সমললৈ যাওক

কিম বেৰেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিম ইলেইন বেৰেট
শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি কলেজ লণ্ডন
ডক্তৰেল পৰামৰ্শদাতা Fred Pearce

কিম ইলেইন বেৰেট এগৰাকী গৱেষণা শৰীৰবিজ্ঞানী, তেওঁ প্ৰদাহজনিত অন্ত্ৰৰ ৰোগৰ দৰে পাচনতন্ত্ৰৰ বিকাৰৰ বিশেষজ্ঞ। চিকিৎসা বিজ্ঞানৰ বিশিষ্ট অধ্যাপিকা আৰু ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ স্নাতক বিভাগৰ ডীন আৰু ফিজিঅ’লজি আৰু মেমব্ৰেন বায়'লজীৰ বিশিষ্ট অধ্যাপিকা হিচাপে বৰ্তমানৰ পদলৈ যোৱাৰ আগতে ৰিচাৰ্চৰ ভাইচ ডীন আছিল। ২০২১ চনত ডেভিছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত ডিগ্ৰী লাভ কৰে। তেওঁ দ্য জাৰ্নেল অৱ ফিজিঅ’লজি[1] (২০১৬–২০২২ আৰু ২০২৩-বৰ্তমান)ৰ মুখ্য সম্পাদিকা, আৰু আমেৰিকান ফিজিঅ'লজিকেল ছ'চাইটিৰ এগৰাকী ভূতপূৰ্ব সভানেত্ৰী।

শিক্ষা আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

কিম যুক্তৰাজ্যৰ বাসিন্দা আৰু ১৯৭৯ আৰু ১৯৮২ চনত ইউনিভাৰ্চিটি কলেজ লণ্ডনৰপৰা চিকিৎসা ৰসায়ন বিজ্ঞানত বি এছ চি আৰু জৈৱ ৰসায়ন বিজ্ঞানত পি এইচ ডি লাভ কৰে। ১৯৮৫ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ছান ডিয়েগোলৈ যোৱাৰ পূৰ্বে ডিন মেটকাফৰ পৰীক্ষাগাৰত থকা নেচনেল ইনষ্টিটিউট ফৰ এলাৰ্জী এণ্ড ইনফেকচিয়েছ ডিজিজ (বেথেছডা, এম ডি)ৰ পোষ্ট ডক্টৰেট ফেলো আছিল। ২০২০–২১ চনলৈকে তেওঁ অতিৰিক্তভাৱে ভিএৰ আলেকজেণ্ড্ৰিয়াত থকা নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যনৰ শিক্ষা আৰু মানৱ সম্পদ সঞ্চালকালয়ত স্নাতক শিক্ষা বিভাগৰ অস্থায়ী সঞ্চালিকা হিচাপে কাম কৰিছিল। ২০২১ চনৰ নৱেম্বৰ মাহত তেওঁ ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া ডেভিছ স্কুল অৱ মেডিচিনৰ গৱেষণাৰ ভাইচ-ডিন আৰু শৰীৰবিজ্ঞান আৰু মেমব্ৰেন বায়'লজীৰ বিশিষ্ট অধ্যাপিকা হয়।

তেওঁৰ গৱেষণাই গেষ্ট্ৰাইটিছ এপিঠেলিয়ামৰ পৰিবহণ আৰু বাধাৰ ধৰ্ম আৰু বিভিন্ন ৰোগ প্ৰক্ৰিয়াৰ পৰিৱেশত এইবোৰ কেনেকৈ বিকাৰগ্ৰস্ত হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডায়েৰিয়া ৰোগ বিশেষকৈ ছালমন’লাৰ দৰে সংক্ৰামক কাৰকৰদ্বাৰা হোৱা ৰোগসমূহ বুজি পোৱাৰ লগতে প্ৰ’বায়’টিকৰ ক্ৰিয়াৰ ব্যৱস্থাৰ ক্ষেত্ৰতো তেওঁৰ কাম প্ৰাসংগিক। স্নাতক শিক্ষাৰ বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ বিষয়সমূহৰ প্ৰতি আৰু অধিক ব্যাপকভাৱে শৈক্ষিক পৰিৱেশৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছে।

গৱেষণা, পাঠদান, মেণ্টৰিং আৰু সেৱাৰ কাম-কাজৰ বাবে তেওঁ অসংখ্য সন্মান লাভ কৰিছে। উদাহৰণস্বৰূপে, ২০০৪ চনত কুইনছ ইউনিভাৰ্চিটি বেলফাষ্টৰপৰা ডক্টৰ অৱ মেডিকেল ছায়েন্স, অনাৰিছ ক'জাৰ ডিগ্ৰী আৰু ২০১২ চনত আমেৰিকান ফিজিঅ'লজিকেল ছ'চাইটিৰপৰা বডিল শ্বমিট-নিলছন ডিষ্টিংচড চাইণ্টিষ্ট এণ্ড মেণ্টৰ বঁটা লাভ কৰে।[2] ২০১৫ চনত দ্য ফিজিঅ'লজিকেল ছ'চাইটিৰ বেইলিছ-ষ্টাৰলিং বঁটাৰ প্ৰবক্তাও আছিল।[3] ২০২১ চনত তেওঁ আমেৰিকান গেষ্ট্ৰ'এণ্টেৰ'লজিকেল এছ'চিয়েচনৰপৰা মৌলিক বিজ্ঞানৰ ডিষ্টিংচড এচিভমেণ্ট বঁটা লাভ কৰে।[4] ২০২২ চনত দ্য ফিজিঅ’লজিকেল ছ’চাইটিৰ অনাৰেৰী ফেলো হিচাপেও স্বীকৃতি লাভ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The Journal of Physiology". 2021-04-14. https://physoc.onlinelibrary.wiley.com/hub/journal/14697793/editorial-board/editorial-board আহৰণ কৰা হৈছে: 2021-10-19.
  2. "Kim Barrett | UCSD Profiles". profiles.ucsd.edu. https://profiles.ucsd.edu/kim.barrett#toc-id1 আহৰণ কৰা হৈছে: 2021-10-19.
  3. "Lectures and prizes to 2020". 2020. https://static.physoc.org/app/uploads/2019/03/09155416/Lectures-and-Prizes-to-2020.pdf আহৰণ কৰা হৈছে: October 18, 2021.
  4. Donowitz, Mark; Keely, Stephen (2021). "Presentation of the AGA Distinguished Achievement Award in Basic Science to Kim E. Barrett, PhD, AGAF". Gastroenterology খণ্ড 161 (1): 336–338. doi:10.1053/j.gastro.2021.05.037. ISSN 0016-5085. PMID 34048750.