সমললৈ যাওক

কুইন (২০১৪ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Queen

পোষ্টাৰ
পৰিচালক বিকাশ বেহেল
ৰচনা অন্বিতা দত্ত গুপ্তন
চিত্ৰনাট্য বিকাশ বেহেল<br /চৈতালী পাৰমাৰ
পাৰভিজ শেখ
কাহিনী বিকাশ বেহেল
প্ৰযোজক অনুৰাগ কাশ্যপ
[বিক্ৰমাদিত্য মোতৱানে
অভিনয়ত কংগণা ৰানাউট
ৰাজকুমাৰ ৰাও
লিজা হেইডেন
চিত্ৰগ্ৰহণকাৰী ববী সিং
অতিৰিক্ত:
সিদ্ধাৰ্থ দিৱান
সম্পাদনা অভিজিৎ কোকাটে
অনুৰাগ কাশ্যাপ
সংগীত পৰিচালক অমৃত ত্ৰিবেদী
প্ৰযোজনা
কোম্পানী
ফেণ্টম ফিল্মছ
মুক্তি
অক্টোবৰ ২০১৩ (2013-10) (Busan)
৭ মাৰ্চ ২০১৪ (2014-03-07)
দৈৰ্ঘ্য
১৪৬ মিনিট[1]
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ₹20 crore[2]
সৰ্বমুঠ আয় 95.04 crore

কুইন (ইংৰাজী: Queen ) ২০১৪ চনত নিৰ্মিত এখন মহিলা প্ৰধান ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালনা বিকাশ বেহেলে কৰিছে। প্ৰযোজনা অনুৰাগ কাশ্যপ, বিক্ৰমাদিত্য মটৱানে, আৰু মধু মন্তেনাৰ। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লিজা হেইডন আৰু ৰাজকুমাৰ ৰাৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।[3] ছবিখনত নতুন দিল্লীৰ পাঞ্জাৱী ছোৱালী ৰাণী মেহৰাৰ কাহিনী আছে, যিয়ে তেওঁৰ হবলগীয়া স্বামীয়ে তেওঁলোকৰ বিয়াখন বাতিল কৰাৰ পিছত অকলে পেৰিছ আৰু আমষ্টাৰডামলৈ হানিমুনৰ বাবে যাত্ৰা কৰে।[4]

বেহেলে চৈতালী পৰমাৰ আৰু পাৰবীজ শেখৰ সৈতে সহযোগিতাৰে কুইনৰ চিত্ৰনাট্য লিখিছিল। ছবিখনৰ সংলাপ লিখিছিল অন্বিতা দত্ত গুপ্তাই। অমিত ত্ৰিবেদীয়ে সংগীত ৰচনা কৰিছিল আৰু গুপ্তনে গীতৰ কথা লিখিছিল। কুইনৰ প্ৰধান চিনেমেট’গ্ৰাফী ২০১২ চনত আৰম্ভ হৈছিল আৰু সম্পূৰ্ণ হ'বলৈ ৪৫ দিন সময় লাগিছিল।[5] ছবিখন পৰিচালনা, চিত্ৰনাট্য আৰু ৰানাউটৰ অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে। বিভিন্ন সমালোচক আৰু প্ৰকাশনে ইয়াক ২০১৪ চনৰ শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে উল্লেখ কৰে। এইখন এগৰাকী মহিলা নায়িকাক লৈ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিসমূহৰ ভিতৰত অন্যতম।[6] ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ছবিখনে কেইবাটাও বঁটা আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ৬০তম ফিল্মফেয়াৰ বঁটাত ছবিখনে ১৩টা মনোনয়ন লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি আগশাৰীৰ ৬টা বঁটা লাভ কৰে। ৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবি
৬০তম ফিল্মফেয়াৰ বঁটা
  • শ্ৰেষ্ঠ ছবি
  • শ্ৰেষ্ঠ পৰিচালক
  • শ্ৰেষ্ঠ অভিনেত্ৰী
  • শ্ৰেষ্ঠ অৱহ সংগীত
  • শ্ৰেষ্ঠ সম্পাদনা
  • শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "QUEEN (12A) – British Board of Film Classification". British Board of Film Classification. http://www.bbfc.co.uk/releases/queen-film। আহৰণ কৰা হৈছে: 4 October 2015. 
  2. "Box Office India - Queen". Box Office India. https://boxofficeindia.com/movie.php?movieid=2199। আহৰণ কৰা হৈছে: 24 October 2023. 
  3. "Bursting with creativity". MiD DAY. 21 March 2014. http://www.mid-day.com/articles/bursting-with-creativity/15173064। আহৰণ কৰা হৈছে: 21 March 2014. 
  4. "'Queen' review: Kangana Ranaut is the 'Queen' of hearts". 7 March 2014. http://indianexpress.com/article/entertainment/movie-review/queen-review-kangana-ranaut-is-the-queen-of-hearts/। আহৰণ কৰা হৈছে: 26 January 2018. 
  5. "Top 5 Films 2014-Anupama Chopra". YouTube. 26 December 2014. https://www.youtube.com/watch?v=uidYQvrA80g। আহৰণ কৰা হৈছে: 12 May 2015. 
  6. "Queen: The complicated legacy of the film that celebrated feminism" (en-GB ভাষাত). Qrius. 2019-03-08. https://qrius.com/five-years-of-queen-the-complicated-legacy-of-the-film-that-celebrated-feminism/। আহৰণ কৰা হৈছে: 2020-09-11. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]