কুন্তিলানক
কুন্তিলানক (ইণ্ডোনেছীয় নাম),বা পণ্টিয়ানক (মালয় নাম), বা যক্ষী (হিন্দু ধৰ্ম/ হিন্দু পৌৰাণিক কাহিনীত) ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ছিংগাপুৰৰ এটা পৌৰাণিক জীৱ। দক্ষিণ-পূব এছিয়াৰ অন্যান্য অঞ্চলৰ লেংছুইৰৰ সৈতে ইয়াৰ মিল আছে। সাধাৰণতে কুন্তিলানকে প্ৰসৱৰ সময়ত মৃত্যু হোৱা গৰ্ভৱতী মহিলাৰ ৰূপ ধাৰণ কৰে। ইয়াক প্ৰায়ে প্ৰতিশোধপৰায়ণা নাৰী আত্মা বুলিও বৰ্ণনা কৰা হয়। কুন্তিলানকৰ আন এটা ৰূপে দক্ষিণ-পূব এছিয়াৰ লোককথাৰ ভূত বা বগা ভদ্ৰমহিলাক বুজায়।
কুন্তিলানকক প্ৰায়ে বগা কাপোৰ পৰিধান কৰা দীঘল চুলিৰ মহিলা হিচাপে চিত্ৰিত কৰা হয়। তাই পুৰুষক প্ৰলোভিত কৰি ভয়ৰ সঞ্চাৰ কৰে আৰু প্ৰতিশোধ চৰিতাৰ্থ কৰে। কুন্তিলানক ওচৰত থকাৰ চিন হ'ল শিশুৰ কান্দোনৰ শব্দ আৰু ক্ষয়িষ্ণু মৃতদেহ বা প্লুমেৰিয়া ফুলৰ গোন্ধ |
ব্যুৎপত্তি
[সম্পাদনা কৰক]কুন্তিলানক বা পণ্টিয়ানকক প্ৰায়ে আধিভৌতিক নাৰী প্ৰেতাত্মা বুলি বৰ্ণনা কৰা হয়; এই ধাৰণাৰ আন এটা সংস্কৰণ মতে ইহঁত দীঘল চোকা দাঁত আৰু নখ থকা নাৰী প্ৰেতাত্মা। মৃত সন্তান গৰ্ভৰ ভিতৰত থকা বাবে সন্তান জন্ম দিব নোৱৰা নাৰীৰ আত্মাৰ সৈতে ইয়াৰ মিল আছে। মূলতঃ পণ্টিয়ানাক চহৰ থকা কালিমন্তান অঞ্চলত ইহঁতে বাস কৰে বুলি জনা যায়। পণ্টিয়ানাকে ইহঁতৰ চিকাৰক প্ৰৰোচিত কৰিবলৈ সুন্দৰী ৰমণীৰ ছদ্মবেশ ধৰিব পাৰে ।মালয়েছিয়াৰ লোক গাথা অনুসৰি, ইহঁতে মানুহৰ আভ্যন্তৰীণ অংগবোৰৰ পৰা ভেম্পায়াৰৰ দৰে তেজ শুহি খাব পাৰে।[1]
দৈহিক আকৃতি আৰু আচৰণ
[সম্পাদনা কৰক]কুন্টিলানক (পন্টিয়ানাক)ক প্ৰায়ে বগা ছাল, ৰঙা চকু, আৰু দীঘল ক’লা চুলিৰে এগৰাকী সুন্দৰী ৰমণী ৰূপে বৰ্ণনা কৰা হয়। সাধাৰণতে ইহঁতে ৰক্তৰঞ্জিত বগা পোছাক পৰিধান কৰা দেখা যায়। কুন্টিলানকে নিজৰ চিকাৰ (সাধাৰণতে পুৰুষ বা নিৰূপায় মানুহ) ধৰাৰ পিছত এক ভয়ংকৰ ৰূপ লয় বুলি কোৱা হয়। ই এক ভয়ঙ্কৰ মাংসভোজী প্ৰকৃতিৰ প্ৰাণী হিচাপে জনাজাত। কেতিয়াবা ইয়াক এটি জন্তু বা ড্ৰাকুলাৰ দৰে প্ৰেতাত্মা ৰূপতো দেখা যায়।
পন্টিয়ানাকে কেৱল পূৰ্ণিমাৰ নিশাত দেখা দিয়ে আৰু সাধাৰণতে এটি শিশুৰ কান্দোন বা মহিলাৰ হাঁহিৰ শব্দৰে নিজৰ উপস্থিতি ঘোষণা কৰে। কোৱা হয় যে যদি শব্দটো সৰু হয়, তেন্তে ই ওচৰতে আছে আৰু যদি শব্দ জোৰেৰে শুনা যায়, তেন্তে ই আঁতৰত আছে। কিছুমান উৎসৰ মতে, যদি এটা কুকুৰে নিশা ভুকি থাকে, তেন্তে বুজিব লাগিব যে পন্টিয়ানাক আছে, কিন্তু সিমান ওচৰতো নহয়; কিন্তু যদি কুকুৰে কান্দে, তেন্তে পন্টিয়ানাক একেবাৰে ওচৰত থাকে। লগতে, ইহঁত উপস্থিত হোৱাৰ আগে আগে এটা সুবাস (প্লুমেৰিয়া ফুলৰ সুবাস) অনুভূত হয়, তাৰ পিছতে পচা মৃতদেহৰ দৰে দুৰ্গন্ধ আহে।
পন্টিয়ানাকে নিজৰ দীঘল নখৰ সহায়ত চিকাৰৰ দেহৰ আভ্যন্তৰীণ অংগ বাহিৰ কৰি খাই পেলায়। যদি ই কোনো পুৰুষৰ ওপৰত প্ৰতিশোধ ল’ব খোজে, তেন্তে হাতেৰে ভৰিৰ পৰা মূৰলৈকে ছিৰি পেলায়। যদি কোনো ব্যক্তিয়ে ইয়াৰ উপস্থিতিৰ সময়ত চকু মেলি থাকে, তেন্তে ই সেই ব্যক্তিৰ চকু বাহিৰ কৰি লৈ খাই পেলাব। কোৱা হয় যে পন্টিয়ানাকে চিকাৰৰ বস্ত্ৰৰ সুবাসৰ সহায়ত চিকাৰৰ সন্ধান কৰে; সেইবাবে কিছুমান মালয়েছিয়ান লোকে ৰাতি বাহিৰত কাপোৰ থৈ নাযায়।
পন্টিয়ানাক কলগছৰ সৈতে জড়িত, আৰু বিশ্বাস কৰা হয় যে প্ৰেতাত্মাটোৱে দিনত কলগছৰ ভিতৰত থাকি বিশ্ৰাম লয়। কিছুমান কল্পকথা অনুসৰি, যদি কোনো ব্যক্তিয়ে ইয়াৰ ডিঙিৰ পিছফালে এটি নখ সুমুৱাই দিয়ে, তেন্তে ই এগৰাকী সুন্দৰী মহিলা আৰু ভাল পত্নী হিচাপে পৰিণত হয়, কিন্তু সেই নখ আঁতৰাই দিলে পুনৰ পন্টিয়ানাকৰ ৰূপ ঘূৰাই পায়।
ইণ্ডোনেছিয়াৰ কুন্টিলানাক মালয়েছিয়াৰ পন্টিয়ানাকৰ দৰে, কিন্তু সাধাৰণতে ই এটি চৰাইৰ ৰূপ ধাৰণ কৰে আৰু কুমাৰী আৰু তৰুণী মহিলাৰ ৰক্ত শোহে। উৰোঁতে "কে-কে-কে" শব্দ কৰা এই চৰাইটোক কোনো মহিলাক অসুস্থ কৰিবৰ বাবে ক'লা যাদুৰ সহায়ত পঠিওৱা হয়।[2] এনে অসুস্থতাৰ মুখ্য লক্ষণ যৌনাঙ্গৰ পৰা ৰক্তক্ষৰণ। কুন্টিলানাকক বশ কৰিবলৈ হ'লে তেওঁৰ মূৰৰ ওপৰত এটি তীক্ষ্ণ নখ ভৰাই দিব লাগে।
এই দৈত্য আত্মা মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ লোককথাত আটাইতকৈ ভয়ঙ্কৰ আৰু জনপ্ৰিয় প্ৰেতাত্মাৰ অন্যতম।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Duile, Timo (2020). "Kuntilanak: Ghost Narratives and Malay Modernity in Pontianak, Indonesia". Bijdragen tot de Taal-, Land- en Volkenkunde খণ্ড 176 (2/3): 279–303. doi:10.1163/22134379-17601001. ISSN 0006-2294.
- ↑ Amrizan Madian; Matahari Tegak Dua Kali Setahun di Kota Khatulistiwa; Situs Berita Nasional Malaysia (in Indonesian)