সমললৈ যাওক

কিম হাক-ছুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিম হাক-ছুন
জন্ম ১৯২৪
জিলিন, চীন
মৃত্যু ১৯৯৭ (বয়স ৭২–৭৩)
Korean name
হাংগুল 김학순
হাঞ্জা
অসমীয়াকৰণ জিম হাক-ছুন
মেক-ক্যুন ৰেইস্কাৱাৰ কিম হাক-ছুন

কিম হাক-ছুন (১৯২৪-১৯৯৭)দক্ষিণ কোৰিয়াৰ মানৱ অধিকাৰ কৰ্মী। তেওঁ যৌন দাসত্ত্ব আৰু যুদ্ধকালীন যৌন হিংসাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেওঁ জাপানী সাম্ৰাজ্যিক সেনাৰ দ্বাৰা যৌন দাসত্বৰ বাবে বাধ্য হোৱা মহিলাসকলৰ ভিতৰত এগৰাকী আছিল।[1] কিম হাক-ছুন "আৰামদায়িনী নাৰী" (কমফৰ্ট ৱিমেন) হিচাপে নিজৰ অভিজ্ঞতাৰ বিষয়ে ৰাজহুৱা ভাৱে সাক্ষ্য প্ৰদান কৰা প্ৰথম গৰাকী কোৰিয়ান মহিলা। তেওঁৰ এই সাক্ষ্যদান ১৯৯১ চনৰ ১৪ আগষ্ট তাৰিখে হৈছিল। সেই বছৰ ডিচেম্বৰত, তেওঁ জাপান চৰকাৰৰ বিৰুদ্ধে যুদ্ধকালীন ক্ষতিসমূহৰ বাবে এক শ্ৰেণী-মামলা ৰুজু কৰিছিল। এই ধৰণৰ পদক্ষেপ লোৱা তেওঁ আছিল প্ৰথম মহিলা।[2][3] তাৰ পিছত কোৰিয়া, চীন, তাইৱান, ফিলিপাইন, ইণ্ডোনেছিয়া আৰু নেডাৰলেণ্ডছৰ শতাধিক মহিলা তেওঁলোকৰ কাহিনী প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিছিল।[2] দক্ষিণ কোৰিয়াত মহিলা অধিকাৰ আন্দোলনৰ বৃদ্ধি দেখি, কিম হাক-ছুনে ৪০ বছৰৰ নীৰৱতা ভাঙি নিজৰ কাহিনী প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত হৈছিল। ১৯৯৭ চনত তেওঁৰ মৃত্যু হয় আৰু সেই সময়ত তেওঁৰ আদালতী মামলাটো চলি আছিল।[2]

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কিম হাক-ছুনৰ জন্ম হৈছিল ১৯২৪ চনত চীনৰ জিলিনত। তেওঁৰ পিতৃ-মাতৃ মূলতে পিয়ংইয়াংৰ বাসিন্দা আছিল, কিন্তু জাপানৰ দমননীতিৰ বাবে তেওঁলোক চীনলৈ স্থানান্তৰিত হৈছিল। কিমৰ জৈৱিক পিতৃ কোৰিয়াৰ স্বাধীনতা সেনাক সহায় কৰা এজন স্বাধীনতা কৰ্মী আছিল। জন্মৰ তিনিমাহৰ পিছতেই তেওঁৰ পিতৃৰ মৃত্যু হয়। তাৰ পিছত, তেওঁ তেওঁৰ মাতৃৰ সৈতে পিয়ংইয়াংলৈ উভতি আহে। পিয়ংইয়াংত থাকোঁতে, কিমে এখন মিছনাৰী বিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াত তেওঁ পঢ়া-শুনা, খেলা-ধূলা আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাইছিল। ১৪ বছৰ বয়সত, তেওঁৰ মাতৃয়ে পুনৰ বিবাহ কৰে। কিমৰ বাবে নতুন পিতৃৰ সৈতে মিলি‌‌ চলা কঠিন হৈছিল, আৰু অৱশেষত তেওঁ বিদ্ৰোহ কৰে, যাৰ ফলত তেওঁৰ মাতৃয়ে তেওঁক এজন পালক পিতৃৰ ওচৰলৈ পঠিয়ায়। পালক পিতৃয়ে তেওঁক কিসেং (Kisaeng) প্ৰশিক্ষণ দিছিল।[1] তেওঁ দুই বছৰ ধৰি এই প্ৰশিক্ষণ কেন্দ্ৰত নৃত্য, সংগীত আৰু পানছ'ৰি আদি শিকিছিল। ১৭ বছৰ বয়সত তেওঁ স্নাতক হয়, কিন্তু কিসেং হিচাপে কাম কৰিবলৈ ১৯ বছৰ বয়সৰ প্ৰয়োজন আছিল, সেয়া তেওঁৰ নাছিল।[1]

জাপানী সেনাৰ যৌন দাসত্ত্ব

[সম্পাদনা কৰক]

কিমৰ পালক পিতৃয়ে তেওঁক আৰু আন এগৰাকী দত্তক কন্যাক চীনলৈ লৈ যায় বিক্ৰী কৰিবলৈ। তেওঁলোক বেইজিঙত উপস্থিত হোৱাৰ পিছত, এজন জাপানী সৈনিকে তেওঁলোকক সন্দেহবশত: আটক কৰে। তাৰ পিছত, কিমক আন কেইজনমান জাপানী সৈনিকে অপহৰণ কৰি এখন "কমফৰ্ট ষ্টেচন"লৈ লৈ যায় আৰু তেওঁক আন চাৰিগৰাকী কোৰিয়ান মহিলাৰ সৈতে যৌন দাসত্ত্বৰ বাবে বাধ্য কৰা হয়। তাত থাকোঁতে, তেওঁক "আইকো" নাম দিয়া হৈছিল। চাৰিমাহৰ পিছত, এজন কোৰিয়ান লোকৰ সহায়ত, যিজন পাছত তেওঁৰ স্বামী হয়, কিম সেই স্থানৰ পৰা পলাই যায়।[1]

পলায়নৰ পিছত

[সম্পাদনা কৰক]

কোৰিয়াৰ স্বাধীনতাৰ পিছত, কিম আৰু তেওঁৰ পৰিয়াল কোৰিয়ালৈ উভতি আহে। তেওঁলোকে ছ'উলত এটা শৰণাৰ্থী শিবিৰত তিনিমাহ ধৰি আছিল, য'ত তেওঁৰ কন্যা কলেৰাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। ১৯৫৩ চনৰ পিছত, এজন নিৰ্মাণ কৰ্মী হিচাপে কাম কৰি থকা অৱস্থাত, এটা দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।[1] কিমৰ মতে, তেওঁৰ স্বামীয়ে মদ্যপান কৰি তেওঁক মানসিকভাৱে নিৰ্যাতন কৰিছিল, বিশেষকৈ তেওঁ "কমফৰ্ট ৱিমেন" আছিল বুলি জানি।[1] তেওঁৰ পুত্ৰৰো সাগৰত সাঁতোৰা সময়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

কিমৰ সাক্ষ্যসমূহ

[সম্পাদনা কৰক]
  • প্ৰথম সাক্ষ্যদান

যুদ্ধৰ পিছত চাৰি দশক ধৰি "কমফৰ্ট ৱিমেন"ৰ বিষয়ে খুব কমেই জনা গৈছিল।[4] ১৯৯০ চনত, জাপান চৰকাৰে ঘোষণা কৰে যে, তেওঁলোকে সেনাৰ "কমফৰ্ট ৱিমেন"ৰ বিষয়ত কোনো দায়িত্ব নলয়।[5] কিন্তু ১৯৮০ চনৰ শেষৰ ফালে, কোৰিয়া অধিক গণতান্ত্ৰিক হোৱাৰ ফলত, কিমে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিবলৈ সাহস পায়।[4] ১৯৯১ চনৰ ১৪ আগষ্টত, কিমে ঘোষণা কৰে: "মই বুজি নাপাওঁ, জাপানে কিয় মিছা কৈছে। মই নিজ ইচ্ছাৰে এই কথা প্ৰকাশ কৰিছোঁ। মোৰ বয়স এতিয়া ৭০ আৰু মই কালৈকো ভয় নকৰোঁ। মই যি ক'ব লাগে, সেয়া ক'ম।"[6]

কিমৰ এই সাহসে আন বহুতো পীড়িত মহিলাক নিজৰ কাহিনী প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁলোকে জাপান চৰকাৰৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰে, আনুষ্ঠানিক ক্ষমা আৰু ক্ষতিপূৰণৰ দাবীত।

সাক্ষ্যদানৰ পিছৰ ঘটনা

[সম্পাদনা কৰক]
  • কিমৰ সাক্ষ্যদানৰ পিছত, আন বহুতো পীড়িত মহিলা আগবাঢ়ি আহে।

আইনী পদক্ষেপ আৰু আন্দোলন

[সম্পাদনা কৰক]

১৯৯১ চনৰ ৬ ডিচেম্বৰত, কিম হাক-ছুন আৰু আন দুই পীড়িত মহিলাই ট’কিঅ’ আদালতত জাপান চৰকাৰৰ বিৰুদ্ধে আইনী অভিযোগ দাখিল কৰে।[7][5]

এই অভিযোগত তেওঁলোকে আনুষ্ঠানিক ক্ষমা আৰু ক্ষতিপূৰণ দাবী কৰিছিল। এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় চৰ্চা লাভ কৰিছিল আৰু বিশ্বজুৰি বহুতো সংগঠনে জাপানৰ বিৰুদ্ধে ন্যায় বিচাৰ দাবী কৰিছিল। 

১৯৯৩ চনত, জাপানৰ মুখ্য সচিব য়োহেই কোন’ই (Yohei Kono) "কোন' বিবৃতি" (Kono Statement) প্ৰকাশ কৰে, য’ত জাপান চৰকাৰে প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছিল যে জাপানী সেনাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বহুতো মহিলাক "কমফৰ্ট ৱিমেন" হিচাপে ব্যৱহাৰ কৰিছিল। যদিও জাপান চৰকাৰে এই অত্যাচাৰৰ বাবে দুঃখ প্ৰকাশ কৰে, তথাপি আনুষ্ঠানিক ক্ষতিপূৰণৰ দাবী নাকচ কৰে।

১৯৯৫ চনত, জাপান চৰকাৰে "এছিয়ান উইমেন’ছ ফাণ্ড" (Asian Women’s Fund) স্থাপন কৰে, যাৰ জৰিয়তে ক্ষতিগ্ৰস্ত মহিলাসকলক এক ব্যক্তিগত তহবিলৰ জৰিয়তে সাহায্য প্ৰদান কৰা হয়। কিন্তু কিম হাক-ছুন আৰু আন বহুতো মহিলাই এই সাহায্য গ্ৰহণ নকৰিবলৈ সিদ্ধান্ত লয়, কাৰণ তেওঁলোকে আনুষ্ঠানিক ক্ষতিপূৰণ আৰু চৰকাৰী দায়িত্ব স্বীকাৰ কৰাৰ দাবী কৰিছিল।[8]

কিম হাক-ছুনে ১৯৯৭ চনৰ ১৬ ডিচেম্বৰত ছ’উলত মৃত্যু বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ আইনী মামলাখন তেতিয়াও আদালতত চলি আছিল। যদিও তেওঁ ব্যক্তিগতভাৱে সম্পূৰ্ণ ন্যায় বিচাৰ পোৱা নাছিল, তেওঁ বিশ্বৰ বহুতো পীড়িত মহিলাৰ বাবে নিজৰ কাহিনী প্ৰকাশ কৰাৰ পথ দেখুৱাইছিল।

উত্তৰাধিকাৰ আৰু প্ৰভাৱ

[সম্পাদনা কৰক]

কিম হাক-ছুনৰ সাহসী পদক্ষেপে কোৰিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰত "কমফৰ্ট ৱিমেন" সমস্যাটোক অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে প্ৰতিষ্ঠিত কৰিছে। তেওঁৰ সাহসে আন বহুতো মহিলা আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰিছে, যিয়ে ইয়াৰ পিছত জাপান চৰকাৰৰ বিৰুদ্ধে ন্যায় বিচাৰ দাবী কৰে।

প্ৰতি বছৰৰ ১৪ আগষ্টৰ দিনটো "কমফৰ্ট ৱিমেন ডে" (Comfort Women Day) ৰূপে পালন কৰা হয়, যি কিম হাক-ছুনে প্ৰথমবাৰৰ বাবে সাক্ষ্যদান কৰা দিনৰ স্মৃতি বহন কৰে। ছ’উল আৰু আন বহুতো ঠাইত কিম আৰু আন পীড়িত মহিলাসকলৰ স্মৃতিৰক্ষাৰ বাবে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 Keith Howard, ed (1995). True stories of the Korean comfort women : testimonies. Contributors: Han'guk Chŏngsindae Munje Taech'aek Hyŏbŭihoe., Chŏngsindae Yŏnʼguhoe (Korea). প্ৰকাশক London: Cassell. ISBN 0304332623. OCLC 36008713. 
  2. 2.0 2.1 2.2 Kazue, Muta (July 2016). "The 'comfort women' issue and the embedded culture of sexual violence in contemporary Japan". Current Sociology খণ্ড 64 (4): 620–636. doi:10.1177/0011392116640475. ISSN 0011-3921. 
  3. McCarthy, Mary M; Hasunuma, Linda C. (2018). "Coalition building and mobilization: case studies of the comfort women memorials in the United States". Politics, Groups, and Identities খণ্ড 6 (3): 411–434. doi:10.1080/21565503.2018.1491865. 
  4. 4.0 4.1 Ward, Thomas J.; Lay, William D. (2016). "The comfort women controversy: Not over yet". East Asia খণ্ড 33 (4): 257. doi:10.1007/s12140-016-9260-z. https://link.springer.com/article/10.1007/s12140-016-9260-z. 
  5. 5.0 5.1 "1991 Major Events Related to the Resolution of Problems". www.hermuseum.go.kr. Archived from the original on 2020-10-28. https://web.archive.org/web/20201028052909/http://www.hermuseum.go.kr/eng/PageLink.do। আহৰণ কৰা হৈছে: 2019-12-01. 
  6. The Testimony by Kim Hak-sun (en ভাষাত) 김학순할머니 증언, https://www.youtube.com/watch?v=b81Q-z-zZ8w, আহৰণ কৰা হৈছে: 2019-11-27 
  7. "네이버 뉴스 라이브러리". NAVER Newslibrary. https://newslibrary.naver.com/viewer/index.nhn?articleId=1991113000289114004&editNo=4&printCount=1&publishDate=1991-11-30&officeId=00028&pageNo=14&printNo=1095&publishType=00010। আহৰণ কৰা হৈছে: 2019-11-28. 
  8. "Ms. Kim Hak-sun, Refusing Compensation by Private Funding". NAVER Newslibrary. https://newslibrary.naver.com/viewer/index.nhn?articleId=1996081500289112007&editNo=6&printCount=1&publishDate=1996-08-15&officeId=00028&pageNo=12&printNo=2645&publishType=00010। আহৰণ কৰা হৈছে: 2019-11-29.