সমললৈ যাওক

কিয়ানা ফিৰুজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিয়ানা ফিৰুজ
ৰাষ্ট্ৰীয়তা ইৰান
পেচা এক্টিভিষ্ট, চলচ্চিত্ৰ নিৰ্মাতা, অভিনেত্ৰী
জনা যায় মানৱ অধিকাৰ আৰু এলজিবিটিকিউ (LGBTQ) অধিকাৰ আন্দোলন
উল্লেখযোগ্য কৰ্ম কুল-ডি-চাক (২০১০)

কিয়ানা ফিৰুজ (ইংৰাজী: Kiana Firouz) এগৰাকী ইৰানী এক্টিভিষ্ট আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ বৰ্তমান যুক্তৰাজ্যত বাস কৰে। তেওঁ ২০১০ চনৰ মে' মাহত যুক্তৰাজ্যত মুক্তি পোৱা কুল-ডি-চাক নামৰ চলচ্চিত্ৰখনৰ মুখ্য অভিনেত্ৰী আছিল। এই চিনেমাখন তেওঁৰ নিজৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এক ডকু-ড্ৰামা আছিল।[1] ইৰানত থকা সময়ত তেওঁ সমকামী মহিলাৰ অধিকাৰৰ বাবে এজন গোপন এক্টিভিষ্ট হিচাপে কাম কৰিছিল আৰু মানৱ অধিকাৰ উলংঘনৰ বিষয়ে এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ কৰিছিল। তেওঁৰ এই কাৰ্যকলাপৰ কথা ইৰানী নিৰাপত্তা সংস্থাই গম পোৱাৰ পিছত তেওঁ যুক্তৰাজ্যলৈ পলাই যাবলৈ বাধ্য হৈছিল।[2]

তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত আশ্ৰয় বিচাৰি আবেদন কৰিছিল।[3] প্ৰথম অৱস্থাত তেওঁৰ আবেদন নাকচ কৰা হৈছিল যদিও এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ দৰে মানৱ অধিকাৰ সংগঠনসমূহৰ ব্যাপক প্ৰচাৰ আৰু আন্দোলনৰ ফলত ২০১০ চনৰ জুন মাহত তেওঁক আশ্ৰয় প্ৰদান কৰা হয়।[4][5]

কুল-ডি-চাক এখন অতি কম বাজেটৰ চিনেমা যিখন ৰমিন গৌদৰ্জী নেজাদ আৰু মাচহাদ তোৰ্কানে নিৰ্মাণ কৰিছিল। চিনেমাখনৰ নিৰ্মাতাসকলে ফিৰুজক যুক্তৰাজ্যৰ পৰা বিতাড়িত কৰাৰ বিৰুদ্ধে কৰা আবেদনত প্ৰথম কেইমাহমানতে ৫০,০০০তকৈও অধিক স্বাক্ষৰ সংগ্ৰহ হৈছিল।[6]

ফিৰুজ কেইবাখনো গ্ৰন্থৰ লেখিকা। তেওঁৰ উল্লেখযোগ্য লেখনিসমূহৰ ভিতৰত গৰ্ডাফাৰিড ইজ এ কুৱেৰ, এন আৰ্টেৰী: এ লাভ লেটাৰ টু ইংলেণ্ড আৰু এখন গ্ৰাফিক উপন্যাস লাইনচ অন্যতম। তেওঁ লণ্ডনত অৱস্থিত ইৰান ইণ্টাৰনেশ্যনেল নিউজ টিভি চেনেলত কলা আৰু সংস্কৃতি প্ৰযোজক হিচাপে কেইবছৰমান কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ ইৰানী লেচবিয়ান এণ্ড ট্ৰান্সজেণ্ডাৰ নেটৱৰ্কৰ সৈতেও জড়িত।

ফিৰুজে লণ্ডন বিশ্ববিদ্যালয়ৰ বাৰ্কবেক কলেজৰ পৰা চলচ্চিত্ৰ আৰু সংবাদ মাধ্যম বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে। বৰ্তমান তেওঁ ফিৰুজমিডিয়া নামৰ এটা মিডিয়া কোম্পানী চলাই আছে। ইৰানৰ সামাজিক উপন্যাস লিখাৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে তেওঁৰ কোম্পানীয়ে দ্য টেৰিবল টেহৰাণ প্ৰকাশ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]