সমললৈ যাওক

কুঁচিয়ানামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুঁচিয়ানামা হৈছে ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত অসমীয়া সাহিত্যিক সুপ্ৰকাশ ভূঞাৰ এখন চুটিগল্প সংকলন।[1] গ্ৰন্থখন পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা এইখন লেখকৰ দ্বিতীয়খন গল্প সংকলন।[2] এই গ্ৰন্থখনৰ বাবে তেওঁ ২০২৫ চনৰ সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয়।[3]

লেখকৰ চমু পৰিচয়

[সম্পাদনা কৰক]

গল্পকাৰ সুপ্ৰকাশ ভূঞাৰ জন্ম ১৯৯০ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱালগাঁৱত হৈছিল।[1] তেওঁ পেচাত দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ বিষয় শিক্ষক (সহকাৰী শিক্ষক)।[4][1] তেওঁ ২০১০ চনৰপৰা গৰীয়সী, প্ৰান্তিক, সাতসৰী আৰু প্ৰকাশ আদি অসমৰ আগশাৰীৰ সাহিত্য আলোচনীত নিয়মিতভাৱে সাহিত্য চৰ্চা কৰি আহিছে।[1] সাহিত্য অকাডেমিৰ নৱোদয় প্ৰকল্পৰ অধীনত প্ৰকাশিত ছিছিফাছৰ পৃথিৱী হৈছে তেওঁৰ প্ৰথম গল্প সংকলন।[1]

পটভূমি আৰু বিষয়-বস্তু

[সম্পাদনা কৰক]

কুঁচিয়ানামা সংকলনখনত মুঠ চৈধ্যটা গল্প সন্নিৱিষ্ট হৈছে।[5] গ্ৰন্থখনৰ গল্পসমূহত মূলতঃ অসমৰ প্ৰান্তীয় আৰু সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱন-সংগ্ৰাম প্ৰতিফলিত হৈছে। সমাজৰ চকুৰ আঁৰত থকা নিম্নশ্ৰেণীৰ মানুহবোৰৰ সুখ-দুখ, অস্তিত্ব আৰু সংগ্ৰামক স্বীকৃতি দিয়াৰ লগতে আঞ্চলিক লোকজীৱনৰ অকৃত্ৰিম ভাব-অনুভূতিক গল্পসমূহৰ জৰিয়তে তুলি ধৰা হৈছে। স্বকীয় কথনশৈলী আৰু গল্পভাষাৰে তেখেতে সমাজ-জীৱনৰ অনেক উপেক্ষিত দিশ, সামাজিক-ৰাজনৈতিক সমস্যা আৰু মানুহৰ অন্তৰ্জীৱনৰ সংঘাতক গল্পৰ উপজীৱ্য কৰি লৈছে।[2] এই গল্পসংকলনখনত জাঁজৰি, বীৰা, ক'লাজোন, থাউনি, মন্ত্ৰণা কক্ষত আদিকে ধৰি মুঠ ১৪টা গল্প সন্নিৱিষ্ট আছে।[5]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 state/sahitya-akademi-yuva-puraskar-2025-for-assamese-language-to-suprakash-bhuyan-of-sivasagar-assam-news-ass25061804881 "সুপ্ৰকাশ ভূঞালৈ সাহিত্য অকাডেমি যুৱ বঁটা". ETV Bharat Assamese. 18 June 2025. https://www.etvbharat.com/amp/as/! state/sahitya-akademi-yuva-puraskar-2025-for-assamese-language-to-suprakash-bhuyan-of-sivasagar-assam-news-ass25061804881। আহৰণ কৰা হৈছে: 24 September 2026. [সংযোগবিহীন উৎস]
  2. 1 2 "Kuchiyanama – Suprakash Bhuyan". Scientia Books. https://scientiabooks.in/product/kuchiyanama-suprakash-bhuyan/। আহৰণ কৰা হৈছে: 24 September 2026. [সংযোগবিহীন উৎস]
  3. ↑ "অসমীয়া সাহিত্যৰ দুই লেখকলৈ সাহিত্য একাডেমীৰ পুৰস্কাৰ...". Asomiya Pratidin. 18 June 2025. https://www.asomiyapratidin.in/homepage/sahitya-academi-award-surendra-mohan-das-suprakash-bhuyan-9373527। আহৰণ কৰা হৈছে: 24 September 2026.
  4. ↑ "২০২৫ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণা". Assam TV9. 18 June 2025. https://www.assamtv9.com/assam/sahitya-akademi-yuba-and-bal-sahitya-award-announced-for-2025-2105222.html/amp। আহৰণ কৰা হৈছে: 24 September 2026.
  5. 1 2 কিশোৰ দাস কোঁৱৰ (July 2024). "'কুঁচিয়ানামা' : কিছু নতুন, কিছু ব্যতিক্ৰম আৰু কিছু কৌতূহল". অন্যযুগ. https://www.anyayug.com/p/grantha-alochana-july-2024.html?m=1। আহৰণ কৰা হৈছে: 24 September 2026.