৰু সাধাৰণ মানুহৰ বাবে সিদ্ধান্ত লোৱা লোকসকলৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। উপন্যাসখন ১৯৪৭ চনত ভাৰত বিভাজনৰ পাছত হোৱা হিংসা, বিচ্ছেদ আৰু ৰক্তপাতৰ সাক্ষী আৰু ইয়াত বিভাজনকাৰী ৰাজনীতি আৰু ধৰ্মৰ প্ৰকৃতি আৰু অসাৰতা পৰীক্ষা কৰা হৈছে।[2][4][5]
ই ২০০৩ চনত সাহিত্য অকাডেমীয়ে প্ৰদান কৰা হিন্দীৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে৷[6] আজিৰ তাৰিখত এই উপন্যাসখনক লেখকৰ উত্তম গ্ৰন্থ[3] আৰু আধুনিক হিন্দী সাহিত্যৰ অন্যতম ক্লাছিক গ্ৰন্থ হিচাপে গণ্য কৰা হয়।[7]
ইতিহাস
[সম্পাদনা কৰক]১৯৯০ চনৰ মে' মাহত কমলেশ্বৰে তেওঁৰ অভিলাষী উপন্যাসখনৰ কাম আৰম্ভ কৰে, যাৰ লক্ষ্য আছিল বিভাজনক ৰূপক আৰু বাস্তৱবাদৰ জৰিয়তে বুজি পোৱা।[8]
২০০১ চনত উপন্যাসখনৰ প্ৰথম ইংৰাজী অনুবাদ প্ৰকাশ হয় কথাই প্ৰকাশ কৰা এক দেশ বিভাজন বিষয়ক অনুবাদ বিভাজন (Translating partition) সংকলনত, য'ত সাদাত হাছান মাণ্টো আৰু ভীষ্ম চাহনীৰ ৰচনাও সন্নিৱিষ্ট কৰা হৈছিল।[9] ইয়াৰ পাছত আমিনা কাজী আনছাৰীয়ে আন এক অনুবাদ কৰে, যিটো পাৰ্টিচনছ নামেৰে ২০০৬ চনত পেংগুইন বুকছে প্ৰকাশ কৰে;[10] তাৰ পাছত ইয়াক বহুলভাৱে সংকলন কৰা হয়।[2] উপন্যাসখনৰ বিষয়ে কেইবাটাও সমালোচনাত্মক অধ্যয়ন কৰা হৈছে, সেইবোৰৰ ভিতৰত আছে ২০০৯ চনৰ বিনোদ কে চোপ্ৰাৰ বিভাজনৰ গল্পসমূহ: সম্প্ৰদায়, সাম্প্ৰদায়িকতা আৰু লিংগৰ মানচিত্ৰায়ন (Partition stories : mapping community, communalism, and gender)। ২০১৩ চনত উপন্যাসখনৰ আন এক আলোচনাত্মক অধ্যয়ন কিটনে পাকিস্তান: সম্প্ৰদয়িকা বিমৰ্ষ (Kitne Pakistan: sampradayika vimarsha) প্ৰতাপসিং ৰাজপুতে প্ৰকাশ কৰে।[11]
উপন্যাসখনে জনপ্ৰিয়তাৰ লগতে সমালোচকৰ প্ৰশংসা লাভ কৰে, ইয়াক মাৰাঠী আৰু ফৰাচীকে ধৰি কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে।[12]
সাৰাংশ
[সম্পাদনা কৰক]কাল্পনিক আদালতত বিভিন্ন ঐতিহাসিক চৰিত্ৰক সাক্ষীৰ বাকচলৈ আনি তেওঁলোকৰ ইতিহাসৰ সংস্কৰণ বৰ্ণনা কৰিবলৈ কোৱা হৈছে৷ এই ঐতিহাসিক ব্যক্তিত্বৰ ভিতৰত আছে মোগল সম্ৰাট বাবৰ আৰু ঔৰংজেৱৰ পৰা আৰম্ভ কৰি স্পেনিছ দুঃসাহসিক হাৰ্নাণ্ডো কৰ্টেজ, লৰ্ড মাউণ্টবেটেন, এডলফ হিটলাৰ আৰু ছাদ্দাম হুছেইনৰ লগতে ৰাজনৈতিক নেতা, ধৰ্মীয় উগ্ৰ আৰু আনকি পৌৰাণিক কাহিনীৰ চক্ৰান্তকাৰী দেৱতা, বহুতকে অভিযুক্ত কৰা হৈছে যে ঘৃণা আৰু অবিশ্বাসৰ উত্তৰাধিকাৰসূত্ৰে তেওঁলোকে অগণন বিভক্ত জাতি আৰু জনসাধাৰণৰ সৃষ্টি কৰিছে৷ মানৱতাৰ হৈ থিয় দিয়া একমাত্ৰ মধ্যস্থতাকাৰী হ'ল এজন নামহীন (বা বেনামী) ভক্ত, সাহিত্যিক। তেওঁ সাক্ষীসকলৰ কথা শুনি থাকে, আৰু কুৰুক্ষেত্ৰ, কাৰ্গিল, হিৰোচিমা আৰু নাগাছাকি, নাজী জাৰ্মানী, পূব টিমৰ, এজটেক সভ্যতা আৰু পৌৰাণিক গ্ৰীচৰ পৰা বছনিয়ালৈকে হোৱা হতাহতৰ ওপৰত চিন্তা কৰে।
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]২০০৭ চনত দিয়া এক সাক্ষাৎকাৰত কমলেশ্বৰৰ সৈতে চলচ্চিত্ৰ জগতত কাম কৰা কবি-গীতিকাৰ গুলজাৰে উপন্যাসখনৰ বিষয়ে উল্লেখ কৰিছিল,"মই ইমানবোৰ বাক্য আণ্ডাৰলাইন কৰিছিলোঁ যিবোৰ সম্ভাৱ্য চুটিগল্প বা ছবিৰ সামগ্ৰী আছিল। এক বৰ্ণনা আছে য'ত দলঙৰ পৰা ৰুমাল এখন পৰি যায়; মই তেওঁক সদায় কৈছিলোঁ যে মই এই এটা শাৰীত সম্পূৰ্ণ এক চুটিগল্প লিখিব পাৰোঁ।"[13] ২০১৩ চনত এখন নাটকৰ ৰূপতো উপন্যাসখন অভিযোজিত কৰা হৈছে।[14]
অনুবাদ
[সম্পাদনা কৰক]- পাৰ্টিচন, পেংগুইন বুকছ, ২০০৬। (ISBN:০-১৪-৪০০০৯৯-৭) (পুনৰমুদ্ৰণ: ২০০৮, ISBN:৯৭৮-০-১৪-৩০৬৩৭০-৪)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "LC Online Catalog - Item Information". Library of Congress. http://catalog.loc.gov/vwebv/holdingsInfo?searchId=10883&recCount=25&recPointer=4&bibId=12163765। আহৰণ কৰা হৈছে: 2014-10-11.
- 1 2 3 Geeti Sen (1997). Crossing Boundaries. Orient Blackswan. পৃষ্ঠা. 81, 91. ISBN 978-81-250-1341-9. https://books.google.com/books?id=BfukTDZTBNMC&pg=PA91.
- 1 2 Kamleshwar (2007). Not Flowers of Henna. Katha. পৃষ্ঠা. 6, 8. ISBN 978-81-89020-21-7. https://books.google.com/books?id=6dXQlaIX_GYC&pg=PA8.
- ↑ Sukrita Paul Kumar (2004). Narrating partition: texts, interpretations, ideas. Indialog Publications. পৃষ্ঠা. 15. ISBN 978-81-87981-62-6. https://books.google.com/books?id=CPFjAAAAMAAJ.
- ↑ "अदीबों की अदालत है 'कितने पाकिस्तान'" (Hindi ভাষাত). BBC, Hindi. 29 December 2003. https://www.bbc.co.uk/hindi/entertainment/story/2003/12/031229_kitnepakistan_review.shtml। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Sahitya Akademi Awards listings". Sahitya Akademi, Official website. http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi_awards.jsp। আহৰণ কৰা হৈছে: 11 October 2014.
- ↑ Sweta Kaushal (15 September 2014). "7 classics of Hindi literature you must read right now - Hindustan Times". Archived from the original on 10 October 2014. https://web.archive.org/web/20141010145210/http://www.hindustantimes.com/lifestyle/books/hindi-week-special-7-classics-of-hindi-literature-you-must-read-right-now/article1-1264249.aspx। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ Nilanjana S Roy (15 August 2006). "Four tales of Partition". Business Standard. http://www.business-standard.com/article/opinion/four-tales-of-partition-106081501068_1.html। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ Makarand Paranjape (9 July 2001). "Book review of 'Translating Partition'". India Today. https://www.indiatoday.in/magazine/society-and-the-arts/books/story/20010709-book-review-of-translating-partition-773744-2001-07-08। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ Kamleshwar (2008). Partitions. Penguin Books India. ISBN 978-0-14-306370-4. https://books.google.com/books?id=9GeynZttww4C.
- ↑ Pratapsingh Rajput (2013). Kitane Pākistān: sāmpradāyika vimarśa. Vinaya Prakāśana. ISBN 978-81-89187-15-6. https://books.google.com/books?id=xIhZlAEACAAJ.
- ↑ Harihar Swarup (28 December 2003). "PROFILE: Kamleshwar brings out the truth of life". The Tribune, Chandigarh. https://www.tribuneindia.com/2003/20031228/edit.htm#3। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ Gulzar (29 Jan 2007). "Kamleshwar, Hindi's gem, dies at 75". Indian Express. http://archive.indianexpress.com/news/kamleshwar-hindis-gem-dies-at-75/22039/। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Founder'S Day: Dikshant students stage 'Kitne Pakistan'". The Tribune, Chandigarh. 29 December 2013. https://www.tribuneindia.com/2013/20131229/cth1.htm#15। আহৰণ কৰা হৈছে: 2014-10-11.