কীৰ্তিচন্দ্ৰ বৰুবৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কীৰ্তিচন্দ্ৰ বৰুবৰুৱা
আহোম ৰাজ্যবৰবৰুৱা
পূৰ্বসূৰী ৰূপচন্দ্ৰ বৰবৰুৱা
উত্তৰসূৰী ভদ্ৰসেন বৰবৰুৱা

কীৰ্তিচন্দ্ৰ বৰুবৰুৱা ওৰফে গেন্ধেলা আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত বৰবৰুৱা আছিল।[1] কলিয়াবৰ নদীৰ পূব অঞ্চল আৰু যিবোৰ অঞ্চল বুঢ়াগোহাঁ‌ই, বৰগোহাঁ‌ই আৰু বৰপাত্ৰগোহাঁ‌ইয়ে নিয়ন্ত্ৰণ কৰা নাছিল, সেইবোৰ অঞ্চল বৰবৰুৱাই নিয়ন্ত্ৰণ কৰিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে ৰাজ-কাৰ্য পৰিচালনা কৰাতকৈ পৰিচালনাতকৈ ভোগ-বিলাসক প্ৰাধান্য দিছিল। শাসনকাৰ্যৰ সিংহভাগ বকতীয়াল গেন্ধেলাই চোৱাচিতা কৰিছিল। ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে চকৰি ফেঁটী বুৰঞ্জীত ক্ষমতাশালী ৰাজবিষয়া কীৰ্তিচন্দ্ৰ বৰুবৰুৱাক 'জলম বটা' আখ্যা দিয়া হৈছিল। অৰ্থাৎ, তেওঁক প্ৰকৃত আহোম নহয় বুলি কোৱা হৈছিল। এই কথাত অপমানবোধ কৰি বৰবৰুৱাই য'তে যিমান বুৰঞ্জী পালে সকলো জ্বলাই পেলালে। অসম বুৰঞ্জীত ইয়াকে বুৰঞ্জী দাহ বুলি জনা যায়। এনেদৰে জ্বলাই দিওঁতে অনেক সমল চিৰদিনৰ বাবে হেৰাই গ'ল।[2][3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

কীৰ্তিচন্দ্ৰ বৰবৰুৱা ৰূপচন্দ্ৰ বৰবৰুৱাৰ পুত্ৰ আছিল। প্ৰথমে তেওঁৰ নাম গেন্ধেলা আছিল। তেওঁ বকতিয়াল বংশৰ আৰু ভঁৰালী চেতিয়া খেলৰ অন্তৰ্ভুক্ত।[4]

লতাকটা ৰণ[সম্পাদনা কৰক]

মানৰ আক্ৰমণত ৰাজ্য হেৰুওৱা মণিপুৰৰ ৰজা জয় সিংহ‌য়ে ১৭৬৫ চনত স্বৰ্গদেউক সহায়ৰ বাবে অনুৰোধ কৰে। বিষয়াসকলৰ লগত আলোচনা কৰি স্বৰ্গদেৱে জয় সিংহক সহায় কৰিবলৈ মান্তি হ'ল। এদল সৈন্য গোটোৱা হ'ল কিন্তু বহুকেইজন বিষয়াই গা বেয়াৰ অজুহাতত দলৰ নেতৃত্ব ল'বলৈ অপাৰগতা প্ৰকাশ কৰিলে। তেওঁলোকক বিষয়বাবৰ পৰা আঁতৰাই সম্পত্তি জব্দ কৰা হ'ল। অৱশেষত হৰনাথ ফুকনক সেনাপতি পাতি সৈন্যদলটোৱে চৰাইদেউৰ দক্ষিণেদি মণিপুৰলৈ অভিযান আৰম্ভ কৰিলে।[5] কিন্তু পথত ইমানেই ডাঠ হাবি আছিল যে তেওঁলোকে পথ মোকলাওঁতেই বহু শক্তি আৰু সময় যায়। বহু সৈন্য আহাৰৰ অভাৱত, নগাৰ আক্ৰমণত আৰু সৰ্পদংশনত মৃত্যু ঘটে। এইকথা হৰনাথ ফুকনে কীৰ্তিচন্দ্ৰক জনায় আৰু তেওঁ ৰজাক এই বিষয়ে অৱগত কৰে। ৰজাৰ কাণত এই কথা পৰাত তেওঁ সৈন্যদলটোক ঘূৰি আহিবলৈ নিৰ্দেশ দিয়ে। মণিপুৰৰ দুৰ্গম পথেদি লতা কাটি আহোম সৈন্য আগবাঢ়িব লগা হোৱা বাবে এই অসফল অভিযানক লতাকটা ৰণ বোলা হয়।[6] ১৭৬৮ চনৰ নৱেম্বৰত দ্বিতীয় এদল সৈন্য কীৰ্তিচন্দ্ৰ বৰুবৰুৱাৰ নেতৃত্বত ৰহা আৰু কছাৰী ৰাজ্যৰ মাজেৰে পঠিওৱা হয়।

কুৰংগনয়নীৰ বিবাহ[সম্পাদনা কৰক]

কীৰ্তিচন্দ্ৰৰ মূল দলটো ৰহাত দহ হাজাৰ সৈন্যৰ সৈতে জয় সিংহৰ লগত মিৰাপ নদীলৈকে আগবাঢ়ি যায়। জয় সিংহ‌ই নগাৰ এটি দল গঠন কৰি মানে সিংহাসনত প্ৰতিষ্ঠা কৰা কেলেম্বাক খেদি পঠিয়ায়। কৃতজ্ঞতাৰ চিনস্বৰূপে জয় সিংহ‌ই ৰাজেশ্বৰ সিংহক বহু উপহাৰ দিয়াৰ লগতে জীয়েক কুৰংগনয়নীক তেওঁলৈ বিয়া দিয়ে। কুঁৱৰীৰ লগত অহা বহু মণিপুৰী লোক দিছৈৰ ওচৰত থাকিবলৈ লোৱাত এই ঠাই মগলুহাট বা মণিপুৰী বজাৰ নামেৰে জনাজাত হয়।[5][7]

বুৰঞ্জী দাহ[সম্পাদনা কৰক]

স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ দিনত (১৭৫১-১৭৬৯) বিখ্যাত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ নুমলীয়াপুত্ৰ নুমলী বৰগোঁহায়ে চকৰি ফেঁটী বুৰঞ্জীত তেওঁৰ সমসাময়িক বৰুৱা ৰজাজনৰ নাম লিখিছিল বৰবৰুৱা গেন্ধেলা জাত জলমবটা। গেন্ধেলা বৰবৰুৱাই পিছলৈ নাম লৈছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলমবটা বুলি কোৱাত তেখেত ক্ষুণ্ণ হয় আৰু স্বৰ্গদেওৰ আদেশ লৈ আপত্তিজনক, বিভ্ৰান্তিকৰ মন্তব্য থকা সকলো বুৰঞ্জী পুৰি পেলাবলৈ অভিযান চলাইছিল। ইয়াকে বুৰঞ্জী দাহ বোলে। কীৰ্তিচন্দ্ৰৰ পূৰ্ব্বপুৰুষ এজনে এজন মুছলমান সম্প্ৰদায়ৰ জলমবটাক কেইটামান টকা ধাৰ পৰিশোধ কৰিবলৈ থকাত তেওঁলোকৰ ঘৰত গা-খাটি দিব লগা হৈছিল। একপ্ৰকাৰে ব্যৱসায়িক দিশত জলমবটাই আছিল। কিন্তু স্বৰ্গদেও গদাধৰ সিংহই বকতিয়াল ঘৰৰ এজন লোকে আনৰ ঘৰত গা-খাটি থকা কথা জানি যথাৰীতিৰে মোকলাই আনি পুনৰ বকতিয়াল ভৰালী চেতিয়া খেলত সংস্থাপন কৰিলে।[8]

মোৱামৰীয়া বিদ্ৰোহ[সম্পাদনা কৰক]

কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল দিহিং সত্ৰৰ শিষ্য। দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আছিল আক্ৰোশমূলক দ্বন্দ্ব। ফলস্বৰূপে কথাই কথাই মোৱামৰীয়া সত্ৰৰ মহন্তই কীৰ্তিচন্দ্ৰই অপমান কৰিছিল। এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু কীৰ্তিচন্দ্ৰ নাৱেৰে ফুৰিবলৈ গৈছিল। যাওঁতে মায়ামৰা সত্ৰৰ কাষত মহন্তই ৰজাক নমস্কাৰ জনাই সন্মান দেখুৱালে কিন্তু অভিমানী বৰবৰুৱাক কোনো সম্ভ্ৰম প্ৰদৰ্শন নকৰিলে। ইয়াতে অপমান বোধ কৰি বৰবৰুৱাই মোৱামৰীয়া মহন্তক নানা গালি- শপনি পাৰি অপমান কৰিলে। এই ঘটনাৰ কেইমাহমানৰ পিছত মোৱামৰীয়া সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওঁগে ৰাজঘৰলৈ বাৰ্ষিক দিব লগা কৰৰ বাবে এদল হাতী লৈ আহিছিল। তাৰে বৰবৰুৱাৰ উদ্দেশ্য নিয়া হাতীটোৰ নানান খুঁট উলিয়াই কীৰ্তিচন্দ্ৰই তেওঁলোকক গালি- শপনি পৰাৰ উপৰিও ৰাঘৱ নেওগক সৌকাৰে কোবায় আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়ালে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মায়ামৰীয়া মহন্তৰ বিৰুদ্ধে অপবাদ উলিয়ায় আৰু অষ্টভুজ মহন্তৰ পুত্ৰ গাগিনী ডেকা মহন্তক অপমান কৰে। ইয়াৰ লগে লগে ৰজাৰ লগত মতভেদ তীব্ৰ হৈ উঠে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মায়ামৰীয়া শিষ্য নাহৰ খোৰা শইকীয়া আৰু ৰাঘৱ মৰাণক অপমান কৰাক লৈ অস্ত্ৰধাৰী বিদ্ৰোহৰ আৰম্ভণি হয়।[9] অষ্টভুজ মহন্তয়ো ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত বিদ্ৰোহৰ বাবে অনুমতি দিয়ে।

হত্যা[সম্পাদনা কৰক]

শিৱ সিংহৰ ৰাজত্বত বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীয়ে সত্ৰসমূহৰ ওপৰত অমানুষিক অত্যাচাৰ চলায়। তেখেতে মোৱামৰীয়া শিষ্য সকলক দুৰ্গা পূজাৰ বলিৰ মাংস খুৱাইছিল আৰু বলিৰ তেজেৰে শিষ্যৰ কপালত ফোঁট দি তেওঁলোকৰ ধৰ্ম ভ্ৰষ্ট কৰিবলৈ চেষ্টা চলাইছিল। নাহৰ খোৰা শইকীয়া আৰু ৰাঘৱ মৰাণক কৰা অপমানৰ বাবে তেওঁলোকে ক্ষুদ্ধ হৈ বিদ্ৰোহৰ সূচনা কৰে। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণিতে বিদ্ৰোহী নাহৰে কীৰ্তিচন্দ্ৰ বৰুবৰুৱাক হত্যা কৰিছিল।[10]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Ahomar Din by Hiteswar Borbarua, page 579
  2. শান্তনু কৌশিক বৰুৱা (২০২০). "চকৰি ফেঁটী বুৰঞ্জী". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৬৯. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮. 
  3. Gogoi 1968, pp519-520.
  4. Ahomar Din by Hiteswar Borbarua page 268
  5. 5.0 5.1 Gait, E. A. (1906). A History of Assam. প্ৰকাশক Calciutta: Thacker, Spink & Co.. পৃষ্ঠা. 182. 
  6. Gogoi, Padmeswar (1968). The Tai and the Tai kingdoms. প্ৰকাশক Guwahati: Gauhati University. পৃষ্ঠা. 518. 
  7. Tungkhungiya Buranjee by Shrinath Duara Borbarua, page 51
  8. "চকৰীফেঁটী বুৰঞ্জীৰ বিষয়ে" (en ভাষাত). as.vikaspedia.in. https://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/99a9959f09c09ab9c798199f9c0-9ac9c19f099e9cd99c9c09f0-9ac9bf9b79af9bc9c7। আহৰণ কৰা হৈছে: 20 November 2020. 
  9. ড. নিৰোদ বৰুৱা, ড. সুৰজিত বৰুৱা (২০০৭), স্নাতক মহলাৰ অসমৰ ইতিহাস, কে. এম. পাব্‌লিছিং, দ্বিতীয় প্ৰকাশ. পৃষ্ঠা: ৩৫৭-৩৫৯
  10. Ahomar Din by Hiteswar Borbarua, page 279