কীৰ্তি কমল ভূঞা
| কীৰ্তি কমল ভূঞা | |
|---|---|
| জন্ম | ১৯৪২ চনৰ ২২ ডিচেম্বৰ |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | ইংৰাজী বিষয়ত স্নাতকোত্তৰ |
| ধৰণ | অসমীয়া সাহিত্য |
| বিষয় | গীতিকাৰ |
| দাম্পত্যসংগী | আৰাধনা বৰুৱা |
কীৰ্তি কমল ভূঞা একাধাৰে এজন গীতিকাৰ, কবি, নাট্যকাৰ, অনুবাদক, আবৃত্তিকাৰ, সম্পাদক আৰু সাংবাদিক৷[1] তেখতে ২০০৪ চনত সম্পূৰ্ণ ৩৮ বছৰ কাৰ্য্যনিৰ্বাহৰ পাছত ৩০ এপ্ৰিলত আকাশবাণীৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ তেখেতে ২০১৫ চনত অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁটা লাভ কৰে৷
জন্ম
[সম্পাদনা কৰক]তেখেতৰ ১৯৪২ চনৰ ২২ ডিচেম্বৰত জন্ম হয়৷ (প্ৰমাণ-পত্ৰানুসাৰে ১ মে’, ১৯৪৪)৷ অবিভক্ত শিৱসাগৰ এতিয়াৰ গোলাঘাট জিলাৰ গোলাঘাট চহৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণ-পূবৰ কছাৰীহাট কাকতি গাঁৱত৷ পিতৃৰ নাম মহেন্দ্ৰ নাথ ভূঞা আৰু মাতৃৰ নাম নুমলী ভূঞা৷[1]
শিক্ষা
[সম্পাদনা কৰক]১৯৫৪ঃ গোলাঘাটৰ কছাৰীহাট কাকতি গাঁও প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা সম্পন্ন৷[1] ১৯৫৭ঃ সপ্তম শ্ৰেণীৰ ছাত্ৰাৱস্থাত কমাৰবন্ধা হাইস্কুলৰ বাৰ্ষিক মুখপত্ৰত প্ৰথমটো কবিতা ‘কোন তুমি?’ৰ প্ৰকাশ৷ ১৯৫৮ঃ কমাৰবন্ধা হাইস্কুলত অষ্টমমানত পঢ়ি থাকোঁতে প্ৰথমটো গীত ‘অ’ মোৰ কেঁচা সোণ অ’ই’ৰ ৰচনা৷ ১৯৬১ঃ গোলাঘাটৰ কমাৰবন্ধা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ৷ ১৯৬২ঃ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰপৰা প্ৰাক-বিশ্ববিদ্যালয় (কলা) পৰীক্ষাত উত্তীৰ্ণ৷ ১৯৬৩-৬৪ঃ তিনিবছৰীয়া স্নাতক (কলা) পাঠ্যক্ৰমৰ বাবে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি আৰু প্ৰথম খণ্ডত উত্তীৰ্ণ৷ ১৯৬৫ঃ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰপৰা স্নাতক দ্বিতীয় খণ্ড তথা চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ৷ নগালেণ্ডৰ ৱাক্চিং চৰকাৰী হাইস্কুলত প্ৰায় এবছৰৰ বাবে শিক্ষকতা৷[1] ১৯৬৬ঃ ৱাক্চিং চৰকাৰী হাইস্কুলৰ শিক্ষকতাৰ পদ ইস্তফা৷ গোলাঘাটৰ তৰফাট হাইস্কুলত শিক্ষক হিচাপে যোগদান (জানুৱাৰীত)৷ পহিলা ছেপ্টেম্বৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰত ঘোষকৰ পদত যোগদান৷ ১৯৬৮ঃ গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি; শিক্ষা অসমাপ্ত৷
সামাজিক জীৱন
[সম্পাদনা কৰক]তেখেতে ১৯৭৪ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাবে জীৱনৰ প্ৰথমখন সংগীতালেখ্য বৰদিনৰ ৰচনা আৰু সম্প্ৰচাৰ কৰে৷[1] ১৯৭৫ চনত প্ৰথমখন অনূদিত নাটক উইলিয়াম শ্বেইক্সপিয়েৰৰ কিং লীয়েৰৰ অসমীয়া অনাতাঁৰ অভিযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সম্প্ৰচাৰিত৷ ১৯৭৬ চনত আকাশবাণীৰ গীতিকাৰ হিচাপে স্বীকৃতি লাভ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সংগীত সংৰচক হেমেন হাজৰিকাৰ সুৰ আৰু শিল্পী ভৱেশ ঠাকুৰৰ গায়কীৰে প্ৰথমটো গীত ‘খবৰ পালোঁ মনৰ বনত ফাগুন আহিল বুলি’ৰ সম্প্ৰচাৰ৷ আকাশবাণীৰ বিশ্ব নাট শিতানত প্ৰচাৰৰ বাবে গ্ৰীক নাট্যকাৰ এস্কাইলাছৰ প্ৰমিথিয়াছ বাউণ্ড (ইংৰাজী অনুবাদ, Prometheus Bound)ৰ পৰা বন্দী প্ৰমিথিয়াছ শিৰোনামেৰে অসমীয়ালৈ অনুবাদ আৰু আকাশবাণীযোগে সম্প্ৰচাৰ৷ ১৯৭৯ চনত সংগীত সংৰচক, শিল্পী মৃণাল কুমাৰ চৌধুৰীৰ সুৰ আৰু শিল্পী অণিমা চৌধুৰীৰ গায়কীৰে প্ৰথমখন ই পি (Extended Play) ৰেকৰ্ডৰ প্ৰকাশ৷ বাণীবন্ধিত গীত দুটা আছিল– ‘মনে কুটেকুটায়/দেহা ৰমেৰমায়’ আৰু ‘কিয়নো আহিলি ফাগুন’৷[1] ১৯৮২ চনত কলকাতাৰপৰা স্থানান্তৰিত হৈ গুৱাহাটীৰপৰা প্ৰকাশ আৰম্ভ হোৱা আকাশবাণীৰ অসমীয়া অনাতাঁৰ অনুষ্ঠানসূচীৰ পষেকীয়া বাৰ্তালোচনী আকাশীৰ উপ সম্পাদক হিচাপে যোগদান৷ (প্ৰায় চাৰে চাৰি বছৰ কাৰ্য্যনিৰ্বাহ৷) ১৯৮৩ চনত চলচ্ছিত্ৰৰ বাবে প্ৰথম গীত ৰচনা৷ ছবিৰ নাম নিজৰা (১৯৮৬ত মুক্তি)৷ ১৯৮৪ চনত আকাশবাণীৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমৰ বাবে দিল্লী কেন্দ্ৰৰ উদ্যোগত ইংৰাজী ভাষাত আলেখ্য Assam-ৰ ৰচনা আৰু সম্প্ৰচাৰ৷ একেটা বছৰতে আকাশবাণীৰ জয়পুৰ কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম ‘মে’ অউৰ মেৰী ধৰতী’যোগে আলেখ্য ‘অসম’ৰ হিন্দী ৰূপান্তৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ৷[1] শ্ৰব্য সঁফুৰা (কেছেট)ৰ বাবে প্ৰথম গীত ৰচনা৷ এলবামৰ নাম লতা চানেকীয়া, শিল্পীঃ সংগীতা বৰঠাকুৰ৷ ১৯৮৫ চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰদ্বাৰা সম্প্ৰচাৰিত প্ৰথমখন তথ্যচিত্ৰ (বিহু সম্বন্ধীয়) বিহুৰে বিৰিণা পাতৰ চিত্ৰনাট্য ৰচনা আৰু সম্প্ৰচাৰ৷ ১৯৯৪ চনত আকাশবাণীৰ নাট্যানুষ্ঠানৰ বাবে অনূদিত উইলিয়াম শ্বেইক্সপিয়েৰৰ মূল ইংৰাজী নাটৰ অসমীয়া ভাষান্তৰ ডে’নমাৰ্কৰ ৰাজকোঁৱৰ হেম্লে’ট কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ পৰিচালনাত ১১টা খণ্ডত আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সম্প্ৰচাৰ৷[1] ২০০১ চনত দুলাল ৰয়ৰ পৰিচালনাত কেৰালাৰ কাছাড়গোড়ত ‘নাট্যভাৰতীঃ ২০০১’ নাট মহোৎসৱত Shakespeare on stage শিতানত ডে’নমাৰ্কৰ ৰাজকোঁৱৰ হেম্লে’ট মঞ্চনাটৰূপে পৰিৱেশিত৷ ২০০২ চনত দুলাল ৰয়ৰ পৰিচালনাত দিল্লীত অনুষ্ঠিত ভাৰত ৰংগ মহোৎসৱত ডে’নমাৰ্কৰ ৰাজকোঁৱৰ হেম্লে’ট মঞ্চস্থ৷ ২০০৪ চনত সম্পূৰ্ণ ৩৮ বছৰ কাৰ্য্যনিৰ্বাহৰ পাছত ৩০ এপ্ৰিলত আকাশবাণীৰপৰা অৱসৰ গ্ৰহণ৷ ২০১২-২১ চনত অসম সাংস্কৃতিক ন্যাসৰ সাংস্কৃতিক উপ-সমিতিৰ অধ্যক্ষ আৰু ন্যাসৰ সহযোগী সংগঠন প্ৰাগ্জ্যোতি সাংস্কৃতিক সমাজৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ৷ ২০১৫ চনত অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁটা প্ৰদান৷ অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা আদিৰ দ্বাৰা সম্বৰ্ধনা৷[1]
বৈবাহিক জীৱন
[সম্পাদনা কৰক]১৯৮৮ চনত যোৰহাটৰ জীয়াৰী আৰাধনা বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়৷ ১৯৮৯ চনত একমাত্ৰ সন্তান কন্যা কুকি (মৈথিলী ভূঞা)ৰ জন্ম৷[1]
প্ৰকাশিত গ্ৰন্থসম্ভাৰ
[সম্পাদনা কৰক]শ্ৰব্য সঁফুৰা
[সম্পাদনা কৰক]গীত
[সম্পাদনা কৰক]- গানে গানে; নিৰ্বাচিত গীত সংকলন, ২০০৫, আৰ বি কন্ছালটেণ্টছ, গুৱাহাটী[1]
কবিতা
[সম্পাদনা কৰক]- ছৈ হেঙুলীয়া নাও; ২০১০, গ্ৰেজুৱেট ষ্ট’ৰ্ছ, যোৰহাট
- নষ্টাল্জিক (অসমীয়া-ইংৰাজী দ্বিভাষিক); ২০২৩, এন এল পাব্লিকেচন্ছ, গুৱাহাটী
শিশু-সাহিত্য
[সম্পাদনা কৰক]- পদ্যত জীৱ-জন্তু; ২০১০, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী
প্ৰবন্ধ
[সম্পাদনা কৰক]- অসমীয়া আধুনিক গীতৰ বিকাশত আকাশবাণীৰ ভূমিকা; ২০১৮, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী[1]
অনুবাদ
[সম্পাদনা কৰক]- হেম্লেট; মূলঃ উইলিয়াম শ্বেইক্সপিয়েৰ (ইংৰাজী), ২০০৫, বাণী মন্দিৰ, গুৱাহাটী
- বন্দী প্ৰমিথিয়াছ; মূলঃ এস্কাইলাছ (গ্ৰীক), (ই এইচ প্লাম্পট্ৰেৰ প্ৰমিথিয়াছ বাউণ্ড আৰু জে এছ ব্লেকীৰ দ্য লিৰিকেল ড্ৰামাজ অব্ এস্কাইলাছৰ ইংৰাজী অনুবাদৰপৰা), ২০১২, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী[1]
- বিভিন্ন দেশৰ শ্ৰেষ্ঠ গল্প; ২০০৫, ২০১৯, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী
- বিভিন্ন দেশৰ সাধু; ২০০৭, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী
সম্পাদনা
[সম্পাদনা কৰক]- ৰাসায়নিক উদ্যোগৰ বাটকটীয়া সিদ্ধিনাথ কলিতা; ২০০৮, গ্ৰেজুৱেট ষ্ট’ৰ্ছ, যোৰহাট
- জীৱন নামৰ কিবা এটা (নিৰুপমা বৰগোহাঞিৰ নিৰ্বাচিত সানমিহলি ৰচনা); ২০১০, গ্ৰেজুৱেট ষ্ট’ৰ্ছ, যোৰহাট
- আকাশী (আকাশবাণীৰ অনুষ্ঠান সূচীৰ অসমীয়া পষেকীয়া, উপ সম্পাদক), ১৯৮২-৮৬, আকাশবাণী, গুৱাহাটী[1]
শ্ৰব্য সঁফুৰা (আবৃত্তি)
[সম্পাদনা কৰক]- এনেকৈয়ে দিন-ৰাতি; ২০১৬, কুনু-কুকি প্ৰকাশন, গুৱাহাটী
বিভিন্ন সা-সন্মান
[সম্পাদনা কৰক]বঁটা
[সম্পাদনা কৰক]- শিল্পী বঁটা, সাংস্কৃতিক সঞ্চালকালয়, অসম চৰকাৰ, ২০১৫[1]
- এনাজৰী বঁটা, সামাজিক-সাংস্কৃতিক সংস্থা ‘এনাজৰী’, গুৱাহাটী, ২০২১
সন্মান
[সম্পাদনা কৰক]- গানে গানে আজি কওঁ, কীৰ্তি কমল ভূঞা ৰচিত গীতৰ এসন্ধ্যা (আয়োজকঃ সাংস্কৃতিক গোষ্ঠী ‘অন্বেষণ’, সহযোগঃ সাংস্কৃতিক সঞ্চালকালয়, অসম চৰকাৰ, ৰবীন্দ্ৰ ভৱন, ২২ ডিচেম্বৰ, ২০১৪)[1]
সম্বৰ্ধনা
[সম্পাদনা কৰক]- পুৰণি দিনৰ সোঁৱৰণ (সাংস্কৃতিক অনুষ্ঠান), সাহিত্য-সাংস্কৃতিক গোষ্ঠী ‘উদ্যম’ আৰু ৰামধেনু প্ৰকাশন, তলাতল ঘৰৰ বাকৰি, শিৱসাগৰ, ২০০২[1]
- গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা, ২০১৫
- জ্যোতিৰূপা নাট সমাৰোহ, ৰবীন্দ্ৰ ভৱন, ২০১৮[1]
- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ২০১৯
- পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশন, অসম সাহিত্য সভা, ২০২০
- ২১ সংখ্যক নৱবৰ্ষ মহোৎসৱ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, ২০২১
- ভাষা ছহিদ দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস, সহঃ উচ্ছায়ুক্ত, বাংলাদেশ (গুৱাহাটী কাৰ্য্যালয়), ২০২১
- মহাৰজত জয়ন্তী, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় (প্ৰাক্তন ছাত্ৰ হিচাপে), ২০২২
- ৰূপালী জয়ন্তী, চিৰন্তন সাহিত্যৰ দিন, ২০২২[1]
- ষট্অষ্টতিতম ৰঙালী বিহু, পশ্চিম গুৱাহাটী বিহু সন্মিলন (ভৰলুমুখ), ২০২২
- ষষ্ঠচত্বাৰিংশতম প্ৰতিষ্ঠা দিৱস, গুৱাহাটী আৰ্টিষ্টছ্ গীল্ড, ২০২২
- মহাৰজত জয়ন্তী, আকাশবাণী গুৱাহাটী, ২০২৩
- ৰামকৃষ্ণ পৰমহংসৰ একশত অষ্টঅষ্টতিতম জন্মদিৱস, ৰামকৃষ্ণ মিছন আশ্ৰম, গুৱাহাটী, ২০২৩
- সোণালী জয়ন্তী, পূব গুৱাহাটী উচ্ছ বিদ্যালয়, গুৱাহাটী, ২০২৩
- নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱস, নটসূৰ্য্য, কটন এলাম্নাই হল, গুৱাহাটী, ২০২৪
- শিল্পী দিৱস উপলক্ষে সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰাগজ্যোতিকালয়ৰ সম্বৰ্ধনা, ২০২৫[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 1.16 1.17 1.18 1.19 কুশল দত্ত (২৭ জানুৱাৰী, ২০২৫). "কীৰ্তি কমল স্মাৰক গ্ৰন্থ". এন এল পাব্লিকেশ্বনছ্.