সমললৈ যাওক

কুন্তলা কুমাৰী সাবত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুন্তলা কুমাৰী সাবত
জন্ম ০৮ ফেব্ৰুৱাৰী, ১৯০১[1]
জগদলপুৰ, বস্তৰ ৰাজ্য, মধ্য প্ৰদেশ, ব্ৰিটিছ ৰাজ
মৃত্যু ২৩ আগষ্ট, ১৯৩৮ (৩৭ বছৰ)
পেচা চিকিৎসক, কবি
ভাষা ওড়িয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়

স্বাক্ষৰ

কুন্তলা কুমাৰী সাবত (১৯০১–১৯৩৮) ঔপনিৱেশিক ভাৰতৰ সময়ত এগৰাকী ওড়িয়া কবি। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ওড়িশাৰপৰা বিশিষ্টতা লাভ কৰা মহিলা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। বহুমুখী ব্যক্তিত্বৰ অধিকাৰী সাবত আছিল এগৰাকী চিকিৎসক, লেখিকা, কবি, সম্পাদিকা, জাতীয়তাবাদী আন্দোলনৰ নেত্ৰী আৰু সমাজকৰ্মী।[2] ১৯২৫ চনত তেওঁ উৎকল ভাৰতী সন্মানেৰে সন্মানিত হয়।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯০০ চনৰ ৮ ফেব্ৰুৱাৰীত জগদলপুৰত (তেতিয়াৰ বস্তৰ স্বশাসিত ৰাজ্যত) তেওঁ জন্মগ্ৰহণ কৰে।[4] তেওঁৰ পিতৃ ডেনিয়েল সাবত চিকিৎসক আছিল। মাতৃৰ নাম আছিল মোনিকা সাবত। তেওঁৰ মাতৃ হাতীৰাজ ডাণ্ডামুকুন্দাপু (বৰ্তমান পুৰী জিলা)ত এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল।[5] তেওঁৰ জন্মৰ আগতে পিতৃ বস্তাৰত স্থায়ী বাসিন্দা হয় আৰু খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তিত হয়। অতি কম সময়তে তেওঁ দেউতাকৰ সৈতে বৰ্মালৈ গৈ বাস কৰে আৰু শৈশৱৰ বহুদিন বৰ্মাত অতিবাহিত কৰে। পিছত পিতৃ দ্বিতীয়বাৰ বিবাহ কৰিলে, ফলস্বৰূপে কুন্তলা মাতৃৰ সৈতে ওড়িশালৈ ঘূৰি আহে। ওড়িশালৈ উভতি অহাৰ পাছত তেওঁলোকে খোৰ্ধাত থিতাপি লৈছিল। তেতিয়া মহিলাসকলৰ শিক্ষাৰ প্ৰায় সম্পূৰ্ণ অভাৱ থাকিলেও, মাতৃৰ অধ্যৱসায়ই কুন্তলাক ভাল শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাই দিবলৈ সক্ষম হয়। তেওঁ ৰেভেন্স’ শ্বা গাৰ্লছ হাইস্কুলত শিক্ষা লাভ কৰি আগলৈ কটকৰ অ’ৰিছা মেডিকেল স্কুল (বৰ্তমান শ্ৰীৰাম চন্দ্ৰ ভঞ্জ মেডিকেল কলেজ আৰু হাস্পতাল)ত চিকিৎসা অধ্যয়ন অব্যাহত ৰাখে। ১৯২১ চনত তেওঁ L.M.P. (Licentiate Medical Practitioners) ডিগ্ৰী স্বৰ্ণপদকেৰে লাভ কৰে। তেওঁ ওডিয়া, হিন্দী, বাংলা, ইংৰাজী আৰু বাৰ্মীজ ভাষাত পাৰদৰ্শী আছিল। তেওঁৰ এজন পুত্ৰ আছিল—জগমোহন দাস। তেওঁৰ নাতি ৰুদ্ৰমোহন দাস আৰু নাতিনী দুজনী—সুভময়ী সুবশ্ৰী দাস আৰু দেৱশ্ৰী দাস। [6]

পেছাদাৰী জীৱন

[সম্পাদনা কৰক]

চিকিৎসক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ড° কৈলাস চন্দ্ৰ ৰাৱৰ অভিভাৱকত্বত চিকিৎসাৰ সৈতে সংযুক্ত হয়। ১৯২১ চনৰপৰা ১৯২৮ চনলৈ তেওঁ চিকিৎসা প্ৰৱেশত সক্ৰিয়ভাৱে কাৰ্যৰত আছিল। তাৰ পাছত তেওঁ কটকত নিজৰ স্বাধীন চিকিৎসা প্ৰৱৰ্তন আৰম্ভ কৰে। ১৯২৫ চনত তেওঁ কটকতেই ৰেড ক্ৰছ ছ’চাইটিৰ মাতৃ-কল্যাণ কেন্দ্ৰ আৰম্ভ কৰিছিল।[7]

১৯২৮ চনত তেওঁ নতুন দিল্লীলৈ স্থানান্তৰিত হয়। সেই বছৰে তেওঁৰ উপদেষ্টা কৃষ্ণ প্ৰসাদ ব্ৰহ্মচাৰীক সৈতে বিবাহ পাশত আবদ্ধ হয়।[8]

সামাজিক জীৱন

[সম্পাদনা কৰক]

তেওঁ জাতিগত বৈষম্য দূৰীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰিছিল। তেওঁ শিশুবিবাহ, মহিলাৰ ওপৰত হোৱা বৈষম্য আৰু পৰ্দা প্ৰথাৰ বিৰুদ্ধে লিখিছিল। লগতে বিধৱা-বিবাহ, মহিলাৰ মুক্তি আৰু সমাজ-সংস্কাৰ আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত ওড়িশাৰপৰা অংশগ্ৰহণ কৰা প্ৰধান ব্যক্তিত্বসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।[9][10][11]

তেওঁ মূলতঃ ওডিয়া ভাষাত লিখিছিল, যদিও হিন্দীতো কিছু শৈলী-নিবন্ধ আৰু কবিতা ৰচনা কৰিছিল। তেওঁ মহাবীৰ, জীৱন, নাৰী ভাৰতী আদি বিভিন্ন সাময়িকীৰ সম্পাদিকা আছিল। তেওঁক বেনাৰাছ হিন্দু বিশ্ববিদ্যালয় আৰু এলাহাবাদ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত বক্তৃতাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। ওডিয়া ভাষাৰ উন্নয়নৰ উদ্দেশ্যে তেওঁ ‘ভাৰতি তাপোভন সংঘ’ নামৰ এটা সংগঠন স্থাপন কৰিছিল। কুন্তলা কুমাৰীৰ সাহিত্যকৃতি আৰু জনজীৱনত তেওঁৰ ভূমিকা বহুক্ষেত্ৰে সৰোজিনী নাইডুৰ সৈতে তুলনীয় বুলি মন্তব্য কৰা হৈছে।[12]

১৯৩৮ চনৰ ২৩ আগষ্টত ৩৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

কাব্য সংকলন

[সম্পাদনা কৰক]
  • অঞ্জলি (১৯২২)[13]
  • উচ্ছ্বাস (১৯২৪)
  • অৰ্চনা (১৯২৭)[14]
  • স্ফুলিঙ্গ (১৯২৯)[14]
  • আহ্বান (১৯৩০)
  • আজি বাপা তোতে কহিবি কথাটি
  • প্ৰেম চিন্তামণি (১৯৩০)[14][15]
  • ওড়িয়াংক কান্দণা (১৯৩৬)
  • গড়জাত কৃষক (১৯৩৭)
  • বৰমালা
  • শেফালি প্ৰতি
  • তাৰা প্ৰতি (কবিৰ প্ৰথম কবিতা)
  • কোটিকোটি কণ্ঠে আজি
  • অবহেল়িত দেশ
  • পূজা
  • অভিশপ্তৰ অভিমান
  • মণিকাঞ্চন (অসম্পূৰ্ণ্ণ কাব্য) (জীৱনৰ আদি কালত ৰচিত) (সাবিত্ৰী ও সত্যবান উপাখ্যান)
  • বনফুল উদ্যানকুসুম

উপন্যাস

[সম্পাদনা কৰক]
  • ভ্ৰান্তি[16]
  • নৱতুণ্ডী
  • কালীবোহূ[17]
  • ৰঘু অৰক্ষিত
  • পৰশমণি
  • চিত্ৰপট

সন্মান আৰু বঁটা

[সম্পাদনা কৰক]
  • উৎকল ভাৰতী উপাধি (পুৰী মুক্তিমণ্ডপ পণ্ডিতসভা)[18]
  • ভাৰতী ভূষণ (অখিল ভাৰতীয় আৰ্য সমাজ)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Naveen pays tribute to writer Kuntala Kumari Sabat on her birth anniversary". pragativadi.com. https://pragativadi.com/naveen-pays-tribute-to-writer-kuntala-kumari-sabat-on-her-birth-anniv/.
  2. "5 women freedom fighters of Odisha". Odisha Sun Times. 2019-08-15. https://sambadenglish.com/remembering-5-women-freedom-fighters-odisha/ আহৰণ কৰা হৈছে: 2020-02-12.
  3. Choudhury, Dr. Janmejay (August 2010). "Kuntala Kumari Sabat : A True Patriotic Litterateur and Reflection of Her Literary Works on Gandhian Movement". Orissa Review: 25. https://magazines.odisha.gov.in/Orissareview/2010/August/engpdf/25-28.pdf.[সংযোগবিহীন উৎস]
  4. "KUNTALA KUMARI SABAT". Archived from the original on 12 November 2016. https://web.archive.org/web/20161112193030/http://123orissa.com/person/person.asp?sno=23&cat=a আহৰণ কৰা হৈছে: 17 February 2020.
  5. "Kuntala Kumari Sabat". odisha.360.batoi.com. Archived from the original on 17 February 2020. https://web.archive.org/web/20200217055554/https://odisha.360.batoi.com/infopedia/odia-personalities/kuntala-kumari-sabat/ আহৰণ কৰা হৈছে: 15 November 2012. "Her grandfather was from a Brahmin family of Danda Mukundpur a village of Puri district"
  6. Lal, M.; Kumar, S.P.; Indian Institute of Advanced Study (2002). Women's studies in India: contours of change. Indian Institute of Advanced Study. ISBN 978-81-7986-016-8. https://books.google.com/books?id=YEMpAAAAYAAJ আহৰণ কৰা হৈছে: 2020-02-17.
  7. Singh, N.K. (2001). Encyclopaedia of women biography: India, Pakistan, Bangladesh. A.P.H. Pub. Corp.. ISBN 978-81-7648-261-5. https://books.google.com/books?id=wZMrAQAAIAAJ আহৰণ কৰা হৈছে: 2020-02-14.
  8. Mohanty, S. (2005). Early Women's Writings in Orissa, 1898-1950: A Lost Tradition. SAGE Publications. পৃষ্ঠা. 130. ISBN 978-0-7619-3308-3. https://books.google.com/books?id=WAicQsB1jkgC&pg=PA130 আহৰণ কৰা হৈছে: 2020-03-05.
  9. Orissa (India). Home Department; Orissa, India. Home Dept (1998) (en ভাষাত). Orissa Review. Home Department, Government of Orissa. পৃষ্ঠা. 12, 17–18. https://books.google.com/books?id=glhQAQAAMAAJ আহৰণ কৰা হৈছে: 2020-02-17.
  10. Choudhury, Janmejay. "Kuntala Kumari Sabat : A True Patriotic Litterateur and Reflection of Her Literary Works on Gandhian Movement". Orissa Review. http://magazines.odisha.gov.in/Orissareview/2010/August/engpdf/25-28.pdf.[সংযোগবিহীন উৎস]
  11. "Nightingale or BulBul of Orissa Kuntala Kumari Sabat". Orissa Spider. 2011-11-22. Archived from the original on 2020-02-17. https://web.archive.org/web/20200217055544/http://www.orissaspider.com/resources/3427-BulBul-of-Orissa-Kuntala-Kumari-Sabat.aspx আহৰণ কৰা হৈছে: 2020-02-14.
  12. "Kuntala Kumari Sabat". odiya.org. http://www.odiya.org/personality/perslink/kksabat.html আহৰণ কৰা হৈছে: 15 November 2012. "Kuntala Kumari's literary gifts and role in the public life of her time are comparable to those of Sarojini Naidu"
  13. Das, S.K. (2005). History of Indian Literature: 1911-1956, struggle for freedom : triumph and tragedy. A History of Indian Literature 1911-1956. Sahitya Akademi. পৃষ্ঠা. 565. ISBN 978-81-7201-798-9. https://books.google.com/books?id=sqBjpV9OzcsC&pg=PA565 আহৰণ কৰা হৈছে: 2020-02-17.
  14. 1 2 3 Lal, M.; Kumar, S.P.; Indian Institute of Advanced Study (2002). Women's studies in India: contours of change. Indian Institute of Advanced Study. পৃষ্ঠা. 184. ISBN 978-81-7986-016-8. https://books.google.com/books?id=YEMpAAAAYAAJ আহৰণ কৰা হৈছে: 2020-02-17.
  15. Das, S.K. (2005). History of Indian Literature: 1911-1956, struggle for freedom : triumph and tragedy. A History of Indian Literature 1911-1956. Sahitya Akademi. পৃষ্ঠা. 640. ISBN 978-81-7201-798-9. https://books.google.com/books?id=sqBjpV9OzcsC&pg=PA640 আহৰণ কৰা হৈছে: 2020-02-17.
  16. Das, S.K. (2005). History of Indian Literature: 1911-1956, struggle for freedom : triumph and tragedy. A History of Indian Literature 1911-1956. Sahitya Akademi. পৃষ্ঠা. 576. ISBN 978-81-7201-798-9. https://books.google.com/books?id=sqBjpV9OzcsC&pg=PA576 আহৰণ কৰা হৈছে: 2020-02-17.
  17. Das, S.K. (2005). History of Indian Literature: 1911-1956, struggle for freedom : triumph and tragedy. A History of Indian Literature 1911-1956. Sahitya Akademi. পৃষ্ঠা. 594. ISBN 978-81-7201-798-9. https://books.google.com/books?id=sqBjpV9OzcsC&pg=PA594 আহৰণ কৰা হৈছে: 2020-02-17.
  18. "ওড়িশাৰ প্ৰথম মহিলা ডাক্তৰ". ধৰিত্ৰী. ১১ জুলাই ২০১৭. পৃষ্ঠা: ১৬. https://www.dharitri.com/e-Paper/Bhubaneswar/110717/p16.htm আহৰণ কৰা হৈছে: ৮ ফেব্ৰুৱাৰী ২০২২.