কুব্জা
| কুব্জা | |
|---|---|
কৃষ্ণই কুঁজী নাৰী ত্ৰিৱক্ৰ (কুব্জা)ৰ পৰা প্ৰসাদ গ্ৰহণ কৰে ৷ | |
| দেৱনাগৰী | कुब्जा |
| সম্পৰ্ক | ত্ৰিবক্ৰ |
| নিবাস | গোলোক |
| সঙ্গী | কৃষ্ণ (আত্মিক)[1] |
| হিন্দু পাঠ্য | ব্ৰহ্মবৈৱৰ্ত পুৰাণ, ভাগৱত পুৰাণ, সুৰ সাগৰ |
কুব্জা মথুৰাৰ এগৰাকী কিংবদন্তি কুঁজা মহিলা, যাক হিন্দু দেৱতা কৃষ্ণই উদ্ধাৰ কৰি সুন্দৰ কৰি তোলা বুলি বৰ্ণনা কৰা হৈছে। ভাগৱত পুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ আৰু সুৰদাসৰ সুৰ সাগৰত এই খণ্ডৰ বৰ্ণনা কৰা হৈছে।
পৃষ্ঠভূমি
[সম্পাদনা কৰক]ভাগৱত পুৰাণত বৰ্ণনা কৰা হৈছে যে তেওঁৰ বন্ধু সুদামাক লগ পোৱাৰ পিছত কৃষ্ণ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোৰাম মথুৰাৰ ৰাজপথেৰে খোজ কাঢ়ি গৈ কংস ৰজাৰ গাভৰু লিগিৰী কুঁজী কুব্জাৰ সৈতে মুখা-মুখি হয়। তাইৰ মুখখন ধুনীয়া আৰু প্ৰলেপৰ থাল এখন লৈ ফুৰিছিল। কৃষ্ণই তাইৰ সৌন্দৰ্যৰ প্ৰশংসা কৰে আৰু মৰমৰ প্ৰতিদান হিচাপে প্ৰলেপ বিচাৰে। নিজৰ শৰীৰটোত তিনিটা ভাঁজ থকা বাবে তাই নিজকে ত্ৰিবক্ৰ বুলি পৰিচয় দিয়ে।
কৃষ্ণৰ মায়াত মন্ত্ৰমুগ্ধ হৈ তাই ৰজাৰ ওচৰলৈ লৈ যোৱা প্ৰলেপটো তেওঁক প্ৰদান কৰে। সন্তুষ্ট হৈ কৃষ্ণই তাইৰ ভৰিত ভৰিৰ আঙুলিৰে টিপি দুয়োখন হাতেৰে ধৰি আঙুলি এটাৰে তাইৰ থুঁতৰিৰ তলত ৰাখি আঙুলিৰে ওপৰলৈ ঠেলি দিয়ে। ইয়াৰ ফলত তাইৰ শৰীৰটো পোন হৈ পৰে। কুব্জাই নিজৰ ত্ৰাণকৰ্তাৰ প্ৰতি কৃতজ্ঞতাত আপ্লুত হৈ কৃষ্ণৰ চোলাত ধৰি টানি তেওঁক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনায়। কিন্তু কৃষ্ণই বিনয়েৰে অস্বীকাৰ কৰে আৰু ভ্ৰমণৰ উদ্দেশ্য পূৰণ কৰি তাইৰ ওচৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি দিয়ে।[2] [3]
সুৰদাসৰ কবিতাত এই খণ্ডটোৰ কথা এটা পাৰ হৈ যোৱা ঘটনাত উল্লেখ কৰা হৈছে, অৱশ্যে সেই গ্ৰন্থখনত কেন্দ্ৰবিন্দু হৈছে ঈশ্বৰৰ পৰিত্ৰাণকৰ্তা, যিয়ে ভক্তসকলৰ মাজত বৈষম্য নকৰে আৰু নিম্ন শ্ৰেণীৰ দাসীকো সহায় কৰে।[4] কংস বধ কৰাৰ পাছত কৃষ্ণই প্ৰতিজ্ঞা অনুসৰি উদ্ধৱৰ সৈতে কুব্জাক সাক্ষাৎ কৰে। কুব্জাই সঙ্গীসকলৰ সৈতে কৃষ্ণক পূজা কৰি সন্মানৰ আসন আগবঢ়ায়। কুব্জাই কৃষ্ণৰ বাবে নিজকে সাজু কৰাৰ লগে লগে কৃষ্ণই ভিতৰৰ কোঠাবোৰত কুব্জাৰ বিছনাত নিজকে আৰাম কৰিবলৈ এৰি দিয়ে। তেওঁক আলিংগন কৰি কুব্জাৰ ইচ্ছা পূৰণ হয়। তাই কৃষ্ণক তাইৰ লগত থাকিবলৈ অনুৰোধ কৰে, অৱশ্যে কৃষ্ণই পুনৰ তাইৰ কামনা পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দি উদ্ধৱৰ বাসগৃহলৈ গুচি যায়।[5][6]
কুব্জা আৰু কৃষ্ণৰ দ্বিতীয় সাক্ষাতৰ বিষয়ে সুৰদাসে অধিক বিশদভাৱে কয়। তেওঁ উল্লেখ কৰিছে যে কুব্জাৰ সৌভাগ্যৰ কাৰণ তেওঁৰ পূৰ্বৰ জীৱনৰ গুণ। কংসক বধ কৰাৰ পাছত কৃষ্ণই কুব্জাৰ ঘৰলৈ খৰ-খেদাকৈ যায় তাইৰ ইচ্ছা পূৰণৰ বাবে। [7]
ব্ৰহ্ম বৈৱৰ্ত পুৰাণত কৃষ্ণৰ পূৰ্বৰ পৃথিৱীত জন্ম হোৱা ৰামৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা শূৰ্পনখাৰ পুনৰ্জন্ম হ’ল কুব্জা। শূৰ্পনখাৰ ৰামৰ সৈতে মিলনৰ ইচ্ছা কুব্জাই পুৰস্কাৰৰূপে এই জন্মত কৃষ্ণৰ পৰা পূৰণ কৰে।[8] সেয়েহে তাই কৃষ্ণ (ৰামৰ পুনৰ্জন্ম)ক স্বামী হিচাপে (আধ্যাত্মিকভাৱে) গ্ৰহণ কৰে। কৃষ্ণৰ সৈতে মিলনৰ পিছত তেওঁ গোলোক লাভ কৰে আৰু চন্দ্ৰমুখী নামৰ গোপালিকা হয়।[9]
বিষ্ণু পুৰাণৰ দৰে ধ্ৰুপদী গ্ৰন্থত কৃষ্ণৰ কুব্জাৰ ঘৰলৈ যোৱাৰ কথা লিপিবদ্ধ কৰা হোৱা নাই।[10]
জনপ্ৰিয় সংস্কৃতিত
[সম্পাদনা কৰক]কুব্জাৰ কাহিনী ২০১৯ চনৰ বালা ছবিৰ আৰম্ভণি আৰু শেষত, স্কুলৰ নাটকৰ ৰূপত প্ৰকাশ পাইছে।[11] ছবিখনৰ ৰংবাদৰ এটা অন্তৰ্নিহিত বিষয়-বস্তুৰ সৈতে সম্পৰ্কিতভাৱে উল্লেখ কৰা হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Doniger, Wendy (2014-03-03), Nagar, Shantilal, ed., "The Scrapbook of Undeserved Salvation: The Kedara Khanda of the Skanda Purana 1", On Hinduism (Oxford University Press): pp. 233–256, http://dx.doi.org/10.1093/acprof:oso/9780199360079.003.0017, আহৰণ কৰা হৈছে: 2023-01-06
- ↑ Bhagavata Purana 10.42 Archived 2013-12-31 at the Wayback Machine by Prabhupada
- ↑ Pauwels 2008, পৃষ্ঠা. 331-2.
- ↑ Pauwels 2008, পৃষ্ঠা. 330, 332.
- ↑ Pauwels 2008, পৃষ্ঠা. 333-4.
- ↑ Bhagavata Purana 10.48 Archived 2013-12-30 at the Wayback Machine by Prabhupada
- ↑ Pauwels 2008, পৃষ্ঠা. 335.
- ↑ Pauwels 2008, পৃষ্ঠা. 336.
- ↑ Shanti Lal Nagar (2003-01-01). Brahma Vaivarta Purana - English Translation - All Four Kandas. 2. http://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation.
- ↑ Pauwels 2008, পৃষ্ঠা. 337.
- ↑ "If You Criticise Directly, People will Not Listen, Says Bala Director Amar Kaushik" (en ভাষাত). News18. 2019-11-26. https://www.news18.com/news/movies/if-you-criticise-directly-people-will-not-listen-says-bala-director-amar-kaushik-2400479.html। আহৰণ কৰা হৈছে: 2023-01-06.