কুকুৰনেচীয়া মানুহ
কুকুৰনেচীয়া মানুহ হৈছে অৰুণ শৰ্মাৰ এখন উল্লেখযোগ্য নাটক। এই নাটকখন প্ৰথমে ১৯৬৫ চনত হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত 'নীলাচল' আলোচনীত প্ৰকাশ পাইছিল। ১৯৮২ চনত আকাশবাণীৰ সৰ্বভাৰতীয় নাট প্ৰতিযোগিতাত নাটকখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে গুৱাহাটী দূৰদৰ্শনৰ পৰাও নাটকখন সম্প্ৰচাৰিত হৈ গৈছে। নাটকখনৰ এতিয়ালৈকে ইংৰাজীলৈ অনূদিত দুটা ৰূপ পোৱা গৈছে। সাহিত্য অকাদেমীৰ আলোচনী contemporary Indian literature-ত প্ৰতিম শৰ্মাই কৰা ইংৰাজী অনুবাদ প্ৰকাশ পাইছিল ২০০৩ চনৰ ফ্ৰেব্ৰুৱাৰী সংখ্যাত। আনটো ইংৰাজী অনূদিত ৰূপ 'কথা প্ৰকাশনে' প্ৰকাশ কৰা উত্তৰ-পূবৰ সাহিত্য সংখ্যাটিত প্ৰকাশ পাইছিল। অনুবাদক হৈছিল ৰুমা ফুকন।[1]
লেখকৰ পৰিচয়ঃ
[সম্পাদনা কৰক]অৰুণ শৰ্মা (১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। 'শ্ৰী নিবাৰণ ভট্টাচাৰ্য' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৮ বৰ্ষত সাহিত্য অকাডেমি বঁটা আৰু ২০০৩ বৰ্ষত সংগীত নাটক অকাডেমি বঁটা লাভ কৰে। ভাৰত চৰকাৰৰ পৰা উক্ত দুয়োটা বঁটা লাভ কৰা তেওেঁই একমাত্ৰ অসমীয়া। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে।[2]
নাটকখনৰ বিষয়বস্তু আৰু সাৰাংশ
[সম্পাদনা কৰক]কাহিনীটো এটি কুকুৰনেচীয়া ল'ৰাক লৈ ৰচিত। কিন্তু মূল বক্তব্যৰপিনৰপৰা কুকুৰনেচীয়া ল'ৰাটোৰে বিশ্বৰ সমগ্ৰ সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ অৰ্থ বুজাবলৈ চেষ্টা কৰা হৈছে। আৰু দেখুৱাব খোজা হৈছে ছিন্নমূল মানুহ যেতিয়া সংখ্যালঘু হিচাপে পৰিগণিত হয়, তেতিয়া তেওঁলোকৰ জীৱনৰ কি পৰিণতি হয়। প্ৰাকৃতিক দুৰ্যোগ, নাইবা মানব-কৃত ৰাজনৈতিক-অৰ্থনৈতিক আদি কোনো কাৰণত কেতিয়াবা একোটা জনগোষ্ঠী মূলৰপৰা বিচ্ছিন্ন হৈ পৰে। কিন্তু বুৰঞ্জীয়ে এটা কৰুণ সত্য প্ৰতিষ্ঠা কৰিছে। সি হ'ল-এবাৰ ছিন্নমূল যি মানৱ, তাৰ পুনৰ সংস্থাপন এটা অতি জটিল প্ৰক্ৰিয়া। তেওঁ নতুন ভূমিতো সমাদৃত নহয়, আৰু কেনেবাকৈ পূৰ্ব্বৰ ভূমিলৈ প্ৰত্যাবৰ্তনৰ সুযোগ ওলালেও তেওঁৰ কণ্ঠত মানবীয় অধিকাৰৰ দাবী সদায় অস্ফুট, অবদমিত। এজন এংলো-ইণ্ডিয়ান ইংলণ্ডত ইংৰাজ বুলি পৰিচিত হোৱাৰ উপায় নাই। এজন কানাডীয়-ফৰাচী ফ্ৰান্সলৈ উভতি গ'লে তেওঁ সদায় অনুগ্ৰহ প্ৰাৰ্থী হৈ থাকে। তিনিপুৰুষ অসমত চিৰ-অনুগ্ৰহ-প্ৰাৰ্থী হৈ থকাৰ পাছত এটি বঙালী পৰিয়ালৰ এজন মানুহ কলিকতাত গৈ "আসামেৰ-বাঙালী" হোৱাৰ কাৰণে, এটি কামৰ বাবে সম্পূৰ্ণ যোগ্যতা থকা সত্ত্বেও, কামটো কৰাৰপৰা বঞ্চিত হ'ল।
ছিন্নমূল মানুহৰ এই চিৰবঞ্চনা, সিয়েই হৈছে এই নাটকৰ মূল বক্তব্য।[3]
নাটকখনত কুকুৰনেচীয়া মানুহৰ সন্তান ৰমু সমগ্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি স্বৰূপ। অধ্যাপক অশোক চৌধুৰীয়ে কুকুৰনেচীয়া মানুহৰ সন্তান ৰমুক ৰামচাং হাবিৰ পৰা ধৰি আনি নিজৰ ঘৰত ৰাখি প্ৰকৃত মানুহৰ ৰূপত গঢ় দিবলৈ চেষ্টা কৰি সফল হৈছে। কিন্তু সমাজৰ পৰা বিচ্ছিন্ন হৈ থকা কুকুৰনেচীয়া মানুহৰ সন্তান ৰমুক মানুহে সমাজত আদৰি ল'ব পৰা নাই। সেয়ে সি নৃপতি বৰুৱাৰ দৰে কিছুমান স্বাৰ্থদ্ধ মানুহৰ কৱলত পৰি মানৱীয় অধিকাৰ, পাপ্য সা-সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। কিন্তু সি হতাশ নহৈ নিজে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰি যাবলৈ সিদ্ধান্ত লৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ পৃ-৭৫,৭৭,অৰুণ শৰ্মাৰ নাটক-সমীক্ষাত্মক বিশ্লেষণ,ৰঞ্জন ভট্টাচাৰ্য্য,প্ৰকাশকঃপূৰ্বাঞ্চল প্ৰকাশ,ঘৰ নং-২,সেউজী পথ,ৱায়াৰলেছ,দিশপুৰ,গুৱাহাটী-৬
- ↑ অৰুণ শৰ্মা
- ↑ পাতনি,কুকুৰনেচীয়া মানুহ,অৰুণ শৰ্মা,প্ৰকাশক-অনন্ত হাজৰিকা,বনলতা,পাণবজাৰ,গুৱাহাটী-১,প্ৰথম সংস্কৰণঃমাৰ্চ,২০১৭