কিষাণ ফাগুজী বনচোড়
কিষাণ ফাগুজী বনচোড় (১৮৭৯ – ১৯৪৬) স্বাধীনতাৰ পূৰ্বৰ ভাৰতৰ দলিত আন্দোলনৰ নেতা আছিল।

১৮৭৯ চনৰ ১৮ ফেব্ৰুৱাৰীত বনচোড়ৰ নাগপুৰৰ সমীপৰ মহাপা গাঁৱৰ এটা মহৰ পৰিয়ালত জন্ম হৈছিল। ভক্তি পূজাৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ হিন্দু ধৰ্মৰ শাখাৰ ভিতৰত দলিতসকলৰ উত্থানৰ সমৰ্থক আছিল।[1] তেওঁ দলিত ল’ৰা-ছোৱালীৰ শিক্ষাৰ পোষকতা কৰিছিল। সেয়ে নাগপুৰত এখন চোখামেলা বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰে। দলিত সমাজৰ মাজত সজাগতা সৃষ্টিৰ বাবে সংবাদ মাধ্যমৰ গুৰুত্বৰ বিষয়েও তেওঁ সচেতন আছিল। ১৯১০ চনত নিজাকৈ প্ৰেছ আৰম্ভ কৰি নিৰাশ্ৰিত হিন্দ নাগৰিক, ভিটাল বিদ্বানসাক, মাজুৰ পত্ৰিকা, চোখামেলা আদি আলোচনী প্ৰকাশ কৰে। ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ডিপ্ৰেচড্ ক্লাছেচ কনফাৰেন্সৰ অন্যতম সম্পাদক আছিল তেওঁ।[2]
বনচোড় ব্ৰাহ্ম সমাজ আৰু প্ৰাৰ্থনা সমাজৰ কৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ১৯০৫ চনত মুম্বাইত প্ৰাৰ্থনা সমাজৰ বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। ডিপ্ৰেছড ক্লাছ মিছনৰ প্ৰতিষ্ঠাপক বিত্তল ৰামজী শিণ্ডেৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল।[3] যদিও তেওঁ ড° বি আৰ আম্বেদকাৰৰ বিপৰীতে আৰ্য্য বিজয় আৰু দলিতক দাসত্বৰ তত্ত্বৰ সমৰ্থক আছিল, তথাপি তেওঁ হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত হোৱাতকৈ সংস্কাৰৰ পক্ষপাতী আছিল।[4][1]
১৯৪৬ চনৰ ১০ অক্টোবৰত নাগপুৰত তেওঁৰ মৃত্যু হয়।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Jaffrelot (2006). Dr Ambedkar and Untouchability: Analysing and Fighting Caste. Orient Blackswan. পৃষ্ঠা. 42–44. ISBN 9788178241562.
- ↑ 2.0 2.1 Kshirsagar, Ramchandra (1994). Dalit Movement in India and Its Leaders, 1857-1956. M.D. Publications Pvt. Ltd.. পৃষ্ঠা. 176–177. ISBN 9788185880433.
- ↑ Shinde, V. R.. "निराश्रित साहाय्यक मंडळी". In Pawar, G. M. (Marathi ভাষাত). महर्षी विठ्ठल रामजी शिंदे समग्र वाङमय. Archived from the original on 2018-02-21. https://web.archive.org/web/20180221100322/http://virashinde.com/index.php/%E0%A4%AE%E0%A4%B9%E0%A4%B0%E0%A5%8D%E0%A4%B7%E0%A5%80-%E0%A4%B5%E0%A4%BF%E0%A4%A0%E0%A5%8D%E0%A4%A0%E0%A4%B2-%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%9C%E0%A5%80-%E0%A4%B6%E0%A4%BF%E0%A4%82%E0%A4%A6%E0%A5%87-%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0-%E0%A4%B5%E0%A4%BE%E0%A4%A1%E0%A5%8D%E0%A4%AE%E0%A4%AF/1372-%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A4-%E0%A4%B8%E0%A4%BE%E0%A4%B9%E0%A4%BE%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%95-%E0%A4%AE%E0%A4%82%E0%A4%A1%E0%A4%B3%E0%A5%80.html। আহৰণ কৰা হৈছে: 2018-02-20.
- ↑ Rao, Anupama (2009). The Caste Question: Dalits and the Politics of Modern India. University of California Press. পৃষ্ঠা. 294,302. ISBN 9780520257610.