সমললৈ যাওক

কুম্বকোনম কে ভানুমতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুম্বকোনম কে ভানুমতী
জন্ম কে ভানুমতী
১৯২২
কুম্বকোনম, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ২০০৬ (বয়স ৮৩–৮৪)
পেচা ভাৰতনাট্যম নৃত্যশিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (১৯৭৩)

কুম্বকোনম কে ভানুমতী (ইংৰাজী: Kumbakonam K. Bhanumathi; ১৯২২–২০০৬) তামিলনাডুৰ কুম্বকোনমৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী। ১৯৭৩ চনত ভাৰতনাট্যমৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।

জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

১৯২২ চনত বৰ্তমানৰ তামিলনাডুৰ কুম্বকোনমত এটা পৰম্পৰাগত নৃত্যশিল্পী পৰিয়ালত কুম্বকোনম কে ভানুমতীৰ জন্মগ্ৰহণ কৰিছিল।[1] তেওঁৰ জন্ম হৈছিল দেৱদাসী পৰিয়ালত। ভানুমতীয়ে পাপনাসম বাদিভেলু নট্টুৱনাৰৰ পৰা ভাৰতনাট্যমৰ প্ৰশিক্ষণ লাভ কৰে আৰু তেওঁৰ অধীনত দহ বছৰ বয়সত তেওঁৰ প্ৰথম চৰণ প্ৰদৰ্শন কৰে। পিছলৈ তেওঁ শনমুখ সুন্দৰম নট্টুৱনাৰ[2] আৰু মাইলাপুৰ গৌৰী আম্মালৰ[3] অধীনতো শিক্ষাগ্ৰহণ কৰে।

২০০৬ চনত ভানুমতীৰ মৃত্যু হয়।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]