সমললৈ যাওক

কুনাপিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুনাপিপি বা গুণাবিবি বুলিও কোৱা হয়,(অৰ্থ 'গৰ্ভ')[1] এগৰাকী সৃষ্টিকৰ্তা দেৱী আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ অঞ্চলৰ আদিবাসী পৌৰাণিক কাহিনীৰ লোককথাত বহু বীৰক পৃষ্ঠপোষকতা কৰা দেৱী হিচাপে মান্যতা দিয়া হৈছে।

কোৱা হয় যে, কুনাপিপিয়ে মানুহৰ লগতে বেছিভাগ জীৱ-জন্তু আৰু উদ্ভিদৰ জন্ম দিছিল। তেওঁক বৃদ্ধা কাডজেৰীৰ সৈতে যি এতিয়ালেকে নিশ্চিত নোহোৱা এজন সৃষ্টিকৰ্তা ভগৱান অথবা আধ্যাত্মিক সত্ত্বা বুলি ধৰা হয়,[1], কাডজেৰীয়ে এবাৰ পানীৰ পৰা ওলাই আহি নায়ক আৰু নায়িকাৰ দল এটাৰ সৈতে দেশৰ সিপাৰে যাত্ৰা আৰম্ভ কৰিছিল।[2] যাত্ৰা কালত সপোন দেখাৰ সময়ত তেওঁ মানুহৰ পুৰুষ আৰু মহিলা প্ৰজাতিক জন্ম দিয়াৰ লগতে প্ৰাকৃতিক জীৱ-জন্তুৰ পুৰুষ আৰু মহিলাৰ প্ৰজাতি আৰু বিধানো সৃষ্টি কৰিছিল। তেওঁ নিজকে সৃষ্টিকৰ্তা ভগৱান ৰামধেনু সাপৰ পুৰুষ বা মহিলা সংস্কৰণলৈ ৰূপান্তৰিত কৰিব পাৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

উৎপত্তি আৰু প্ৰসাৰণ

[সম্পাদনা কৰক]

কোৱা হয় যে, কুনাপিপি পন্থৰ জন্ম হোৱা যেন লাগে ৰ’পাৰ আৰু ৰোজ নদী অঞ্চলত বাস কৰা জনগোষ্ঠীৰ মাজত। আলাৱা সংস্কৰণত তেওঁ পানীৰপৰা ওলাই অহা বুলি কোৱা হয়।[1] তাৰপৰাই ই ক্ৰমান্বয়ে উত্তৰ-পূব দিশলৈ আৰ্নহেম লেণ্ডলৈ বিয়পি পৰিছিল বুলি ভবা হয়, য’ত ইয়াৰ অস্তিত্ব আছিল ড্জাংগাউল নামৰ এগৰাকী নাৰী আকৃতিৰ সৈতে পৰিপূৰক পুৰুষতান্ত্ৰিক ৰূপ হিচাপে।[3] টনি শ্বেইনৰ মতে কুনাপিপি পৰম্পৰাসমূহে বিশেষকৈ তেওঁৰ পৰৱৰ্তী উৎপত্তি সম্পৰ্কে ট্ৰেপাং ব্যৱসায়ীৰ সৈতে যোগাযোগৰ জৰিয়তে চুলাৱেছি/মাকাছাৰ প্ৰভাৱৰ কথা প্ৰতিফলিত কৰে আৰু সম্ভৱতঃ প্ৰাক-ইছলামিক বিশ্বাসৰ মাতৃ পন্থ, যি পন্থ টোৰাজা আৰু বুগিছৰ মাজত আধুনিক যুগলৈকে জীয়াই আছিল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Swain 1991, পৃষ্ঠা. 240.
  2. Swain 1991, পৃষ্ঠা. 238ff.
  3. Berndt 1974, পৃষ্ঠা. 4.
  4. Swain 1991, পৃষ্ঠা. 241-244.