কিট্টি শিৱা ৰাও
| কিট্টি শিৱা ৰাও | |
|---|---|
কিট্টি শিৱা ৰাও, ১৯৩৭ চনৰ এখন প্ৰকাশনৰ পৰা | |
| জন্ম | কিট্টি ফাৰষ্টেণ্ডিগ ১২ ডিচেম্বৰ ১৯০৩ ভিয়েনা, অষ্ট্ৰিয়া |
| মৃত্যু | ০৯ ফেব্ৰুৱাৰী, ১৯৮০ (৭৬ বছৰ) বেংগালুৰু, ভাৰত |
| ৰাষ্ট্ৰীয়তা | অষ্ট্ৰিয়ান-ভাৰতীয় |
| পেচা | মণ্টেছৰী শিক্ষয়িত্ৰী |
| জনা যায় | * ভাৰতীয় শিক্ষা-ব্যৱস্থা আৰু ভাৰতীয় মহিলা আন্দোলনৰ সৈতে সম্পৰ্ক
|
| দাম্পত্যসঙ্গী | বেনেগল শিৱা ৰাও (১৯২৯–১৯৭৫) |
কিট্টি শিৱা ৰাও (ইংৰাজী: Kitty Shiva Rao; জন্ম: ১২ ডিচেম্বৰ ১৯০৩ – মৃত্যু: ৯ ফেব্ৰুৱাৰী ১৯৮০) অষ্ট্ৰিয়াৰ এগৰাকী মণ্টেছৰী শিক্ষয়িত্ৰী আৰু থিয়'ছফিষ্ট আছিল, যিয়ে ভাৰতৰ স্বাধীনতাৰ সময়ছোৱাত মহিলাৰ এখন সমিতিৰ নেতৃত্ব দি ভাৰতৰ নতুন সংবিধানৰ বাবে ভাৰতীয় মহিলাৰ অধিকাৰ আৰু কৰ্তব্যসমূহৰ এক চনদৰ খচৰা প্ৰস্তুত কৰাত অংশগ্ৰহণ কৰিছিল। শিশু শিক্ষাৰ অধ্যয়ন কৰাৰ পাছত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলন (AIWC), সৰ্বভাৰতীয় হস্তশিল্প ব’ৰ্ড, ভাৰতীয় শিশু কল্যাণ পৰিষদ আৰু দিল্লী বিশ্ববিদ্যালয় ব’ৰ্ড আদি কেইবাটাও মহিলা আন্দোলন আৰু শিক্ষা ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰিছিল।
উচ্চ মধ্যবিত্তীয় ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা শিৱা ৰাৱে তেওঁৰ প্ৰথম কেৰিয়াৰটো ভিয়েনা হাউচ অৱ চিলড্ৰেনত আৰম্ভ কৰে। ১৯২৫ চনত তেওঁ ভাৰতৰ আদয়াৰত অৱস্থিত থিয়'ছফিকেল ছ'চাইটিত অধ্যয়ন কৰিবলৈ আহে আৰু পিছলৈ বাৰাণসীত এখন মণ্টেছৰী বিদ্যালয়ৰ নেতৃত্ব ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পিছত তেওঁ এলাহাবাদত এখন মণ্টেছৰী বিদ্যালয় স্থাপন কৰে। ১৯২৯ চনত তেওঁ সাংবাদিক তথা কংগ্ৰেছৰ ৰাজনীতিবিদ বেনেগল শিৱা ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
১৯৪৭ চনত ফৰী নেহৰুৰ সৈতে ভাৰত বিভাজনৰ পিছত শৰণাৰ্থী শিবিৰসমূহত বাস কৰা মহিলাসকলৰ বাবে দিল্লীত শৰণাৰ্থী হস্তশিল্প নিয়োগ অভিযান স্থাপন কৰাত সহায় কৰে। পিছলৈ তেওঁ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ বিকাশৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সহ-প্ৰতিষ্ঠাপক হিচাপে কাম কৰে আৰু নিজৰ কেৰিয়াৰৰ পিছৰ সময়ছোৱাত ভাৰতত নিৰ্মিত শিল্পকৰ্মৰ প্ৰচাৰ অব্যাহত ৰাখে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কিট্টি ফাৰষ্টেণ্ডিগৰ জন্ম ১৯০৩ চনত আব্ৰাহাম ফাৰষ্টেণ্ডিগ আৰু জেনি ল'ভীৰ উচ্চ মধ্যবিত্তীয় ইহুদী পৰিয়ালত হৈছিল। তেওঁ মণ্টেছৰী শিক্ষা অধ্যয়ন কৰিছিল।[1] কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ ভিয়েনা হাউচ অৱ চিলড্ৰেন নামৰ এখন মণ্টেছৰী বিদ্যালয়ত পাঠদান কৰিছিল আৰু থিয়'ছফিকেল ছ'চাইটিৰ সৈতে জড়িত হৈছিল।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]১৯২০–৩০ দশক
[সম্পাদনা কৰক]১৯২৫ চনত আদয়াৰত অনুষ্ঠিত থিয়'ছফিকেল ছ'চাইটিৰ ৫০সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত তেওঁ অষ্ট্ৰিয়ালৈ উভতি নাযাবলৈ সিদ্ধান্ত লয় আৰু ভাৰতত থাকি ভাৰতীয় শিক্ষা-ব্যৱস্থাৰ সৈতে জড়িত হয়। তেওঁ বাৰাণসীত এখন মণ্টেছৰী বিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে।[1] ১৯২৭ চনত এলাহাবাদত এখন মণ্টেছৰী বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন হোৱাত তেওঁ নিজৰ বন্ধু এলিছ ব্ৰাউন বাৰ্নেট্টোলৈ নিমন্ত্ৰণ জনায়।[1] তাত দুয়োজনী মহিলাই নেহৰু পৰিয়ালৰ সৈতে মিশ্ৰিত হৈছিল।[1] হাৰবাটশেক দুবছৰ থাকি জৱাহৰলাল নেহৰুৰ কন্যা ইন্দিৰাক পাঠদান কৰিছিল আৰু তেওঁৰ ভগ্নী কৃষ্ণা হুথিসিংৰ সহায় লাভ কৰিছিল।[1]
১৯২৯ চনত ফাৰষ্টেণ্ডিগে সাংবাদিক আৰু কংগ্ৰেছৰ ৰাজনীতিবিদ বেনেগল শিৱা ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হৈ কিট্টি শিৱা ৰাও নামেৰে পৰিচিত হয়।[1] তেওঁৰ বন্ধু-বান্ধৱীৰ ভিতৰত জিড্ডু কৃষ্ণমূৰ্তিও আছিল।[1] ১৯৩১ চনত তেওঁ জাৰ্মানীলৈ ভ্ৰমণ কৰি পল গেহেবৰ ওডেনভাল্ডছুলে আদি বিদ্যালয় পৰিদৰ্শন কৰে, শিক্ষা ক্ষেত্ৰৰ নতুন উন্নয়নসমূহৰ বিষয়ে অৱগত হ’বলৈ।[1] আনশ্লুছৰ পিছত তেওঁ হাৰবাটশেকক ভাৰতলৈ পলায়ন কৰাত সহায় কৰে।[1] তেওঁৰ সংযোগসমূহে নিৰ্যাতনৰপৰা পলাই অহা আন ইহুদীসকলকো ভাৰতত স্থায়ী হ’বলৈ সহায় কৰিছিল।[2][3]
১৯৪০–৫০ দশক
[সম্পাদনা কৰক]১৯৪৭ চনৰ ছেপ্টেম্বৰত দিল্লীৰ কিংছৱে কেম্পত মহিলাসকলে চিলাই আৰু বোৱনীৰ কাম কৰিছিলে।
শিৱা ৰাৱে শিশু শিক্ষাৰ গভীৰ অধ্যয়ন কৰিছিল আৰু দিল্লী বিশ্ববিদ্যালয় ব’ৰ্ড আৰু অল-ইণ্ডিয়া এডুকেচন ফাণ্ড এছ'চিয়েশ্যনকে ধৰি কেইবাটাও শিক্ষা ব’ৰ্ড আৰু সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল।[4] তেওঁ একনায়কত্ববাদী পাঠদান পদ্ধতিৰ তীব্ৰ সমালোচনা কৰিছিল আৰু শিশুসকলৰ প্ৰয়োজন চিনাক্ত কৰি পূৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[1]
তেওঁ ভাৰতীয় মহিলা আন্দোলনত জড়িত হৈ সৰ্বভাৰতীয় মহিলা সন্মিলনত যোগদান কৰে আৰু ১৯৪১ আৰু ১৯৪৫ চনৰ অধিৱেশনত সামাজিক আৰু আইন শাখাৰ নেতৃত্ব গ্ৰহণ কৰে।[1] ১৯৪৬ চনৰ ভিতৰত তেওঁ সংগঠনখনৰ এক গুৰুত্বপূৰ্ণ সদস্য হৈ পৰে আৰু নতুন গঠিত গণপৰিষদৰ সৈতে সম্পৰ্ক স্থাপন কৰে।[5]
১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত তেওঁ ফৰী নেহৰু আৰু প্ৰেম বেৰীৰ সৈতে মিলি দিল্লীৰ শৰণাৰ্থী শিবিৰসমূহত “Refugee Handicrafts” নামৰ নিয়োগ অভিযান আৰম্ভ কৰে।[6][7] ১৯৫২ চনত তেওঁ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ উন্নয়নৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সহ-প্ৰতিষ্ঠাপক হয় আৰু সৰ্বভাৰতীয় হস্তশিল্প ব’ৰ্ডৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰে।[8]
মৃত্যু
[সম্পাদনা কৰক]তেওঁ ৯ ফেব্ৰুৱাৰী ১৯৮০ চনত বেংগালুৰু, ভাৰতত মৃত্যুবৰণ কৰে।[9]
প্ৰকাশন
[সম্পাদনা কৰক]- Rao, Kitty Shiva (1945) (en ভাষাত). The Draft Hindu Code. All-India Women's Conference. https://books.google.com/books?id=l2F4NQAACAAJ.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 7 8 9 10 11 12 Horn, Elija (2018). New Education, Indophilia and Women's Activism: Indo-German Entanglements, 1920s to 1940s. প্ৰকাশক Humboldt University of Berlin: Südasien-Chronik. ISBN 978-3-86004-337-0. https://www.iaaw.hu-berlin.de/de/region/suedasien/publikationen/sachronik/04-focus-horn-elija-new-education-indophilia-and.pdf.
- ↑ Franz, Margit (2010). "Sanskrit to Avantgarde. Indo-österreiche Initiativen zur Dokumentation und Förderung von Kunst und Kultur". In Krist, Gabriela; Bayerová, Tatjana (German ভাষাত). Heritage Conservation and Research in India: 60 Years of Indo-Austrian Collaboration. Böhlau Verlag Wien. পৃষ্ঠা. 27. ISBN 978-3-205-78561-3. https://books.google.com/books?id=AqDKSZUEi6gC&pg=PA15.
- ↑ Franz, Margit (2016). "2. Netzwerke der Zwischenkriegszeit als Fluchthilfen aus Zentraleuropa nach Britisch-Indien 1933 bis 1945" (en ভাষাত). Networks of Refugees from Nazi Germany: Continuities, Reorientations, and Collaborations in Exile. BRILL. পৃষ্ঠা. 38–60. ISBN 978-90-04-32272-1. https://books.google.com/books?id=ECzFDAAAQBAJ&q=+0.++63%2F97890043++738_004&pg=PA38.
- ↑ Shiva Rao, Kitty (1946). "2. Child Education". In Kumarappa, J. M.. Education of women in modern India. পৃষ্ঠা. 5.
- ↑ Everett, Jana (2001). "'All the Women Were Hindu and All the Muslims Were Men': State, Identity Politics and Gender, 1917-1951". Economic and Political Weekly খণ্ড 36 (23): 2071–2080. ISSN 0012-9976. https://www.jstor.org/stable/4410720.
- ↑ Sackley, Nicole (2022). "10 - The Bankura Horse as Development Object : Women’s Work, Indo-American Exchanges, and the Global Handicraft Trade". In Fischer-Tiné, Harald. The United States and South Asia from the Age of Empire to Decolonization: A History of Entanglements. Amsterdam University Press. পৃষ্ঠা. 235–266. doi:10.1017/9789400604421. ISBN 978-94-006-0442-1. https://library.oapen.org/bitstream/handle/20.500.12657/61212/1/9789087283971.t.pdf#page=235.
- ↑ Nehru, B. K (2012) (English ভাষাত). Nice guys finish second: memoirs. প্ৰকাশক New Delhi: Penguin Books. পৃষ্ঠা. 211. ISBN 978-0-14-341782-8. OCLC 1117765699.
- ↑ Viswanath, Meylekh (13 April 2017). "From the Reich to the Raj". Jewish Standard. https://jewishstandard.timesofisrael.com/from-the-reich-to-the-raj/.
- ↑ "Kitty Shiva Rao". The Times of India: পৃষ্ঠা 4. 1980-02-12.