কুসুমকুমাৰী দাশ
| কুসুমকুমাৰী দাশ | |
|---|---|
| জন্ম | ১৮৭৫ বাকৰগঞ্জ জিলা, বংগ প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ১৯৪৮ (বয়স ৭২–৭৩) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
| পেচা | কবি, সমাজকৰ্মী |
| জনা যায় | আধুনিক বাংলা সাহিত্যৰ কবি জীৱনানন্দ দাশৰ মাতৃ আৰু 'আদৰ্শ ছেলে' কবিতাৰ বাবে খ্যাত |
| উল্লেখযোগ্য কৰ্ম | কাব্যমুকুল |
| দাম্পত্যসঙ্গী | সত্যানন্দ দাশ |
| সন্তান | ৩ জন (জীবনানন্দ দাশসহ) |
কুসুমকুমাৰী দাশ (১৮৭৫–১৯৪৮) এগৰাকী বাংলা কবি, লেখিকা আৰু সমাজকৰ্মী আছিল। তেওঁক আধুনিক বাংলা সাহিত্যৰ প্ৰখ্যাত কবি জীবনানন্দ দাশৰ মাতৃ হিচাপে জনা যায়। ইয়াৰ উপৰি তেওঁ বৰিশাল মহিলা সভাৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]
জীৱনী
[সম্পাদনা কৰক]তেওঁ কলকাতাৰ বেথুন স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ১৮৯৪ চনত ১৯ বছৰ বয়সত তেওঁ সত্যানন্দ দাশৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা পুত্ৰ (জীৱনানন্দ দাশ আৰু অশোকানন্দ দাশ) আৰু এগৰাকী কন্যা (সুচৰিতা দাশ) আছিল।
তেওঁৰ পিতৃ চন্দ্ৰনাথ দাশৰপৰাই তেওঁ লিখাৰ অভ্যাস লাভ কৰিছিল। তেওঁৰ পিতৃয়ে পাতল ছন্দত কবিতা লিখিছিল। কুসুমকুমাৰী দাশে মুকুল, ব্ৰহ্মবাদী আৰু প্ৰবাসীৰ দৰে কেইবাখনো আলোচনীত কবিতা প্ৰকাশ কৰিছিল।[2] তেওঁ নিয়মীয়াকৈ ডায়েৰী বা দিনলিপি লিখিছিল। কিন্তু তাৰে বেছিভাগেই বিচাৰি পোৱা নগ’ল, কাৰণ সেইবোৰ হয় হেৰাই গৈছিল নতুবা তেওঁ নিজেই নষ্ট কৰি পেলাইছিল।[3] তেওঁৰ আটাইতকৈ বিখ্যাত কবিতাটো হ’ল "আদৰ্শ ছেলে" (আদৰ্শ ল’ৰা)। এই কবিতাটোৰ প্ৰথম দুটা শাৰীয়ে কিংবদন্তিৰ মৰ্যাদা লাভ কৰিছে:
- আমাদেৰ দেশে হবে সেই ছেলে কবে,
- কথায় না বড় হয়ে কাজে বড় হবে ...
গৃহস্থালি আৰু লিখা-মেলাৰ উপৰি কুসুমকুমাৰী দাশে সামাজিক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ব্ৰাহ্ম সমাজৰ এগৰাকী মহিলা সদস্য হিচাপে তেওঁ বৰিশালত সামাজিক কাম-কাজত মহিলাৰ অংশগ্ৰহণৰ অগ্ৰণী ভূমিকা লৈছিল। বাংলা বৰ্ষপঞ্জীৰ ১৩১৯ চনৰপৰা ১৩৩৮ চনলৈকে তেওঁ মহিলা দিৱসৰ প্ৰাৰ্থনাত আচাৰ্য হিচাপে কাম কৰিছিল। আনকি কেতিয়াবা তেওঁ ব্ৰাহ্ম সমাজৰ সাধাৰণ সভাতো আচাৰ্যৰ দায়িত্ব পালন কৰিছিল।[4]
তেওঁ বৰিশাল মহিলা সভাৰ সম্পাদিকা আছিল। এই সভাই দুখীয়া ছোৱালীবোৰক সহায় কৰা, ধাইসকলক প্ৰশিক্ষণ দিয়া, ছোৱালী স্কুল প্ৰতিষ্ঠা কৰা আৰু মহিলাৰ ঘৰুৱা শিক্ষাৰ সুবিধা কৰা আদি কাম কৰিছিল।
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- কাব্যমুকুল
- পৌৰাণিক আখ্যায়িকা
- কুসুমকুমাৰী দাশেৰ কবিতা
- দৈনন্দিন দিনলিপি
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Salekeen, Seraj (2018). Jibanananda Das. Jibani Granthamal [Biography Series]. প্ৰকাশক Dhaka: Kathaprokash. পৃষ্ঠা. 7, 22. "আমৃত্যু নিৰ্জন, অথচ মৃত্যুপৰৱৰ্তী কিছুকালেৰ মধ্যে সমকালীন বাংলা কবিতাৰ অন্যতম জনপ্ৰিয় কবিতে পৰিণত হন জীৱনানন্দ দাশ।"
- ↑ Syed, Abdul M. (1998). "Apendixes: Life". In Abdul M. Syed (bn ভাষাত). Jibanananda Dases Prakashita-Oprakashita KabitaSamagra (A collection of Complete poems: Published and Unpublished by Jibanananda Das). প্ৰকাশক Dhaka: Abasar. পৃষ্ঠা. 606.
- ↑ Guha, Vumendra (2012). "Introduction" (bn ভাষাত). Kusumkumari Daser Dainandin Lipi (Daily Entries: The Diary by K. Das) (1st সম্পাদনা). প্ৰকাশক Dhaka: Abasar. পৃষ্ঠা. 13. ISBN 978-984-8793-98-5.
- ↑ Guha, Vumendra (2012). "Introduction". In Vumendra Guha (bn ভাষাত). Kusumkumari Daser Dainandin Lipi (Daily Entries: The Diary) (1st সম্পাদনা). প্ৰকাশক Dhaka: Abasar. পৃষ্ঠা. 11. ISBN 978-984-8793-98-5.