সমললৈ যাওক

কীৰ্তি জৈন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কীৰ্তি জৈন
জন্ম ১১ ডিচেম্বৰ, ১৯৪৯ (৭৬ বছৰ)
এলাহাবাদ, উত্তৰ প্ৰদেশ
পেচা নাট পৰিচালক, অধ্যাপক
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (২০১১)

কীৰ্তি জৈন (ইংৰাজী: Kirti Jain ) ভাৰতৰ প্ৰয়াগৰাজৰ এগৰাকী নাট পৰিচালক। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন সঞ্চালক। তেওঁ ২০১১ চনত নাট পৰিচালনা শিতানত সংগীত নাটক একাডেমী বঁটাকে ধৰি বহু বঁটা আৰু সন্মান লাভ কৰিছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৭২ চনত দিল্লীৰ দূৰদৰ্শনত প্ৰযোজক হিচাপে কীৰ্তি জৈনে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।

তেওঁ উত্তৰ প্ৰদেশৰ থিয়েটাৰ অভিলেখাগাৰ আৰু নথিকৰণ কেন্দ্ৰ- নটৰংগ প্ৰতিষ্ঠানৰ ট্ৰাষ্টী।[1] তেওঁ ইংলেণ্ডৰ এক্সেটাৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত নাট্য আলোচনী ‘ষ্টাডিজ ইন থিয়েটাৰ এণ্ড পাৰফৰমেন্স’ৰ সম্পাদক মণ্ডলীৰ সদস্য আছিল আৰু ‘কম্পেনিয়ন টু দ্য ইণ্ডিয়ান থিয়েটাৰ’ আৰু অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত ‘অক্সফৰ্ড এনচাইক্লোপিডিয়া অৱ থিয়েটাৰ এণ্ড পাৰফৰমেন্স’ত প্ৰবন্ধৰে অৱদান আগবঢ়াইছে।[2]

১৯৭৭ চনত কীৰ্তি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত ভাৰতীয় নাট্য ইতিহাসৰ সহযোগী অধ্যাপক হিচাপে নিযুক্তি পায় আৰু পিছলৈ আধুনিক ভাৰতীয় নাটকৰ অধ্যাপক হয়। ১৯৮৮ চনৰ পৰা ১৯৯৫ চনলৈকে তেওঁ প্ৰতিষ্ঠানটোৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।[3] এই সময়ছোৱাত তেওঁ শিশু নাট, নথিকৰণ আৰু প্ৰকাশন কাৰ্যসূচীৰ প্ৰচাৰৰ বাবে নেচনেল স্কুল অৱ ড্ৰামাছ থিয়েটাৰ ইন এডুকেচন (TIE) কাৰ্যসূচী আৰম্ভ কৰে আৰু বাংগালুৰুত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আঞ্চলিক গৱেষণা কেন্দ্ৰও স্থাপন কৰে। তেখেতে বিদেশী বিশ্ববিদ্যালয়সমূহৰ নাট বিভাগসমূহৰ সৈতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগিতামূলক কামকাজো আৰম্ভ কৰিছিল, বিশেষকৈ ব্ৰিটেইন, পোলেণ্ড আৰু জাৰ্মানীৰ নাট বিভাগসমূহৰ সৈতে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]