সমললৈ যাওক

কিৰণ শংকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিৰণ শংকৰ
জন্ম ২৫ নৱেম্বৰ ১৯৪৯ চন
চীমনাবস্তি,নগাঁও, অসম, ভাৰত
মৃত্যু ২০ আগষ্ট ২০২৩ চন
গুৱাহাটী
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
পেচা চিত্ৰশিল্পী, সমাজকৰ্মী
দাম্পত্যসঙ্গী মীনা পাল

কিৰণ শংকৰ অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু সামজিক-সাংস্কৃতিক কৰ্মী আছিল। বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদি স্বনামধন্য ব্যক্তিৰ সান্নিধ্য লাভ কৰা বিজ্ঞানমনস্ক কিৰণ শংকৰে মানৱ জাতিৰ কল্যাণৰ বাবে মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰি গৈছে। তেওঁ চিপিআই(এম) দলৰ এগৰাকী সদস্য আছিল। অসম চৰকাৰৰ “শিল্পী পেন্সন’’ লাভ কৰা শিল্পীগৰাকীয়ে “প্ৰণৱ বৰুৱা বঁটা’’ লাভ কৰিছিল। তেওঁৰ ২০ আগষ্ট ২০২৩ তাৰিখে তেওঁৰ মৃত্যু হয়।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

কিৰণ শংকৰৰ জন্ম হয় ২৫ নৱেম্বৰ ১৯৪৯ চনত, নগাঁও জিলাৰ শালনাৰ চীমনাবস্তিত। চীমনাবস্তি প্ৰাথমিক বিদ্যালয়ত তেওঁ আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলে। তাৰপিছত নগাঁও বেংগলী বয়জ হাইস্কুলত শিক্ষাগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰে। চিত্ৰকলাৰ প্ৰতি বাল্যকালৰেপৰা আগ্ৰহ আৰু দক্ষতা দেখি পিতৃয়ে তেওঁক কলকাতাৰ শান্তি নিকেতনত নাম লগাই দিবলৈ যো-জা কৰোঁতেই পিতৃ বিয়োগ হোৱাত সেই যাত্ৰা সফল নহ’ল।[1]কিৰণ শংকৰৰ পিতৃ কৰুণাময় ৰায়[2] আৰু মাতৃ প্ৰয়াত শোভাৰাণী ৰায় এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল।[3] তেওঁৰ পত্নীৰ নাম মীনা পাল৷[1][2]

হাইস্কুলীয়া শিক্ষা সাং কৰি তেওঁ ছবি অংকনকেই পেছা হিচাপে লোৱা কিৰণ শংকৰে ছবি অঁকা শিক্ষক হিচাপে এখন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি পায়। তাৰপিছত তেওঁ “সৃজনী’’ নামেৰে এটা ষ্টুডিঅ’ আৰম্ভ কৰে। ১৯৭৬ চনত নগাঁৱত “কল্লোল চিত্ৰাংকন বিদ্যালয়’’ স্থাপিত হয়। কিৰণ শংকৰ ইয়াৰ লগত জড়িত হৈ পৰে[2] আৰু পিছলৈ তেওঁ এই বিদ্যালয়ৰ অধ্যক্ষ হয়। চিত্ৰশিল্পী হোৱাৰ লগতে তেওঁ এগৰাকী চলচ্চিত্ৰ সমালোচকো আছিল। সমাজৰ অন্ধবিশ্বাস-কুসংস্কাৰ নিৰ্মূল কৰিবলৈ তেওঁ সদায় চেষ্টা কৰিছিল।[3] ১৯৮২-৮৩ চনত গুৱাহাটীলৈ অহাৰ পাছত তেওঁ চিপিআই(এম) দলৰ সৈতে জড়িত হৈ পৰে। পিছলৈ ভাৰতীয় গণনাট্য সংঘৰো তেওঁ এগৰাকী নিষ্ঠাৱান কৰ্মী হয়।[2]

ইলোৰা বিজ্ঞান মঞ্চৰ লগত জড়িত কিৰণ শংকৰে মৰণোত্তৰভাৱে তেওঁৰ নেত্ৰ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান কৰি গৈছিল। মৃত্যুৰ পাছত গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ে শিল্পীগৰাকীৰ নেত্ৰ সংগ্ৰহ কৰে।[1][3]

দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে দীৰ্ঘদিনীয়া কৰ্কট ৰোগৰ চিকিৎসাত সমস্যা হোৱাত ইলোৰা বিজ্ঞান মঞ্চই শিল্পীগৰাকীৰ সাহায্যাৰ্থে অসমৰ জনগণৰপৰা আৰ্থকি সাহায্য বিচাৰি বিজ্ঞাপন দিছিল।[4] দীৰ্ঘদিন কৰ্কট ৰোগত আক্ৰান্ত কিৰণ শংকৰৰ গুৱাহাটীৰ শিলপুখুৰীৰ নিজা বাসভৱনত ২০ আগষ্ট ২০২৩ চনত মৃত্যু হয়।[1][5]

তেওঁ অসম চৰকাৰৰ “শিল্পী পেন্সন’’ লাভ কৰাৰ উপৰি ২০২২ চনত শিল্পী “প্ৰণৱ বৰুৱা বঁটা’’ লাভ কৰিছিল।[1][5][3]

কিৰণ শংকৰৰ উক্তি

[সম্পাদনা কৰক]

“জীৱনৰ স্বৰূপক বিচাৰি পোৱাৰ উদ্দেশ্যেৰে মিচিং লিংকে মোক মোৰ এৰি অহা দিনবোৰলৈ ওভতাই লৈ যাব খুজিছে। মোৰ আজিৰ ময়ে মোৰ অতীতৰ মইক চাবলৈ লৈছোঁ। আজিৰ মই সংস্কাৰমুক্ত চিন্তাত বিশ্বাসী, মনুষ্যত্ব অৰ্জনৰ বাবে কোনো ভৌগোলিক সীমা নামানো, সাম্প্ৰদায়িকতাক ঘিণ কৰোঁ। মোৰ এই বিশ্বাসৰ ভেটি প্ৰস্তুত হৈছিল শৈশৱৰ এক মুক্ত পৰিৱেশত। মোৰ গৰ্ভধাৰিণী মা আছিল বৃটিছ সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া স্বাধীনতা সংগ্ৰামী, যাৰ স্কুলীয়া শিক্ষা অসমীয়া মাধ্যমত। অসমীয়া, বাংলাৰ উপৰি কাৰ্বি আৰু বাগানীয়া ভাষা সলসলীয়াকৈ ক’ব পৰা মোৰ দেউতা ‘জিনিস নয় মানুষকে আৰো বেশী কৰে ভালোবাসো’ জীৱনাদৰ্শত বিশ্বাসী আছিল। এনে পৰিৱেশত জন্ম লৈ মোৰ মাতৃভাষা হৈ গ’ল দুটা। যিগৰাকী মাতৃৰ গৰ্ভৰপৰা মোৰ জন্ম হ’ল, ঘটনাচক্ৰত তেওঁ বঙালী। ঘটনাচক্ৰত ক’লোঁ এই কাৰণতে যে মোৰ মাৰ যেতিয়া প্ৰসৱযন্ত্ৰণা হৈছিল, ঠিক সেই সময়তে এই পৃথিৱীৰ বহু মাতৃৰো প্ৰসৱযন্ত্ৰণা হৈছিল। ঘটনাচক্ৰত মোৰ জন্ম হৈ গ’ল এগৰাকী বঙালী মাতৃৰ গৰ্ভৰপৰা আৰু মোৰ মাতৃভাষা হৈ গ’ল বাংলা। এই পৃথিৱীত মোৰ প্ৰথম মাটি, মোৰ ওপজা ঠাই, মোৰ মাতৃভূমিৰ কোলাত বহি যিটো ভাষাত মোৰ প্ৰথম বৰ্ণ পৰিচয় হ’ল, সেই ভাষা অসমীয়া। বহুতৰপৰা মই এইক্ষেত্ৰত বেলেগ- মোৰ মাতৃভাষা দুটা আৰু তাৰ বাবে মই গৰ্ব অনুভৱ কৰোঁ। মজাৰ কথা, মোৰ আৰু এটা ভাষা আছে, মই যিটো মাধ্যমত কাম কৰোঁ, ভাব প্ৰকাশ কৰোঁ তাৰ ভাষ্য- ভিজুৱেল লেংগুৱেজ, এটা আন্তৰ্জাতিক ভাষা। মই এইকেইটা ভাষাতেই ভাবো, ভাব প্ৰকাশ কৰোঁ, সপোন দেখোঁ, গান গুণগুণাওঁ।”[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰয়ৰ দেহাৱসান". https://www.asomiyapratidin.in/assam/nagaon/artist-kiran-sankar-rai-passes-away। আহৰণ কৰা হৈছে: 23 August 2025. 
  2. 2.0 2.1 2.2 2.3 2.4 "কিৰণ শংকৰ ৰায়ৰ কিৰণ". https://assam.nenow.in/in-memory-of-kiran-shankar-roy/। আহৰণ কৰা হৈছে: 23 August 2025. 
  3. 3.0 3.1 3.2 3.3 "চিৰনিদ্ৰাত শুই পৰিল বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ". https://assam.nenow.in/prominent-painter-kiran-shankar-roy-passed-away/। আহৰণ কৰা হৈছে: 23 August 2025. 
  4. "চিত্ৰশিল্পী কিৰণ শংকৰৰ বাবে চিকিৎসা সাহায্যৰ আহ্বান". https://rongilibarta.com/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%80-%E0%A6%95%E0%A6%BF%E0%A7%B0%E0%A6%A3-%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%E0%A7%B0-%E0%A6%9A/। আহৰণ কৰা হৈছে: 23 August 2025. 
  5. 5.0 5.1 "কিৰণ শংকৰ ৰয়ৰ দেহাৱসান". https://prathamkhabartv.com/kiran-sankar-ray-passes-away/। আহৰণ কৰা হৈছে: 23 August 2025.