সমললৈ যাওক

কুতুবুদ্দিন আহমেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুতুবুদ্দিন আহমেদ
জন্ম ০৩ জানুৱাৰী, ১৯৪৮
পুলিবৰ, যোৰহাট, অসম
মৃত্যু ০৪ এপ্ৰিল, ২০২১ (৭৩ বছৰ)
পেচা অধ্যাপনা

কুতুবুদ্দিন আহমেদ (ইংৰাজী: Kutubuddin Ahmed; ৩ জানুৱাৰী ১৯৪৮- ৪ এপ্ৰিল ২০২১) হ'ল এজন অসমীয়া লেখক, সমালোচক আৰু অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা।[1] আহমেদৰ জন্ম হৈছিল যোৰহাটৰ পুলিবৰত ১৯৪৮ চনৰ ৩ জানুৱাৰীত মাহত |[2]

পৰিয়াল আৰু শি‍ক্ষা

[সম্পাদনা কৰক]

কুতুবুদ্দিন আহমেদৰ পিতৃৰ নাম হাচান আলি আৰু মাতৃৰ নাম মেহেৰুণ নিচা আলি।[2] তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৬৯-৭০ চনত ইংৰাজী সাহিত্য আৰু ১৯৭৭-৭৮ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে ১৯৮৯ চনত প্ৰাধ্যাপক মহেন্দ্ৰ বৰাৰ তত্ত্বাৱধানত "জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যশিল্প" বিষয়ত গৱেষণা কৰি‍ ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2][3] দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী হিচাপে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতে‍ প্ৰাচ্যবিদ্যাৰ্ণৱ ড° মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থানৰ অবৈতনিক পঞ্জীয়ক আৰু ভেলী হাই একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ অবৈতনিক ৰেক্টৰ হিচাপে কাৰ্যনিবাহ কৰিছিল।[2]

সাহিত্য-কৰ্ম

[সম্পাদনা কৰক]

ইংৰাজী সাহিত্যৰ চমু বুৰঞ্জী, শিল্পী-নাট্যকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সাহিত্য কোষ, বিশ্ব সাহিত্যৰ সৌৰভ, শ্বায়েৰীৰ দৰে এশ এটা অসমীয়া শ্বয়েৰী, মিত্ৰদেৱ মহন্ত, অসমীয়া ঐতিহাসিক উপন্যাসৰ গতিধাৰা, নিৰ্বাচিত অসমীয়া শ্বায়েৰী, শিল্প আৰু শিল্পবোধ, বাহাদূৰ গাঁওবুঢ়া, সান্নিধ্যৰ মধুৰ সোঁৱৰণ, নীল নদীৰ ইপাৰে, টেইমচৰ সিপাৰে,আমেৰিকা ভ্ৰমণৰ ডায়েৰী, সাহসী মামনি, জ্যোতি-চিন্তা, অসমৰ সংগীত : ঐতিহ্য আৰু পৰম্পৰা, ইংৰাজীত কথাপাতোঁ আঁহক আদি তেখেতৰ উল্লেখযোগ্য সাহিত্য-কৰ্ম।[3][2]

অসম চৰকাৰৰ তৰফৰ পৰা কুতুবুদ্দিন আহমেদক ২০১১ চনত "সাহিত্য বঁটা" প্ৰদান কৰাৰ লগতে ২০১৩ চনত "সাহিত্যিক পেন্সন" প্ৰদান কৰে। আনহাতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাই ড° কুতুবুদ্দিন আহমেদক "সাহিত্য প্ৰাণ" উপাধি প্ৰদান কৰে।[3][2] বৰ্তমান যোৰহাট মেলং স্থিত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্য্যালয়টো সাহিত্যপ্ৰাণ ড০ কুুুুতুবুুুুুুুদ্দিন আহমেদ ভৱন নামেৰে জিলিকি আছে |

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা আহমেদ ডাঙৰীয়াই ৭৩ বছৰ বয়সত ২০২১ চনৰ ৪ এপ্ৰিলৰ দিনা শেষ-নিশ্বাস ত্যাগ কৰে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]