কিৰণ নাদৰ কলা সংগ্ৰহালয়
| কিৰন নাদৰ কলা সংগ্ৰহালয় (KNMA) | |
|---|---|
| প্ৰতিষ্ঠা | ১ জানুৱাৰী ২০১০ |
| প্ৰকাৰ | আধুনিক আৰু সমকালীন কলা সংগ্ৰহালয় |
| সঞ্চালক | ৰবিনা কাৰোদে |
| ৱেবছাইট | knma |
কিৰণ নাদৰ কলা সংগ্ৰহালয় (ইংৰাজী: Kiran Nadar Museum of Art (KNMA)) কিৰণ নাদৰ কলা সংগ্ৰহালয় নতুন দিল্লী আৰু নয়ডাত অৱস্থিত এটা ব্যক্তিগত আধুনিক আৰু সমকালীন কলা সংগ্ৰহালয়।[1][2] ২০১০ চনত স্থাপিত এইটো ভাৰতৰ প্ৰথম আধুনিক আৰু সমসাময়িক শিল্পকলাৰ প্ৰতি সমৰ্পিত ব্যক্তিগত সংগ্ৰহালয়।
ইতিহাস
[সম্পাদনা কৰক]শিৱ নাদৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা এই সংগ্ৰহালয়টো নয়ডাৰ এইচ চি এল টেকন'লজীছৰ চৌহদত নিৰ্মিত এটা গেলেৰী হিচাপে আৰম্ভ হৈছিল।[3] তেওঁলোকে ২০১০ চনৰ জানুৱাৰী মাহত মুকলি দুৱাৰ শীৰ্ষক প্ৰদৰ্শনীৰে ইয়াৰ দুৱাৰ জনসাধাৰণৰ বাবে মুকলি কৰে। এই প্ৰদৰ্শনীত যোৱা দুটা দশকৰ সুপৰিচিত শিল্পী কিৰণ নাদৰৰ অসাধাৰণ কৰ্মৰাজী সন্নিবিষ্ট কৰা হৈছে।[4]
এবছৰৰ পিছত কিৰণ নাদৰ কলা সংগ্ৰহালয় ছাকেট জিলা কেন্দ্ৰৰ চাউথ ক'ৰ্ট মললৈ স্থানান্তৰিত কৰা হৈছিল,[5][6] যাৰ উদ্বোধন টাইম আনফোল্ডেড প্ৰদৰ্শনীৰে হৈছিল আৰু য'ত ৫০ জন শিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শিত হৈছিল।[7] ২০১৯ চনত ডেভিদ এডজায়েক ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ কিৰণ নাদৰ কলা সংগ্ৰহালয়ৰ বাবে ৯,৩০০ মিটাৰ বৰ্গফুট (১ লাখ বৰ্গফুট) জুৰি এটা নতুন অট্টালিকাৰ ডিজাইন কৰিবলৈ দিয়া হয়, য'ত আছে অস্থায়ী প্ৰদৰ্শনী আৰু কলা সংগ্ৰহৰ ঘূৰ্ণনশীল প্ৰদৰ্শনৰ বাবে ১১টা গেলেৰী।[8]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "About | KNMA" (en ভাষাত). knma.in. 3 October 2016. http://knma.in/about। আহৰণ কৰা হৈছে: 2018-03-03.
- ↑ Singh, Pallavi (2011). "The Kiran Nadar Museum of Art". The Economic Times. https://economictimes.indiatimes.com/people-places/the-kiran-nadar-museum-of-art/articleshow/7344989.cms.
- ↑ Tripathi, Shailaja (2013-05-24). "Mission museum" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/art/mission-museum/article4746379.ece.
- ↑ "Open Doors". Kiran Nadar Museum of Artknma.in. 8 November 2016. https://www.knma.in/open-doors। আহৰণ কৰা হৈছে: 2019-10-23.
- ↑ Griselda Murray Brown (22 November 2013), Collector reveals ambitions for her private Delhi museum Financial Times.
- ↑ Rachel Spence (8 February 2013), So much for stereotypes Financial Times.
- ↑ "Time Unfolded". Kiran Nadar Museum of Artknma.in. 8 November 2016. https://www.knma.in/time-unfolded। আহৰণ কৰা হৈছে: 2019-10-30.
- ↑ Kabir Jhala (19 June 2023), For India's biggest private collector, David Adjaye designs his 'most advanced museum concept' yet The Art Newspaper.