সমললৈ যাওক

কুলি-কুলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুলি-কুলি

ঘানাৰ কুলি-কুলি
প্ৰকাৰ লঘু আহাৰ
উৎপত্তিৰ স্থান নাইজেৰিয়া
অঞ্চল উত্তৰ কেন্দ্ৰীয় নাইজেৰিয়া
উদ্ভাৱক নুপি জনগোষ্ঠী
বছৰ ১৯২০
পৰিবেশনৰ উষ্ণতা কোঠাৰ উষ্ণতাত
মুখ্য উপাদান চীনাবাদাম
আন উপাদান তেল, নিমখ, কেতিয়াবা জালুক, মছলা

কুলি-কুলি (Kuli-kuli) হৈছে নাইজেৰিয়াৰ এক প্ৰকাৰৰ লঘু আহাৰ যিটো ঘাইকৈ চীনাবাদামৰ পৰা তৈয়াৰ কৰা হয়। নাইজেৰিয়াৰ নুপি জনগোষ্ঠীৰ লোকসকলে পোনপ্ৰথমে এই খাদ্যবিধ প্ৰস্তুত কৰিছিল।[1]নাইজেৰিয়া, বেনিন, উত্তৰ কেমেৰুন আৰু ঘানাৰ এক জনপ্ৰিয় লঘু আহাৰ। বৰ্তমান কুলি-কুলি সমগ্ৰ বিশ্বতে সমাদৃত হৈছে। ইয়াক প্ৰায়ে অকলশৰে বা চেনি আৰু পানীৰ সৈতে মিহলি কৰা কেছাভা ফ্লেক্স (যাক 'গাৰী' বুলি জনা যায়) ৰ সৈতে খোৱা হয়। ইয়াক 'হাউচা কোকো', 'ফুৰা', আৰু 'আকামু'ৰ সৈতেও খোৱা হয় আৰু কেতিয়াবা ইয়াক গুড়ি কৰি চালাডত দিয়া হয়। চুইয়া আৰু কিলিচি প্ৰস্তুত কৰিবলৈও প্ৰায়ে ইয়াক উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।[2][3][4][5]

চীনাবাদামৰ পৰা তেল উলিওৱাৰ পিছত অৱশিষ্ট হিচাপে ৰৈ যোৱা অংশৰ পৰা কুলি-কুলি তৈয়াৰ কৰা হয়।[6][7]

ঘানাৰ কুলি-কুলি

[সম্পাদনা কৰক]

কুলি-কুলি ঘানা আৰু পশ্চিম আফ্ৰিকাৰ অন্যান্য অংশত এবিধ সুলভ মুচমুচে লঘু আহাৰ।[8] ব্যৱহৃত উপাদান আৰু ইয়াৰ আকৃতি সকলোতে একে নহয়। দেশখনৰ উত্তৰ অংশত, বিশেষকৈ ডাগবন জনগোষ্ঠীৰ মাজত, চীনাবাদামৰ তেল নিষ্কাশনৰ সময়ত ৰৈ যোৱা অৱশিষ্টৰ পৰা কুলি-কুলি তৈয়াৰ কৰা হয়।[9] ঘানাৰ জংগো বসতিস্থলবোৰত ই বেছিকৈ পোৱা যায়।[7]

প্ৰস্তুত প্ৰণালী

[সম্পাদনা কৰক]

কুলি-কুলি তৈয়াৰ কৰিবলৈ প্ৰথমে চীনাবাদাম ভজা হয় আৰু তাৰ পিছত গুড়ি কৰি 'লাবু' নামৰ এটা পেষ্ট তৈয়াৰ কৰা হয়। এই পেষ্টটো মছলা, নিমখ আৰু কেতিয়াবা জলকীয়াৰ গুড়িৰ সৈতে মিহলি কৰা হয়। তাৰ পিছত পানীৰ সহায়ত পেষ্টটোৰ পৰা অতিৰিক্ত তেলখিনি আঁতৰাই ইচ্ছানুসৰি আকৃতি (গোল বল, চিলিণ্ডাৰ ইত্যাদি) দিয়া হয়। তেলত পটাচ যোগ কৰিলে তেলৰ উতলি উঠা উষ্ণতা বৃদ্ধি পায়। গৰম কৰি ভাজি থকাৰ সময়ত বাদামৰ পেষ্টটো লাহে লাহে কঠিন হৈ পৰে। তাৰ পিছত ইয়াক তেলৰ পৰা আঁতৰাই ঠাণ্ডা হ'বলৈ দিয়া হয়। ই বহুত দিনলৈ নষ্ট নোহোৱাকৈ থাকে।

চীনাবাদামৰ তেল আৰু কুলি-কুলি উৎপাদন তথা বিক্ৰীৰ সকলো দিশ সামাজিকভাৱে 'মহিলাৰ কাম' হিচাপে গণ্য কৰা হয়। প্ৰায়ে মহিলাসকলেই ইয়াৰ উৎপাদন আৰু বিক্ৰীৰ সকলো দিশ নিয়ন্ত্ৰণ কৰে। মহিলাসকলে শস্য গছায়, তেল নিষ্কাশন কৰে, কুলি-কুলি ৰান্ধে আৰু বজাৰলৈ নি বিক্ৰী কৰে। বহুতো সাংস্কৃতিক গোটত ইয়াক মহিলাৰ 'নিজস্ব উপাৰ্জন' বুলি গণ্য কৰা হয় যিটো তেওঁলোকে নিজৰ ইচ্ছামতে খৰচ কৰিব পাৰে।[10]

পুষ্টিগুণ

[সম্পাদনা কৰক]

চীনাবাদামৰ পৰা তৈয়াৰ কৰা হয় বাবে কুলি-কুলিত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। ইয়াত মেগনেছিয়াম, ফছফৰাছ আৰু ভিটামিন ই-ও পোৱা যায়।[7]

চিত্ৰভঁৰাল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. GodsonFH (2023-01-15). "7 Delicious Nigerian Snacks You'll Love and How to Make Them" (en-US ভাষাত). PIECE — WITHIN NIGERIA. https://www.withinnigeria.com/piece/2023/01/15/7-delicious-nigerian-snacks-youll-love-and-how-to-make-them/ আহৰণ কৰা হৈছে: 2023-02-05.
  2. "kilishi - Google Search". www.google.ie. https://www.google.ie/search?rlz=1C1ASUT_en-GBIE463IE463&sourceid=chrome&ie=UTF-8&q=kilishi আহৰণ কৰা হৈছে: 2020-03-24.
  3. Nigeria, Online; Webby. "Home" (en-US ভাষাত). OnlineNigeria.com. Archived from the original on 2020-03-28. https://web.archive.org/web/20200328080757/https://onlinenigeria.com/ আহৰণ কৰা হৈছে: 2020-03-24.
  4. "BETUMI" (en-US ভাষাত). BETUMI. https://betumi.com/ আহৰণ কৰা হৈছে: 2020-03-24.
  5. "Foods and Recipes From Our Motherland Nigeria" (en-US ভাষাত). BuzzNigeria - Famous People, Celebrity Bios, Updates and Trendy News. 2017-05-24. https://buzznigeria.com/recipes/ আহৰণ কৰা হৈছে: 2020-03-24.
  6. "Foods and Recipes From Our Motherland Nigeria" (en-US ভাষাত). BuzzNigeria - Famous People, Celebrity Bios, Updates and Trendy News. 2017-05-24. https://buzznigeria.com/recipes/ আহৰণ কৰা হৈছে: 2020-03-24.
  7. 1 2 3 "NEWS". miczd.gov.gh. Archived from the original on 2020-06-06. https://web.archive.org/web/20200606152906/http://miczd.gov.gh/news/104 আহৰণ কৰা হৈছে: 2020-06-07.
  8. "Ghana: Kuli-Kuli" (en-US ভাষাত). 196 flavors. 2019-06-26. https://www.196flavors.com/ghana-kuli-kuli/ আহৰণ কৰা হৈছে: 2019-11-23.
  9. Ali, Sunday. "Kuli kuli(groundnut cookie) Recipe by Sunday Ali" (en ভাষাত). Cookpad. https://cookpad.com/us/recipes/2506230-kuli-kuligroundnut-cake আহৰণ কৰা হৈছে: 2019-11-23.
  10. "Nigerian Food TV - Nigerian Food blog, Nigerian Food TV Channel, Nigerian Cuisine, Nigerian Food Recipes TV, African Food Blog" (en-US ভাষাত). Nigerian Food TV. https://www.nigerianfoodtv.com/ আহৰণ কৰা হৈছে: 2020-03-24.