সমললৈ যাওক

কিনচেনিয়েৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমেৰিকাৰ মেক্সিকান ছোৱালী এগৰাকীৰ ছাণ্টা ফে, নিউ মেক্সিকোত কিইনচেনিয়েৰা উদযাপনত

কিনচেনিয়েৰা (ইংৰাজী: Quinceañera) হৈছে মেক্সিকো আৰু অন্যান্য লেটিন আমেৰিকাৰ সংস্কৃতিত ছোৱালীৰ ১৫ বছৰীয়া জন্মদিন ওলহ মালহেৰে পালন কৰা এক প্ৰথা। স্পেনিছ ভাষাত ১৫ বছৰীয়া জন্মদিন উদযাপন কৰা ছোৱালীজনীক কিনচেনিয়েৰা বুলি কোৱা হয়। এই জন্মদিনটো আন যিকোনো জন্মদিনতকৈ বেলেগ ধৰণে পালন কৰা হয় কাৰণ এই বয়সত ছোৱালীৰ শৈশৱৰ পৰা যুৱতীলৈ পৰিৱৰ্তন ঘটে।[1] কিনচেনিয়েৰা হৈছে এজটেক আৰু অন্যান্য থলুৱা গোটৰ এক প্ৰাচীন ৰীতি য'ত তেওঁলোকে ১৫ বছৰ বয়সত ছোৱালীৰ নাৰীত্ব উদযাপন কৰিবলৈ এক অনুষ্ঠান অনুষ্ঠিত কৰে। কিনচেনিয়েৰা শব্দটো দুটা স্পেনিছ শব্দৰে গঠিত,"পোন্ধৰ" আৰু "বছৰ"[2] [3] অতীতত, দক্ষিণ ইউৰোপ, মুখ্যতঃ স্পেইন আৰু ফ্ৰান্সত সমান্তৰাল ৰীতি-নীতি সচৰাচৰ দেখা গৈছিল। বৰ্তমান সময়ত, এই প্ৰথা এতিয়াও মেক্সিকোত প্ৰচলিত হয়। অৱশ্যে, ইয়াক আমেৰিকাৰ স্পেনিছ ভাষী দেশবোৰত ব্যাপকভাৱে উদযাপন কৰা হয়। বিভিন্ন দেশত উদযাপনৰ নিয়মবোৰ বেলেগ বেলেগ হয়। উদাহৰণ স্বৰূপে, কিছুমানৰ উদযাপনত আনবোৰতকৈ অধিক ধৰ্ম্মীয় প্ৰভাৱ থাকেে। যেনে কেথলিক চাৰ্চৰ পুৰোহিত ছোৱালীজনীক আশীৰ্বাদ কৰে আৰু পিতৃ-মাতৃয়ে তেওঁলোকৰ ছোৱালীয়ে এই বয়সত উপনীত হোৱাৰ বাবে ঈশ্বৰক ধন্যবাদ জনায়।[4] আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো লেটিন আমেৰিকান লোকে নিজৰ পৰম্পৰা অনুসৰি কিনচেনিয়েৰা উদযাপন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা পুয়েৰ্টো ৰিকানসকলৰ বাবে, কিনচেনিয়েৰা হৈছে জাতিগত গৌৰৱ আৰু নিজৰ জাতিগত উৎপত্তিৰ চুবুৰীয়াৰ পৰা নিজকে পৃথক কৰি দেখোওৱাৰ সুযোগ। কিছুমান অধ্যয়নত কোৱা হৈছে যে কিনচেনিয়েৰা উদযাপন পৰিয়ালৰ ধন-সম্পত্তি আৰু মৰ্যাদা প্ৰদৰ্শন কৰাৰ অজুহাত।[5] আমেৰিকা যুক্তৰাষ্ট্ৰত এইটো পৰম্পৰাগতভাৱে ষোড়শ জন্মদিন যাক "চুইট চিক্সটিন" হিচাপে ব্যয়বহুলভাৱে উদযাপন কৰা হয়।[6]

সময়ৰ সৈতে পৰিৱৰ্তন

[সম্পাদনা কৰক]

কিনচেনিয়েৰাৰ আঁৰৰ অৰ্থ সময়ৰ লগে লগে অধিক পৰিশোধিত হৈ পৰিছে আৰু বিভিন্ন লেটিন সংস্কৃতিয়ে তেওঁলোকে বাস কৰা ঠাইৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ৰিতিবোৰ খাপ খুৱাই লয়। গ্ৰাম্য সমাজত ছোৱালীক ১৫ বছৰ সম্পূৰ্ণ হ’লেই বিয়াৰ বাবে সাজু বুলি গণ্য কৰা হৈছিল। ২০ শতিকাত কিনচেনিয়েৰাই নাৰীত্বৰ সৈতে জড়িত কিছুমান বিশেষাধিকাৰ লাভ কৰে: প্ৰাপ্তবয়স্ক পাৰ্টিবোৰত উপস্থিত থাকিবল অনুমতিৈ, মেকআপ, গহনা আদি পিন্ধিবলৈ অনুমতি। ছোৱালীজনীক যুৱক-যুৱতীৰ লগত মিলি যোৱাৰ সুযোগ দিয়াৰ উদ্দেশ্যে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোক গোট খায়। ধনী পৰিয়ালবোৰে সাজ-পোছাকৰ সৈতে ধুম ধামেৰে কিনচেনিয়েৰাৰ উদযাপন কৰিছিল। ধনী পৰিয়ালসমূহে নিজৰ অতিৰিক্ত উদযাপনৰ প্ৰচাৰৰ বাবে বাতৰি কাকতত কিনচেনিয়েৰাৰ কথা ঘোষণা কৰিছিল।

১৯৬০ৰ দশকত, যিহেতু অধিক লাটিনো আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল, তেওঁলোকে তেওঁলোকৰ ভিন্ন ৰাষ্ট্ৰীয় পৰম্পৰাবোৰ তেওঁলোকৰ সৈতে লৈ আহিছিল। কিনচেনিয়েৰাত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে প্ৰায়ে অনুষ্ঠানটোত সহায় কৰা দেখা যায়, উদাহৰণস্বৰূপে সমযোৱা ভাৱে খাদ্য প্ৰস্তুতি।[7] সাধাৰণ খাদ্য আৰু কেক উদযাপনৰ পৰা ধনী পৰিয়ালৰ মাজত ই পছলৈ বিকশিত হৈ ডাঙৰ পাৰ্টিৰ অনুষ্ঠানলৈ পৰিণত হৈছে। পৰিয়ালবোৰে ইভেণ্ট প্লেনাৰ বা অনুষ্ঠান পৰিকল্পনাকাৰী ব্যৱহাৰ কৰিব ধৰিলে আৰু লগতে থিম বা বিষয়বস্তু লৈ উদযাপন গঢ়ি তোলাও দেখা গʼল। বিশেষ প্ৰৱেশদ্বাৰ আৰু নৃত্যৰ সৈতে মঞ্চস্থ কৰা আৰু পেছাদাৰী ফটোশ্বুট আৰু ভিডিঅ' ব্যাপকভাৱে ব্যৱহাৰ হয়। আধুনিক কিনচেনিয়েৰা উদযাপনত অন্য সংস্কৃতিৰ পৰম্পৰাও অন্তৰ্ভুক্ত কৰা হয়। কিনচেনিয়েৰা-সম্পৰ্কীয় সামগ্ৰীৰ বজাৰো লগতে বিকশিত হৈছে।[8]

মেক্সিকো

[সম্পাদনা কৰক]

১৯৬০ৰ দশকত, যিহেতু অধিক লাটিনো আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল, তেওঁলোকে তেওঁলোকৰ ভিন্ন ৰাষ্ট্ৰীয় পৰম্পৰাবোৰ তেওঁলোকৰ সৈতে লৈ আহিছিল। কিনচেনিয়েৰাত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে প্ৰায়ে অনুষ্ঠানটোত সহায় কৰা দেখা যায়, উদাহৰণস্বৰূপে সমযোৱা ভাৱে খাদ্য প্ৰস্তুতি।[7] সাধাৰণ খাদ্য আৰু কেক উদযাপনৰ পৰা ধনী পৰিয়ালৰ মাজত ই পছলৈ বিকশিত হৈ ডাঙৰ পাৰ্টিৰ অনুষ্ঠানলৈ পৰিণত হৈছে। পৰিয়ালবোৰে ইভেণ্ট প্লেনাৰ বা অনুষ্ঠান পৰিকল্পনাকাৰী ব্যৱহাৰ কৰিব ধৰিলে আৰু লগতে থিম বা বিষয়বস্তু লৈ উদযাপন গঢ়ি তোলাও দেখা গʼল। বিশেষ প্ৰৱেশদ্বাৰ আৰু নৃত্যৰ সৈতে মঞ্চস্থ কৰা আৰু পেছাদাৰী ফটোশ্বুট আৰু ভিডিঅ' ব্যাপকভাৱে ব্যৱহাৰ হয়। আধুনিক কিনচেনিয়েৰা উদযাপনত অন্য সংস্কৃতিৰ পৰম্পৰাও অন্তৰ্ভুক্ত কৰা হয়। কিনচেনিয়েৰা-সম্পৰ্কীয় সামগ্ৰীৰ বজাৰো লগতে বিকশিত হৈছে।[8] মেক্সিকোত, কিনচেনিয়েৰা সুন্দৰ গহনা আৰু মেকআপেৰে সজ্জিত এক ঊদযাপন। পৰম্পৰা অনুসৰি, ছোৱালীজনীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে মেকআপ পিন্ধে। কিন্তু একবিংশ শতিকাত, ছোৱালীবোৰে আগতেই মেকআপ ব্যৱহাৰ কৰা আৰম্ভ কৰে। কিনচেনিয়েৰাগৰাকীয়ে আনুষ্ঠানিক সন্ধিয়াৰ পোছাক পিন্ধে। পৰম্পৰাগতভাৱে ছোৱালীজনীয়ে বা মাকে চাই দিয়া োৱালীজনৰ নিজৰ প্ৰিয় ৰং আৰু শৈলী অনুসৰি বাছি লোৱা এটা দীঘল, মাৰ্জিত বল গাউন পিন্ধে।

মেক্সিকোৰ কিনচেনিয়েৰা উদযাপন

মেক্সিকোৰ কেথলিক পৰম্পৰাত, কিনচেনিয়েৰা উদযাপন ধন্যবাদ জ্ঞাপনৰ সৈতে আৰম্ভ হয়। ছোৱালীজনী মাক-দেউতাক, ঈশ্বৰ-পিতৃ-মাতৃ আৰু সন্মানীয় আদালতৰ সৈতে গীৰ্জাত উপস্থিত হয়। সন্মানীয় আদালত হৈছে তাইৰ বাছনি কৰা সহকৰ্মীসকলৰ এটা গোট য'ত যুটীয়া ছোৱালী আৰু ল'ৰা থাকে, যাক ক্ৰমান্বয়ে ডামাচ (ডেম) আৰু চেম্বেলেন (চেম্বাৰলেইন) বুলি জনা যায়। সাধাৰণতে, আদালতত ৭ ৰ পৰা ১৫ টা ডামা আৰু চাম্বেলেনলৈকে যোৰা থাকে। এই ধৰ্মীয় গোট, মেক্সিকোৰ পৃষ্ঠপোষক, গুয়াডালুপৰ কুমাৰীক দেখুওৱা লকেট বা পেণ্ডেণ্টৰ সৈতে এটা জপমালা কিশোৰীগৰাকীক ঈশ্বৰপিতৃ-মাতৃয়ে উপহাৰ দিয়ে। জপমালাটো আগতে পুৰোহিতৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত কৰা হয়। কিশোৰীগৰাকীক এটা মুকুটো প্ৰদান কৰা হয়, যি তাইৰ প্ৰিয়জনৰ বাবে, বিশেষকৈ তাইৰ নিকটতম পৰিয়ালৰ বাবে, কিনচেনিয়েৰা সদায় ৰাজকুমাৰী হৈ ৰʼব বুলি স্মাৰক হিচাপে দিয়া হয়। কিছুমানে ইয়াক ঈশ্বৰ আৰু পৃথিৱীৰ আগত এগৰাকী "ৰাজকুমাৰী" বুলিও উল্লেখ কৰে। ইয়াৰ পিছত, কিশোৰীগৰাকীয়ে হাতত লৈ থকা ফুলৰ থোপাটো মাদাৰ মেৰীৰ বাবে বেদীত আগবঢায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Plummer, L. L. (2007). Quince años: The transition to womanhood in Puerto Rican culture. Inquiry Journal.
  2. Plummer, L. L. (2007). Quince años: The transition to womanhood in Puerto Rican culture. Inquiry Journal.
  3. Davalos, Karen Mary (15 April 2008). "La Quinceañera: Making Gender and Ethnic Identities". In Rodríguez, Félix V.; Gutmann, Mathew C.; Stephen, Lynn; Zavella, Patricia (eds.). Perspectives on las Américas: A Reader in Culture, History, and Representation. Blackwell. ISBN 978-0-470752067.
  4. Romo, L. F., Mireles-Rios, R., & Lopez-Tello, G. (2014). Latina mothers’ and daughters’ expectations for autonomy at age 15 (La Quinceañera). Journal of Adolescent Research, 29(2), 271-294.
  5. Plummer, L. L. (2007). Quince años: The transition to womanhood in Puerto Rican culture. Inquiry Journal.
  6. What Is a Quinceañera and How Is It Celebrated? https://www.thoughtco.com/what-is-a-quinceanera-1588854
  7. 7.0 7.1 Encinias, Shahrazad. "Inside a quinceanera: Family, friends pitch in to help out". The Washington Times. http://www.washingtontimes.com/news/2015/aug/8/inside-a-quinceanera-family-friends-pitch-in-to-he/?page=all. 
  8. 8.0 8.1 Alvarez, Julia (2007). Once Upon a Quinceañera. প্ৰকাশক New York: McGraw Hill. পৃষ্ঠা. 151–157.