কুণ্ডিনাপুৰী
কুণ্ডিনাপুৰী ভীম নামৰ এজন পৌৰাণিক ৰজাৰ দ্বাৰা শাসিত বিদৰ্ভ ৰাজ্যৰ ৰাজধানী আছিল।[1] এই বিদৰ্ভ ৰাজ্য ভোজ-যাদৱ বংশৰ ভীষ্মক আৰু তেওঁৰ পুত্ৰ ৰুক্মিয়েও শাসন কৰিছিল। অৱশ্যে ৰজা ৰুক্মিয়ে বিদৰ্ভৰ বাবে ভোজাকটা নামৰ আন এখন ৰাজধানী নিৰ্মাণ কৰিছিল। মহাকাব্য মহাভাৰতত উল্লেখ কৰা দুগৰাকী বিখ্যাত নাৰী দময়ন্তী আৰু ৰুক্মিণীৰো ইয়াতেই জন্ম হৈছিল। দুয়োগৰাকী বিদৰ্ভ ৰাজকুমাৰী আছিল। দময়ন্তী ভীম ৰজাৰ কন্যা আৰু নিষাধ ৰাজকুমাৰ নলৰ পত্নী আছিল৷ ৰুক্মিণী ভীষ্মকৰ কন্যা আৰু ৰাজকুমাৰ ৰুক্মিৰ ভগ্নী তথা দ্বাৰকাপতি বাসুদেৱ কৃষ্ণৰ প্ৰথম পত্নী আছিল।
উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ যোৱা প্ৰাচীন যাত্ৰীসকলৰ বাবে কুণ্ডিনাপুৰী মূল প্ৰৱেশদ্বাৰ স্বৰূপ আছিল। অযোধ্যাৰ দৰে উত্তৰ ভাৰতীয় প্ৰাচীন চহৰৰ সৈতে কুণ্ডিনাপুৰীৰ সুসংযোগ আছিল। এই প্ৰাচীন পথৰ কথা মহাভাৰততো উল্লেখ আছে। অৱন্তী আৰু নিষাধৰ দৰে ৰাজ্যৰ লগতো কুণ্ডিনাপুৰীৰ সম্পৰ্ক আছিল।
ভাৰতৰ মহাৰাষ্ট্ৰৰ আমৰাৱতী জিলাত অৱস্থিত আধুনিক যুগৰ কৌণ্ডন্যপুৰেই প্ৰাচীন কুণ্ডিনাপুৰী বুলি চিনাক্ত কৰা হৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Pimpri–Chinchiwad History Archived 28 September 2008 at the Wayback Machine