সমললৈ যাওক

কুমাৰি জয়ৱৰ্ধন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুমাৰি জয়ৱৰ্ধন
කුමාරි ජයවර්ධන

২০১৮ চনত কলম্বোৰ ঘৰত
জন্ম আগমপোডি কুমাৰি জয়ৱৰ্ধন
১৯৩১ (বয়স ৯৪৯৫)
কলম্বো, ব্ৰিটিছ চিলন (বৰ্তমানৰ শ্ৰীলংকা)
ৰাষ্ট্ৰীয়তা শ্ৰীলংকান
শিক্ষা লেডিজ কলেজ, কলম্বো
শিক্ষানুষ্ঠান লণ্ডন স্কুল অৱ ইক'নমিকছ
পেচা শিক্ষাবিদ, কৰ্মী
উল্লেখযোগ্য কৰ্ম ফেমিনিজম এণ্ড নেচনালিজম ইন দ থাৰ্ড ৱৰ্ল্ড

কুমাৰি জয়ৱৰ্ধন (সিংহল: කුමාරි ජයවර්ධන; জন্ম: ১৯৩১) এগৰাকী শ্ৰীলংকান নাৰীবাদী কৰ্মী আৰু শিক্ষাবিদ। তেওঁৰ কৰ্ম হৈছে তৃতীয় বিশ্বৰ নাৰীবাদৰ মানদণ্ডৰ অংশ, যি নাৰীবাদী দৰ্শনক পশ্চিমা সমাজৰ অনুকৰণ হিচাপে নহয়, বৰঞ্চ অ-পশ্চিমী সমাজ আৰু ৰাষ্ট্ৰসমূহৰ স্বদেশী আৰু একক ৰূপ হিচাপে ধাৰণা কৰে। তেওঁ কলম্বো বিশ্ববিদ্যালয়ত[1] আৰু ইণ্টাৰনেচনেল ইনষ্টিটিউট অৱ ছ’চিয়েল ষ্টাডিজত[2] শিক্ষা দিছিল।

১৯৮০ৰ দশকত জয়ৱৰ্ধনে ফেমিনিজম এণ্ড নেছনেলিজম ইন দ্য থাৰ্ড ৱৰ্ল্ড প্ৰকাশ কৰিছিল, যি অ-পশ্চিমী মহিলাৰ আন্দোলনৰ ওপৰত এখন ক্লাসিক গ্ৰন্থ হিচাপে পৰিগণিত হৈছে। তেওঁ আন কিতাপসমূহো প্ৰকাশ কৰিছে, যেনে দ্য হোৱাইট উমেন’ছ অদাৰ বাৰ্ডেন, আৰু বহু নিবন্ধ লিখিছে। ১৯৭০ৰ দশকত তেওঁ ছ’চিয়েল ছায়েণ্টিষ্টছ’ এছ’চিয়েচন প্ৰতিষ্ঠা কৰিছিল আৰু শ্ৰীলংকাত নাগৰিক অধিকাৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জয়ৱৰ্ধন ১৯৩১ চনত কলম্বোত জন্ম গ্ৰহণ কৰে, তেওঁৰ পিতৃ এজন সিংহলি আৰু মাতৃ এগৰাকী ব্ৰিটিছ, এলিনৰ হাটন আছিল।[3] তেওঁৰ পিতৃ, আগমপোডি টোৰণ্টাল পাওলাছ ডে জয়ছা, যাক জনসাধাৰণতে এ পি ডি জয়ছা নামেৰে জানে, শ্ৰীলংকাৰ এগৰাকী প্ৰখ্যাত সামাজিক সংস্কাৰক আৰু শিক্ষাবিদ আছিল। তেওঁ লেডিজ কলেজত[4] শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৯৫২–১৯৫৫ চনৰ মাজত লণ্ডন স্কুল অৱ ইক'নমিকছ[5] (এল.এছ.ই) অৰ্থনীতি বিষয়ত BA ডিগ্ৰী লাভ কৰে।[6] ১৯৫৬ চনত তেওঁ পাৰিছৰ ইন্সটিটিউট ডি’এটিউড পলিটিকৰপৰা Certificat d'Etudes Politiques লাভ কৰে। ১৯৫৮ চনত বেৰিষ্টাৰ হিচাপে যোগ্যতা লাভ কৰি, ১৯৬৪ চনত তেওঁ শিল্প সম্পৰ্ক বিষয়ে তেওঁৰ থেছিছৰ বাবে এল.এছ.ই.ৰপৰা পিএইচডি ডিগ্ৰী লাভ কৰে।[6]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৬৯ পৰা ১৯৮৫ চনলৈ জয়ৱৰ্ধনে পলিটিকেল ছায়েন্স কলম্বো ইউনিভাৰ্ছিটিত শিক্ষা গ্ৰহণ কৰিছিল।[6] তেওঁ দ্যা হেগৰ ইণ্টাৰনেচনেল ইনষ্টিটিউট অৱ ছ’চিয়েল ষ্টাডিজত অতিথি শিক্ষাবিদ হিচাপে "উইমেন এণ্ড ডেভেলপমেণ্ট" নামৰ এখন পাঠ্যক্ৰমো পঢ়াইছিল।[7] ১৯৮০-ৰ দশকত, ব্ৰাছেলচ (য’ত তেওঁ বাস কৰিছিল) আৰু দ্যা হেগ (য’ত তেওঁ শিক্ষা দিছিল)ৰ মাজত যাত্ৰা কৰোঁতে, জয়ৱৰ্ধনে লিখিছিল যিটো পৰৱৰ্তীতে ফেমিনিজম এণ্ড নেছনেলিজম ইন দ থাৰ্ড ৱৰ্ল্ড হিচাপে পৰিগণিত হৈছে।[7] এই গ্ৰন্থত চীন, মিচৰ, ইৰাণ, ভাৰত, ইণ্ডোনেছিয়া, জাপান, কোৰিয়া, ফিলিপাইনছ, শ্ৰীলংকা, তুৰ্কী আৰু ভিয়েটনামৰ মহিলাৰ আন্দোলনসমূহৰ ওপৰত আলোকপাত কৰা হৈছে।

জয়ৱৰ্ধনে "আমাৰ বিশ্বৰ অংশটো সম্পৰ্কে থকা গেপ"ৰ বিষয়ে অৱগত কৰিব বিচাৰিছিল আৰু অনুভৱ কৰিছিল যে "আজিৰ মহিলাৰ জ্ঞান আৰু অৱস্থা আলোচনা কৰিবলৈ, তেওঁলোকে কি লাভ কৰিছে আৰু কেনেকৈ লাভ কৰিছে সেয়া জানিবই প্ৰয়োজন।" [7] ১৯৮৬ চনত গ্ৰন্থখনৰ বাবে যুক্তৰাজ্যত ফেমিনিষ্ট ফৰ্টনাইট বঁটা প্ৰদান কৰা হৈছিল।[6] ১৯৯২ চনত Ms. Magazine-এ গ্ৰন্থখনক ফেমিনিষ্ট দশকৰ ২০খন আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছিল।[6] এই গ্ৰন্থ বৰ্তমান ফেমিনিষ্ট আন্দোলনৰ পৰিচয় গ্ৰন্থ হিচাপে বিবেচিত হয় আৰু বিশ্বজুৰি উইমেন’ছ ষ্টাডিজ প্ৰগ্ৰামত ব্যাপকভাৱে ব্যৱহৃত হয়। মূল প্ৰকাশৰ ৩০ বছৰ পাছত, ইয়াক ভেৰছ’ বুকছৰদ্বাৰা পুনঃপ্ৰকাশ কৰা হৈছিল।[7]

১৯৯৫ চনত প্ৰকাশিত দ হোৱাইট উমেন’ছ অদাৰ বাৰ্ডেনত জয়ৱৰ্ধনে সেই ব্ৰিটিছ শাসনাধীন দক্ষিণ এছিয়াত নিৰ্ধাৰিত লিঙ্গ ভূমিকা প্ৰতিহত কৰা শ্বেত মহিলাসকলৰ কাৰ্যকলাপৰ বিশ্লেষণ কৰিছে। তেওঁ বিশেষকৈ এনি বেছাণ্ট, হেলেনা ব্লাৱাটস্কি, কেথেৰিন মে’ও, মিৰা ৰিচাৰ্ড আৰু মেডলেইন ছ্লেইডৰ কামৰ ওপৰত আলোকপাত কৰিছে।

জয়ৱৰ্ধনে শ্ৰীলংকাত মহিলাৰ গৱেষণা সংস্থা আৰু নাগৰিক অধিকাৰ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰে। তেওঁ ১৯৭০ৰ দশকত ছ’চিয়েল ছায়েণ্টিষ্টছ’ এছ’চিয়েচন প্ৰতিষ্ঠা কৰিছিল আৰু ৮৫ বছৰৰ বয়সতো ইয়াত সম্পৃক্ত আছিল।[7] এইটো হৈছে এক গৱেষক দল, যিয়ে জাতি, লিঙ্গ আৰু জাতি-বৰ্ণ (caste) সম্পৰ্কীয় বিষয়ত কাম কৰে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]